অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নহুষ

নহুষ (Nahusha, नहुष) ৩,৬৯৮,২৫৬ তম (পদত) চন্দ্ৰ বংশী ৰজা আছিল। তেওঁ পুৰূৰৱাৰ জ্যেষ্ঠ পুত্ৰ আয়ু আৰু স্বৰভানুৰ জীয়ৰী প্ৰভাৰ পুত্ৰ আছিল। নহুষৰ বিষয়ে ঋষবেদৰ মান্দালয় ১-ৰ আৰম্ভণিত উল্লেখ কৰা হয়। তেওঁ প্ৰতিষ্ঠানা (Pratishthana) -ৰ পৰা ৰাজত্ব কৰিছিল।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নহুষ (Nahusha, नहुष) ৩,৬৯৮,২৫৬ তম (পদত) চন্দ্ৰ বংশী ৰজা আছিল। তেওঁ পুৰূৰৱাৰ জ্যেষ্ঠ পুত্ৰ আয়ু আৰু স্বৰভানুৰ জীয়ৰী প্ৰভাৰ পুত্ৰ আছিল। নহুষৰ বিষয়ে ঋষবেদৰ মান্দালয় ১-ৰ আৰম্ভণিত উল্লেখ কৰা হয়। তেওঁ প্ৰতিষ্ঠানা (Pratishthana) -ৰ পৰা ৰাজত্ব কৰিছিল। তেওঁ পিতৃ (Pitrs, पितृ)-ৰ জীয়াৰী বিৰজা (Viraja) -ক বিয়া কৰাইছিল৷ বিভিন্ন পুৰাণৰ মতে, তেওঁৰ ছয়/সাতগৰাকী পুত্ৰ আছিল৷ তেওঁৰ জ্যেষ্ঠ পুত্ৰ যতি এজন মুনি (তপস্বী) হৈছিল। বিষ্ণু পুৰাণত উল্লেখ থকা মতে, তেওঁৰ জ্যেষ্ঠ পুত্ৰ যতিয়ে ৰাজ্য পালন কৰিবলৈ ইচ্ছা নকৰাত তেওঁৰ দ্বিতীয় পুত্ৰ যযাতিয়ে ৰজা হৈ ৰাজ্য শাসন কৰিছিল৷১২ বহুলভাৱে জনপ্ৰিয় অন্য এটি কাহিনীৰ মতে, তেওঁ শিৱ আৰু পাৰ্বতীৰ কন্যা দেৱী অশোকসুন্দৰীক বিয়া কৰাইছিল৷ অশোকসুন্দৰী যযাতি৩ আৰু ১০০ গৰাকী কন্যা সন্তানৰ মাতৃ আছিল৷৪৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ দাস, সুৰেন্দ্ৰ কুমাৰ. (২০১৪). বিষ্ণু পুৰাণ. বনলতা. পৃ. ১৯৯
  2. ↑ Pargiter, F.E. (1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, p.85-6
  3. ↑ Bibek Debroy, Dipavali Debroy (2002). The holy Puranas. p. 152. "Nahusha and Ashokasundari had a son named Yayati.”
  4. ↑ George M. Williams. (27 March 2008). Handbook of Hindu Mythology. Oxford University Press. পৃ. 217–8, 230. ISBN 978-0-19-533261-2
  5. ↑ Gaṅgā Rām Garg. (1992). Encyclopaedia of the Hindu World Vol. 3. Concept Publishing Company. পৃ. 712. ISBN 978-81-7022-376-4

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নহুষ” প্ৰবন্ধৰ সংশোধন ৪০৩১১৯ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।