ধৰ্ম
৩৩ প্ৰবন্ধ
-
একশৰণ নাম ধৰ্ম
একশৰণ নাম ধৰ্ম অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন-প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মধাৰা। ইয়াৰ কেন্দ্ৰীয় ধাৰণা ‘এক দেৱ, এক সেৱ’ আৰু নাম-ভক্তিক উপায় হিচাপে ধৰি সমাজত সমমৰ্যাদা-ভিত্তিক ধৰ্মীয় অনুশীলন বিস্তাৰ কৰাৰ চেষ্টা দেখা যায়।
-
হিন্দু ধৰ্ম
হিন্দু ধৰ্ম (সনাতন ধৰ্ম) হৈছে ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক মতবাদ। ই ভাৰতৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত এটা পুৰণি ধৰ্ম। হিন্দু ধৰ্মাৱলম্বীসকলে নিজা ধৰ্মমতকে সনাতন ধৰ্ম (सनातन धर्म) নামেৰেও অভিহিত কৰে।
-
বৌদ্ধ ধৰ্ম
বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এটা ধৰ্ম বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত।
-
ইছলাম
ইছলাম (; আৰবী ভাষাত: الإسلام আল্ ইছলাম্) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্ম। ইছলাম (আৰবী: الإسلام) শব্দটো আহিছে আৰবী س-ل-م (ছালাম) শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা।
-
খ্ৰীষ্টধৰ্ম
খ্ৰীষ্টধৰ্ম (Χριστιανισμός; נצרות; المسيحية; ܡܫܝܚܝܘܬܐ) হৈছে এক অবা্ৰহামীয় একেশ্বৰবাদী ধৰ্ম, যি নাচৰতীয়া যীচুৰ জীৱন আৰু শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত। অনুগামীৰ সংখ্যা অনুসৰি ই পৃথিৱীৰ বৃহত্তম ধৰ্ম; ইয়াৰ অনুগামীৰ সংখ্যা প্ৰায় ২৫০ কোটি।
-
জৈন ধৰ্ম
জৈনধৰ্ম (जैन धर्म; Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা।
-
ধৰ্ম
ধৰ্ম হৈছে মনোনীত আচৰণ, নৈতিকতা, বিশ্বাস, বিশ্বদৰ্শন, গ্ৰন্থ, পবিত্ৰ স্থান, ভৱিষ্যতবাণী, নৈতিকতা বা সংগঠনৰ এক সামাজিক-সাংস্কৃতিক প্ৰণালী। ই অতিপ্ৰাকৃতিক, অতীন্দ্ৰিয় আৰু আধ্যাত্মিক উপাদানৰ সৈতে মানৱতাৰ সম্পৰ্ক স্থাপন কৰে। কিন্তু ধৰ্ম কিহৰ দ্বাৰা গঠিত হয় তাক লৈ কোনো পাণ্ডিত্যপূৰ্ণ সহমত নাই।
-
ইহুদী ধৰ্ম
ইহুদী ধৰ্ম হৈছে ইহুদী জনসাধাৰণৰ সামূহিক আধ্যাত্মিক, সাংস্কৃতিক আৰু আইনী পৰম্পৰাক সামৰি লোৱা এক আব্ৰাহামী, একেশ্বৰবাদী, জনগোষ্ঠীয় ধৰ্ম। ধৰ্মীয় ইহুদীসকলে ইহুদী ধৰ্মক তেওঁলোকৰ মোচিৰ নিয়ম পালনৰ মাধ্যম হিচাপে গণ্য কৰে, যিটো তেওঁলোকৰ মতে ঈশ্বৰ আৰু ইহুদী লোকসকলৰ মাজত প্ৰতিষ্ঠা কৰা হৈছিল।
-
শিখ ধৰ্ম
