হিন্দুধৰ্মৰ মঠ-মন্দিৰ
১২৪ প্ৰবন্ধ
-
কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটী নগৰৰ নিকট নীলাচল পাহাৰত অৱস্থিত হিন্দু শক্তি উপাসনাৰ এক অতি প্ৰসিদ্ধ তীৰ্থস্থান। ই ভাৰতত প্ৰচলিত ৫১খন দেৱীপীঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে পৰিগণিত।
-
শ্ৰী শ্ৰী বটদ্ৰৱা থান
শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ এক অতি পৱিত্ৰ তীৰ্থস্থান আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-কৰ্মৰ সৈতে ঘনিষ্ঠভাৱে জড়িত ঐতিহ্যকেন্দ্ৰ। নগাঁও জিলাৰ বৰদোৱা (বটদ্ৰৱা)ত অৱস্থিত এই স্থান একশৰণ নাম ধৰ্মৰ প্ৰাৰম্ভিক প্ৰচাৰৰ স্মৃতি আৰু সত্ৰ-নামঘৰ সংস্কৃতিৰ এক উল্লেখযোগ্য নিদৰ্শন।
-
এংকৰ ৱাট
এংকৰ ৱাট (Angkor Wat) বা আক্ষৰিক অৰ্থত "মন্দিৰৰ নগৰ") হৈছে কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ। ইয়াৰ মুঠ মাটিকালি ৪০২ একৰ (১.৬২৬ বৰ্গ কি:মি:)।
-
পশুপতিনাথ মন্দিৰ
পশুপতিনাথ মন্দিৰ (Pashupatinath Temple) নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত ভগৱান শিৱৰ এক ৰূপ পশুপতিনাথৰ প্ৰতি উছৰ্গিত হিন্দু মন্দিৰ। কাঠমাণ্ডু উপত্যকাৰ বাগমতী নদীৰ পাৰত এই ঐতিহাসিক মন্দিৰ অৱস্থিত।
-
বশিষ্ঠাশ্ৰম দেৱালয়
বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
-
পদ্মনাভস্বামী মন্দিৰ
পদ্মনাভস্বামী মন্দিৰ ( Padmanabhaswamy Temple, ) এক প্ৰসিদ্ধ হিন্দু মন্দিৰ। এই মন্দিৰটো ভাৰতৰ কেৰালা ৰাজ্যৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ই ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত। বৈষ্ণৱ পৰম্পৰাৰ পৱিত্ৰ স্থান হিচাপে পৰিগণিত ১০৮টা ‘দিব্য দেশম’ৰ ভিতৰত এই মন্দিৰটো অন্যতম। মন্দিৰৰ প্ৰধান দেৱতা হৈছে অনন্ত পদ্মনাভস্বামী।
-
হয়গ্ৰীৱ মাধৱ মন্দিৰ
হয়গ্ৰীৱ মাধৱ মন্দিৰ (Hayagriva Madhava Temple) অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণিপৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ "হয়গ্ৰীৱ"ক (ঘোঁৰাৰ মূৰসহ বিষ্ণু) ইয়াত পূজা-অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'গ্ৰীৱ'ৰ অৰ্থ 'ডিঙি'।
-
কোণাৰ্ক সূৰ্য মন্দিৰ
কোণাৰ্ক সূৰ্য মন্দিৰ (Sun Temple, Konârak) ভাৰতৰ উৰিষ্যা ৰাজ্যৰ কোণাৰ্কত অৱস্থিত ত্ৰয়োদশ শতাব্দীত নিৰ্মিত এটি সূৰ্য মন্দিৰ। ই "ব্লেক পেগ'ডা" নামেও পৰিচিত। মন্দিৰটো বংগোপসাগৰ তীৰত ভাৰতৰ পূৱ উপকূলত মহানদী ব-দ্বীপত অৱস্থিত।
-
শুক্ৰেশ্বৰ মন্দিৰ
শুক্ৰেশ্বৰ মন্দিৰ হ'ল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত।
-
ৰাম মন্দিৰ, অযোধ্যা
ৰাম মন্দিৰ (राम मंदिर, Ram Mandir) এটা হিন্দু মন্দিৰ যি ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰামৰ পবিত্ৰ জন্মভূমিৰ তীৰ্থস্থানত নিৰ্মাণ কৰা হৈছে। বহু হিন্দুসকলে বিশ্বাস কৰে যে এই স্থানটো ৰামৰ জন্মস্থান, যাক ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে উপাসনা কৰা হয়।
-
জয় দৌল
জয় দৌল ১৬৯৮ চনত আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬–১৭১৪) মাতৃ জয়মতীৰ সন্মান আৰু স্মৃতিত নিৰ্মাণ কৰিছিল। এই মন্দিৰটো ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত। দৌলৰ দেৱালত স্বৰ্গীয় গন্ধৰ্ব আৰু অপ্সৰাৰ প্ৰতিচ্ছবি আৰু সেই সময়ৰ সামাজিক জীৱনক প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য যেনে পূৰ্বৰ আহোম স্বৰ্গদেউসকলৰ ক্ৰীড়া…
-
তাম্ৰেশ্বৰী মন্দিৰ
তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন্দিৰ। অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত। এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই খাইতি দেৱীলৈ উছৰ্গিত।
-
নৱগ্ৰহ মন্দিৰ, গুৱাহাটী
নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী মহানগৰৰ চিত্ৰাচল পাহাৰ (নৱগ্ৰহ পাহাৰ)ত থকা এক প্ৰাচীন মন্দিৰ। ইয়াত সূৰ্যকে ধৰি নটা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল- সূৰ্য, চন্দ্ৰ, মঙ্গল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ।
