অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

অহিৰাৱণ

অহিৰাৱণ (Ahiravan বা Mahiravan, अहिरावण) কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰাম পাঁচালী অনুসৰি ঋষি বিশ্ৰবাৰ পুত্ৰ আৰু ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰাৱণ আৰু ৰাক্ষষ ৰজা মায়াৰ দ্বাৰা শাসিত পাতাল (Underworld) -ৰ ৰজা আছিল।

হালনাগাদ: ৫ আগষ্ট ২০২৫ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অহিৰাৱণ (Ahiravan বা Mahiravan, अहिरावण) কৃত্তিবাসী ৰামায়ণ বা শ্ৰীৰাম পাঁচালী অনুসৰি বিশ্ৰবাৰ পুত্ৰ আৰু ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰাৱণ আৰু ৰাক্ষষ ৰজা মায়াৰ দ্বাৰা শাসিত পাতাল (Underworld) -ৰ ৰজা আছিল। সিহঁত ৰাক্ষস আছিল আৰু গোপনে তেওঁলোকৰ উপাসনাৰ বাবে ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক নগৰ-লোকলৈ লৈ গৈছিল। কিন্তু হনুমানে অহিৰাৱণ আৰু তেওঁৰ সৈন্যবাহিনীক হত্যা কৰি ৰাম আৰু তেওঁৰ ভায়েক লক্ষ্মণক ৰক্ষা কৰিছিল।১

জনপ্ৰিয় সংস্কৃতিত

মহিৰাৱণ চৰিত্ৰ (Mairavan charitra) -খন ১৬ শতিকাত “অদিত্য কবি”য়ে কাব্য শৈলীত তেলেগু ভাষাত ৰচনা কৰিছিল।২

মহিৰাৱণৰ কাহিনীটোক লৈ ১৯৪০ চনত মহিৰাৱণ নামেৰে ঘন্তাচলা বলৰামাইয়াহে তেলেগু ছবি নিৰ্মাণ কৰিছিল। য’ত প্ৰবীণ অভিনেতা ভেমুৰি গাগ্গাইয়াহে মহিৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল।৩

তথ্যসূত্ৰ

  1. ↑ SankaTamochana
  2. ↑ Mairavan charitra, A Dictionary of Indian Literature by Sujit Mukherjee; Page: 219.
  3. ↑ Mahiravana 1940 film at IMDb.

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অহিৰাৱণ” প্ৰবন্ধৰ সংশোধন ৫৩০৩৬১ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।