ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
স্পিঅ'
স্পিঅ (প্ৰাচীন গ্ৰীক: Σπειώ, ইংৰাজী: Spio; আক্ষৰিক অৰ্থ: 'গুহাত বাস কৰা'[1]) নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ ৫০ গৰাকী নেৰেইডৰ ভিতৰত অন্যতম, সাগৰীয় নিম্ফ কন্যা। তেওঁক স্পেইঅ' (Speio) আৰু স্পেঅ' (Speo) বুলিও কোৱা হয়৷
-
অসমৰ সত্ৰসমূহৰ তালিকা
মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ জন্মস্থান বৰদোৱাত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল। বৰদোৱাৰ পিছতে শংকৰদেৱে আহোম ৰজাৰ ৰোষত পৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি ধুৱাহাট বেলগুৰিত সত্ৰ প্ৰতিষ্ঠা কৰে। তাৰপিছত দক্ষিণ পাৰত ক্ষেত্ৰী, কাপালত, চুণপোৰা, পালেদি, কমাৰকুছি আদি ঠাইলৈ গৈ সত্ৰ প্ৰতিষ্ঠা কৰে।
-
আৰ্যমন
আৰ্যমন ( अर्यमन् ) আদিম বৈদিক হিন্দু দেৱতাসমূহৰ ভিতৰত অন্যতম। তেওঁৰ নামটোৱে "জীৱন-সঙ্গী", "ঘনিষ্ঠ বন্ধু", "সূৰ্য্য", "ক্ৰীড়া সংগী" বা "সংগী" বুজায়। তেওঁ আদিত্যৰ পিতৃ আৰু মাতৃ কাশ্যপ আৰু অদিতিৰ তৃতীয় পুত্ৰ আৰু তেওঁক ৰাতিপুৱাৰ মাজভাগৰ বেলি হিচাপে চিত্ৰিত কৰা হৈছে।
-
ইৰাৱতী
ইৰাৱতী (সংস্কৃত: इरावती, ইংৰাজী: Iravati) হিন্দু পৌৰাণিক কাহিনীৰ এগৰাকী ব্যক্তিত্ব। ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ কদ্ৰু আৰু কাশ্যপ ঋষিৰ কন্যা। তেওঁক এখন পবিত্ৰ ভাৰতীয় নদী ইৰাৱতীৰ সৈতেও জড়িত৷ এই নদীখন বৈদিক যুগত আধুনিক পঞ্জাৱৰ ৰবি নদীৰ এটা অন্যতম নাম আছিল।
-
ঈশান
ঈশান (ईशान) শব্দই হিন্দু, বৌদ্ধ আদি ধৰ্মত ঈশ্বৰ বা কোনো দেৱতাক বুজায়। ঈশান এটা জনপ্ৰিয় নাম। এই নামৰ উল্লেখ শিৱ পুৰাণত আছে, আৰু ই বিষ্ণুৰ এটি নাম।
-
উত্তৰ বতাহ
উত্তৰ বতাহ (North wind) উত্তৰৰ পৰা উত্পন্ন হৈ দক্ষিণ দিশলৈ বহে। উত্তৰ বতাহৰ ঐতিহাসিক আৰু সাহিত্যিক গুৰুত্ব আছে, কাৰণ ই সাধাৰণতে ঠাণ্ডা বতাহ আৰু উত্তৰ গোলাৰ্ধত ঋতু পৰিৱৰ্তনৰ সূচনা কৰে।
-
এছ্ক্লেপিআছ
প্ৰাচীন গ্ৰীক ধৰ্ম আৰু কিংবদন্তি অনুসৰি এছ্ক্লেপিআছ (; Ἀσκληπιός, Asklēpiós; Aesculapius) এজন নায়ক আৰু চিকিৎসা বিজ্ঞানৰ দেৱতা। ৰোমান দেৱতা ভেজ'ভিছ আৰু ইজিপ্টীয় ইম্হ'টেপৰ সৈতে তেওঁক যুক্ত কৰা হয়। তেওঁ এপ'ল' আৰু জলকুঁৱৰী ক'ৰ'নিছৰ সন্তান। এপ'ল'ৰ লগতে তেওঁক Paean ("বৈদ্য")ৰ সন্মান দিয়া হয়।
-
