বৌদ্ধ ধৰ্ম
৭৩ প্ৰবন্ধ
-
বৌদ্ধ ধৰ্ম
বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এটা ধৰ্ম বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত।
-
গৌতম বুদ্ধ
ประดู่ คำหงษาคือসিদ্ধাৰ্থ গৌতম আছিল প্ৰাচীন ভাৰতৰ এক ধৰ্মগুৰু আৰু বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাপক। অধিকাংশ বৌদ্ধ সম্প্ৰদায়ৰ মতে, তেখেতেই বৰ্তমান যুগৰ সৰ্বোচ্চ বুদ্ধ (পালি: সম্মাসম্বুদ্ধ, সংস্কৃত: সম্যকসম্বুদ্ধ)। 'বুদ্ধ' শব্দৰ অৰ্থ 'আলোকপ্ৰাপ্ত ব্যক্তি' বাประดู่ 'দিব্যজ্ঞানপ্ৰাপ্ত ব্যক্তি'।
-
মহাযান
মহাযান একাধিক বৌদ্ধ পৰম্পৰা, লেখ, দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা এক সংজ্ঞা। মহাযানৰ বিকাশ ভাৰতত হৈছিল, খ্ৰীষ্টপূৰ্ব ১০০ৰ পাছত। মহাযান আৰু থেৰবাদ বৌদ্ধ ধৰ্মত অস্তিত্বত থকা দুই মুখ্য পৰম্পৰা। মহাযানে আগৰ বৌদ্ধ শিক্ষাৰ লগতে তলুনামূলকভাৱে নতুন লেখ, যেনে মহাযান সূত্ৰসমূহক মান্যতা প্ৰদান কৰে।
-
থেৰবাদ
থেৰবাদ (; পালি: ථේරවාද, সংস্কৃত: 𑀣𑁂𑀭𑀯𑀸𑀤 স্থিৰবাদ) বৌদ্ধ ধৰ্মৰ আটাইতকৈ পুৰণি সম্প্ৰদায়। থেৰবাদৰ অৰ্থ "জ্যেষ্ঠসকলৰ তত্ত্ব।" এই সম্প্ৰদায়ৰ বৌদ্ধসকলক থেৰবাদিন বোলা হয়। তেওঁলোকে এহাজাৰ বছৰতকৈও অধিক সময় ধৰি পালি ধৰ্মানুশাসনত গৌতম বুদ্ধৰ বাণীৰ থেৰবাদী সংস্কৰণ সংৰক্ষণ কৰি ৰাখিছে।
-
জাতক
জাতক শব্দটোৰ আভিধানিক অৰ্থ অতীতৰ কাহিনী৷ বৌদ্ধ ধৰ্মমতে, ব্যক্তিবিশেষে বুদ্ধত্বপ্ৰাপ্তিৰ আগতে অনেক জন্ম-জন্মান্তৰৰ মাজেদি চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰিব লাগে৷ বুদ্ধত্ব লাভ কৰিলে বিগত জন্মৰ কথাবোৰ স্মৰণ কৰাৰ ক্ষমতা থাকে বুলি ভৱা হয়৷ গৌতম বুদ্ধৰ এই ক্ষমতা লাভ হৈছিল৷ তেওঁঁৰ কোনো এটা নহয় কোনো এটা পূৰ্বজন্মৰ…
-
মগধ
মগধ আছিল প্ৰাচীন ভাৰতৰ পূব গংগা সমভূমিত অৱস্থিত এখন ৰাজ্য। দ্বিতীয় নগৰায়ন যুগৰ ষোল্লখন মহাজনপদৰ ভিতৰত মগধ আছিল অন্যতম। এই অঞ্চলত কেইবাটাও বংশই শাসন কৰিছিল, যিয়ে আন মহাজনপদবোৰৰ ওপৰত প্ৰভাৱ পেলাইছিল, জয় কৰিছিল আৰু নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল।
-
বুদ্ধ পূৰ্ণিমা
বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বা বেশক (Vesākha, Vaiśākha), পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, চিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ, মালয়েছিয়া,…
-
বৌদ্ধ দৰ্শন
