গৰ্গ সংহিতা হিন্দু দেৱ-দেৱী ৰাধা আৰু কৃষ্ণৰ আধাৰত সংস্কৃত ভাষাত ৰচিত বৈষ্ণৱী শাস্ত্ৰ। ইয়াৰ ৰচনা কৃষ্ণৰ বংশ যাদৱৰ প্ৰধান পুৰোহিত গৰ্গ ঋষিয়ে কৰিছিল বাবে গৰ্গ সংহিতা বুলি কোৱা হয়।১২ ই ৰাধা কৃষ্ণ আৰু গোপীসকলক হোলী উৎসৱৰ সৈতে জড়িত কৰা আদিম গ্ৰন্থ।৩
অধ্যায়
গৰ্গ সংহিতাত ১১টা স্কন্ধ বা অধ্যায় আছে:৪১
| + গৰ্গ সংহিতাৰ বিষয় | # | খণ্ড (গ্ৰন্থ) | অধ্যায়ৰ সংখ্যা | বিষয় |
| ১ | গোলোক খণ্ড | ২০ | গোলোকত ৰাধা কৃষ্ণৰ খেলা-ধূলা গোলোকৰ গঠন। | |
| ২ | বৃন্দাবন খণ্ড | ২৬ | ৰাধা, গোপী আৰু গোপ (গোপালক)ৰ লগত কৃষ্ণৰ খেলা-ধূলা; মথুৰা মণ্ডল (অঞ্চল)ৰ বিভিন্ন স্থান (বৃন্দাবনকে ধৰি) এই পৰিঘটনাৰ স্থান হিচাপে চিনাক্ত কৰে। | |
| ৩ | গিৰিৰাজ খণ্ড | ১১ | গোবৰ্ধন পৰ্বতৰ মাহাত্ম্য আৰু ইয়াৰ উৎসৱ | |
| ৪ | মাধুৰ্য খণ্ড | ২৪ | ৰাধা কৃষ্ণ, গোপী, যমুনাৰ বৰ্ণনাকে ধৰি বৃন্দাবনত ৰাধা কৃষ্ণৰ প্ৰেম লীলা | |
| ৫ | মথুৰা খণ্ড | ২৫ | কৃষ্ণ মথুৰালৈ উভতি অহা, আৰু তেওঁৰ কংস বধ; উদ্ধৱ আৰু গোপীৰ মাজত হোৱা কথোপকথন। | |
| ৬ | দ্বাৰকা খণ্ড | ২২ | দ্বাৰকা নগৰৰ প্ৰতিষ্ঠা, ইয়াৰ বৰ্ণনা আৰু তাত কৃষ্ণৰ লীলা | |
| ৭ | বিশ্বজিৎ খণ্ড | ৫০ | মহাভাৰত যুদ্ধত কৃষ্ণৰ ভূমিকাকে ধৰি কৃষ্ণৰ কৃতিত্ব আৰু দেৱত্ব | |
| ৪ | বলোৰাম খণ্ড | ১৩ | বলোৰামৰ কৃতিত্ব আৰু ঐশ্বৰিকতা | |
| ৯ | বিজ্ঞান খণ্ড | ১০ | দেৱতা পূজাৰ বাবে ভক্তিমূলক নিৰ্দেশনা | |
| ১০ | অশ্বমেধ খণ্ড | ৬২ | উগ্ৰসেনৰ অশ্বমেধ; বৃন্দাবনত ৰাধা-কৃষ্ণৰ পুনৰ মিলন আৰু গোলোকলৈ যাত্ৰা | |
| ১১ | গৰ্গ-সংহিতাৰ মাহাত্ম্য | ৪ | গৰ্গ-সংহিতাৰ তাৎপৰ্য |
তথ্যসূত্ৰ
- ↑ Lavanya Vemsani. (2016). Krishna in History, Thought, and Culture. ABC-CLIO. পৃ. 99–100. ISBN 978-1-61069-211-3
- ↑ (2006). Kr̥ṣṇa Comes to Earth (Śrī Garga-saṃhitā: Ist canto, pt. 2. ch. 7-13). Rupanuga Vedic College
- ↑ Varadpande, M. L. (2007). Love in Ancient India. Wisdom Tree. পৃ. 11–12. ISBN 978-81-8328-217-8
- ↑ Gita Press Gorakhpur. Garga Samhita Gita Press Gorakhpur
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰ্গ সংহিতা” প্ৰবন্ধৰ সংশোধন ৫৩১৫১৩ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।