ক্লাইমেন (ইয়াপেটাছৰ পত্নী)
ক্লাইমেন (/ˈklɪmɪniː, ˈklaɪ-/; প্ৰাচীন গ্ৰীক: Κλυμένη, Kluménē, ইংৰাজী: Clymene বা Klymene, অৰ্থাৎ "বিখ্যাত") গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ।
-
খতমে নবুওৱত
খতমে নবুওৱত (নবুয়ত) হ'ল ইছলামী শ্বৰীয়তৰ এটা গুৰুত্বপূৰ্ণ বিষয়। ইছলামী পৰিভাষাত মুহাম্মাদ(ছাঃ) হ'ল সৰ্বশেষ নবী আৰু ৰাছুল, এই বিশ্বাসকেই খতমে নবুওৱত বোলা হয়।
-
গণককুছি সত্ৰ
গণককুছি সত্ৰ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এখন সত্ৰ। বৰপেটা চহৰৰ কাষতে থকা গণককুছি সত্ৰ এক ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থান। এই সত্ৰত মহাপুৰুষ মাধৱদেৱে ১৮ বছৰ ৬ মাহ বসবাস কৰিছিল। সেই সময়ছোৱাত তেওঁৰ লগত ৰাম আতৈ, শ্ৰীৰাম আতৈকে আদি কৰি বহুকেইগৰাকী ভকত একেলগে বসবাস কৰিছিল।
-
ছেট (মিচৰীয় দেৱতা)
ছেট (Set) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ মৰুভূমি, ধুমুহা, বিশৃংখলতা, হিংসা আৰু বিদেশীসকলৰ এজন দেৱতা। প্ৰাচীন গ্ৰীক ভাষাত এই দেৱতাৰ নাম ছেথ (Σήθ) হিচাপে দিয়া হৈছে। ছেটৰ এটা ইতিবাচক ভূমিকাও আছিল য'ত তেওঁ ৰাৰ সৈতে তেওঁ আকাশী নাৱত লৈ আপেপ নামৰ বিশৃংখলতাৰ সৰ্পক বিতাৰণ কৰিবলৈ যায়।
-
থেলিয়া (নিম্ফ)
থেলিয়া (/ˈθeɪliə/ বা /θəˈlaɪə/; প্ৰাচীন গ্ৰীক: Θάλεια, ইংৰাজী: সৰহ; আক্ষৰিক অৰ্থ: "আনন্দময়, প্ৰচুৰতা") গ্ৰীক শ্ৰুতিকথা অনুসৰি হেফেষ্টাছৰ এগৰাকী নিম্ফ কন্যা আৰু পালিচিৰ মাতৃ। তেওঁৰ নামটো প্ৰাচীন গ্ৰীক ভাষাৰ থেলেইন (θάλλειν thállein) শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "ফুলিবলৈ ধৰা, সেউজীয়া হোৱা"।
-
থেলিয়া (মিউজ)
থেলিয়া (/θəˈlaɪə/ বা /ˈθeɪliə/; প্ৰাচীন গ্ৰীক: Θάλεια; ইংৰাজী: Thalia বা Thaleia; "আনন্দময়, সমৃদ্ধিশালী") গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত হাস্যৰস আৰু আইডিলিক কবিতাৰ অধিষ্ঠাতী দেৱী৷ তেওঁ ন গৰাকী মিউজৰ ভিতৰত অন্যতম।
-
দত্তাত্ৰেয়
দত্তাত্ৰেয় (Dattatreya) হিন্দুসকলৰ এগৰাকী আৰাধ্য দেৱতা। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভগৱান দত্তাত্ৰেয়ৰ মাহাত্ম্য আৰু গুৰুত্ব অপৰিসীম কাৰণ দত্তাত্ৰেয়ক হিন্দুসকলৰ প্ৰধান তিনি দেৱতা বিষ্ণু, শিৱ আৰু ব্ৰহ্মাৰ সংযুক্ত অৱতাৰ হিচাপে বিশ্বাস কৰা হয়। দত্তাত্ৰেয় নামটো আহিছে দত্তা আৰু অত্ৰেয় শব্দৰ পৰা।
