পৌৰাণিক কথা
৮২ প্ৰবন্ধ
-
শ্ৰুতিকথা
শ্ৰুতিকথা (Myth) হৈছে সমাজ এখনত মৌলিক ভূমিকা পালন কৰা আখ্যান, যেনে মূল কাহিনী বা উৎপত্তিৰ শ্ৰুতিকথা আদিৰে গঠিত লোককথাৰ ধাৰা। যিহেতু বস্তুনিষ্ঠভাৱে সত্য নহোৱা কাহিনী বৰ্ণনা কৰিবলৈ "শ্ৰুতিকথা" জনপ্ৰিয়ভাৱে ব্যৱহাৰ কৰা হয়, গতিকে কোনো আখ্যানক শ্ৰুতিকথা হিচাপে চিনাক্ত কৰাটো অতি বিতৰ্কিত হ'ব পাৰে।
-
অডিন
অডিন (ইংৰাজী: Odin; উচ্চাৰণ: ) জাৰ্মান পৌত্তলিক ধৰ্মত (মূৰ্তি পূজা কৰা প্ৰথা) বৰ্ণনা কৰা এজন বহু পূজনীয় দেৱতা। নৰ্ছ পৌৰাণিক কাহিনীত বৰ্ণনা কৰা মতে তেওঁক প্ৰজ্ঞা, নিৰাময়, মৃত্যু, ৰাজকীয়, শাস্তি, জ্ঞান, যুদ্ধ, সংঘৰ্ষ, বিজয়, যাদু, কবিতা, উন্মাদনা আৰু ৰুনিক বৰ্ণমালাৰ সৈতে জড়িত কৰে।
-
কিংবদন্তি
কিংবদন্তি হৈছে লোককথাৰ এনে এক ধাৰা যিটো মানৱ ইতিহাসত সংঘটিত হোৱা বুলি কথক বা শ্ৰোতা উভয়ে বিশ্বাস কৰা বা অনুভৱ কৰা মানুহৰ কাৰ্য্যক চিত্ৰিত কৰা আখ্যানৰে গঠিত। এই ধাৰাটোৰ আখ্যানে মানৱীয় মূল্যবোধ প্ৰদৰ্শন কৰিব পাৰে, আৰু কিছুমান গুণৰ অধিকাৰী হ'ব পাৰে যিয়ে কাহিনীটোক সত্যতা প্ৰদান কৰে।
-
ৰামায়ণ (ধাৰাবাহিক)
ৰামায়ণ (Ramayan) হৈছে এখন পৌৰাণিক ধাৰাবাহিক, যিখন ১৯৮৭ চনৰ পৰা ১৯৮৮ চনলৈকে দূৰদৰ্শনত (ডিডি নেছ'নেল) সম্প্ৰচাৰিত হৈছিল। ধাৰাবাহিকখনৰ নিৰ্মাতা, লেখক আৰু পৰিচালক আছিল ৰামানন্দ সাগৰ।
-
মহাবলী
মহাবলী (IAST: Mahābalī), বলি, ইন্দ্ৰসেনন বা মাভেলী বুলিও জনা যায়, হিন্দু ধৰ্মত প্ৰদৰ্শিত এজন দৈত্য ৰজা। তেওঁ প্ৰহ্লাদৰ নাতি, আৰু কাশ্যপ ঋষিৰ বংশধৰ। ৰামায়ণ, মহাভাৰত, শতপথ ব্ৰাহ্মণ, বহুতো পুৰাণ আদি প্ৰাচীন গ্ৰন্থত তেওঁৰ কিংবদন্তিৰ বহু সংস্কৰণ আছে।
-
ল’কি
ল’কি বা লোকি (ইংৰাজী: Loki) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ অন্তৰ্গত এজন দেৱতা। ল’কি ফাৰ্বাউটি (Fárbauti) আৰু লাওফেই (Laufey)ৰ পুত্ৰ আৰু হেলব্লিণ্ডি (Helblindi) আৰু বাইলেইষ্ট্ৰ (Býleistr)ৰ ভাতৃ।
