বৈকুণ্ঠ (সংস্কৃত ভাষা: वैकुण्ठ, ৰোমানীকৃত: Vaikuṇṭha)১ হিন্দু ধৰ্মৰ বৈষ্ণৱ পৰম্পৰাৰ পৰম দেৱতা বিষ্ণু আৰু তেওঁৰ পত্নী লক্ষ্মীৰ নিবাস৷২৩৪ বৈকুণ্ঠ বিষ্ণুলোক (বিষ্ণুলোক) বুলিও কোৱা হয়, আৰু তামিল ভাষাত তিৰুণাতু (Tirunāṭu) বুলি কোৱা হয়৷৫
ভাৰতীয় দাৰ্শনিক, ঈশ্বৰবিদ তথা সমাজ সংস্কাৰক ৰামানুজৰ মতে বৈকুণ্ঠ হৈছে পৰম পদ বা নিত্য বিভূতি, "চিৰন্তন স্বৰ্গক্ষেত্ৰ", আৰু ই হৈছে "দৈৱিক অক্ষয় জগত ঈশ্বৰৰ নিবাস"। বৈষ্ণৱ সাহিত্যত বৈকুণ্ঠক চৈধ্য লোকৰ (জগত) ওপৰৰ সৰ্বোচ্চ ৰাজ্য আৰু বিষ্ণুৰ ভক্তসকলে মুক্তি লাভ কৰাৰ পৰম স্থান হিচাপে বৰ্ণনা কৰা হৈছে।৪ বৈকুণ্ঠত যমজ দেৱতা জয় আৰু বিজয়ে দ্বাৰপালক হিচাপে পহৰা দিয়ে।৬ বৈকুণ্ঠত নিয়োজিত বিষ্ণুৰ সৈন্যগণক বিশ্বক্ষেনে নেতৃত্ব দিয়ে।৭ বৈকুণ্ঠৰ ৰাজপ্ৰসাদবোৰ সোণৰ আৰু সুগন্ধি ফল-ফুলে জাতিষ্কাৰ হৈ থকা বাগিচাৰে ভৰপূৰ বুলি বৰ্ণনা কৰা হৈছে।
বৈকুণ্ঠ লোক সত্যলোকৰ পৰা ২৬,২০০,০০০ যোজন (২০৯,৬০০,০০০ মাইল) ওপৰত আৰম্ভ হয়।৮ ইয়াৰ দ্বাৰা ভৌতিক দূৰত্বৰ কথা কোৱা হোৱা নাই। প্ৰচলিত প্ৰায়বোৰ পুৰাণ আৰু বৈষ্ণৱ পৰম্পৰাত বৈকুণ্ঠ মকৰ ৰাশিৰ দিশত অৱস্থিত। ব্ৰহ্মাণ্ডবিজ্ঞানৰ এটা সংস্কৰণত কোৱা হৈছে যে বিষ্ণুৰ চকুৱে দক্ষিণ আকাশী মেৰুত অৱস্থান কৰি মহাবিশ্বক প্ৰত্যক্ষ কৰি থাকে।৯
তথ্যসূত্ৰ
- ↑ Prabhupada, His Divine Grace A. C. Bhaktivedanta Swami. (1974-12-31). Srimad-Bhagavatam, Fourth Canto: The Creation of the Fourth Order. The Bhaktivedanta Book Trust. পৃ. 1941. ISBN 978-91-7149-637-9
- ↑ Maehle, Gregor. (2012). Ashtanga Yoga The Intermediate Series: Mythology, Anatomy, and Practice. New World Library. পৃ. 207. ISBN 9781577319870
- ↑ Orlando O. Espín; James B. Nickoloff. (2007). An Introductory Dictionary of Theology and Religious Studies. Liturgical Press. পৃ. 539. ISBN 978-0-8146-5856-7
- ↑ Gavin Flood, An Introduction to Hinduism (1996)
- ↑ Makarand Joshi. The Tamil Veda Pillan Interpretation Of Tiruvaymoli J Carman And V Narayanan 1989 OCR. পৃ. 125
- ↑ Ramesh M. Dave, K. K. A. Venkatachari, Śyā. Go Mudgala, Bochasanvasi Shri Aksharpurushottama Sanstha. The bhakta-bhagawan relationship: paramabhakta parmeshwara sambandha: a collection of essays presented in the "Bhakta-Bhagawan Relationship Conference" organised as part of the Aksharbrahman Gunatitanand Swami bicenten(n)ial celebrations, Amdavad, 1985. পৃ. 158
- ↑ Veṅkaṭanātha. (1965). Yatiraja Saptati of Vedanta Desika. Tirumala Tirupati Devasthanams. পৃ. 74
- ↑ Śrīmad Bhāgavatam 5.23.9
- ↑ White, David Gordon. (2010-07-15). Sinister Yogis. পৃ. 273 with footnote 47. ISBN 978-0-226-89515-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈকুণ্ঠ” প্ৰবন্ধৰ সংশোধন ৪৭৯৫৮২ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।