অস্ত্ৰ
১৮ প্ৰবন্ধ
-
ত্ৰিশূল
ত্ৰিশূল মানে তিনি শূল, এক ঐশ্বৰিক প্ৰতীক, সাধাৰণতে হিন্দু ধৰ্মৰ অন্যতম প্ৰধান প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। ই শিৱ দেৱতাৰ সৈতে বেছিকৈ জড়িত আৰু তেওঁৰ চিত্ৰত ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়।
-
তৰোৱাল
তৰোৱাল হৈছে দীঘল, সূচল ৰূপৰ অস্ত্ৰ যাৰ এফালে ধাৰযুক্ত চোকা অংশ থাকে আৰু হাতত ধৰি ব্যৱহাৰ কৰিবলৈ কাঠৰ অংশ থাকে। এই অস্ত্ৰটোৰ উদ্দেশ্য হৈছে ছিঙা, কটা, বা আঘাত কৰা। তৰোৱাল পুৰণি যুগৰ পৰা আধুনিক সময়লৈকে বিভিন্ন সংস্কৃতি আৰু যুদ্ধত গুৰুত্বপূৰ্ণ অস্ত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে।
-
টেঙ্ক
টেংক হৈছে ফ্ৰণ্ট লাইন স্থল যুদ্ধত প্ৰাথমিক আক্ৰমণাত্মক অস্ত্ৰ হিচাপে উদ্দেশ্য কৰা এখন সাজসজ্জিত যুদ্ধ বাহন। টেংকৰ ডিজাইন হৈছে গধুৰ অগ্নিশক্তি, শক্তিশালী কৱচ, আৰু ট্ৰেক আৰু এটা শক্তিশালী ইঞ্জিনৰ দ্বাৰা প্ৰদান কৰা যুদ্ধক্ষেত্ৰৰ গতিশীলতাৰ ভাৰসাম্য; তেওঁলোকৰ মূল অস্ত্ৰ-শস্ত্ৰ প্ৰায়ে এটা টাৰেটৰ ভিতৰত…
-
গদা
গদা ভাৰতীয় উপমহাদেশত প্ৰচলিত হাতুৰীৰ দৰে এবিধ ভোটা কিন্তু শক্তিশালী অস্ত্ৰ।। ই কাঠ বা ধাতুৰ যিকোনো এটাৰে নিৰ্মিত ই মূলতঃ এটা নালত লগোৱা এটা গোলাকাৰ মূৰৰে গঠিত, ওপৰত এটা জোং থাকে। ভাৰতৰ বাহিৰত দক্ষিণ-পূব এছিয়াতো গদা গ্ৰহণ কৰা হৈছিল, য’ত এতিয়াও ইয়াক চিলাতত ব্যৱহাৰ কৰা হয়।
-
গাণ্ডীৱ
গাণ্ডীৱ (সংস্কৃত- गाण्डीव) মহাকাব্য মহাভাৰতৰ অন্যতম পাণ্ডৱ অৰ্জুনৰ এক ঐশ্বৰিক ধনু। এই ধনু ব্ৰহ্মাই নিৰ্মাণ কৰিছিল।
-
বল্লম
বল্লম (তামিল- வேல், lit. 'Vél') হৈছে হিন্দু যুদ্ধৰ দেৱতা মুৰুগান বা কাৰ্তিকৰ সৈতে জড়িত এটা ঐশ্বৰিক অস্ত্ৰ।
-
অস্ত্ৰ
অস্ত্ৰ হৈছে এনে কিছুমান সঁজুলি বা যন্ত্ৰ যি বাধা দিবলৈ, ভাবুকি দিবলৈ, শাৰীৰিক ক্ষতি কৰিবলৈ বা হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হয়। চিকাৰ, অপৰাধ (যেনে, হত্যা), আইন প্ৰয়োগ, আত্মৰক্ষা, যুদ্ধ, বা আত্মহত্যা আদি কাৰ্য্যকলাপৰ কাৰ্যকৰিতা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈও অস্ত্ৰ ব্যৱহাৰ কৰা হয়।
-
পিনাক
পিনাক ভগৱান শিৱৰ স্বৰ্গীয় ধনু। জনপ্ৰিয় কিংবদন্তি অনুসৰি তেওঁ ত্ৰিপূৰা নামেৰে জনাজাত মায়াসুৰৰ তিনিখন নগৰ ধ্বংস কৰিবলৈ এই ধনুখন ত্ৰিপুৰান্তক হিচাপে নিজৰ অৱতাৰত ব্যৱহাৰ কৰিছিল বুলি বিশ্বাস কৰা হয়। এই অস্ত্ৰটোৱেই হৈছে শিৱৰ অন্যতম উপনাম পিনাকপাণিৰ উৎপত্তি, যাৰ আক্ষৰিক অৰ্থ হৈছে, 'পিনাক ধাৰণকাৰী'।
-
ব্ৰহ্মাস্ত্ৰ