-
গংগোত্ৰী
গংগোত্ৰী (Gangotri) ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ উত্তৰকাশী জিলাৰ এখন নগৰ আৰু নগৰ পঞ্চায়ত (পৌৰসভা)। মূল জিলা সদৰ উত্তৰকাশীৰ পৰা ৯৯ কিলোমিটাৰ দূৰত্বত। ই ভাগীৰথী নদীৰ পাৰত থকা হিন্দু তীৰ্থযাত্ৰী চহৰ – গংগা নদীৰ উৎপত্তিস্থল।
-
দৌল গোবিন্দ মন্দিৰ
অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্যাপন কৰে।
-
মহাভৈৰৱ মন্দিৰ
তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা।
-
শিৱসাগৰৰ শিৱদৌল
শিৱদৌল শিৱসাগৰ জিলাৰ, শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী বা মদাম্বিকা নাম দি বৰৰজা পাতিছিল।
-
অশ্বক্ৰান্ত মন্দিৰ
অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত।
-
জ্যোতিৰ্লিংগ
জ্যোতিৰ্লিংগ ( Jyotirlinga) বা জ্যোতিৰ্লিংগম হিন্দু দেৱতা শিৱৰ ভক্তিমূলক প্ৰতিনিধিত্ব। এই শব্দটো জ্যোতি (‘উজ্জ্বলতা’) আৰু লিংগ (‘চিন’)ৰ সংস্কৃত যৌগ। শিৱ মহাপুৰাণত (শিৱ পুৰাণ বুলিও কোৱা হয়) ভাৰতৰ ৬৪টা আদি জ্যোতিৰ্লিংগ মন্দিৰৰ কথা উল্লেখ আছে।
-
বদ্ৰীনাথ মন্দিৰ
বদ্ৰীনাথ বা বদ্ৰীনাৰায়ণ মন্দিৰ (Badrinath Temple)হৈছে বিষ্ণুৰ উৎসৰ্গিত হিন্দু মন্দিৰ। ভাৰতৰ উত্তৰাখণ্ডৰ বদ্ৰীনাথ চহৰত অৱস্থিত। এই মন্দিৰটো বিষ্ণুৰ প্ৰতি উৎসৰ্গিত ১০৮খন দিব্য দেশৰ ভিতৰত অন্যতম—বৈষ্ণৱসকলৰ বাবে পবিত্ৰ থান, যিজনক বদ্ৰীনাথ হিচাপে পূজা কৰা হয়।
-
ভৈৰৱী মন্দিৰ
ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা।
-
কেদাৰনাথ মন্দিৰ
কেদাৰনাথ মন্দিৰ (Kedarnath Temple) শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম হিন্দু মন্দিৰ। এই মন্দিৰটো ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ মন্দাকিনী নদীৰ সমীপত গড়ৱাল হিমালয়ান ৰেঞ্জ ত অৱস্থিত।
-
মদন কামদেৱ দেৱালয়
মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।
-
সোমনাথ মন্দিৰ
সোমনাথ মন্দিৰ ভাৰতৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰতীৰত গুজৰাট ৰাজ্যত অৱস্থিত এটি পবিত্ৰ তীৰ্থস্থান। সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথৰ স্থান প্ৰথম বুলি শিৱৰ আৰাধক সকলে গণ্য কৰে। বৰ্তমান সোমনাথ মন্দিৰ গুজৰাটৰ অন্যতম পৰ্যটনস্থলী।
-
হলেশ্বৰ দেৱালয়
হলেশ্বৰ দেৱালয় শোণিতপুৰ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিল’মিটাৰ উত্তৰে গৰৈমাৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে হলেশ্বৰ দেৱালয় অৱস্থিত। মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো ‘নিজ হলেশ্বৰ’ হৈছে। মূল শিৱ মন্দিৰৰ লগতে আটকধুনীয়া মণিকূটেৰে এক নামঘৰো আছে।
-
অমৰনাথ মন্দিৰ
অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ চাৰিধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম। জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ৩,৮৮৮ মিটাৰ (১২,৭৫৬ ফুট) উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি আৰু…
-
গৰখীয়া দ'ল
গৰখীয়া দ'ল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ।
-
দীৰ্ঘেশ্বৰী দেৱালয়
দীৰ্ঘেশ্বৰী দেৱালয় বা দীৰ্ঘেশ্বৰী মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱ সিংহয়ে নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত বহুতো শিলৰ ভাস্কৰ্য উদ্ধাৰ হৈছে। দীৰ্ঘেশ্বৰী মন্দিৰ বছৰেকীয়া দুৰ্গা পূজাৰ বাবে বিখ্যাত।
-
নাগশংকৰ মন্দিৰ
নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে।
-
বাঁকে বিহাৰী মন্দিৰ
বাঁকে বিহাৰী মন্দিৰ (Banke Bihari Temple) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবন চহৰত অৱস্থিত এটি হিন্দু মন্দিৰ। এই মন্দিৰটো বাঁকে বিহাৰীৰ নামত উৎসৰ্গিত, যাক ৰাধা আৰু কৃষ্ণৰ সংযুক্ত ৰূপ বুলি বিশ্বাস কৰা হয়। মূলতঃ বৃন্দাবনৰ নিধিবনত বাঁকে বিহাৰীৰ পূজা কৰা হৈছিল।