-
মায়া পৌৰাণিক কাহিনী
মায়া পৌৰাণিক কাহিনী বা মায়া পৌৰাণিক কাহিনী মেছ'আমেৰিকান পৌৰাণিক কাহিনীৰ অংশ আৰু ইয়াত সকলো মায়া কাহিনী সন্নিবিষ্ট কৰা হৈছে য’ত প্ৰকৃতিৰ ব্যক্তিত্বপ্ৰাপ্ত শক্তি, দেৱতা আৰু এইবোৰৰ সৈতে যোগাযোগ কৰা নায়কসকলে মূল ভূমিকা পালন কৰে। সেই যুগৰ কিংবদন্তিবোৰ আইকন’গ্ৰাফীৰ পৰা পুনৰ নিৰ্মাণ কৰিব লাগিব।
-
মাতৃদেৱী
মাতৃদেৱী (mother goddess) হৈছে মাতৃত্ব, উৰ্বৰতা, সৃষ্টি, ধ্বংস বা পৃথিৱী বা প্ৰকৃতিৰ দান-বৰঙণিক মূৰ্ত কৰি তোলা ধৰিত্ৰী দেৱীক প্ৰতিনিধিত্ব কৰা দেৱী। পৃথিৱী বা প্ৰাকৃতিক জগতৰ সৈতে সমান বুলি ধাৰণা কৰি এনে দেৱীক কেতিয়াবা প্ৰকৃতি আই বুলিও কোৱা হয়, যি বিভিন্ন জীৱবাদী বা প্যান্থেষ্টিক ধৰ্মৰ দেৱতা।
-
নৰ্ছ শ্ৰুতিকথা
নৰ্ছ, নৰ্ডিক বা স্কেণ্ডিনেভিয়ান (ইংৰাজী: Norse, Nordic, বা Scandinavian) পৌৰাণিক কাহিনী হৈছে উত্তৰ জাৰ্মানীয় জনগোষ্ঠীৰ অন্তৰ্গত শ্ৰুতিকথাৰ সমষ্টি, যিবোৰ পুৰণি নৰ্ছ ধৰ্মৰ পৰা উদ্ভৱ হৈ স্কেণ্ডিনেভিয়াৰ খ্ৰীষ্টানীকৰণৰ পিছৰ পৰা আধুনিক যুগৰ নৰ্ডিক লোককথালৈকে অব্যাহত আছে।
-
হিন্দু শ্ৰুতিকথা
হিন্দু শ্ৰুতিকথা (ইংৰাজী: Hindu mythology) বা হিন্দু পৌৰাণিক কাহিনী বুলিলে বিভিন্ন হিন্দু গ্ৰন্থ আৰু পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা হিন্দু ধৰ্মৰ সৈতে জড়িত কিংবদন্তি আৰু শ্ৰুতিকথাৰ সংগ্ৰহক বুজায়। এই শ্ৰুতিকথাবোৰ পবিত্ৰ গ্ৰন্থ যেনে বেদ, মহাকাব্য (মহাভাৰত আৰু ৰামায়ণ), আৰু পুৰাণ আদিত পোৱা যায়।
-
কালযৱন
কালযৱন (कालयवन) হিন্দু ধৰ্মৰ এজন ৰজা। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে ৩ কোটি যৱনৰ সৈন্যবাহিনীৰে মথুৰা আক্ৰমণ কৰা বুলি কোৱা হয়।
-
হেস্পেৰিড
