হিন্দু দেৱী
১৯২ প্ৰবন্ধ
-
পাৰ্বতী
পাৰ্বতী হিন্দু ধৰ্মৰ অন্যতম প্ৰধান দেৱী, শক্তি, শক্তি, পুষ্টি, সম্প্ৰীতি, প্ৰেম, সৌন্দৰ্য্য, ভক্তি, আৰু মাতৃত্বৰ দেৱী হিচাপে পূজনীয়। তেওঁ হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়।
-
লক্ষ্মী
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী।
-
দুৰ্গা
আই গোসাঁনী দুৰ্গা (সংস্কৃত: दुर्गा,) হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ'ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ'ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভৱ।
-
সীতা
সীতা (सीता) এগৰাকী হিন্দু দেৱী আৰু হিন্দু মহাকাব্য ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণৰ নায়িকা। তেওঁক ভূমিৰ (পৃথিৱী) কন্যা আৰু বিদেহৰ ৰজা জনক আৰু তেওঁৰ পত্নী ৰাণী সুনয়নাৰ দত্তক কন্যা বুলি বৰ্ণনা কৰা হৈছে।
-
সৰস্বতী
সৰস্বতী (सरस्वती) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী। তেখেত সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা। সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত।
-
কালী
কালী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু তেখেতক শ্যামা বা কালীকা নামেৰেও জনা যায়। শাক্ত আৰু বৌদ্ধসকলৰ দহগৰাকী দেৱীৰ তালিকা সন্নিৱিষ্ট মহাবিদ্যাত কালীৰ উল্লেখ আছে। অপশক্তিৰ ধ্বংসকাৰী হিচাপে কালীৰ প্ৰথম উল্লেখ আছে। তেওঁ হৈছে শক্তিৰ আটাইতকৈ শক্তিশালী উৎস।
-
ৰাধা
ৰাধা (IAST: Rādhā, হিন্দী: राधा ) হ'ল ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেয়সী,তেওঁ ৰাসমণ্ডলৰ গোপীসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ। বঙ্গীয় আৰু নাদীয়া বৈষ্ণৱ শাখাত ৰাধাকেই মূলপ্ৰকৃতি বুলি অভিহিত কৰা হৈছে।
-
দেৱী
দেৱী হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে ভগৱতী বা পূজিতা স্ত্ৰী। দেৱী হৈছে দেৱ শব্দৰ স্ত্ৰীৰূপ। যাৰ অৰ্থ হৈছে স্বৰ্গীয়, ঐশ্বৰিক বা বিশিষ্ট। দুই হাজাৰ খ্ৰীষ্টপূৰ্বত প্ৰণীত হোৱা বেদত দেৱী বা ভগৱতীৰ বিষয়ে উল্লেখ আছে। যদিও সেই সময়ত তেওঁলোকে মূখ্য ভূমিকা লোৱা নাছিল।
-
ৰুক্মিণী
ৰুক্মিণী বিদৰ্ভ বা কুণ্ডিলৰ ৰজা ভীষ্মকৰ জীয়ৰী আৰু দ্বাৰকাৰ ৰজা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰধান পত্নী আছিল। কৃষ্ণৰ খ্যাতিৰ কথা শুনি ৰুক্মিণীয়ে তেওঁক মনে-প্ৰানে ভাল পাইছিল। ককায়েক ৰুক্মিৰ বন্ধু আৰু চেদীৰ ৰজা শিশুপালৰ লগত ৰুক্মিণীৰ বিবাহ থিৰ কৰিছিল।