শিখ ধৰ্ম এটা একেশ্বৰবাদী ধৰ্ম। এই ধৰ্মৰ অনুসৰণকাৰী সকলক শিখ বুলি কোৱা হয়। খৃষ্টীয় পঞ্চদশ শতাব্দীত পঞ্জাবত এই ধৰ্ম প্ৰৱৰ্তিত হয়। এই ধৰ্মৰ মূল ভিত্তি গুৰু নানক দেৱ আৰু এখেতৰ উত্তৰসূৰী ১০জন শিখ গুৰুৰ (পবিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিব এওঁলোকৰ মাজৰ দশমজন হিচাপে বিবেচিত হয়) ধৰ্মোপদেশ।
-
বাহাই ধৰ্ম
বাহাই ধৰ্ম (ফাৰ্চী ভাষাত: بهائیت, আৰবী ভাষাত: بهائية) এটা একেশ্বৰবাদী ধৰ্ম যি সকলো মানুহৰ আধ্যাত্মিক ঐক্যত বিশ্বাস কৰে। বাহাই ধৰ্মৰ তিনি মূল নীতি হ'ল: ঈশ্বৰৰ ঐক্য- এজন ঈশ্বৰেই সকলো সৃষ্টিৰ মূল; ধৰ্মৰ ঐক্য- সকলো ধৰ্মৰ উৎস এক; মানুহৰ ঐক্য- সকলো মানুহ সমান, বিভিন্ন জাতি, সংস্কৃতিয়ে বৈচিত্ৰ্যৰ মাজত…
-
ফুৰালুং ধৰ্ম
আম-ছু-ছিন ফ্ৰালুং বা চমুকৈ ফ্ৰালুং ধৰ্ম (𑜒𑜪 𑜏𑜥 𑜏𑜢𑜃𑜫 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫; অৰ্থ: মহান ড্ৰেগনৰ ধৰ্ম) আহোম সকলৰ পৰম্পৰাগত ধৰ্ম যি প্ৰাচীন পূব এছীয় ধৰ্মৰ এটা ঠাল। আহোম সকলে ১২২৮ ত চাওলুং চুকাফাৰ লগত অসমলৈ আহোঁতে লগত তিনি শ্ৰেণীৰ পণ্ডিত,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল।
-
আব্ৰাহামিক ধৰ্ম
ইব্ৰাহিমীয় ধৰ্ম বা আব্ৰাহামিক ধৰ্ম বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান। এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল।
-
একেশ্বৰবাদ
একেশ্বৰবাদ এটি প্ৰচলিত ধৰ্মীয় ধাৰণা, যাৰ অৰ্থ হ'ল ঈশ্বৰৰ একত্ববাদত বিশ্বাসী অৰ্থাৎ মাত্ৰ এজন ঈশ্বৰৰ প্ৰতি বিশ্বাসী। এই ধাৰণাত বিশ্বাসীসকলে সৃষ্টিকৰ্তা, লালনকৰ্তা, পালনকৰ্তা অথবা সংহাৰকৰ্তা হিচাপে এটা মাত্ৰ সত্তাত বিশ্বাসী আৰু তেওঁৰ আৰাধনা বা উপাসনা কৰি থাকে।
-
কনফুচিয়াছ ধৰ্ম
কনফুচিয়াছ ধৰ্ম (সৰলীকৃত চীনা: 儒学) বা ৰুই ধৰ্ম হৈছে বিখ্যাত চীনা দাৰ্শনিক কনফুচিয়াছৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত চীনা নৈতিক আৰু দাৰ্শনিক বিশ্বাস ব্যৱস্থা। ই প্ৰাচীন চীনত উৎপত্তি হোৱা চিন্তা আৰু আচৰণৰ এক ব্যৱস্থা।
-
ডনি-প'ল'
ডনি-প'ল (বা ডনি-প'ল'বাদ; Donyi-Polo) অভিধাৰে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ টানি জাতিৰ আৰু অসমৰ মিচিং জনগোষ্ঠীৰ আৰু অন্যান্য তিব্বত-বাৰ্মা মূলৰ অধিবাসীসকলৰ মাজত প্ৰচলিত সৰ্বপ্ৰাণবাদ (animism) আৰু শমনবাদ (shamanism) প্ৰকাৰৰ খিলঞ্জীয়া ধৰ্মীয় পদ্ধতিসমূহক বুজোৱা হয়।
-
বাথৌ ধৰ্ম
বাথৌ ধৰ্ম (बाथौ) বড়ো আৰু কছাৰী সম্প্ৰদায়ৰ জাতিগত ধৰ্ম। বাথৌ নাম (বা = পাঁচ; থৌ = গভীৰ) টোৰ অৰ্থ হৈছে পাঁচটি নীতি। এই ধৰ্মৰ পাঁচটি মূলনীতি হ'ল: বাৰ (বতাহ), অৰ (জুই), হা (পৃথিৱী), দৈ (জল) আৰু অখৰাং (ইথাৰ)। পৰম্পৰাগত ভাৱে