হেস্পেৰিড (/hɛˈspɛrɪdiːz/; প্ৰাচীন গ্ৰীক: Ἑσπερίδες, ইংৰাজী: Hesperide) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত সন্ধিয়াৰ আৰু সূৰ্যাস্তৰ সোণালী পোহৰৰ নিম্ফ (nymph; অপেশ্বৰী)৷ এওঁলোকক "সন্ধিয়াৰ কন্যা" বা "পশ্চিমৰ নিম্ফ" বুলিও কোৱা হয়।
-
অম্বৰীশ
হিন্দু গ্ৰন্থত অম্বৰীশ (সংস্কৃত अम्बरीष) এজন ইক্ষ্বাকু বংশৰ ৰজা, এয়া সেই বংশ, য'ত ভগৱান ৰামৰো আবিৰ্ভাৱ হৈছিল। অম্বৰীশ মথুৰাৰ মান্ধাতাৰ পুত্ৰ। তেওঁ এসপ্তাহত সমগ্ৰ বিশ্ব জয় কৰা বুলি জনা যায়। চাৰিটা চক্ৰীয় যুগৰ ভিতৰত দ্বিতীয় ত্ৰেতা যুগত তেওঁ জীয়াই আছিল।
-
কচ
কচ বা কছ হিন্দু পৌৰাণিক কাহিনীত এজন উল্লেখযোগ্য ঋষি। তেওঁ বৃহস্পতি আৰু তাৰাৰ পুত্ৰ। কচৰ আখ্যান মহাভাৰত, মৎস্য পুৰাণ আৰু অগ্নি পুৰাণত উল্লেখ আছে। তেওঁ গুৰু শুক্ৰৰ পৰা মৃতসঞ্জীৱনী বিদ্যা(মৃতকক পুনৰুজ্জীৱিত কৰাৰ গীত) শিকিবলৈ যোৱা ঘটনাৰ বাবে জনাজাত।
-
গুংনিৰ
গুংনিৰ (ইংৰাজী: Gungnir; উচ্চাৰণ: ) হৈছে নৰ্ছ পৌৰাণিক কাহিনীৰ দেৱতা অডিনে ধাৰণ কৰা এবিধ শূল সদৃশ অস্ত্ৰ। আক্ৰমণকাৰীৰ দক্ষতা নিৰ্বিশেষে আক্ৰমণকাৰীৰ নৰ্ধাৰিত লক্ষ্যত সদায় আঘাত কৰাৰ বাবে জনাজাত।
-
ফিজিৰ শ্ৰুতিকথা
ফিজিৰ শ্ৰুতিকথা (ইংৰাজী: Fijian mythology) বা ফিজিৰ পৌৰাণিক কাহিনী হৈছে ফিজি দ্বীপৰ খিলঞ্জীয়া লোকসকলৰ মাজত প্ৰচলিত লোক বিশ্বাস, পৰম্পৰা, লোককথা আদিৰ সম্ভাৰ।
-
বৰ্বৰীক
বৰ্বৰীক (Barbarika) বা খাটু শ্যাম হৈছে উত্তৰ ভাৰতত পূজ্য এজন হিন্দু দেৱতা। স্কন্দ পুৰাণৰ মতে বৰ্বৰীক ঘটোৎকচ (ভীমৰ পুত্ৰ) আৰু দৈত্য মূৰৰ কন্যা ৰাজকুমাৰী মৌৰৱীৰ পুত্ৰ আছিল আন কিছুমান তথ্যত তেওঁ দক্ষিণৰ পৰা অহা এজন যোদ্ধা বুলি উল্লেখ আছে।
-
মুণ্ডহীন মানৱ
বিভিন্ন দেশৰ শ্ৰুতিকথাসমূহত বিভিন্ন প্ৰজাতিৰ কিংবদন্তিমূলক মূৰবিহীন পুৰুষৰ উল্লেখ পোৱা যায়। এই জীৱবোৰ পৃথিৱীৰ দুৰ্গম অঞ্চলত বাস কৰে। ইহঁতক বিভিন্ন নামেৰে জনা যায়। যেনে প্ৰাচীন গ্ৰীক শ্ৰুতিকথাত আকাফালই (akephaloi) বা ব্লেমি (Blemmyes) বুলি জনাজাত মূৰৰ নথকা জীৱবোৰৰ বুকুত মুখৰ বৈশিষ্ট্য থাকে।
