অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সুবাহু

সুবাহু (सुबाहु, சுபாகு ) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।

হালনাগাদ: ২০ এপ্ৰিল ২০২৪ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সুবাহু (सुबाहु, சுபாகு ) ৰামায়ণত বৰ্ণিত এটা ৰাক্ষস চৰিত্ৰ আছিল। তেওঁ আৰু তেওঁৰ মাক তাড়কাই জংঘলৰ মুনিসকলক, বিশেষকৈ বিশ্বামিত্ৰৰ যজ্ঞ স্থলীত, মাংস আৰু তেজ ছটিয়াই তেওঁলোকৰ যজ্ঞত ব্যাঘাত জন্মাই হাৰাশাস্তি কৰাত অপৰিসীম আনন্দ লাভ কৰিছিল।১

বিশ্বামিত্ৰই এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ সহায়ৰ বাবে দশৰথৰ কাষ চাপিছিল। দশৰথে প্ৰথমে এই কথাত ৰামক বিশ্বামিত্ৰ মুনিৰ সৈতে পঠিয়াবলৈ ভয় কৰিছিল যদিও মুনিৰ ক্ৰোধত তেওঁ ৰামৰ লগতে লক্ষ্মণকো ঋষি আৰু তেওঁলোকৰ যজ্ঞৰ জুই উভয়কে সুৰক্ষিত কৰিবলৈ বিশ্বমিত্ৰৰ সৈতে অৰণ্যলৈ পঠিয়াইছিল। যেতিয়া সুবাহু আৰু মাৰিচে পুনৰ ঋষিৰ যজ্ঞত মাংস আৰু তেজ বৰ্ষণৰ চেষ্টা কৰাত সুবাহুক ৰামে হত্যা কৰে আৰু মাৰীচ লংকালৈ পলায় যায়।২

তথ্যসূত্ৰ

  1. ↑ Gita Jnana Brahmacharini Sharanya Chaitanya. (1 July 2018). Rama Brings Ahalya Back to Her Living Form. The New Indian Express
  2. ↑ Subahu - Asura Slain by Rama. Indian Mythology

সম্পৰ্কিত শ্ৰেণী

অসুৰৰামায়ণৰ চৰিত্ৰৰামায়ণৰ ৰাক্ষস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুবাহু” প্ৰবন্ধৰ সংশোধন ৪১৯১২৮ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।