বৌদ্ধ দৰ্শন (ইংৰাজী: Buddhist philosophy) বৌদ্ধ ধৰ্মৰ ধাৰ্মিক-দাৰ্শনিক পৰম্পৰাৰ ভিতৰত বিকশিত হোৱা প্ৰাচীন ভাৰতীয় দাৰ্শনিক ব্যৱস্থা। ইয়াত গৌতম বুদ্ধৰ পৰিনিৰ্বাণৰ পিছত (খ্ৰীষ্টপূৰ্ব প্ৰায় ৫ম শতিকা) প্ৰাচীন ভাৰতৰ বৌদ্ধ ধৰ্মৰ বিভিন্ন বৌদ্ধিক সম্প্ৰদায়সমূহৰ মাজত বিকশিত হোৱা সকলো দাৰ্শনিক অনুসন্ধান…
-
পালি ধৰ্মশাস্ত্ৰ
পালি ধৰ্মশাস্ত্ৰ বা পালি ধৰ্মানুশাসন থেৰবাদী বৌদ্ধ ধৰ্ম শাস্ত্ৰৰ মান্য সংকলন, যি পালি ভাষাত সংৰক্ষিত। ই আৰম্ভণিৰ বৌদ্ধ ধৰ্মানুশাসনৰ বৰ্তমানে অস্তিত্বত থকা আতাইতকৈ সম্পূৰ্ণ সংকলন। এই সংকলনৰ মূল উৎস বৌদ্ধ ধৰ্মৰ তাম্ৰশতীয়া পৰম্পৰা।
-
ত্ৰিপিটক
ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এইখন গৌতম বুদ্ধৰ দৰ্শন আৰু উপদেশৰ সংকলন। পালি ভাষাৰ তি-পিটক ৰ পৰা অসমীয়া ত্ৰিপিটক শব্দৰ প্ৰচলন। তিনি পিটকৰ সমন্বিত সমাহাৰক ত্ৰিপিটক বোলা হৈছে। এই পিটক তিনিটা হল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক।
-
নাগাৰ্জুন
নাগাৰ্জুন (আনুমানিক ১৫০-২৫০ খ্ৰীষ্টাব্দ) আছিল গৌতম বুদ্ধৰ পিছৰ অন্যতম প্ৰভাৱশালী বৌদ্ধ দাৰ্শনিক। শিষ্য আৰ্যদেৱৰ সৈতে ‘মহাযান’ বৌদ্ধ ধৰ্মৰ ‘গৌণ’ শাখা প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়।
-
মণ্ডল
মণ্ডল (मण्डल, Mandala) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যানৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়।
-
চীনা বৌদ্ধ ধৰ্ম
চীনা বৌদ্ধ ধৰ্ম বা হান বৌদ্ধ ধৰ্ম (পৰম্পৰাগত চীনাত: 漢傳佛教, সৰলীকৃত চীনাত: 汉传佛教, পিন্যিনত: 汉传佛教) মহাযান বৌদ্ধ ধৰ্মৰ এক চীনা ৰূপ। চীনা বৌদ্ধ ধৰ্মই চীনা সংস্কৃতিত এক বিশেষ প্ৰভাৱ পেলাইছে, কলাৰ পৰা ৰাজনীতি, সাহিত্য, দৰ্শন, চিকিৎসা আৰু ভৌতিক সংস্কৃতিত। চীনা বৌদ্ধ ধৰ্ম চীনৰ মূলভূমিত সৰ্ববৃহৎ সংগঠিত ধৰ্ম।
-
মৎস্যেন্দ্ৰনাথ
মৎস্যেন্দ্ৰ বা মৎস্যেন্দ্ৰনাথ, (পূৰ্ব দহ শতিকা) হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এগৰাকী সাধু আৰু যোগী আছিল। ঐতিহাসিকভাৱে তেওঁক হঠ যোগ আৰু বহু সংখ্যক পুৰণি গ্ৰন্থৰ লেখক হিচাপেও জনা যায়। তেওঁক নাথ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন বুলিও কোৱা হয়৷ তেওঁ বিশেষকৈ কৌল শৈৱ ধৰ্মৰ সৈতে সংযুক্ত।
-
অষ্টাংগিক আৰ্য মাৰ্গ
অষ্টাংগিক আৰ্য মাৰ্গ (পালি:, সংস্কৃত: ) সংসাৰৰ পৰা মোক্ষলাভ (জীৱন আৰু মৃত্যুৰ চক্ৰৰ অন্ত) আৰু নিৰ্বাণ প্ৰাপ্তিৰ বাবে বৌদ্ধ কাৰ্যপন্থাৰ এক পুৰণি সাৰাংশ। বৌদ্ধ প্ৰতীকসমূহৰ মাজত ধৰ্মচক্ৰই অষ্টাংগিক আৰ্য মাৰ্গ দৰ্শায়।