-
শ্বিণ্ট'
শ্বিণ্ট (神道) এটি জাপানী ধৰ্ম। গৱেষকে এই ধৰ্মক পূব এছিয়াৰ ধৰ্মসমূহৰ মাজত স্থান দিয়ে। শ্বিণ্ট' ধৰ্মী লোকে সাধাৰণতে এই ধৰ্মক জাপানৰ আদিবাসী ধৰ্ম জ্ঞান কৰে। ই এক প্ৰকৃতিবাদী ধৰ্ম। এই ধৰ্মৰ কোনো কেন্দ্ৰীয় প্ৰশাসক নাই, আৰু শ্বিণ্ট' বিশ্বাসীৰ মাজত ভিন ভিন ধৰণৰ ৰীতি-নীতি দেখা যায়।
-
তাওবাদ
তাওবাদ বা দাওবাদ চীনৰ এক থলুৱা বৈচিত্ৰ্যময় দাৰ্শনিক আৰু ধৰ্মীয় পৰম্পৰা। তাওবাদে সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাওবাদী চিন্তাধাৰাই তাওবাদী পৰম্পৰাৰ ভিতৰত আৰু ইয়াৰ বাহিৰৰ বিভিন্ন প্ৰথাৰ বিকাশৰ বিষয়ে অৱগত কৰিছে, য'ত ধ্যান, জ্যোতিষ, ছিগং, ফেং ছুই, আৰু অভ্যন্তৰীণ ৰসায়ন।
-
জৰথুষ্ট্ৰবাদ
জৰথুষ্ট্ৰবাদ (مزدیسنا; Zoroastrianism বা Zarathustraism ) বা পাৰ্চীবাদ (Magianism) (আৰু অনুগামীসকলৰ মাজত Magdayanism ) এটা প্ৰাচীন ইৰাণী একশ্বৰবাদী ধৰ্ম বা ধৰ্মীয় মতবাদ। ভাৰত উপমহাদেশত ইয়াক পাৰ্চী ধৰ্ম বুলিও জনা যায়। জৰথুষ্ট্ৰ হৈছে জৰাথুষ্ট্ৰবাদ ধৰ্ম বা পাৰ্চী ধৰ্মৰ প্ৰতিষ্ঠাপক।
-
বস্তুবাদ
বস্তুবাদ (Materialism) হৈছে দাৰ্শনিক একতাবাদৰ এক প্ৰকাৰ যাৰ মতে পদাৰ্থই প্ৰকৃতিৰ মৌলিক পদাৰ্থ, আৰু মানসিক অৱস্থা আৰু চেতনাকে ধৰি সকলো বস্তু বস্তুগত বস্তুৰ বস্তুগত পাৰস্পৰিক ক্ৰিয়াৰ ফল।
-
সনামহী ধৰ্ম
সনামহী ধৰ্ম (Sanāmahīsm) (ꯁꯅꯥꯃꯍꯤ ꯂꯥꯏꯅꯤꯡ) বা মীতৈ লাইনীঙ বা মণিপুৰী ধৰ্ম (Manipuri religion) বা কঙলৈ ধৰ্ম (Kanglei religion) হৈছে ধৰ্মৰ উপাসনা কৰা এক প্ৰাচীন পূৰ্বপুৰুষ ধৰ্ম। এইটো মণিপুৰী জাতি আৰু মণিপুৰৰ জনজাতীয় লোকসকলৰ থলুৱা ধৰ্ম। ই এক বহু-ঈশ্বৰবাদী ধৰ্ম।
-
বহু-ঈশ্বৰবাদ
বহু-ঈশ্বৰবাদ বা বহুদেৱতাবাদ হৈছে এজনতকৈ অধিক ঈশ্বৰ বা দেৱতাক (লগতে দেৱীকো) বিশ্বাস কৰা বা পূজা কৰা। অক্সফ'ৰ্ডৰ তথ্য অনুসৰি দেৱতাক গণনা কৰাটো সহজ নহয়, আৰু সেয়েহে চীনা লোকধৰ্মৰ দৰে আপাত দৃষ্টিত বহুদেৱতাবাদী ধৰ্ম এটা প্ৰকৃততে তেনেকুৱা হয় নে নহয়, বা আপাত দৃষ্টিত বিভিন্ন পূজাৰ বস্তুবোৰক একক দেৱতাৰ…
-
ছিমিছাংগা
ছিমিছাংগা বা চিমিনিগাগুয়া বা চিমিস্কাভাই আছিল মুইস্কা ধৰ্মত পৰম সত্তা, সৰ্বশক্তিমান দেৱতা আৰু জগতৰ সৃষ্টিকৰ্তা। মুইস্কা আৰু তেওঁলোকৰ সংঘ আমেৰিকাৰ চাৰিটা উন্নত সভ্যতাৰ ভিতৰত অন্যতম আছিল আৰু এণ্ডিজৰ আলটিপ্লানো কুণ্ডিব’য়াচেন্সত নিজৰ ধৰ্ম গঢ়ি তুলিছিল।
