অসমৰ ধৰ্মীয় স্থান
৬৫ প্ৰবন্ধ
-
শ্ৰী শ্ৰী বটদ্ৰৱা থান
শ্ৰী শ্ৰী বটদ্ৰৱা থান অসমীয়া বৈষ্ণৱ পৰম্পৰাৰ এক অতি পৱিত্ৰ তীৰ্থস্থান আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন-কৰ্মৰ সৈতে ঘনিষ্ঠভাৱে জড়িত ঐতিহ্যকেন্দ্ৰ। নগাঁও জিলাৰ বৰদোৱা (বটদ্ৰৱা)ত অৱস্থিত এই স্থান একশৰণ নাম ধৰ্মৰ প্ৰাৰম্ভিক প্ৰচাৰৰ স্মৃতি আৰু সত্ৰ-নামঘৰ সংস্কৃতিৰ এক উল্লেখযোগ্য নিদৰ্শন।
-
আউনীআটী সত্ৰ
আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।
-
পাটবাউসী সত্ৰ
পাটবাউসী সত্ৰ ( Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ। ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল।
-
উমানন্দ
উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হয়। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল।
-
বশিষ্ঠাশ্ৰম দেৱালয়
বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
-
সুন্দৰীদিয়া সত্ৰ
সুন্দৰীদিয়া সত্ৰ (Sundaridiya Satra) অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ ভিতৰৰ নিকা সংহতিৰ এক সত্ৰ৷ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধবদেৱে ১৫৭০ চনত এই সত্ৰ স্থাপন কৰিছিল৷ বৰপেটা সত্ৰৰ উত্তৰ পূব কোণত প্ৰায় ৩ কিলোমিটাৰ দূৰত বৰপেটা ভবানীপুৰ পথত এই সুন্দৰীদিয়া সত্ৰ অৱস্থিত আৰু ইয়াতে মাধবদেৱে ১৪…
-
হয়গ্ৰীৱ মাধৱ মন্দিৰ
হয়গ্ৰীৱ মাধৱ মন্দিৰ (Hayagriva Madhava Temple) অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। হাজোৰ মণিপৰ্বত নামৰ এটা টিলাৰ ওপৰত এই দেৱালয় অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ "হয়গ্ৰীৱ"ক (ঘোঁৰাৰ মূৰসহ বিষ্ণু) ইয়াত পূজা-অৰ্চনা কৰা হয়। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'গ্ৰীৱ'ৰ অৰ্থ 'ডিঙি'।
-
শুক্ৰেশ্বৰ মন্দিৰ
শুক্ৰেশ্বৰ মন্দিৰ হ'ল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত।
-
তাম্ৰেশ্বৰী মন্দিৰ
তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন্দিৰ। অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত। এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই খাইতি দেৱীলৈ উছৰ্গিত।
-
বিশ্বনাথ ক্ষেত্ৰ
বিশ্বনাথ ক্ষেত্ৰ বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কি:মি: দক্ষিণে অৱস্থিত এখন প্ৰাচীনতম পবিত্ৰ স্থান। বিশ্বনাথ ক্ষেত্ৰত থকা বিভিন্ন শিলৰ গাঁত বিলাকে প্ৰমাণ কৰে যে আদিম কালত ই আছিল অষ্ট্ৰিক সকলৰ বাসস্থান।
-
অশ্বক্ৰান্ত মন্দিৰ
অশ্বক্ৰান্ত মন্দিৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উত্তৰ গুৱাহাটীত অৱস্থিত তীৰ্থস্থান। ইয়াত প্ৰায় সম আয়তনৰ দুটা মন্দিৰ আছে। এটা ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰৰ নামনি ভাগত, আনটো পাহাৰৰ ওপৰ ভাগত অৱস্থিত।
-
উমানন্দ দেৱালয়
উমানন্দ দেৱালয় হ'ল অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াৰ উমানন্দ দ্বীপত অৱস্থিত এটা শিৱ মন্দিৰ। উমানন্দ দ্বীপক বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপ হিচাপে জনা যায়। যি পৰ্বতত এই মন্দিৰ নিৰ্মাণ কৰা হৈছে, সেই পৰ্বতক ভস্মাচল বুলি জনা যায়।
-
ভৈৰৱী মন্দিৰ
ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন কলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচেই কাষত এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে "মাইথান" বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা।
-
আজান পীৰৰ দৰগাহ
আজান পীৰৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ চিৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। এই দৰগাহ অৱস্থিত হৈ আছে শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে শৰাগুৰি চাপৰিত। দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ নৈয়ে তিনিওফালে বেঢ়ি আছে।
-
মায়ামৰা সত্ৰ
মায়ামৰা সত্ৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা কাল সংহতি ধাৰাৰ সত্ৰ।
-
হলেশ্বৰ দেৱালয়
