অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

তৰ্ক (তৰ্কশাস্ত্ৰ)

তৰ্কশাস্ত্ৰ আৰু দৰ্শণত তৰ্কৰ প্ৰয়োগৰ দ্বাৰা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমাণিত বুলি যুক্তি সহকাৰে গ্ৰহণ কৰোৱাই কিহবাৰ ওপৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি।

হালনাগাদ: ২০ ডিচেম্বৰ ২০২২ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

তৰ্কশাস্ত্ৰ আৰু দৰ্শণত 'তৰ্কৰ প্ৰয়োগৰ দ্বাৰা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমাণিত বুলি যুক্তি সহকাৰে গ্ৰহণ কৰোৱাই কিহবাৰ ওপৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি। প্ৰচলিত ভাষাৰে কোনো দাবী বা সিদ্ধান্তৰ সপক্ষে বা বিপক্ষে তৰ্ক সাধাৰণতে বিচাৰোপস্থাপন, বক্তব্য বা উক্তি হিচাবে প্ৰয়োগ কৰিব পাৰি। গণিত, কম্পিউটাৰ বিজ্ঞান আদিত সাংকেতিক পৰিভাষাৰেও তৰ্ক উপস্থাপন কৰি কোনো প্ৰশ্ন-প্ৰমেয়, সত্যাসত্যৰ সমিধান, ভেদ-ভঙ্গ অথবা প্ৰমাণ কৰিব পাৰি।

প্ৰত্যায়িত তৰ্কৰে সিদ্ধান্তৰ সত্যতা-সিদ্ধতা-প্ৰামাণিকতা অনিবাৰ্যভাৱে প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰা হয় কিয়নো এনে তৰ্কত পতিয়ন নিয়াব পৰাকৈ এক বা একাধিক নিদিষ্ট নিৰ্মোহ যুক্তি ভা তৰ্ক পূৰ্ব-সংলগ্ন থাকে। অন্যহাতে আৱেশিত তৰ্কত পৰ্যায়ক্ৰমে ভিন্ন যুক্তি-আৱেশিত কৰিহে সিদ্ধান্তত উপনীত হবলৈ বা উপস্থাপন কৰিবলৈ চেষ্টা কৰা হয়।

আৰু পঢ়ক

সম্পৰ্কিত শ্ৰেণী

দৰ্শনতৰ্কশাস্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰ্ক (তৰ্কশাস্ত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৪০৮৭২ (২০ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।