-
মুৰিমুৰিয়া
প্ৰাক-খ্ৰীষ্টান ফিজিৰ পৌৰাণিক কাহিনীত মুৰিমুৰিয়া পাতালৰ অংশ। ফিজিৰ ধৰ্ম অনুসৰি মানুহৰ মৃত্যুৰ পিছত তেওঁৰ আত্মাক এজন অপ্সৰাই পানীৰ ওপৰেৰে লৈ আহে, আৰু আনফালে আত্মাৰ পথ (ছালা নি ইয়ালো)ৰ মাজেৰে গৈ বহু বিপদৰ সম্মুখীন হ’বলগীয়া হয়।
-
সুদামা
সুদামা (सुदामा), যাক কুচেলা (कुचेल), বুলিও জনা যায়, হিন্দু দেৱতা কৃষ্ণৰ বাল্যবন্ধু। বন্ধুক লগ ধৰিবলৈ সুদামাৰ দ্বাৰকা ভ্ৰমণৰ কাহিনী ভাগৱত পুৰাণত উল্লেখ কৰা হৈছে। তেওঁলোকৰ কিংবদন্তিত সুদামা আৰু কৃষ্ণই শিশু অৱস্থাত উজ্জয়িনত থকা বুলি বিশ্বাস কৰা সন্দীপণিৰ আশ্ৰমত একেলগে অধ্যয়ন কৰে।
-
কালিয়
হিন্দু পৰম্পৰাত কালিয় বৃন্দাবনৰ যমুনা নদীত বাস কৰা এক বিষাক্ত নাগ আছিল। নাগটোৰ চাৰিওফালে চাৰি ধাৰা যমুনাৰ পানী উতলি বিষেৰে বুদবুদ হৈ উঠিছিল। কোনো চৰাই বা জন্তুৱে ওচৰলৈ যাব নোৱাৰিছিল আৰু নদীৰ পাৰত মাত্ৰ এডাল কদম্ব গছ অকলশৰীয়াকৈ গজি উঠিছিল।
-
কোটি চেন্নয়া
কোটি চেন্নয়া হৈছে ২০০৭ চনৰ এটি ঐতিহাসিক তুলু চলচিত্ৰ যি কোটি আৰু চেন্নয়াৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ছবিখনে তুলুনাডুৰ প্ৰাচীন ঐতিহ্য, সমাজ ব্যৱস্থা আৰু ইতিহাসক একেলগে সংযুক্ত কৰিছে।
-
ছুড়েল
ছুড়েল তুৰ্কী পৌৰাণিক কাহিনীৰ (বিশেষকৈ তাটাৰ আৰু বাছকিৰ) এটা বন আত্মা। কিংবদন্তি অনুসৰি ছুড়েলে বনাঞ্চলত বাস কৰে। দীঘল আঙুলি, কপালত শিং আৰু নোমাল শৰীৰ। তেওঁ মানুহক জংঘলৰ মাজলৈ প্ৰলোভিত কৰি লৈ যায় আৰু তিল তিলকৈ মাৰিব পাৰে।
-
জুলু পৌৰাণিক কাহিনী
জুলু পৰম্পৰাগত ধৰ্ম দক্ষিণ আফ্ৰিকাৰ জুলু জনগোষ্ঠীৰ বিশ্বাস আৰু আধ্যাত্মিক আচাৰ-ব্যৱহাৰেৰে গঠিত। ইয়াত সাধাৰণতে প্ৰাণী বা সাধাৰণ শ্ৰেণীৰ প্ৰাকৃতিক পৰিঘটনাৰ সৈতে জড়িত অসংখ্য দেৱতা থাকে। উংকুলংকুলুক পৰম সৃষ্টিকৰ্তা বুলি জনা যায়।
