গ্ৰীক কিংবদন্তি অনুসৰি পেগেছাছ এটা উৰণীয়া ঘোঁৰা। পাৰ্ছিয়াছে মেডুছাৰ শিৰচ্ছেদ কৰাৰ পাছত মেডুছাৰ তেজৰ পৰা পেগাছাছৰ জন্ম হয়। বেলেৰ'ফ'নে পেগাছাছক ধৰি কেইবাটাও অভিযানত আৰোহণ কৰিছিল। কাইমেৰাৰ লগতো বেলেৰ'ফ'নে পেগাছাছত উঠি যুঁজ কৰিছিল। কিন্তু যেতিয়া তেওঁ উৰণীয়া ঘোঁৰাটোত বহি স্বৰ্গলৈ যাব খোজে তেওঁ তাৰ পৰা বাগৰি পৰি মৃত্যু হয়। পেগাছাছ আকাশত তাৰকাপুঞ্জ হৈ থাকে। পেগাছাছৰ উৰণক প্ৰায়েই কাব্যিক অনুপ্ৰেৰণাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।১
তথ্যসূত্ৰ
- ↑ Hoiberg Dale H. (Editor). (2013). Britannica reference Encyclopedia. Encycopaedia Britannica Inc. পৃ. 551
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেগেছাছ” প্ৰবন্ধৰ সংশোধন ২৮৬১০৮ (১৩ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।