-
দেৱী ভাগৱত
দেৱী ভাগৱত বা দেৱী পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন গ্ৰন্থ, মুলত উপপুৰাণ। শক্তি উপাসনাক গুৰুত্ত্ব প্ৰদান কৰা এই গ্ৰন্থ খনত বৈষ্ণৱবাদ আৰু শৈৱ পৰম্পৰাও উল্লেখ আছে। সৰ্বমুঠ ১২টা স্কন্দ্ব আৰু ৩১৮ টা অধ্যায়ৰ দেৱী ভাগৱতে নিজকে মহাপুৰাণ বুলি গণ্য কৰিছে।
-
দ্বাদশ মহাজন
দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ বাৰজন বিশেষ আৰু বিশ্বস্ত প্ৰতিনিধি। মানৱ সমাজক ভক্তিমূলক সেৱাসমূহৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰাটো হৈছে এই প্ৰতিনিধিসকলৰ কৰ্তব্য। মহাজন শব্দটোৰ অৰ্থ হৈছে 'মহৎ-লোক'।
-
ধাতা
হিন্দু ধৰ্মত ধাতা (সংস্কৃত: ধাতা) বা ধত্ৰ আদিত্যৰ ভিতৰত অন্যতম সৌৰ দেৱতাৰ নাম। তেওঁ স্বাস্থ্য আৰু যাদুৰ দেৱতাও। তন্ত্ৰ অংকন আৰু বৈদিক গীত গাই তেওঁক তন্ত্ৰত আমন্ত্ৰণ কৰা হয়। প্ৰায়ে অশ্বমেধ যজ্ঞৰ দৰে প্ৰধান যজ্ঞৰ সময়ত আমন্ত্ৰণ কৰা হয়।
-
ধেনুক
হিন্দু পৌৰাণিক কাহিনীত, ধেনুক, যাক ধেনুকাসুৰ বুলিও কোৱা হয়, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামে হত্যা কৰা এক অসুৰ (দানৱ)। হৰিবংশত উল্লেখ আছে যে, ধেনুকই নিজৰ পৰিচাৰক অসুৰৰ দলৰ সৈতে, সকলোৱে গাধৰ ৰূপত, যিদৰে গোবৰ্ধন পৰ্বতৰ উত্তৰত যমুনা নদীৰ পাৰত অৱস্থিত তালগছৰ অৰণ্যৰ ওপৰত শাসন কৰিছিল।
-
নিকুম্ভ
নিকুম্ভ (निकुम्भ) হিন্দু পৌৰাণিক কাহিনীত একাধিক সত্ত্বাৰ নাম, এজন ৰাক্ষস আৰু এজন দানৱ।
-
প্ৰহস্ত
হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (Prahasta, प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।
-
ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
REDIRECT ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
-
বদলা পদ্ম আতা সত্ৰ
বদলা পদ্ম আতাৰ জন্মস্থান শক্ৰাহী সত্ৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শক্ৰাহী গাওঁত অৱস্থিত। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাৰ এই স্থানত ১৪৬৮শক, জেঠ মাহৰ শুক্লা একাদশী তিথিত জন্ম হয়।
-
ব্ৰহ্মৰ্ষি
হিন্দু ধৰ্মত এজন ব্ৰহ্মৰ্ষি (ব্ৰহ্ম আৰু ঋষিৰ তৎপুৰুষ সমাসবদ্ধ শব্দ) ঋষিসকলৰ উচ্চতম স্থানৰ ঋষি। ব্ৰহ্মৰ অৰ্থ সম্পূৰ্ণৰূপে বুজি জ্ঞান লাভ কৰি জীৱনমুক্ত হৈ ব্ৰহ্মজ্ঞান নামৰ সৰ্বোচ্চ ঐশ্বৰিক জ্ঞান (সৰ্বজ্ঞান) পোৱা আৰু এই আত্মজ্ঞান লাভ কৰা ঋষিক ব্ৰহ্মৰ্ষি বোলে।
