মোল্লা (আৰবী ভাষা ملا), (ফাৰ্চী ভাষা ملا) আৰবী-ফাৰ্চী ভাষাৰ শব্দ। শব্দটো কোৰআনত উল্লেখিত আৰবী শব্দ মাওলা (مَوْلَى) ৰ সংক্ষিপ্ত ৰূপ। ভাৰতত প্ৰচলিত মৌলভী (আৰবী ভাষা مولوی) আৰু মাওলানা (আৰবী ভাষা مولانا) শব্দদুটাৰ উৎপত্তিও মাওলা শব্দৰ পৰা। মাওলাৰ অৰ্থ ৰক্ষক, কৰ্তা, নেতা বা অভিভাৱক। মোল্লা শব্দটো বাংলাদেশ আৰু বিভিন্ন মুছলিম দেশত মুছলমান সকলৰ পদবী ৰূপে ব্যৱহৃত হৈ আহিছে।১ শ্বেফাৰডিক ইহুদীসকলৰ নেতৃত্বস্থানীয় ব্যাক্তিবৰ্গকো মোল্লা পদবী ব্যৱহাৰ কৰা দেখা যায়।২
লগতে চাওক
- ছালাফি মতবাদ
- ছালাফ
- ইমাম
- খলিফা
- খলিফাসকলৰ তালিকা
- ওলামা
- শ্বাইখ
- হাফিজ
- মৌলৱী
- হজৰত
- আল্লামা
- আহলে হাদিছ
- ওৱাহাবি মতবাদ
তথ্যসূত্ৰ
- ↑ Taheri, Amir. (1985). The Spirit of Allah: Khomeini and the Islamic Revolution. Adler & Adler. পৃ. 53. ISBN 0-917561-04-X
- ↑ See for example: "Rabbinic Succession in Bukhara 1790–1930"
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোল্লা” প্ৰবন্ধৰ সংশোধন ৬৩১৬৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।