ৰামায়ণ
২৫ প্ৰবন্ধ
-
সপ্তকাণ্ড ৰামায়ণ
সপ্তকাণ্ড ৰামায়ণ ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়াত ৰচিত বাল্মীকিৰ ৰামায়ণৰ ভাৱানুবাদ-আধাৰিত কাব্য। অসমীয়া লিখিত সাহিত্যৰ প্ৰাৰম্ভিক নিদৰ্শনসমূহৰ ভিতৰত গণ্য এই অনুবাদে চৰিত্ৰসমূহক অতি-মানৱ নহয়, মানৱী ৰূপত উপস্থাপন কৰাৰ বাবে বিশেষভাৱে উল্লেখযোগ্য।
-
ৰামায়ণ
ৰামায়ণ হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। হিন্দু মহৰ্ষি বাল্মীকিয়ে ইয়াৰ ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ইতিহাসৰ অংশ হিচাপে গণ্য কৰা হয়।
-
ৰামচৰিতমানস
ৰামচৰিতমানস (श्रीरामचरितमानस) ১৬ শতিকাৰ ভাৰতীয় ভক্তি কবি তুলসীদাস (প্ৰায় ১৫৩২–১৬২৩) দ্বাৰা ৰচনা কৰা অৱধি ভাষাৰ এক মহাকাব্যিক সংস্কৰণ। (এই গ্ৰন্থখনক জনপ্ৰিয় ভাষাত তুলসী ৰামায়ণ বুলিও কোৱা হয়।
-
ৰামায়ণ (ধাৰাবাহিক)
ৰামায়ণ (Ramayan) হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত (ডিডি নেছ'নেল) সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ।
-
কৃত্তিবাসী ৰামায়ণ
কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰামপাঁচালী হৈছে পোন্ধৰ শতিকাৰ বাংলা কবি কৃত্তিবাস ওঝাই ৰচনা কৰা ৰামায়ণৰ এক সংস্কৰণ। লেখকৰ নামেৰেই এই সংস্কৰণৰ নাম ৰখা হৈছে। এই গ্ৰন্থত ৰামায়ণক বাংলা ভাষালৈ ৰূপান্তৰ কৰা হৈছে।
-
ৰামলীলা
ৰামলীলা (Ramlila; रामलीला) একপ্ৰকাৰ লোকনাট্য শৈলী। এই নাট্যধাৰাত হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰাম আৰু ৰাৱণৰ মাজত সংঘটিত দহদিন ব্যাপি চলা যুদ্ধৰ পুনৰভিনয় কৰা হয়। ৰামলীলাৰ উদ্ভৱ ভাৰতীয় উপমহাদেশত।
-
চম্পূ ৰামায়ণ
চম্পূ ৰামায়ণ হৈছে ৰজা ভোজৰ দ্বাৰা ৰচিত সংস্কৃত ভাষাৰ এখন কাব্যিক ৰামায়ণ, য'ত ‘‘চম্পূ’’ শৈলী অনুসৰি গদ্য আৰু পদ্যৰ সমন্বয়ে সাজি উঠিছিল। এই শৈলীসমূহৰ উল্লেখ প্ৰাচীন ভাৰতীয় সাহিত্যত বিশেষ স্থান দখল কৰি আছে।
-
ৰামাকিয়েন
ৰামাকিয়েন বা ৰামাকিয়ান বা ৰামাকিন (รามเกียรติ์) (আক্ষৰিক অৰ্থত 'ৰামা বা ৰামৰ গৰিমা') হৈছে থাইলেণ্ডৰ জাতীয় মহাকাব্যসমূহৰ অন্যতম। এই গ্ৰন্থখন দশৰথ জাতকৰ পৰা সৃষ্টি হৈছে। ৰামাকিয়েন থাই সাহিত্যৰ গুৰুত্বপূৰ্ণ অংগ।
-
গীতি-ৰামায়ণ
গীতি-ৰামায়ণ হৈছে এখন প্ৰাচীন কাব্য সাহিত্য। কাব্যখনৰ ৰচক দুৰ্গাবৰ কায়স্থ। দুৰ্গাবৰে পাঁচালী সংগীত শৈলীত ৰচনা কৰা গীতি-ৰামায়ণ খনক দুৰ্গাবৰী বা দুৰ্গাবৰী ৰামায়ণ বুলিও কোৱা হয়। ১৮৩৭ শক, অৰ্থাৎ ১৯১৫ খৃষ্টাব্দত হাজোৰ বিষয়চন্দ্ৰ বিশ্বাসীয়ে পুথিখন দুৰ্গাবৰি নামেৰে সম্পাদনা কৰিছিল।
-
ফুলহৰ
