হিন্দু ধৰ্মীয় প্ৰথা
৩৪ প্ৰবন্ধ
-
সতীদাহ প্ৰথা
সতীদাহ প্ৰথা হৈছে বৰ্তমান লুপ্ত হোৱা এটি অন্তিম সংস্কাৰ প্ৰক্ৰিয়া য'ত এগৰাকী বিধৱা মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চিতাত আত্মজাহ দিয়ে। এই প্ৰথাটো তৃতীয় শতাব্দীৰ পৰাই প্ৰচলিত বুলি উল্লেখ আছে যদিও ৰজাৰ পত্নীসকলে পঞ্চমৰ পৰা নৱম শতিকাৰ এই প্ৰথা মানি চলাৰ প্ৰমাণ পোৱা যায়।
-
উপনয়ন
উপনয়ন বা লগুনদিয়নি হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি উপনয়ন একাদশতম আচাৰ। এই আচাৰ সমূহক সংস্কাৰ বুলি কয়। গাৰ্যসূত্ৰ মতে সংস্কাৰৰ সংখ্যা ১২ বা ১৮টা। পিছলৈ ১৬টা সংস্কাৰে মান্যতা লাভ কৰে। এই সমূহকেই ষোড়শ সংস্কাৰ বোলা হয়।
-
অন্ত্যেষ্টিক্ৰিয়া
অন্ত্যেষ্টিক্ৰিয়া (IAST: Antyeṣṭi, अन्त्येष्टि)ৰ আক্ষৰিক অৰ্থ হৈছে "অন্তিম বলিদান", আৰু হিন্দু ধৰ্মত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতিক বুজায়, য'ত সাধাৰণতে মৃতদেহৰ দাহন কাৰ্য অন্তৰ্ভুক্ত।
-
অন্নপ্ৰাশন
অন্নপ্ৰাশন (अन्नप्राशन, ) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰসমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাশনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"। সাধাৰণতে শিশুক ছয়মাহলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়।
-
অশ্বমেধ
অশ্বমেধ (अश्वमेध) বা অশ্বমেধ যজ্ঞ হৈছে অশ্ব বা ঘোঁৰা উছৰ্গা কৰা বা বলিদান দিয়া বৈদিক ধৰ্মৰ এক পৌৰাণিক ৰীতি বা অনুষ্ঠান। পৌৰাণিক ভাৰতবৰ্ষৰ ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্যৰ স্বতন্ত্ৰতা প্ৰমাণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছিল।
-
চূড়াকৰণ
চূড়াকৰণ (चूड़ाकरण) বা মুণ্ডন (मुण्डन) হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি চূড়াকৰণ অষ্টম আচাৰ। গৰ্ভাৱস্থাত সন্তানৰ মূৰত যি চুলি উৎপন্ন হয়, সেয়া মাঙ্গলিক অনুষ্ঠানসহ ক্ষুৰাই দিয়াকে চূড়াকৰণ বুলি কোৱা হয়।
-
ৰাম নৱমী
ৰাম নৱমী (সংস্কৃত: राम नवमी, ৰোমানীকৃত: ৰামনাৱমী) হৈছে হিন্দু ধৰ্মৰ অন্যতম জনপ্ৰিয় দেৱতা ৰাম, যাক বিষ্ণুৰ সপ্তম অৱতাৰ বুলিও জনা যায়, ৰামৰ জন্ম উদযাপন কৰা এক হিন্দু উৎসৱ।
-
থাইপুছম
থাইপুছাম বা থাইপূছাম(তামিল: தைப்பூசம், ৰোমানীকৃত: Taippūcam) হৈছে পুছাম নক্ষত্ৰৰ লগত সংগতি ৰাখি তামিল থাই মাহৰ প্ৰথম পূৰ্ণিমাৰ দিৱসত পালন কৰা তামিল হিন্দু উৎসৱ। হিন্দু দেৱতা মুৰুগানে মাতৃ পাৰ্বতীয়ে প্ৰদান কৰা ঐশ্বৰিক যাঠী ব্যৱহাৰ কৰি সুৰপদ্মান দানৱৰ ওপৰত জয়লাভ কৰাৰ স্মৃতিত এই উৎসৱ পালন কৰা হয়।
