অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

নেছাইয়া

নেছাইয়া (প্ৰাচীন গ্ৰীক: Νησαίη, ইংৰাজী: Nesaea, Nesaia বা Nisaea; আক্ষৰিক অৰ্থ: 'দ্বীপত বাস কৰা') গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা। তেওঁক দ্বীপৰ “বগা” নেৰেইড বুলি কোৱা হয়৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

নেছাইয়া (প্ৰাচীন গ্ৰীক: Νησαίη, ইংৰাজী: Nesaea, Nesaia বা Nisaea; আক্ষৰিক অৰ্থ: 'দ্বীপত বাস কৰা'১) গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা।২ তেওঁক দ্বীপৰ “বগা” নেৰেইড বুলি কোৱা হয়৷৩৪

কিংবদন্তি

হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত নেছাইয়াও আছিল।৫

কিছুমান বিৱৰণীত নেছাইয়া তেওঁৰ ভগ্নী চাইমোড'চ, থেলিয়া আৰু স্পিঅ'ৰ সৈতে লগ লাগি চাইৰিনৰ যাত্ৰী দলটোৰ অন্যতম নিম্ফ সদস্য আছিল৷৬ পিছলৈ তেওঁলোক চাৰিও গৰাকীয়ে তেওঁলোকৰ অন্য ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক ইনিয়াছ আৰু তেওঁৰ দলটোক সামুদ্ৰিক ধুমুহাৰ সময়ত সহায় কৰিবলৈ সক্ষম হৈছিল।৭

উত্তৰাধিকাৰ

নেছাইয়া শব্দটো লাইথ্ৰেচিয়া পৰিয়ালৰ উদ্ভিদৰ এটা প্ৰজাতিৰ বাবেও ব্যৱহাৰ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 64
  2. ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  3. ↑ Propertius, Elegies 2.26a.16
  4. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 247. ISBN 9780786471119
  5. ↑ Homer, Iliad 18.39
  6. ↑ Virgil, Georgics 4.338
  7. ↑ Virgil, Aeneid 5.826

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেছাইয়া” প্ৰবন্ধৰ সংশোধন ৬৩২২৯৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।