অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ফতোয়া

ফতোয়া বা ফাতওয়া (একবচনত "ফাতাওয়া" আৰবী: فتوى‎) আৰু বহুবচনত “ফাতাবী” (আৰবী:ﻓﺘﺎﻭﻯ) হ'ল বিধান আৰু সমাধান, যিটো কোনো ঘটনা বা অৱস্থাৰ প্ৰক্ষিতত ইছলামী শ্বৰীয়তৰ প্ৰমাণৰ আলোকত মুফতিয়ে বা ইছলামী আইন-বিশেষজ্ঞই প্ৰদান কৰি থাক।

হালনাগাদ: ২৯ জুলাই ২০২৪ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ফতোয়া বা ফাতওয়া (একবচনত "ফাতাওয়া" আৰবী ভাষা: فتوى‎) আৰু বহুবচনত “ফাতাবী” (আৰবী ভাষা:ﻓﺘﺎﻭﻯ) হ'ল বিধান আৰু সমাধান, যিটো কোনো ঘটনা বা অৱস্থাৰ প্ৰক্ষিতত ইছলামী শ্বৰীয়তৰ প্ৰমাণৰ আলোকত মুফতিয়ে বা ইছলামী আইন-বিশেষজ্ঞই প্ৰদান কৰি থাক।১ যেতিয়া কোনো ব্যক্তি পোনপটীয়াকৈ কোৰআন আৰু হাদিছ কিংবা ফিকহৰ আলোকত উদ্ভূত সমস্যাৰ সমাধান বাহিৰ কৰিবলৈ অপাৰগ হয় তেতিয়া তেখেতে মুফতীৰ ওচৰলৈ গৈ এই বিষয়ৰ সমাধান বিচাৰে। এইটোক ইছলামৰ পৰিভাষাত ইছতিফতা (আৰবীত:اِسْتِفْتَاء) বোলে। মুফতিয়ে ইছলামী শ্বৰীয়তৰ আলোকত সমস্যাৰ সমাধান জনাই দিয়ে। এই সমাধান প্ৰদান কৰাক ইছলামৰ পৰিভাষাত ইফতা (আৰবীত:إِفْتَاء ) বোলে আৰু প্ৰদত্ত সমাধান বা বিধানটোক ফতোয়া বোলে।২৩

পাৰিভাষিক অৰ্থ

ইমাম আবু ৰাগিব ইছফাহানী (ৰহঃ)য়ে কৈছে, জটিল বিষয়ত সুস্থ সমাধান হ'ল ফতোয়া।

মুফতী আমিমুল ইহছান কৈছে, '''ফতোয়া হ'ল শ্বৰীয়তৰ বিধান। '''

আধুনিক পণ্ডিতসকলে কয়, ফতোয়া হ'ল ইছলামী আইনে বিশেষজ্ঞ কৰ্তৃক আনুষ্ঠানিক আইনগত মতামত প্ৰদান।

তাফছীৰ কাৰক সকলে কয়, কোনো ব্যক্তিৰ জিজ্ঞাসাৰ জবাবত দলীল-প্ৰমাণৰ ভিত্তিত শ্বৰীয়তৰ বিধান স্পষ্টভাবে বৰ্ণনা কৰা হ'ল ফতোয়া।

তথ্যসূত্ৰ

  1. ↑ বাংলাপিডিয়া- বাংলা ওয়েব সংস্কৰণ। "ফতোয়া" নিবন্ধ।
  2. ↑ ফতোয়া, কাযা, হদ ও তা’যীৰ: পৰিচিতি ও কিছু মৌলিক বিধান। মাওলানা আব্দুল মালেক ৰচিত
  3. ↑ ফাতাওয়া কি?

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফতোয়া” প্ৰবন্ধৰ সংশোধন ৪২৭১৩৭ (২৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।