-
বামাচাৰ
বামাচাৰ এটা তান্ত্ৰিক শব্দ, যাৰ অৰ্থ হৈছে 'বাওঁহাতৰ পথ' আৰু ই সংস্কৃত বামমাৰ্গ শব্দৰ সমাৰ্থক। ইয়াক বিশেষ পূজাৰ ধৰণ বা সাধনা (আধ্যাত্মিক অনুশীলন) বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যিয়ে আধ্যাত্মিক বিকাশৰ বাবে শ্ৰেষ্ঠতম হ’বলৈ হেটেৰ’ডক্স বস্তু ব্যৱহাৰ কৰে।
-
বিথোবা
বিথোবা, যাক বিঠ্ঠল আৰু পাণ্ডুৰংগ বুলিও জনা যায়। বিথোবা ভাৰতৰ প্ৰধানকৈ পূজা কৰা ৰাজ্য মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ হিন্দু দেৱতা। তেওঁ তেওঁৰ অৱতাৰত বিষ্ণু দেৱতাৰ এটা ৰূপ: কৃষ্ণ।
-
দক্ষিণাচাৰ
দক্ষিণাচাৰ এটা তান্ত্ৰিক শব্দ, যাৰ অৰ্থ হৈছে ‘সোঁহাতৰ পথ’। ইয়াক বৈষম্যমূলক প্ৰথাত লিপ্ত নোহোৱা তান্ত্ৰিক সম্প্ৰদায়ৰ বৰ্ণনাৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে বামাচাৰ (‘বাওঁহাতৰ পথ’) ব্যৱহাৰ কৰি বিশেষ তান্ত্ৰিক পদ্ধতিৰ বৰ্ণনা কৰা হয় যিবোৰক হেটেৰ’ডক্স বুলি গণ্য কৰা হয়।
-
পঞ্চমকৰ
পঞ্চমকৰ বা পঞ্চতত্ব, তান্ত্ৰিক চৰ্চাত ব্যৱহৃত পাঁচটা পদাৰ্থক একেলগে বুজোৱা এটা তান্ত্ৰিক শব্দ। এইবোৰ হ’ল মদ্য, মাংস, মৎস্য (মাছ), মুদ্ৰা (শস্য), আৰু মৈথুন (যৌনতা)।
-
আৰাট্টুপুঝা পূৰম
আৰাট্টুপুঝা পূৰম প্ৰতি বছৰে সাত দিন ধৰি ত্ৰিচুৰৰ আৰাট্টুপুঝা মন্দিৰত অনুষ্ঠিত হয়, যি কেৰালাৰ আটাইতকৈ পুৰণি পূৰম (মন্দিৰৰ উৎসৱ)। ভক্তসকলৰ বিশ্বাস যে এই সমাৱেশত পূৰমৰ সময়ছোৱাত সকলো দেৱ-দেৱী একত্ৰিত হয়। উৎসৱৰ দিনকেইটাত ওচৰ-পাজৰৰ আৰু দূৰ-দূৰণিৰপৰা দৰ্শনাৰ্থীসকল আৰাট্টুপুঝা গাঁৱত উপস্থিত হয়হি।
-
জয় চিয়া ৰাম
জয় চিয়া ৰাম (বা জয় সিয়াৰাম) এক হিন্দী অভিব্যক্তি, যাৰ অনুবাদ হৈছে "সীতা আৰু ৰামৰ বিজয়"। চিয়া বা সিয়া সীতাৰ নামৰ এটা আঞ্চলিক ৰূপ। সমাজবিজ্ঞানী জন ব্ৰেমেনে কয় যে, ইয়াক "আদি কালৰে পৰা গ্ৰাম্য অঞ্চলত আদৰণি জনোৱাৰ অভিবাদন" হিচাপে ব্যৱহাৰ কৰা হৈছিল।
-
জয় শ্ৰী কৃষ্ণ
জয় শ্ৰী কৃষ্ণ ভাৰতীয় ভাষা অনুসৰি জেয় শ্ৰী কৃষ্ণ বুলিও উচচাৰণ কৰা হয়, এক সংস্কৃত অভিব্যক্তি, যাৰ অনুবাদ হৈছে বৈষ্ণৱ হিন্দু ধৰ্মৰ এটা প্ৰধান দেৱতা "কৃষ্ণৰ বিজয়।" এই অভিবাদন বৈষ্ণৱসকলৰপৰা পোৱা বুলি বিশ্বাস কৰা হয়।
-
পুৰুষমেধ