ব্ৰহ্মাস্ত্ৰ (সংস্কৃত: ब्रह्मास्त्र) হৈছে এক ঐশ্বৰিক অস্ত্ৰ যাক সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাই সৃষ্টি কৰিছিল আৰু ইয়াৰ অধিক শক্তিশালী ৰূপটো হৈছে ব্ৰহ্মশিৰা অস্ত্ৰ। এইটো হিন্দু ধৰ্মত বৰ্ণিত আটাইতকৈ বিধ্বংসী, শক্তিশালী আৰু অপ্ৰতিৰোধ্য অস্ত্ৰ হিচাপে বিবেচিত।
-
হেংদান
হেংদান হল আহোমসকলৰ পৰম্পৰাগত এবিধ অস্ত্ৰ। আহোম সকলৰ মতে হেং-দান্ অকল যুদ্ধৰ অস্ত্ৰই নহয়, ই বশ্যতা স্বীকাৰ কৰোৱাত, ৰাজকাৰ্য চলোৱাত, কৰ-কাটল আদি আদায় কৰাত দিগ্বিজয় কৰাত সাৰথি হোৱা এবিধ আপুৰুগীয়া আহিলা। হেং-দান্ টাই-আহোম ভাষাৰ শব্দ।
-
অংকুশ
অংকুশ বা লাংচিং বা বুলহুক মাউতে হাতী চম্ভালিবলৈ আৰু প্ৰশিক্ষণ দিয়াত ব্যৱহাৰ কৰা সঁজুলি। হাতী পোহ মনাবলৈ ব্যৱহাৰ কৰা অংকুশ বা বুলহুকৰ জোঙা আগটোৰ সহায়ত হাতীটোৰ মূৰত খুচি আঘাত কৰিব পৰা যায় যদিহে হাতীটোৱে ওচৰৰ মানুহক আক্ৰমণ কৰে, যাৰ ফলত আৰোহী আৰু দৰ্শকৰ আঘাত বা মৃত্যুৰ আশংকা হ’ব পাৰে।
-
শাৰংগ
শাৰংগক শৰংগ বা সাৰংগ বুলিও লিখা হয়, ই হিন্দু ভগৱান বিষ্ণুৰ স্বৰ্গীয় ধনু, মূলতঃ এই ধনু ৰাম অৱতাৰৰ সৈতে জড়িত। দক্ষিণ ভাৰতত শাৰংগক সৰলভাৱে কোডাণ্ডা বুলিও কোৱা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে ধনু। ৰামক প্ৰায়ে কোডাণ্ডাপাণি বুলি প্ৰশংসা কৰা হয়। বিষ্ণু সহস্ৰানামত ধনুৰ বৈশিষ্ট্যৰ কথাও উল্লেখ আছে।
-
আগ্নেয়াস্ত্ৰ
আগ্নেয়াস্ত্ৰ হ’ল যিকোনো ধৰণৰ বন্দুক যিয়ে বিস্ফোৰক চাৰ্জ ব্যৱহাৰ কৰে আৰু ইয়াক কোনো ব্যক্তিয়ে সহজে কঢ়িয়াই নিব পৰা আৰু চলাব পৰাকৈ ডিজাইন কৰা হয়। এই শব্দটোক বিভিন্ন দেশত আইনগতভাৱে অধিক সংজ্ঞায়িত কৰা হৈছে।
-
ইন্দ্ৰাস্ত্ৰ
ইন্দ্ৰাস্ত্ৰ হৈছে হিন্দু দেৱতা ইন্দ্ৰৰ অস্ত্ৰ। ৰামায়ণ আৰু মহাভাৰতৰ দৰে হিন্দু গ্ৰন্থত এই অস্ত্ৰৰ বৈশিষ্ট্য আছে। ৰাম, লক্ষ্মণ আৰু অৰ্জুন আদি চৰিত্ৰই ইন্দ্ৰাস্ত্ৰ লাভ কৰা বুলি ধৰা হয়।
-
জুলফিকাৰ
জুলফিকাৰ (ذو الْفَقار), (জু আল-ফাকাৰ, জুলফাকাৰ, দু আল-ফকাৰ বা ধুলফাকাৰ বুলিও উচ্চাৰণ কৰা হয়) আলী ইবনে আবি তালিবৰ তৰোৱালত দুখন ব্লেড থকাৰ বাবে বিশেষভাবে গণ্য কৰা হৈছিল।
-
পৰশু
পৰশু সংস্কৃত ভাষাৰ শব্দ, যাৰ অৰ্থ যুদ্ধ-কুঠাৰ, যিটো এখন হাত বা দুয়োহাতেৰে ব্যৱহাৰ কৰিব পাৰি।
-
ব্ৰহ্মোছ
ব্ৰহ্মোছ (পিজে-১০ বুলিও কোৱা হয়) হৈছে মধ্যম দূৰত্বৰ ৰেমজেট ছুপাৰছনিক ক্ৰুজ মিছাইল যিটো চাবমেৰিন, জাহাজ, যুঁজাৰু বিমান বা টি ই এলৰ পৰা নিক্ষেপ কৰিব পাৰি।
-
মেছিন গান
মেচিনগান (MG) হৈছে স্থায়ী প্ৰত্যক্ষ গুলীৰ বাবে ডিজাইন কৰা সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু ৰাইফলযুক্ত আগ্নেয়াস্ত্ৰ। ২০ মিলিমিটাৰ (০.৭৯ ইঞ্চি) কেলিবাৰ বা তাতকৈ অধিক স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰক মেচিনগানৰ পৰিৱৰ্তে অটোকেনন হিচাপে শ্ৰেণীভুক্ত কৰা হয়।