-
টাৱাং মঠ
টাৱাং মঠ টাৱাং মঠ হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত এটা বৌদ্ধ মঠ। টাৱাং মঠ দেশৰ আটাইতকৈ ডাঙৰ মঠ। এই মঠটো টাৱাং চু উপত্যকা,চীনা আৰু ভূটানৰ সীমান্তৰ ওচৰত অৱস্থিত।
-
বোধি বৃক্ষ
বোধি বৃক্ষ ভাৰতৰ বিহাৰ ৰাজ্যৰ বুদ্ধগয়াত অৱস্থিত মহাবোধি মন্দিৰ প্ৰাংগণৰ এজোপা প্ৰাচীন বিশাল আকাৰৰ আঁহত গছ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫৩১ত ৩৫ বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে এই গছজোপাৰ তলত ধ্যান কৰি বোধি বা বুদ্ধত্ব লাভ কৰিছিল। তাৰপাছত তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল।
-
মহাযান সূত্ৰ
মহাযান সূত্ৰসমূহ হৈছে এটি বহল বৌদ্ধ সূত্ৰৰ ধাৰা যি মহাযান বৌদ্ধ ধৰ্মত ধৰ্মানুশাসনগত আৰু বুদ্ধবচন বুলি মনা হয়। এই সূত্ৰসমূহ চীনা বৌদ্ধ ধৰ্মানুশাসন, তিব্বতী বৌদ্ধ ধৰ্মানুশাসন আৰু অনেক সংস্কৃত হস্তলিপিত সংৰক্ষিত। কেইবাশ মহাযান সূত্ৰ সংস্কৃত বা চীনা আৰু তিব্বতী ভাষাৰ অনূদিত সংস্কৰণত উপলব্ধ।
-
মায়া (বুদ্ধদেৱৰ মাতৃ)
ৰাণী মায়াদেৱী (Queen Māyā of Sakya; Māyādevī) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সন্ত গৌতম বুদ্ধৰ জন্মদাত্ৰী মাতৃ। তেওঁ প্ৰথম বৌদ্ধ ভিক্ষুণী প্ৰজাপতি গৌতমীৰ বায়েক আৰু ৰজা শুদ্ধোধনৰ পত্নী। গৌতম বুদ্ধ বা সিদ্ধাৰ্থৰ প্ৰসৱৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।
-
সংসাৰ (বৌদ্ধ ধৰ্ম)
বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মত সংসাৰ (संसार, saṃsāra) হৈছে জন্ম, স্বাভাৱিক অস্তিত্ব আৰু মৃত্যুৰ অন্তহীন চক্ৰ। সংসাৰক দুঃখ জ্ঞান কৰা হয়: ই কষ্টকৰ, অবহনক্ষম আৰু দুখদায়ক। ই টান আৰু অবিদ্যাৰ ফলত হোৱা কৰ্মৰ দ্বাৰা বৰ্তি থাকে। সংসাৰত পুনৰ্জন্ম মানুহৰ ৰূপতেই হ'ব বুলি কোনো নিশ্চিতি নাই।
-
ঈশান
ঈশান (ईशान) শব্দই হিন্দু, বৌদ্ধ আদি ধৰ্মত ঈশ্বৰ বা কোনো দেৱতাক বুজায়। ঈশান এটা জনপ্ৰিয় নাম। এই নামৰ উল্লেখ শিৱ পুৰাণত আছে, আৰু ই বিষ্ণুৰ এটি নাম।
-
ধম্মপাল
ধম্মপাল দুজন বা তাতকৈ অধিক মহান থেৰাবাদ বৌদ্ধ ধাৰাভাষ্যকাৰৰ নাম। কাঞ্চিপুৰমত জন্মগ্ৰহণ কৰা আগৰজনে গন্ধবংশ আৰু হিউৱেন-চাংৰ লেখা দুয়োটাৰে পৰাই জনা যায় যে তেওঁ আধুনিক চেন্নাইৰ দক্ষিণে বদৰা তিত্থ বিহাৰত বাস কৰিছিল, আৰু চুটি নীতি-নিয়মৰ সাতখন গ্ৰন্থৰ টীকা লিখিছিল (প্ৰায় সম্পূৰ্ণৰূপে পদ্যৰে গঠিত) আৰু…
-
ভাৰতত বৌদ্ধ ধৰ্মৰ ইতিহাস