পুৰুষমেধ (বা নৰমেধ) মানৱ বলিৰ এটি শ্ৰৌত বিধি। ৱাজসনেয়িসংহিতা - শতপথ ব্ৰাহ্মণ - কাত্যায়ণ শ্ৰৌত সূত্ৰত (শুক্ল যজুৰ্বেদ) ইয়াৰ বিষয়ে বিস্তৃত আলোচনা পোৱা যায়। ১৮০৫ত ক'লব্ৰুকে আঙুলিওৱাৰ পৰাই এই কথাৰ ওপৰত তৰ্ক চলি আহিছে যে প্ৰকৃততে মানুহক বলি দিয়া হৈছিল নে নাই।
-
ভোজন মন্ত্ৰ
ভোজন মন্ত্ৰ হ'ল ভোজন কৰাৰ পূৰ্বে গোৱা এটা মন্ত্ৰ। ই প্ৰাচীন ভাৰতীয় পৰম্পৰা অনুসৰি প্ৰচলিত। ভোজন মন্ত্ৰ কেৱল ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ অংশ নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা মানসিক একাগ্ৰতা, কৃতজ্ঞতা আৰু সুস্থ জীৱনশৈলী প্ৰচাৰিত হয়।
-
ম্হ পূজা
ম্হা পূজা(দেৱনাগৰী: म्हপুজা) নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে আত্মাক শুদ্ধ আৰু সবলীকৰণৰ বাবে নেপালৰ নেৱাৰসকলে কৰা বাৰ্ষিক অনুষ্ঠান। স্বন্তি (উৎসৱ)ৰ সময়ত হোৱা নেপালৰ ৰাষ্ট্ৰীয় চান্দ্ৰ কেলেণ্ডাৰ নেপাল সংবতৰ নৱবৰ্ষৰ দিনা ইয়াক অনুষ্ঠিত কৰা হয়।
-
হনুমান জয়ন্তী
হনুমান জয়ন্তী (সংস্কৃত: हनुमज्जयंती, ৰোমানীকৃত: Hanumajjayantī) হিন্দু দেৱতা ৰামায়ণৰ অন্যতম নায়ক হনুমানৰ জন্ম উদযাপন কৰা হিন্দু উৎসৱ। ভাৰতৰ প্ৰতিখন ৰাজ্যতে সময় আৰু পৰম্পৰা অনুসৰি হনুমান জয়ন্তীৰ উদযাপনৰ ভিন্নতা আছে।
-
ৰং পঞ্চমী
200px|thumb|কৃষ্ণয়ে গোপীৰ লগত ৰংপঞ্চমী খেলাৰ সময়ত ৰং পঞ্চমী (সংস্কৃত: रंगपंचमी, ৰোমানিক: Raṅgapañcamī) হৈছে হিন্দু মাহৰ দ্বিতীয় পষেকৰ পঞ্চম দিন ই এটা ফাগুন মাহৰ কৃষ্ণ পঞ্চমীত পালন কৰা হিন্দু উৎসৱ।
-
অৰঞ্জনা
অৰঞ্জনা (Aranjanam), যাক আৰাইজান কোডি (Araijan Kodi) বা মোলাথাডু (Molathadu) বুলিও জনা যায়, হ’ল দক্ষিণ এছিয়াৰ, বিশেষকৈ দক্ষিণ ভাৰতৰ শিশু আৰু কিশোৰ-কিশোৰীসকলে ককালত পিন্ধা এডাল লাহী অলংকাৰ। অৱশ্যে বহুতো প্ৰাপ্তবয়স্ক লোকেও ইয়াৰ ব্যৱহাৰ কৰে।
-
কাণ বিন্ধনী
কাণ বিন্ধনী বা “কৰ্ণ বেধ’’ ( Karnabedha) নামনি অসমৰ এক সংস্কাৰমূলক অনুষ্ঠান৷ এই অনুষ্ঠান কেৱল নাৰীকেন্দ্ৰিক৷ এই অনুষ্ঠানত ছোৱালীৰ কাণৰ লতিত অলংকাৰ পৰিধান কৰিবলৈ ফুটা কৰা হয়৷ নামনি অসমৰ ঠাইবিশেষে যদিও ই কেৱল মহিলাকেন্দ্ৰিক অনুষ্ঠান; হিন্দু ধৰ্মৰ “ষোড়শ সংস্কাৰ’’ৰ ভিতৰত “কৰ্ণবেধ’’ পুৰুষৰ কাণ বিন্ধা…
-
কাৰ্তিকা দীপম
কাৰ্তিকা দীপম হিন্দূৰ পোহৰৰ উৎসৱ। ইয়াক প্ৰধানকৈ ভাৰত, শ্ৰীলংকা আৰু উল্লেখযোগ্য তামিল জনসংখ্যা থকা অন্যান্য অঞ্চলৰ তামিলসকলে উদ্যাপন কৰে। কৃত্তিকা নক্ষত্ৰৰ লগত মিল থকা কাৰ্তিক মাহৰ প্ৰথম পূৰ্ণিমা দিৱসত ইয়াক পালন কৰা হয় আৰু গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত পৰে।