-
অদিতি
অদিতি (अदिति = "অসীম" বা "সীমাহীন”) হৈছে অসীমক প্ৰকাশ কৰা হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱী। অদিতি আকাশ, চেতনা, অতীত, ভৱিষ্যত আৰু উৰ্বৰতাৰ অধিকাৰী দেৱী তেওঁ হৈছে আদিত্যসকল তথা বিষ্ণু আৰু জুইকে ধৰি বহুতো দেৱতাৰ মাতৃ। সকলো অস্তিত্বৰ আদি মাতৃ হিচাপে অদিতি মহাকাশ ("আকাশ") আৰু মাত−কথা ("বাক")ৰ সৈতে জড়িত।
-
মনসা
মনসা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী, তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে বিশ্বাস কৰা হয়।মূলত বংগদেশ আৰু উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো সৰ্পদোষ নিৱাৰণৰ বাবে তেওঁৰ পূজা কৰা হয়। মনসা হৈছে সৰ্পৰাজ বাসুকীৰ ভগ্নী আৰু জৰুৎকাৰু মুনিৰ পত্নী। সৰ্পবিষ নিৱাৰণ কৰাৰ বাবে তেওঁক বিষহৰি নামেৰেও জনা যায়।
-
মাতৃকা
মাতৃকা (मातृका) অৰ্থাৎ দৈৱিক মাতৃসকল হৈছে কেইবাগৰাকী মাতৃৰূপী দেৱী আৰু হিন্দু ধৰ্মত তেওঁলোকক সদায়েই একেলগে উপস্থাপন কৰা হয়। তেওঁলোক আদি পৰাশক্তিৰে বিভিন্ন স্বৰূপ। তেওঁলোক হৈছে দেৱতাসকলৰ শক্তিৰ বিমূৰ্ত ৰূপ। ব্ৰহ্মাণীৰ উৎপত্তি ব্ৰহ্মাৰ পৰা। একেদৰে বৈষ্ণৱী বিষ্ণুৰ পৰা।
-
সতী
সতী (सती) হৈছে হিন্দুধৰ্মৰ বৈবাহিক সুখ আৰু দীৰ্ঘ দাম্পত্যজীৱনৰ দেৱী। হিন্দু ধৰ্মাৱলম্বী মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনাৰ্থে তেওঁৰ পূজা অৰ্চনা কৰে। সতী দেৱীক শিৱৰ প্ৰথম পত্নী বুলি গণ্য কৰা হয়। পাৰ্বতী, যাক সতীৰ পুনৰ জন্ম বুলি কোৱা হয়।
-
গংগা দেৱী
গঙ্গা বা গংগা (সংস্কৃত: गङ्गा, থাই: คงคา Khongkha) গঙ্গা নদীৰ মূৰ্তিস্বৰূপ এক হিন্দু দেৱী। হিন্দুধৰ্মত এই দেৱী বিশেষ গুৰুত্বপূৰ্ণ স্থানৰ অধিকাৰিণী। হিন্দুসকলে বিশ্বাস কৰে যে গঙ্গাত স্নান কৰিলে সমস্ত পাপ খণ্ডন হয় আৰু জীৱই মুক্তিলাভ কৰে।
-
শীতলা
শীতলা বা আই (Shitala) এগৰাকী হিন্দু দেৱী। তেওঁ ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ অধিষ্ঠাত্ৰী দেৱী। ভাৰতীয় উপমহাদেশত শীতলাক বহুলভাৱে উপাসনা কৰা হয়। তেওঁ দেৱী দুৰ্গাৰ অৱতাৰ আৰু আই ৰোগ আৰোগ্য কৰে বুলি বিশ্বাস কৰা হয়। হোলীৰ অষ্টম দিনা শীতলা অষ্টমীৰ দিনা তেওঁৰ পূজা কৰা হয়।
-
কদ্ৰু