-
ডেগেই
ফিজিৰ পৌৰাণিক কাহিনীত সাপ হিচাপে সন্নিৱিষ্ট ডেগেই ফিজিৰ পৰম দেৱতা। তেওঁ (ফিজিৰ) জগত, ফল আৰু মানুহৰ সৃষ্টিকৰ্তা আৰু ফিজিৰ ৰাকিৰাকি জিলাৰ সৈতে বিশেষভাৱে জড়িত। তেওঁ নতুনকৈ মৃত আত্মাবোৰক দুটা গুহাৰ ভিতৰত এটা গুহাৰ মাজেৰে পাৰ হোৱাৰ পিছত বিচাৰ কৰে: চিবাচিবা বা ড্ৰাকুলু।
-
দেৱৰত জনক
দেৱৰত জনক প্ৰাচীন বিদেহ ৰাজ্যৰ জনক বংশৰ জনক ৰজা নিমিৰ ষষ্ঠ বংশধৰ। তেওঁ ইক্ষ্ৱাকু বংশধৰ আছিল। পিতৃ সুকেতুৰ পিছত তেওঁ বিদেহ ৰাজ্যৰ ৰজা হৈছিল। বাল্মিকী ৰামায়ণৰ মতে দেৱৰত জনক ভগৱান শিৱৰ বিখ্যাত ঐশ্বৰিক ধনু পিনাকৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব পাইছিল।
-
নভিৰাজ
ৰজা নভি বা নভি ৰায় আছিল অৱসৰপিনিৰ (জৈন ধৰ্মত মহাজাগতিক সময়চক্ৰৰ অৱনমিত অৰ্ধেক আৰু বৰ্তমান জগতখন যিটোত আছে বুলি কোৱা হয়)ৰ ১৪ নং বা শেষ কুলাকাৰ। বৰ্তমান অৱসৰপিনিৰ প্ৰথম তীৰ্থংকৰ (জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক) ঋষভনাথৰ পিতৃ।
-
নানা বুলুকু
নানা বুলুকু, যাক নানা বুৰুকু, নানা বুকু বা নানান-বৌক্ল বুলিও কোৱা হয়, পশ্চিম আফ্ৰিকাৰ ফন জনগোষ্ঠী (বেনিন, ডাহোমে) আৰু ইৱে জনগোষ্ঠী (ট'গো)ৰ পৰম্পৰাগত ধৰ্মৰ নাৰী সৰ্বোচ্চ সত্তা।
-
নাৰ্চিছাছ
গ্ৰীক পুৰাণত নাৰ্চিছাছ (; Νάρκισσος) হৈছে বয়োটিয়াৰ থেছপিয়েৰ (বিকল্পভাৱে মিমাছ বা আধুনিক Karaburun, ইজমিৰ) এজন চিকাৰী, যিজন তেওঁৰ সৌন্দৰ্যৰ বাবে পৰিচিত আছিল আৰু যি সকলোকে মোহিত কৰিছিল৷ অভিডৰ মেটামৰ্ফছিছত পোৱা কাহিনীৰ সৰ্বাধিক জনপ্ৰিয় সংস্কৰণ অনুসৰি, নাৰ্চিছাছে তেওঁৰ ওচৰলৈ অহা সকলো নাৰী আৰু…
-
পিটচেন
পিটচেন চাইবেৰিয়ান টাটাৰসকলৰ মাজত প্ৰচলিত পৌৰাণিক কাহিনীৰ এটা বনপ্ৰাণী। পিটচেনৰ ভূমিকা পৰস্পৰ বিৰোধী। ই ভাগ্য কঢ়িয়াই আনিব পাৰে, কিন্তু বিপদো আনিব পাৰে, মানুহক বন্য জন্তুলৈ সলনি কৰাব পাৰে।