বৌদ্ধ ধৰ্ম বিশ্বৰ এটা প্ৰধান ধৰ্ম। প্ৰাচীন মগধ ৰাজ্য (বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্য)ত এই ধৰ্মৰ উত্থান ঘটিছিল। এই ধৰ্মৰ ভেটি গৌতম সিদ্ধাৰ্থৰ শিক্ষা। গৌতম সিদ্ধাৰ্থকে ‘বুদ্ধ’ (‘বোধিপ্ৰাপ্ত’) বোলা হয়। বুদ্ধৰ জীৱনকালত মগধৰ বাহিৰত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰম্ভ হয়।
-
লুইপাদ
লুইপাদ বা লুইপা (Luipa, দশম শতিকা) বৌদ্ধ ধৰ্মৰ এগৰাকী মহাসিদ্ধ কবি আৰু বৌদ্ধ ধৰ্ম গ্ৰন্থৰ ৰচক। দশম শতিকাৰ পূব ভাৰতৰ সিদ্ধাচাৰ্য লুইপাদে চৰ্যাপদ ৰচনা কৰিছিল।
-
লুম্বিনী
লুম্বিনী (लुम्बिनी, আক্ষৰিক ভাৱে ‘মৰম লগা’) নেপালৰ লুম্বিনী প্ৰদেশৰ ৰূপংদেহি জিলাৰ এখন নগৰ আৰু বৌদ্ধ তীৰ্থস্থান। বৌদ্ধ পৰম্পৰা অনুসৰি এই স্থানতে খ্ৰীষ্টপূৰ্ব ৫৬৬ৰ আশে-পাশে ৰাণী মায়াদেৱীৰ গৰ্ভত সিদ্ধাৰ্থ গৌতমৰ জন্ম হৈছিল।
-
ত্ৰয়স্ত্ৰিংশ
ত্ৰয়স্ত্ৰিংশ বা ত্ৰয়স্ত্ৰিংশস্বৰ্গ হৈছে বৌদ্ধ ব্ৰহ্মাণ্ডতত্ত্বৰ এক গুৰুত্বপূৰ্ণ দেৱনিবাস। ত্ৰয়স্ত্ৰিংশ শব্দটো ত্ৰয়স্ত্ৰিংশত, অৰ্থাৎ "৩৩" শব্দৰ পৰা গঠিত এটা আখ্যা আৰু ইয়াক অসমীয়ালৈ ভাঙনি কৰিলে হ'ব "৩৩ জন দেৱতাৰ ভাগৰ"।
-
থেৰাগাথা
থেৰাগাথা (জ্যেষ্ঠ সন্ন্যাসীসকলৰ পদ) হৈছে বৌদ্ধ গ্ৰন্থ, পালি ভাষাৰ চুটি কবিতাৰ সংকলন, যিবোৰ প্ৰাচীন বৌদ্ধ সংঘৰ সদস্যসকলৰ বুলি কোৱা হয়। ইয়াক সুত্ত পিটকৰ সৰু সৰু গ্ৰন্থৰ সংকলন খুদ্দাকা নিকায়ৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
-
ধম্মপদ
ধম্মপদ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থ ত্ৰিপিটকৰ অন্তৰ্গত খুদ্দক নিকায়ৰ দ্বিতীয় গ্ৰন্থ। ‘ধম্মপদ’ শব্দটো সংস্কৃত ‘ধৰ্মপদ’ৰ পালি ৰূপ। পালিত সংস্কৃতৰ ‘ৰেফ’ লুপ্ত হৈ ধ্বনিটো দ্বিত্ব হৈ পৰে। ধৰ্ম অৰ্থাৎ নীতি-নৈতিকতামূলক পথ লাভৰ উপায় অৰ্থতে ইয়াত সন্নিবিষ্ট গাথাসমূহক একেলগে ‘ধৰ্ম্মপদ' বুলি কোৱা হৈছে।
-
নাগসেনা
নাগসেনা খ্ৰীষ্টপূৰ্ব ১৫০ চনৰ আশে-পাশে বাস কৰা এজন সৰ্বস্তিবাদী বৌদ্ধ সন্ন্যাসী আছিল। উত্তৰ-পশ্চিম ভাৰতৰ ভাৰত-গ্ৰীক ৰজা প্ৰথম মেনান্দৰে (পালি: মিলিণ্ডা) বৌদ্ধ ধৰ্মৰ বিষয়ে তেওঁ কৰা প্ৰশ্নৰ উত্তৰ মিলিন্দপাখা আৰু সংস্কৃত নাগসেনাভিক্ষুত্ৰত লিপিবদ্ধ কৰা হৈছে।
-
নৱযান
নৱযান হ'ল ভীমৰাও ৰামজী আম্বেদকাৰৰ দ্বাৰা বৌদ্ধ ধৰ্মৰ এক নতুন ব্যাখ্যা। ইয়াক নব্য-বৌদ্ধ ধৰ্ম, আম্বেদকাৰীয় বৌদ্ধ ধৰ্ম আৰু ভীমযান নামেৰেও জনা যায়। আম্বেদকাৰৰ জন্ম এগৰাকী দলিত হিচাপে হৈছিল ঔপনিৱেশিক ভাৰতত।