অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

খ্যাতি

খ্যাতি (Khyati) হিন্দু পৌৰাণিক আখ্যান অনুসৰি প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ কন্যা আছিল৷ ভাগৱত পুৰাণৰ মতে, তেওঁ প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ ৯গৰাকী কন্যাৰ ভিতৰত এগৰাকী আছিল৷ তেওঁ ভগৱান কপিলৰ ভগ্নী আছিল।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২১ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

খ্যাতি (Khyati) হিন্দু পৌৰাণিক আখ্যান অনুসৰি প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ কন্যা আছিল৷ ভাগৱত পুৰাণৰ মতে, তেওঁ প্ৰজাপতি কৰ্দম আৰু দেৱহুতীৰ ৯গৰাকী কন্যাৰ ভিতৰত এগৰাকী আছিল৷ তেওঁ ভগৱান কপিলৰ ভগ্নী আছিল।

পুৰাণৰ মতে, দক্ষৰ পত্নী প্ৰসূতিৰ পৰা ২৪গৰাকী কন্যা১ আৰু তেওঁৰ পত্নী পাঞ্চজানি (বিৰিণী) -ৰ পৰা আন ৬২গৰাকী কন্যা আছিল।২৩ তাৰে ভিতৰত এগৰাকী আছিল খ্যাতি; যাৰ অভিধানিক অৰ্থ হৈছে- যশস্যা, সুনাম বা প্ৰসিদ্ধি। প্ৰজাপতি ভৃগুৰ সৈতে সম্পৰ্কিত নীতি অনুসৰি খ্যাতিৰ মূল অৰ্থ হৈছে- “ঐশ্বৰিক পোহৰ চেতনা”। খ্যাতি বা খিয়াতিয়ে পোহৰ আৰু কাৰ্য হিচাপে প্ৰয়োগ হোৱা সৰ্বাংগীন জ্ঞান আৰু তাৰ সৌন্দৰ্যক প্ৰকাশ কৰে৷

তেওঁৰ বিবাহ ঋষি ভৃগুৰ সৈতে হৈছিল৷ সিহঁতৰ সন্তান দুটিৰ নাম আছিল ক্ৰমে- ধাতা আৰু বিধাতা৷৪ কিংবদন্তি অনুসৰি দেৱী লক্ষ্মীৰ অৱতাৰ আছিল তেওঁৰ কন্যা৷

তেওঁ সতীৰ ভগ্নী আছিল, যি শিৱৰ প্ৰথমগৰাকী সহধৰ্মিনী আছিল৷

তথ্যসূত্ৰ

  1. ↑ Vishnu Purana, Padma Purana
  2. ↑ Matsya Purana
  3. ↑ The Matsya Puranam P-I (B.D. Basu) English Translation Ch #5, Page 17
  4. ↑ Brigu www.urday.in

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খ্যাতি” প্ৰবন্ধৰ সংশোধন ২৯৫৫৭৮ (১০ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।