-
বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ
বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ (Boris and Gleb Cathedral; ইউক্ৰেইনীয়ান: Собор Бориса й Гліба) বা বৰিছোহ্লিবস্কি কেথেড্ৰেল (Борисоглібський собор) হ’ল ইউক্ৰেইনৰ চেৰ্নিহিভত অৱস্থিত মংগোল-পূৰ্ব যুগৰ এক ঐতিহাসিক প্ৰাক্তন গীৰ্জা তথা স্থাপত্য কীৰ্তিচিহ্ন।
-
মাণ্ডৱী
মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ প্ৰথমা কন্যা তথা ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল।
-
মিকাইল
মীখায়েল বা মিকাইল (ميخائيل, Michael) হ'ল স্বৰ্গীয় দূতসকলৰ ভিতৰত অন্যতম। অব্ৰাহামীয় ধর্মৰ প্ৰধান তিনিটা ধৰ্ম ইহুদী ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম ধৰ্মৰ অনুসাৰীসকলে এই স্বৰ্গীয় দূতক বিশ্বাস কৰা দেখা যায়। ইছলাম ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ কোৰআনত এনেদৰে উল্লেখ থকা পোৱা যায়:
-
মিছলীয়া কূট
মিছলীয়া কূট (liar paradox) হৈছে বিৰোধাভাস বা কূটৰ দৰে এক কূটে। মিছলীয়া কূটৰ উদ্ভৱ হয় উক্তিটোৱে ইংগিত কৰা উক্তিৰ বাবে। “মই মিছা বুলি কোৱা কথাষাৰ মিছা”- যদি এই কথাষাৰ সঁচা, তেনেহ’লে মই কোৱা কথাষাৰ সঁচা। অৰ্থাৎ মই মিছা কৈছোঁ। আনহাতে, মই কোৱা কথাষাৰ যদি মিছা বুলি ধৰোঁ, তেনেহ’লে মই কোৱা কথাষাৰ মিছা।
-
শ্ৰীৰাম আতা
শ্ৰীৰাম আতা অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সেৱক আৰু ভবানীপুৰীয়া গোপাল আতাৰ প্ৰধান শিষ্য। গোপাল আতাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ হৈছিল। তেওঁ কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰা আদি সত্ৰৰো দায়িত্ব বহন কৰিছিল।
-
সনামহী ধৰ্ম
সনামহী ধৰ্ম (Sanāmahīsm) (ꯁꯅꯥꯃꯍꯤ ꯂꯥꯏꯅꯤꯡ) বা মীতৈ লাইনীঙ বা মণিপুৰী ধৰ্ম (Manipuri religion) বা কঙলৈ ধৰ্ম (Kanglei religion) হৈছে ধৰ্মৰ উপাসনা কৰা এক প্ৰাচীন পূৰ্বপুৰুষ ধৰ্ম। এইটো মণিপুৰী জাতি আৰু মণিপুৰৰ জনজাতীয় লোকসকলৰ থলুৱা ধৰ্ম। ই এক বহু-ঈশ্বৰবাদী ধৰ্ম।
-
হাৰ্পিনা
হাৰ্পিনা (/ˈhɑːrpɪnə/; প্ৰাচীন গ্ৰীক: Άρπινα, ইংৰাজী: Harpina) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।