-
গংগাউৰ
গংগাউৰ (गणगौर, ) ভাৰতৰ ৰাজস্থান ৰাজ্যত পালন কৰা এক হিন্দু উৎসৱ। গংগাউৰ (সংস্কৃত:गणगौर, IAST: Gaṇagaura)হাৰিয়ানা,মধ্যপ্ৰদেশৰ মালৱা, নিমাৰ, উত্তৰ প্ৰদেশৰ ব্ৰজ আৰু বুণ্ডেলখণ্ড অঞ্চলত উদযাপিত এক হিন্দু উৎসৱ। গুজৰাট আৰু পশ্চিমবংগৰ কিছুমান ঠাইতো ইয়াক উদযাপন কৰা হয়।
-
তমু লোছাৰ
তমু লোছাৰ হৈছে নেপালীসকলৰ গুৰুং ৰাইজে উদ্যাপন কৰা নৱবৰ্ষৰ উৎসৱ। নেপালী কেলেণ্ডাৰৰ প্ৰতি ১৫ পুহ (ডিচেম্বৰ/জানুৱাৰী) তাৰিখে ইয়াক পালন কৰা হয় আৰু ইয়াক ৰাজহুৱা বন্ধৰ দিন হিচাপে পালন কৰা হয়।
-
থিৰুভাথিৰা
থিৰুভাথিৰা (ইংৰাজী: Thiruvathira; বা থিৰুভাথিৰাই বা আৰুদ্ৰা দৰ্শনম) হৈছে মূলতঃ ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যত পালন কৰা এটা হিন্দু উৎসৱ। তামিল ভাষাত 'থিৰুভাথিৰাই' (আৰুদ্ৰা) শব্দৰ অৰ্থ হৈছে "পৱিত্ৰ মহাতৰংগ", যিয়ে ভগৱান শিৱৰ ব্ৰহ্মাণ্ডীয় নৃত্যক (cosmic dance) প্ৰতিধ্বনিত কৰে।
-
বট পূৰ্ণিমা
বট পূৰ্ণিমা (वट मुक्तिमा,, যাক বট সাবিত্ৰী, ব্ৰত বুলিও কোৱা হয়) হৈছে হিন্দুসকলৰ দ্বাৰা পালন কৰা এক উত্সৱ।নেপাল, উত্তৰ ভাৰত আৰু পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ, গোৱা আৰু গুজৰাট ৰাজ্যত বিবাহিত মহিলা সকলে এই উত্সৱ পালন কৰে। এই পূৰ্ণিমাৰ দিন হিন্দু পঞ্জিকাৰ জেঠ (ইংৰাজী মে'–জুন) মাহত পৰে।
-
বৈদিক পৰিষদ
বৈদিক পৰিষদ বা পৰিষদ (সংস্কৃত: परिषद) প্ৰাচীন ভাৰতৰ বিদ্বান ব্ৰাহ্মণ আৰু পণ্ডিতসকলৰ এখন পৰিষদ আছিল। ইয়াক ব্ৰহ্মাসভা বুলিও জনা যায়। বৈদিক পৰিষদৰ নেতৃত্বত আছিল এজন মুখ্য ন্যায়াধীশ, যাক ধৰ্মাধিকাৰিণ বুলি কোৱা হৈছিল। বৈদিক আৰু ব্ৰাহ্মণ্য যুগত ই প্ৰায়ে এক ধৰ্মীয় দৰবাৰ ৰূপে কাৰ্য্য কৰিছিল।
-
বৰলক্ষ্মী ব্ৰত
বৰলক্ষ্মী ( वरलक्ष्मी वरtum), যাক ব্ৰতলক্ষ্মী পূজা বুলিও কোৱা হয়।ই হিন্দু ধৰ্মৰ ধনৰ দেৱী, লক্ষ্মীবাবে পালন কৰা এক অনুষ্ঠান . বৰলক্ষ্মী হৈছে যিয়ে বৰদান প্ৰদান কৰে (' 'বৰাম)। ই এটা পূজা মূলতঃ দক্ষিণ ভাৰত ৰাজ্যৰ বিবাহিতা হিন্দু মহিলাসকলে কৰা পূজা।
-
মধুশ্ৰাৱনী
মধুশ্ৰাৱনী ( Modhushravani ) হৈছে মিথিলা অঞ্চলত নৱবিবাহিত মৈথিল মহিলাৰদ্বাৰা পালন কৰা এক হিন্দু উৎসৱ। ই জনপ্ৰিয় বিশ্বাস আৰু স্বামীৰ দীৰ্ঘায়ু আৰু মৈথিল ব্ৰাহ্মণ মহিলাৰ সুখী বিবাহিত জীৱনৰ বাবে বিখ্যাত।.