অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কুশনাভ

কুশনাভ হিন্দু ধৰ্ম গ্ৰন্থত উল্লেখ কৰা এগৰাকী ৰজা। তেওঁক অমাৱসু বংশৰ ৰজা আৰু চন্দ্ৰবংশ বংশৰ অন্তৰ্গত বুলি বৰ্ণনা কৰা হৈছে। তেওঁক কুশৰ পুত্ৰ বুলি কোৱা হৈছে। কুশনাভক মহোদয়া চহৰৰ প্ৰতিষ্ঠাপক বুলি বিশ্বাস কৰা হয় (বৰ্তমানৰ কনৌজ বুলি গণ্য কৰা হয়)।

হালনাগাদ: ২ অক্টোবৰ ২০২৫ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কুশনাভ হিন্দু ধৰ্ম গ্ৰন্থত উল্লেখ কৰা এগৰাকী ৰজা। তেওঁক অমাৱসু বংশৰ ৰজা আৰু চন্দ্ৰবংশ বংশৰ অন্তৰ্গত বুলি বৰ্ণনা কৰা হৈছে। তেওঁক কুশৰ পুত্ৰ বুলি কোৱা হৈছে।১ কুশনাভক মহোদয়া চহৰৰ প্ৰতিষ্ঠাপক বুলি বিশ্বাস কৰা হয় (বৰ্তমানৰ কনৌজ বুলি গণ্য কৰা হয়)।২

কিংবদন্তি

বিবাহ

ঘৃতাচী আছিল এগৰাকী নিপুণ নৃত্যশিল্পী। তেওঁৰ নৃত্য দেখি কুশনাভ তেওঁৰ প্ৰতি মোহিত হৈ পৰিছিল। তেওঁ ঘৃতাচীক বিয়া কৰাইছিল আৰু তেওঁৰ লগত কুশনাভে ১০০ গৰাকী কন্যা সন্তান জন্ম দিছিল।৩৪ তেওঁ ১০০ গৰাকী ভগ্নীক কাম্পিল্যৰ প্ৰতিষ্থাপক আৰু শূলি ঋষি আৰু অপ্সৰা উৰ্মিলাৰ কন্যা সোমদাৰ পুত্ৰ ব্ৰহ্মদত্তলৈ বিয়া দিছিল।

গাধীৰ জন্ম

কুশনাভৰ ১০০ গৰাকী কন্যা আছিল যদিও তেওঁৰ সিংহাসনত কোনো পুৰুষ উত্তৰাধিকাৰী নাছিল। গতিকে, ইন্দ্ৰ দেৱতাক পূজা কৰিবলৈ আৰম্ভ কৰিলে আৰু ইন্দ্ৰৰ দৰে পুত্ৰ লাভ কৰাৰ কামনা কৰি তপস্যা কৰিলে। অৱশেষত ইন্দ্ৰই সন্মতি দিলে আৰু অৱতাৰৰদ্বাৰা গাধী নামে জন্ম লৈ তেওঁৰ পুত্ৰ হৈ পৰিল।৫

তথ্যসূত্ৰ

  1. ↑ Bibek Debroy. (November 2017). The Valmiki Ramayana: Set of 3 Volumes. Penguin Random House India. পৃ. 154. ISBN 9789387326941
  2. ↑ Bibek Debroy. (25 October 2017). The Valmiki Ramayana, Volume 1. Penguin Random House India. পৃ. 94. ISBN 9789387326262
  3. ↑ Vishwanath S. Naravane. (1987). A Companion to Indian Mythology: Hindu, Buddhist & Jaina. Thinker's Library, Technical Publishing House. পৃ. 106
  4. ↑ Vishwanath S. Naravane. (1997). Sages, Nymphs, and Deities: Excursions in Indian Mythology. The Author. পৃ. 99
  5. ↑ Jan Knappert. (1991). Indian Mythology: An Encyclopedia of Myth and Legend. Aquarian Press. পৃ. 147. ISBN 9781855380400

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তিকাল্পনিক চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুশনাভ” প্ৰবন্ধৰ সংশোধন ৫৪১৪৩৬ (২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।