হিন্দু শাস্ত্ৰমতে, কদ্ৰু (সংস্কৃত: कद्रु) আছিল প্ৰজাপতি দক্ষৰ বাৰজনী কন্যাৰ অন্যতম। ঋষি কাশ্যপে দক্ষৰ অন্য এঘাৰজনী কন্যাসহ কদ্ৰুক বিয়া কৰাইছিল। ঋষি কাশ্যপ আছিল ব্ৰহ্মাৰ মানসপুত্ৰ মাৰিচীৰ পুত্ৰ। কদ্ৰু এহেজাৰ নাগৰ মাতৃ আছিল।
-
কামধেনু
কামধেনু (कामधेनु) বা সুৰভি (सुरभि) হৈছে এক দৈৱিক গো-দেৱী আৰু হিন্দু ধৰ্মত তেওঁক গো-মাতা বা সকলো গৰুৰ মাতৃ হিচাপে বৰ্ণনা কৰা হয়। কামধেনু "প্ৰাচুৰ্যৰ গাই" হিচাপে পৰিচিত যি নিজৰ গৰাকীয়ে কামনা কৰা সকলো সামগ্ৰী প্ৰদান কৰে। কামধেনুক প্ৰায়ে বাকী পোহনীয়া জীৱ-জন্তুৰো মাতৃ হিচাপে চিত্ৰায়িত কৰা হয়।
-
চামুণ্ডা
চামুণ্ডা (चामुण्डा) বা চামুণ্ডেশ্বৰী বা চামুণ্ডী হৈছে চণ্ডীৰূপী পাৰ্বতীৰ এক বিকট ৰূপ। তেওঁ সপ্তমাতৃকাসকলৰ অন্যতম। চামুণ্ডা পাৰ্বতীৰ সহায়কাৰী চৌষষ্ঠী বা একাশীগৰাকী তান্ত্ৰিক দেৱী যোগিনীসকলৰো অন্যতম। চামুণ্ডা নামটো তেওঁ বধ কৰা চণ্ড আৰু মুণ্ড নামৰ দুই অসুৰৰ নামৰ সমষ্টি।
-
প্ৰসূতি
প্ৰসূতি (प्रसूति, Prasūti) এগৰাকী হিন্দু পৌৰাণিক আখ্যান বৰ্ণিত দেৱী। তেওঁ হৈছে দক্ষ দেৱৰ দাম্পত্যসংগী। প্ৰসূতিৰ আন এক নাম হৈছে পাঞ্চজনী (বা বিৰাণী/অসিক্নী)। দক্ষৰ প্ৰথম জনমৰ ভাৰ্যা প্ৰসূতি, আৰু দ্বিতীয় জনমৰ ভাৰ্যা পাঞ্চজনী। দক্ষ আৰু প্ৰসূতিৰ কেইবাগৰাকীও কন্যা আছিল।
-
অৰ্ধনাৰীশ্বৰ
অৰ্ধনাৰীশ্বৰ হৈছে হিন্দু ধৰ্মৰ দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ মিশ্ৰিত শাৰিৰীক অবয়ব। অৰ্ধনাৰীশ্বৰক এটাই মানৱ শৰীৰৰ আধা অংশ পুৰুষ আৰু অংশ নাৰী হিচাপে বৰ্ণনা কৰা হয়। সাধাৰণতে অৰ্ধনাৰীশ্বৰৰ সোঁফালৰ আধা অংশ পুৰুষ আৰু বাওঁফালৰ আধা অংশ নাৰী হিচাপে বৰ্ণনা কৰা হয়।
-
চণ্ডী
চণ্ডী (चण्डी) বা চণ্ডিকা এগৰাকী হিন্দু দেৱী। চণ্ডিকা হৈছে দুৰ্গাৰ দৰে মহাদেৱীৰ আন এক স্বৰূপ। তেওঁ শক্তিক প্ৰতিনিধিত্ব কৰে। চণ্ডিকা হৈছে মহাদেৱীৰ এক শক্তিশালী ৰূপ আৰু অশুভ শক্তিক নাশ কৰিবলৈ তেওঁ এই ৰূপ ধাৰণ কৰিছিল।
-
দনু
হিন্দু কিংবদন্তি মতে দনু (সংস্কৃত: दनु) হৈছে দানৱসকলৰ মাতৃ। ঋকবেদতো দনু নামৰ এগৰাকী হিন্দু প্ৰাথমিক দেৱীৰ কথা উল্লেখ কৰা হৈছে। ঋকবেদত দনুক ইন্দ্ৰ বধ কৰা বৃত্ৰ নামৰ এটা পৈশাচিক সৰ্পৰ মাতৃ বুলি কোৱা হৈছে।
-
ভদ্ৰকালী
