অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বসু

হিন্দু ধৰ্মত বসু (वसु) হৈছে ইন্দ্ৰৰ, আৰু পিছলৈ বিষ্ণুৰ আঠজন পৰিচাৰক দেৱতা। অষ্ট বসুসকলক ৰামায়ণত কাশ্যপ আৰু অদিতিৰ সন্তান আৰু মহাভাৰতত মনু বা ব্ৰহ্মা প্ৰজাপতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২২ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মত বসু (वसु) হৈছে ইন্দ্ৰৰ, আৰু পিছলৈ বিষ্ণুৰ আঠজন পৰিচাৰক দেৱতা। ১ অষ্ট বসুসকলক ৰামায়ণত কাশ্যপ আৰু অদিতিৰ সন্তান আৰু মহাভাৰতত মনু বা ব্ৰহ্মা প্ৰজাপতিৰ পুত্ৰ বুলি বৰ্ণনা কৰা হৈছে। প্ৰকৃতিৰ দিশসমূহক প্ৰতিনিধিত্ব কৰা আঠ মৌলিক দেৱতাই লগতে মহাজাগতিক প্ৰাকৃতিক পৰিঘটনাকো প্ৰতিনিধিত্ব কৰে (সূৰ্য, চন্দ্ৰ আৰু তৰা)। বসু নামৰ অৰ্থ হৈছে ‘উজ্জ্বলতা’ বা ‘ধন দাতা’। তেত্ৰিশ প্ৰকাৰৰ দেৱতাৰ ভিতৰত তেওঁলোক আঠজন।

অষ্ট বসু

বিভিন্ন গ্ৰন্থত অষ্ট বসুৰ তালিকাত ভিন্নতা আছে। বৃহদাৰণ্যক উপনিষদ, বিষ্ণু পুৰাণ আৰু মহাভাৰতত সাধাৰণতে এই সংখ্যা আৰু নামৰ ক্ষেত্ৰত সমতা দেখিবলৈ পোৱা যায়। এই নাম আৰু অৰ্থ তলত উল্লেখ কৰা ধৰণৰ-

বৃহদাৰণ্যকবিষ্ণু পুৰাণ২মহাভাৰত৩
নামঅৰ্থনামনামঅৰ্থ
পৃথ্বী"পৃথিৱী"ভূমিধৰা"পৃথিৱী"
বৰুণSwadhisthana Mandala.svg"পানী"সমূদ্ৰঅপ"পানী"
অগ্নিManipura Mandala.svg"তপ্ত জুই"অগ্নিঅনল"জুই"
বায়ুAnahata Mandala.svg"বতাহ"বায়ুঅনিল"বতাহ"
আদিত্য"চিৰন্তন", সূৰ্য্যৰ এটা একেবাৰে সাধাৰণ নামঅংশুমানপ্ৰত্যুষ"সূৰ্য"
আকাশVishuddha Mandala.svg"আকশ"আকাশপ্ৰভাস"আকাশ বা ইথাৰ"
চন্দ্ৰমাAjna Mandala.svg"চন্দ্ৰ"চন্দ্ৰসোম"জোন"
নক্ষত্ৰSahasrara Mandala.svg"তাৰকামণ্ডলী"প্ৰভাসধ্ৰুৱ"গতিহীন", ধ্ৰুৱ তৰাৰ নাম

তথ্যসূত্ৰ

  1. ↑ Story of Aṣṭavasu, Puranic encyclopaedia
  2. ↑ Viṣṇu Purāṇa, Chapter 15 of Aṃśam 1
  3. ↑ Ślokas 17 and 18, Chapter 66, Ādi Parva, Mahābhārata)

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ দেৱ দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বসু” প্ৰবন্ধৰ সংশোধন ৩৩২৭৩৩ (৯ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।