অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

য়েটি

য়েটি (ইংৰাজী: Yeti, /ˈjɛti/) এছিয়াৰ হিমালয় পৰ্বতমালাত বাস কৰে বুলি বিশ্বাস কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক প্ৰাণী। পশ্চিমীয়া জনপ্ৰিয় সংস্কৃতিত এই জীৱটোক সাধাৰণতে ঘৃণনীয় তুষাৰমানৱ বুলি কোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

য়েটি (ইংৰাজী: Yeti, /ˈjɛti/)১ এছিয়াৰ হিমালয় পৰ্বতমালাত বাস কৰে বুলি বিশ্বাস কৰা এবিধ বান্দৰ সদৃশ কিংবদন্তিমূলক প্ৰাণী। পশ্চিমীয়া জনপ্ৰিয় সংস্কৃতিত এই জীৱটোক সাধাৰণতে ঘৃণনীয় তুষাৰমানৱ বুলি কোৱা হয়। য়েটিৰ অস্তিত্ব প্ৰমাণ কৰাৰ প্ৰয়াসত বহুতো আখ্যানমূলক দৃশ্য, বিতৰ্কিত ভিডিঅ’ ৰেকৰ্ডিং, ছবি, আৰু বৃহৎ ভৰিৰ ছাপৰ প্লাষ্টাৰেৰে তৈয়াৰী সাঁচ আদি সন্দেহজনক তথ্য আগবঢ়োৱা হৈছে। ইয়াৰে কিছুমান জল্পনা-কল্পনা বা প্ৰৱঞ্চনা বুলি জনা যায়।

লোককথাবিদসকলে য়েটিৰ উৎপত্তি শ্বেৰ্পা লোককথা আৰু ভালুক বা য়াক আদি জীৱক ভুলকৈ চিনাক্তকৰণ কৰা আদি বিভিন্ন কাৰকৰ সংমিশ্ৰণৰ বুলি ক’ব বিচাৰে।২ য়েটিক সাধাৰণতে উত্তৰ আমেৰিকাৰ বিগফুটৰ সৈতে তুলনা কৰা হয়, কাৰণ দুয়োটা জীৱৰে শাৰীৰিক বৰ্ণনা প্ৰায়ে একে।৩

বিৱৰণ

য়েটিক প্ৰায়ে বাদামী, ধূসৰ বা বগা চুলিৰে আবৃত বৃহৎ, দ্বিপদী বান্দৰৰ দৰে জীৱ বুলি বৰ্ণনা কৰা হয় আৰু কেতিয়াবা ইয়াৰ ডাঙৰ, চোকা দাঁত থাকে বুলিও কোৱা হয়।৪

তথ্যসূত্ৰ

  1. ↑ "Yeti" . Random House Webster's Unabridged Dictionary
  2. ↑ Pariyar, Kamal. (28 January 2020). Visit Nepal's yeti: How mythical creature divided Himalayan nation. BBC News
  3. ↑ (19 December 2015). A Guide to Deciphering the Differences Between a Yeti, Sasquatch, Bigfoot and More. newsweek.com. Newsweek
  4. ↑ Jones, Lucy. (30 June 2015). Earth - Is the Himalayan Yeti a real animal?. bbc.com. BBC

সম্পৰ্কিত শ্ৰেণী

কিংবদন্তিমূলক জীৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়েটি” প্ৰবন্ধৰ সংশোধন ৬৩১০৯৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।