ফুলহৰ হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ মিথিলা অঞ্চলৰ অন্তৰ্গত মধুবনী জিলাত অৱস্থিত এটা প্ৰাচীন ঐতিহাসিক স্থান। কিংবদন্তি অনুসাৰে, এই স্থানতেই প্ৰথমবাৰৰ বাবে ভগৱান ৰাম আৰু দেৱী সীতাৰ সাক্ষাৎ হৈছিল। ফুলহৰ মিথিলাৰ ৰজা জনকৰ ৰাজকীয় ফুলবাগিছা আছিল।
-
ফ্ৰা লাক ফ্ৰা ৰাম
ফ্ৰা লাক ফ্ৰা ৰাম (ພຣະລັກພຣະຣາມ) হৈছে লাও জনসাধাৰণৰ ৰাষ্ট্ৰীয় মহাকাব্য আৰু ই হৈছে দশৰথ জাতকৰ লাও ভাষাৰ অভিযোজন। দশৰথ জাতক হৈছে বুদ্ধৰ পূৰ্বজন্মৰ কাহিনী য'ত বোধিসত্ত্ব অৰ্থাৎ বুদ্ধৰ পূৰ্বজন্ম হৈছে ৰাম। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ দ্বাৰা ইয়াক লাওচ আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য ঠাইলৈ অনা হৈছিল।
-
ভট্টিকাব্য
ভট্টিকাব্য হৈছে ভট্টিদেৱ বিৰচিত এক মহাকাব্য। এয়া সপ্তম শতিকাৰ সংস্কৃত ভাষাৰ কবিতা। ইয়াত ৰামায়ণ আৰু পাণিনিৰ ব্যাকৰণ শীৰ্ষক সংস্কৃত পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, একে সময়তে আন অসংখ্য পৰম্পৰাক বিজ্ঞান আৰু শিল্পৰ সমৃদ্ধ মিশ্ৰণত সামৰি লোৱা হৈছে, ৰামৰ দুঃসাহসিক অভিযান আৰু ব্যাকৰণ আৰু অলংকাৰৰ…
-
শাৰংগ
শাৰংগক শৰংগ বা সাৰংগ বুলিও লিখা হয়, ই হিন্দু ভগৱান বিষ্ণুৰ স্বৰ্গীয় ধনু, মূলতঃ এই ধনু ৰাম অৱতাৰৰ সৈতে জড়িত। দক্ষিণ ভাৰতত শাৰংগক সৰলভাৱে কোডাণ্ডা বুলিও কোৱা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে ধনু। ৰামক প্ৰায়ে কোডাণ্ডাপাণি বুলি প্ৰশংসা কৰা হয়। বিষ্ণু সহস্ৰানামত ধনুৰ বৈশিষ্ট্যৰ কথাও উল্লেখ আছে।
-
অমাৱসু বংশ
অমাৱসু বংশই হিন্দু সাহিত্যত প্ৰদৰ্শিত চন্দ্ৰ বংশৰ এটা শাখাক বুজায়। এই বংশৰ নাম চন্দ্ৰ বংশৰ প্ৰথম ৰজা পুৰুৰৱা আৰু অপ্সৰা উৰ্বশীৰ কনিষ্ঠ পুত্ৰ অমাৱসুৰ নামেৰে ৰখা হৈছে।
-
কম্ব ৰামায়ণ
ৰামাৱতাৰম, কম্ব ৰামায়ণম হৈছে তামিল কবি কম্বৰে দ্বাদশ শতিকাৰ সময়ছোৱাত ৰচনা কৰা এখন তামিল মহাকাব্য। বাল্মিকীৰ সংস্কৃত ৰামায়ণৰ আধাৰত এই কাহিনীটোত অযোধ্যাৰ ৰজা ৰামৰ জীৱনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কিন্তু ৰামাৱতাৰম সংস্কৃত সংস্কৰণৰ পৰা বহু দিশত পৃথক।
-
কাকৱিন ৰামায়ণ
কাকৱিন ৰামায়ণ হৈছে কাকাৱিন ছন্দ শৈলীত ৰচিত ৰামায়ণৰ পুৰণি জাভানীজ কবিতা। এই কাব্যখন মধ্য জাভাত (আধুনিক ইণ্ডোনেছিয়া) প্ৰায় নৱম শতিকাৰ শেষৰ ফালে বা দশম শতিকাৰ আৰম্ভণিতে, মেডাং ৰাজ্যৰ যুগত ৰচনা কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।
-
দেৱৰত জনক
দেৱৰত জনক প্ৰাচীন বিদেহ ৰাজ্যৰ জনক বংশৰ জনক ৰজা নিমিৰ ষষ্ঠ বংশধৰ। তেওঁ ইক্ষ্ৱাকু বংশধৰ আছিল। পিতৃ সুকেতুৰ পিছত তেওঁ বিদেহ ৰাজ্যৰ ৰজা হৈছিল। বাল্মিকী ৰামায়ণৰ মতে দেৱৰত জনক ভগৱান শিৱৰ বিখ্যাত ঐশ্বৰিক ধনু পিনাকৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব পাইছিল।
-
ভানুভক্ত ৰামায়ণ
