অকম্পন (Akampan) লংকাৰ ৰজা ৰাৱণৰ মামা আছিল। তেওঁ সুমালী আৰু কেতুমতীৰ দহগৰাকী পুত্ৰৰ মাজৰ এগৰাকী আছিল। তেওঁৰ চাৰিগৰাকী ভগ্নীও আছিল।
এদিন ৰাৱণৰ ৰাক্ষসী ভনী শূৰ্পনখাই এগৰাকী সুন্দৰী যুৱতীৰ ৰূপ ধাৰণ কৰি ৰামক বিবাহৰ প্ৰস্তাৱ দিয়ে৷ ৰামে তেওঁৰ প্ৰস্তাৱ নাকচ কৰে আৰু ধেমালি কৰি লক্ষ্মণৰ ওচৰলৈ পঠিয়াই দিয়ে৷ লক্ষণে তেওঁক ধেমালি কৰি ৰামৰ সৈতে বিবাহ হ’বলৈ কয়৷ ক্ৰোধিত হৈ শূৰ্পনখাই সীতাক আক্ৰমণ কৰি দিয়ে আৰু লক্ষ্মণে শূৰ্পনখাৰ নাক আৰু কান তৰোৱালেৰে কাটি দিয়ে৷ অপমানিত হৈ শূৰ্পনখাই ৰামৰ প্ৰতিশোধ হ’বলৈ ৰাক্ষস খৰৰ ওচৰলৈ যায়৷ খৰ তেওঁৰ সেনাপতি দূষণ আৰু ১৪ হাজাৰ সৈনিক লৈ ৰামৰ সৈতে যুদ্ধ কৰে আৰু ৰামৰ হাতত মাৰা যায়৷ এই যুদ্ধত শূৰ্পনখাৰ সৈতে তেওঁ পলায়ন কৰি তেওঁ ৰাৱণক ৰাম পত্নী সীতাক অপহৰণ কৰিবলৈ প্ৰৰোচিত কৰিছিল, এনেদৰে পৰোক্ষভাৱে তেওঁ যুদ্ধৰ আঁৰৰ এগৰাকী অন্যতম পৰিকল্পক আছিল।
মৃত্যু
অকম্পন আৰু হনুমানৰ মাজত ভয়ংকৰ যুদ্ধ হৈছিল৷ শেষত হনুমানে এজোপা ডাঙৰ গছ উঘালি অকম্পনক মূৰত আঘাত কৰি হত্যা কৰিছিল।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অকম্পন” প্ৰবন্ধৰ সংশোধন ৩২৫৫৮৫ (২৮ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।