-
জেন
জেন (জাপানী উচ্চাৰণ: [dzeꜜɴ, dzeɴ] (চীনা: Chán; কোৰিয়ান: Sŏn; ভিয়েটনামী: Thiền) হৈছে ভাৰতীয় মহাযান বৌদ্ধ ধৰ্ম, বিশেষকৈ যোগাচাৰা আৰু মধ্যমক দৰ্শনৰ সৈতে মিহলাই টাং বংশৰ সময়ত চীনত বিকশিত হোৱা এটা মহাযান বৌদ্ধ পৰম্পৰা, যি চীনা তাওবাদী চিন্তা, বিশেষকৈ নব্য-তাওবাদীৰ প্ৰভাৱত আছিল।
-
মুণ্ডমালা
মুণ্ডমালা (मुण्डमाला)ক কপালমালা বা ৰুণ্ডমালা বুলিও কোৱা হয়। এয়া হৈছে হিন্দু আৰু তিব্বতী বৌদ্ধ বিশ্বাসত কাটি পেলোৱা মানুহৰ মূৰ আৰু/বা মূৰৰ খোলাৰ মালা। হিন্দু ধৰ্মত মুণ্ডমালা হিন্দু ঐশ্বৰিক মাতৃ আৰু শিৱ দেৱতাৰ ভয়ংকৰ দিশৰ বৈশিষ্ট্য; আনহাতে বৌদ্ধ ধৰ্মত ইয়াক তিব্বতী বৌদ্ধ ধৰ্মৰ ক্ৰোধিত দেৱতাসকলে…
-
অসমৰ জনজাতীয় ধৰ্ম
অসমৰ জনজাতীয় ধৰ্মই (Assamese folk religion) অসমৰ মংগোলীয়সকলৰ পৰম্পৰাগত ধৰ্মীয় পদ্ধতিসমূহক সামৰি লয়। ইয়াৰ ভিতৰত চেং (আত্মা) আৰু পূৰ্বপুৰুষৰ পূজা,, প্ৰকৃতি পূজা আদি সামৰি লোৱা হয়। এই ধৰ্মীয় বিশ্বাস সমুহত তিব্বতীয় আৰু টাই প্ৰভাৱ পৰা দেখা যায়।
-
এঞ্জাম্বি এ এম্পুংগু
এঞ্জাম্বি এ এম্পুংগু (জাম্বি আৰু ঞ্জাম্বি ম্পুংগুও) কংগো আধ্যাত্মিকতাত পৰম্পৰাগত পৰম ঈশ্বৰ, চিৰন্তন আকাশ পিতৃ আৰু সূৰ্যৰ ঈশ্বৰ (অগ্নি)। তেওঁৰ মহিলা সমকক্ষ হৈছে আকাশ মাতৃ আৰু চন্দ্ৰৰ দেৱী এঞ্জাম্বিচি।
-
কুমিনা
কুমিনা আফ্ৰিকান-জামাইকান ধৰ্ম, নৃত্য আৰু সংগীতৰ এটা ৰূপ। কুমিনাৰ এনে প্ৰথা আছে য’ত ধৰ্মনিৰপেক্ষ অনুষ্ঠান, নৃত্য আৰু সংগীত অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ কংগোৰ দাসত্ত্বত আৱদ্ধ লোক আৰু ইনডেনচাৰ শ্ৰমিকসকলে, পশ্চিম মধ্য আফ্ৰিকাৰ কংগো অঞ্চলৰ পৰা, মুক্তিৰ পিছৰ যুগত দ্বীপটোলৈ অনা বিশ্বাস আৰু পৰম্পৰাৰ পৰা…
-
ছুয়ে
ছুয়ে, জুয়ে, ছুয়া, জুহে বা ছুহে মুইস্কাৰ ধৰ্মত সূৰ্যৰ দেৱতা আছিল। তেওঁৰ বিবাহ হৈছিল চন্দ্ৰ দেৱী চিয়াৰ সৈতে। মুইস্কা আৰু তেওঁলোকৰ সংঘ আমেৰিকাৰ চাৰিটা উন্নত সভ্যতাৰ ভিতৰত অন্যতম আছিল; তেওঁলোকে এণ্ডিজৰ আলটিপ্লানো কুণ্ডিবোয়াচেন্সত নিজৰ ধৰ্ম গঢ়ি তুলিছিল।
-
বুছংগো ধৰ্ম
বুছংগোসকল কংগো নদী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ এটা জনগোষ্ঠী। বুছংগো ধৰ্মত সৃষ্টিকৰ্তা দেৱতাক (বা চেম্বে) বুম্বা বুলি কোৱা হয়। তেওঁৰ আন নামসমূহ হ’ল এম’বম্বো আৰু এম’বম্বা। কোৱা হয় যে, তেওঁ প্ৰথমে অকলে অন্ধকাৰত, আদিম পানীৰ বাহিৰে আন একোৰে গঠিত বিশ্বব্ৰহ্মাণ্ডত অস্তিত্ব লাভ কৰিছিল।