শ্ৰুতকীৰ্তি হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা১ ৰামৰ সৰু ভায়েক শত্ৰুঘ্নৰ পত্নী আছিল। শ্ৰুতকীৰ্তি আছিল সংকস্যৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ সৰু জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। শ্ৰুতকীৰ্তিৰ মাণ্ডবী নামৰ এগৰাকী ডাঙৰ ভগ্নী আছিল।২
শ্ৰুতকীৰ্তি অযোধ্যাৰ ৰজা দশৰথৰ চতুৰ্থ আৰু কনিষ্ঠ পুত্ৰ শত্ৰুঘ্নাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সুবাহু আৰু শত্ৰুঘাতী নামৰ দুটা পুত্ৰ সন্তান আছিল। ৩ যেতিয়া তেওঁৰ জ্যেষ্ঠ ভগ্নী সীতা আৰু ৰাম-লক্ষ্মণক নিৰ্বাসিত কৰা হৈছিল সেই সময়ত দশৰথৰ স্বাস্থ্যৰ অৱনতি ঘটে শ্ৰুতকীৰ্তিয়ে তেওঁৰ ভগ্নী মাণ্ডৱীৰ সৈতে শহুৰেকৰ যত্ন লৈছিল। পিছলৈ যেতিয়া তেওঁৰ স্বামী শত্ৰুঘ্নই লৱণাসুৰক হত্যা কৰে, শ্ৰুতকীৰ্তি মধুপুৰ (মথুৰা)ৰ ৰাণী হয়।৪
তথ্যসূত্ৰ
- ↑ Dawar, Sonalini Chaudhry. (2006). Ramayana, the Sacred Epic of Gods and Demons. Om Books International. ISBN 9788187107675
- ↑ Prakāśa, Veda; Guptā, Praśānta. (1998). Vālmīkī Rāmāyaṇa. Ḍrīmalaiṇḍa Pablikeśansa. ISBN 978-81-7301-254-9
- ↑ The Ramayana and Mahabharata: Conclusion. www.sacred-texts.com
- ↑ Pargiter, F.E. (1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, p.170
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰুতকীৰ্তি” প্ৰবন্ধৰ সংশোধন ৪১৯১০২ (২০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।