ভদ্ৰকালী (भद्रकाली, আক্ষৰিক অৰ্থত "ৰক্ষক কালী") হৈছে এগৰাকী হিন্দু দেৱী। দক্ষিণ ভাৰতত, বিশেষকৈ কেৰালাত দেৱীগৰাকীৰ জনপ্ৰিয়তা দেখা পোৱা যায়। দেৱী মাহাত্ম্যমত উল্লেখ কৰা মহান দেৱী শক্তি বা আদি পৰাশক্তিৰেই (যাক দুৰ্গা, দেৱী, মহাদেৱী বা মহামায়া বুলিও কোৱা হয়) তেওঁ অন্যতম ভয়ংকৰ ৰূপ।
-
দিতি
দিতি (সংস্কৃত: दिति) আছিল ঋষি কাশ্যপৰ পত্নী, প্ৰজাপতি দক্ষৰ জীয়াৰী আৰু দৈত্যগণৰ মাতৃ। ইন্দ্ৰৰ নেতৃত্বত অদিতিৰ পুত্ৰ দেৱতাসকলে দৈত্যবোৰ ধ্বংস কৰিছিল। তেতিয়া দিতিয়ে ইন্দ্ৰক বধ কৰিবলৈ পুত্ৰৰ কামনা কৰিছিল। কিন্তু ইন্দ্ৰই চতুৰতাৰে শিশুটোক গৰ্ভতে কাটি টুকুৰা কৰি পেলাইছিল।
-
অন্নপূৰ্ণা (দেৱী)
অন্নপূৰ্ণা (अन्नपूर्णा, অৰ্থ: 'খাদ্যৰে পূৰ্ণ') হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী। ভৰতচন্দ্ৰ ৰয়ে লিখা বঙালী কবিতা 'অন্নদা মঙ্গল'ত দেৱীগৰাকীক খুব প্ৰশংসা কৰা হৈছে। অন্নপূৰ্ণা সহস্ৰনামত দেৱীগৰাকীক এহাজাৰটা নামেৰে আৰু অন্নপূৰ্ণা শতনামত ১০৮টা নামেৰে স্মৰণ কৰা হৈছে।
-
আদি শক্তি
আদি শক্তি, আদিপাৰশক্তি বা মহাদেৱীক হিন্দু ধৰ্মত সকলো বস্তুৰ আদি ৰূপ বুলি গণ্য কৰা হয়। তাইক পৰমশক্তি, মহাশক্তি, মহাগৌৰী, মহাকালী, শ্যামাশক্তি আদি নামেৰেও জনা যায়। তাই নিজকে শিৱ আৰু শক্তি বুলি দুটা ভাগত বিভক্ত কৰি শিখা আৰু তাৰ তাপ হিচাপে আবিৰ্ভাৱ হয়।
-
শক্তি (দেৱী)
হিন্দু ধৰ্মত শক্তি (দেৱনাগৰী: शक्ति; আক্ষৰিক অৰ্থ: 'শক্তি, ক্ষমতা, প্ৰচেষ্টা, বল, সামৰ্থ্য') হৈছে সকলো অস্তিত্বৰ অন্তৰ্নিহিত আৰু আধাৰস্বৰূপ "সাৰ্বজনীন শক্তি"। মূলতঃ নাৰীসুলভ বুলি ধাৰণা কৰা শক্তিয়ে পুৰুষ দেৱতাৰ ব্যক্তিত্ব বা শক্তিক বুজায় আৰু প্ৰায়ে হিন্দু দেৱতাৰ পত্নী হিচাপে গণ্য কৰা হয়।
-
তাৰা
হিন্দু ধৰ্মত, দেৱী তাৰা (: तारा, tārā) হৈছে দশ মহাবিদ্যা বা "মহান জ্ঞানৰ দেৱী"ৰ ভিতৰত দ্বিতীয়, আৰু শক্তিৰ এক প্ৰকাৰ বা দেৱীৰ তান্ত্ৰিক প্ৰকাশ। তাৰা শব্দটো সংস্কৃতৰ "তাৰ্" মূলৰ পৰা আহিছে, ইয়াৰ অৰ্থ "পাৰ কৰোৱা"। আন বহুতো সমসাময়িক ভাৰতীয় ভাষাত 'তাৰা' শব্দৰ আন এক অৰ্থ হৈছে তৰা।
-
দৈৱকী
দৈৱকী হৈছে দেৱক ৰজাৰ কন্যা আৰু বসুদেৱৰ ভাৰ্যা। আৰু কৃষ্ণ তথা বলোৰামৰ মাতৃ।
-
নৱদুৰ্গা
হিন্দু ধৰ্মত নৱ দুৰ্গা (नवदुर्गा) হৈছে দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপ বা অৱতাৰ। সাধাৰণতে নৱৰাত্ৰিত এই নটা ৰূপৰ অৰ্চনা কৰা হয়। প্ৰতিগৰাকী দেৱীকে নটা ভিন্ন দিনত পৃথকে পৃথকে পূজা কৰা হয়।