ভানুভক্ত ৰামায়ণ (भानुभक्तको रामायण বা भानुभक्तीय रामायण) হ'ল নেপালী কবি ভানুভক্ত আচাৰ্যৰ দ্বাৰা অনূদিত নেপালী ৰামায়ণ, যি বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণৰ নেপালী অনুবাদ। এই গ্ৰন্থখন ভানুভক্ত আচাৰ্যৰ মৃত্যুৰ পাছত ১৮৮৭ চনত সম্পূৰ্ণৰূপে প্ৰকাশিত হৈছিল। ইয়াক প্ৰথম নেপালী মহাকাব্য হিচাপে গণ্য কৰা হয়।
-
মনোকামনা মন্দিৰ
মনোকামনা মন্দিৰ (মৈথিলী: मनोकामना मंदिर) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ মিথিলা অঞ্চলৰ অন্তৰ্গত মধুবনী জিলাৰ হৰলাখী ব্লকৰ কামটৌল গাঁৱত অৱস্থিত এটা প্ৰাচীন হিন্দু মন্দিৰ। লোকবিশ্বাস অনুসাৰে এই মন্দিৰ ত্ৰেতাযুগৰ পৰা অস্তিত্বশীল বুলি ধৰা হয় আৰু ইয়াৰ ইতিহাস ৰামায়ণৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
মিথিলাত ৰামৰ যাত্ৰা
মিথিলাত ৰামৰ যাত্ৰা হৈছে ৰামায়ণ মহাকাব্যৰ সেই অংশ, য’ত ঋষি বিশ্বামিত্ৰৰ আশ্ৰমৰপৰা আৰম্ভ কৰি মিথিলা ৰাজ্যলৈকে শ্ৰীৰামৰ যাত্ৰাৰ বৰ্ণনা পোৱা যায়। এই যাত্ৰাত অযোধ্যাৰ ৰাজকুমাৰ ৰাম আৰু লক্ষ্মণে গুৰু বিশ্বামিত্ৰৰ সৈতে বহু পৱিত্ৰ স্থান অতিক্ৰম কৰি শেষত মিথিলাৰ ৰাজধানী জনকপুৰত উপস্থিত হৈছিল।
-
অদ্ভুত ৰামায়ণ
অদ্ভুত ৰামায়ণ (Adbhuta Ramayana) হৈছে এখন শাক্ত সংস্কৃত গ্ৰন্থ। এই গ্ৰন্থখন পৰম্পৰাগতভাৱে ঋষি বাল্মিকীৰ নামত উৎসৰ্গিত। ই বাল্মীকি ৰামায়ণ—সাধাৰণতে মূল সংস্কৰণ বুলি গণ্য কৰা—আৰু তুলসীদাসৰ ৰামচৰিতমানস শীৰ্ষক অৱধি সংস্কৰণ, উত্তৰ ভাৰতৰ ৰামায়ণ কাহিনীৰ আটাইতকৈ জনপ্ৰিয় সংস্কৰণতকৈ যথেষ্ট পৰিমাণে অস্পষ্ট।
-
জানকী ৰামায়ণ
জানকী ৰামায়ণ (মৈথিলী: जानकी रामायण) হৈছে পণ্ডিত লাল দাসৰদ্বাৰা ৰচিত মৈথিলী ভাষাৰ পদ্যৰূপ ৰামায়ণ, যি সীতাক কেন্দ্ৰ কৰি গঢ়ি উঠা এক অনন্য সংস্কৰণ।
-
দশৰথ জাতক
দশৰথ জাতক হৈছে গৌতম বুদ্ধৰ পূৰ্বৰ জীৱনৰ বিষয়ে বৌদ্ধ সাহিত্যত পোৱা এক জাতক কাহিনী। পালি কেননৰ সুত্ত পিটকৰ খুদ্দাকা নিকায়াত ইয়াক ৪৬১সংখ্যক জাতক কাহিনী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই কাহিনী প্ৰাচীন ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত গঢ় লৈ উঠিছে।
-
দুধমতী
দুধমতী (মৈথিলী: दूधमती) হৈছে ভাৰতীয় উপমহাদেশৰ মিথিলা অঞ্চলৰ সমতল ভূমিত বৈ যোৱা এখন পবিত্ৰ নদী। এই নদীখনৰ উৎপত্তি নেপালৰ ক্ষীৰেশ্বৰনাথ পৌৰসভাৰ ৱাৰ্ড সংখ্যা পাঁচত অৱস্থিত অৰ্জাৱন গাঁৱত। দুধমতী নদীখন জনকপুৰধামৰ মাজেৰে বৈ যায়।
-
ধদু মোনৰা
ধদু মোনৰা (ඩණ්ඩු මෝනර) বা ডাণ্ডু মোনৰা শ্ৰীলংকাৰ পৌৰাণিক কাহিনীত উল্লিখিত এক উৰন্ত যান, যাক ৰাৱণে ব্যৱহাৰ কৰিছিল বুলি জনবিশ্বাস আছে। কিছুমান মতে, এই যান পুষ্পক বিমানৰ এক বিকল্প আছিল। শ্ৰীলংকাৰ কিছুমান স্থলীয় উপকথাত ইয়াক ৰাৱণে নিজেই নিৰ্মাণ কৰিছিল বুলি কোৱা হয়।