অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইথাৰ

গ্ৰীক আখ্যান অনুসৰি ইথাৰ বা এইথাৰ হৈছে আদি দেৱতাসকলৰ এজন। তেওঁক আকাশৰ উপৰিভাগৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। ইথাৰ নশ্বৰ প্ৰাণীয়ে গ্ৰহণ কৰা সাধাৰণ বায়ুৰ বিপৰীতে দেৱতাসকলে শ্বাস-প্ৰশ্বাসৰ বাবে গ্ৰহণ কৰা বিশুদ্ধ বায়ু।

হালনাগাদ: ২৮ জুলাই ২০২১ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গ্ৰীক আখ্যান অনুসৰি ইথাৰ বা এইথাৰ হৈছে আদি দেৱতাসকলৰ এজন। তেওঁক আকাশৰ উপৰিভাগৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। ১ ইথাৰ নশ্বৰ প্ৰাণীয়ে গ্ৰহণ কৰা সাধাৰণ বায়ুৰ বিপৰীতে দেৱতাসকলে শ্বাস-প্ৰশ্বাসৰ বাবে গ্ৰহণ কৰা বিশুদ্ধ বায়ু। টাৰ্টাৰাছ আৰু ইৰেবাছৰ দৰে প্ৰাচীন গ্ৰীচত ইথাৰৰ তীৰ্থস্থান থাকিব পাৰে যদিও তেওঁৰ কোনো মন্দিৰ কোনো ধৰ্মীয় পন্থা থকাৰ সম্ভাৱনা নাই।

আখ্যান

হেচিঅ'ডৰ থিঅ'গনিত, ইথাৰক ইৰেবাছ (অন্ধকাৰ) আৰু নাইক্সৰ (নিশা) পুত্ৰ তথা হেমেৰাৰ (দিন) ভ্ৰাতৃ বুলি বৰ্ণোৱা হৈছে।২

হাইজিনাছৰ মতে ইথাৰ কেঅ'ছ বা মহাশূন্য আৰু কেলিগোৰ (অন্ধকাৰ) পুত্ৰ। ৩ ইথাৰ আৰু দিনৰ (হেমেৰা) সন্তানসকল আছিল পৃথিৱী, স্বৰ্গ আৰু সাগৰ। আনহাতে ইথাৰ আৰু পৃথিৱীৰ সন্তানসকল আছিল "দুখ, প্ৰৱঞ্চনা, ক্ৰোধ, বিলাপ, মিথ্যা, শপত, প্ৰতিশোধ, অসহিষ্ণুতা, বিবাদ, পাহৰণি, ভয়, গৌৰৱ, যুঁজ, মহাসাগৰ, থেমিছ, টাৰ্টাৰাছ, প'ণ্টাছ, টাইটান, ব্ৰিয়াৰিয়াছ, গেজিছ, ষ্টেৰোপচ, এটলাচ, হাইপেৰিয়ন, আৰু প'লাছ, ছেটাৰ্ণ, অপচ, মনেটা, ডায়নি; আৰু তিনিগৰাকী ফিউৰি - অৰ্থাৎ এলেক্টো, মেগাৰা আৰু টিচিফোন।" ৩

তথ্যসূত্ৰ

  1. ↑ Grimal p. 22; The Oxford Classical Dictionary, "Aither", p. 33
  2. ↑ Hesiod. Theogony,124–125; Gantz, p. 4
  3. ↑ Hyginus. Fabulae,Preface.

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইথাৰ” প্ৰবন্ধৰ সংশোধন ২৮৮৬০৮ (২৮ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।