হলেশ্বৰ দেৱালয় শোণিতপুৰ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিল’মিটাৰ উত্তৰে গৰৈমাৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে হলেশ্বৰ দেৱালয় অৱস্থিত। মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো ‘নিজ হলেশ্বৰ’ হৈছে। মূল শিৱ মন্দিৰৰ লগতে আটকধুনীয়া মণিকূটেৰে এক নামঘৰো আছে।
-
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।
-
নাগশংকৰ মন্দিৰ
নাগশংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। শোণিতপুৰ জিলাৰ প্ৰধান শৈৱ পীঠস্থান সমূহৰ ভিতৰত নাগশংকৰ মন্দিৰ অন্যতম। দৈনিক যথা ৰীতি এই মন্দিৰত পূজা-অৰ্চনা কৰা হয়। মন্দিৰটোৰ নামেৰে এই অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে।
-
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা (Gurdwara Sri Guru Tegh Bahadur Sahib) অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন শিখ সকলৰ গুৰুদ্বাৰা। শিখ সকলৰ প্ৰথম গুৰু, গুৰু নানক দেৱ ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল।
-
হুদুপৰা থান
হুদুপৰা থান তেজপুৰ চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ কেতেকীবাৰী গাঁৱৰ প্রাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ এখন আধ্যাত্মিক স্থল। প্ৰৱচন অনুসৰি, বৰ্তমান যি স্থানত নিতৌ নাম কীৰ্ত্তন কৰা হয়, সেই স্থানত এজোপা কেন্দু গছ আছিল, গছ জোপাৰ কাষত প্ৰায়েই হুদু চৰায়ে জিৰণি লৈছিল। গছ জোপাৰ তলত যথেষ্ট কেঁচুমতা হৈছিল।
-
উগ্ৰতাৰা দেৱালয়
উগ্ৰতাৰা দেৱালয় গুৱাহাটীৰ লতাশিল অঞ্চলত অৱস্থিত দশ মহাবিদ্যাৰ দ্বিতীয় দেৱী তাৰাৰ উগ্ৰ স্বৰূপ উগ্ৰতাৰাৰ নামত উৎসৰ্গিত মন্দিৰ। এই মন্দিৰৰ পিছফালে যোৰপুখুৰী নামৰ এটা পুখুৰী আছে। গুৱাহাটীৰ পঞ্চতীৰ্থৰ অন্যতম উগ্ৰতাৰা দেৱালয় গুৰুত্বপূৰ্ণ শক্তিপীঠ।
-
টুক্ৰেশ্বৰী দেৱালয়
টুক্ৰেশ্বৰী দেৱালয় হৈছে গোৱালপাৰা চহৰৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দক্ষিণ-পূৱত টুক্ৰেশ্বৰী পাহাৰত অৱস্থিত এখন দেৱালয়।
-
পাণবাৰী মছজিদ
পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত।
-
বুঢ়ীগোঁসানী দেৱালয়
বুঢ়ীগোঁসানী দেৱালয় যোৰহাট নগৰৰ মাজমজিয়াত গড় আলিৰ পূবে অৱস্থিত এক শাক্ত মন্দিৰ। ১৭০৮ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা গোঁসানীৰ বিগ্ৰহ আনি গড়গাঁৱত স্থাপন কৰিছিল।
-
মহামায়া ধাম
মহামায়া ধাম অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতযোৰা মহকুমাৰ বগৰীবাৰীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। মহামায়া দেৱীলৈ সমৰ্পিত দেই মন্দিৰ উল্লেখযোগ্য শক্তি পীঠ হিচাপে গণ্য কৰা হয়। মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ।
-
মাধৱ থান
শ্ৰী শ্ৰী মাধৱ থান অসমৰ এখন ধৰ্মস্থান। ই নগাওঁ জিলাৰ কামপুৰ নগৰৰ পৰা প্ৰায় ১২ কিঃমিঃ দক্ষিণে মাধৱপাৰা পাহাৰৰ ওচৰত লাংপি (কাৰ্বি), চীনা বা বৰাপানী নদীৰ পাৰত অৱস্থিত। কিংবদন্তিমতে এই স্থানত শ্ৰীকৃষ্ণ (মাধব) আৰু অৰ্জুনে এবাৰ জিৰণি লৈছিল।
-
লংকেশ্বৰ দেৱালয়
লংকেশ্বৰ দেৱালয় ( Lankeshwar Temple) কামৰূপ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা প্ৰায় ৫ কিল’মিটাৰ পশ্চিমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মন্দিৰটোৰ অৱস্থিতি। জালুকবাৰী পাহাৰত অৱস্থিত মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো লংকেশ্বৰ হৈছে।
-
হাৰ্হি দেৱালয়
হাৰ্হি দেৱালয় অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখানা চহৰৰ পৰা প্ৰায় চাৰি কিঃমিঃ উত্তৰ-পূবে হাৰ্হি নদীৰ পাৰত অৱস্থিত এক দেৱালয়। ঢকুৱাখানত প্ৰচলিত জনশ্ৰুতি অনুসৰি হাৰ্হি শব্দটো পূৰ্বে সাৰ্হি আছিল।
-
ছত্ৰাকাৰ দেৱালয়
ছত্ৰাকাৰ দেৱালয় (Chatrakar Devalaya) অসমৰ গুৱাহাটীৰ উজান বজাৰত অৱস্থিত মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে অৱস্থিত মংগলচণ্ডী দেৱীৰ মন্দিৰটো কলীয়া ভোমোৰা বৰফুকনে নিৰ্মাণ কৰাইছিল।
-
টিলিঙা মন্দিৰ
টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। দুলীয়াজানৰপৰা এই মন্দিৰলৈ ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰপৰা ২৫ কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱপূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে।