কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জোনাকী পৰুৱা (চলচ্চিত্ৰ)
ফায়াৰফ্লাইছ-জোনাকী পৰুৱা হৈছে ২০২০ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। তৃতীয় লিংগৰ ওপৰত আধাৰিত এইখন উত্তৰপূৱ ভাৰতৰ প্ৰথমখন ছবি। বিশ্বৰ ২০ খনৰো অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হোৱা চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা প্ৰকাশ ডেকাৰ।
-
ড্ৰেগন নৃত্য
ড্ৰেগন নৃত্য (Dragon dance) হৈছে চীনা সংস্কৃতিৰ এবিধ পৰম্পৰাগত নৃত্য। সিংহ নৃত্যৰ দৰেই ইয়াকো বেছিকৈ কোনো উৎসৱ উদযাপনৰ সময়ত দেখা যায়। বিশেষকৈ চীনা নৱবৰ্ষৰ সময়ত প্ৰায়ে ড্ৰেগন নৃত্য পৰিৱেশন কৰা হয়।
-
তেলুগু থিয়েটাৰ
তেলুগু থিয়েটাৰ ( Telugu theatre ) হৈছে অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানা ৰাজ্যক ভিত্তি কৰি গঢ় লোৱা তেলুগু ভাষাৰ ভাৰতীয় থিয়েটাৰ। গুৰাজাদা আপ্পাৰাওৱে ১৮৯২ চনত ৰচনা কৰা কন্যাছুলকম নামৰ নাটখনক প্ৰায়ে তেলুগু ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাটক বুলি গণ্য কৰা হয়।
-
দুৰ্জন (চলচ্চিত্ৰ)
দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।
-
দ্ৰোণাচাৰ্য বঁটা
ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈৰ প্ৰশিক্ষকসকলক প্ৰদান কৰা এটা সৰ্বোচ্চ বঁটা৷ এই বঁটাত আছে ৩ লাখ টকা আৰু এটা ট্ৰফী৷ ১৯৮৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷
-
নিউজ ১৮ অসম নৰ্থ ইষ্ট
নিউজ ১৮ অসম নৰ্থ ইষ্ট (News18 Assam North East) অসমৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট বাতৰি চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটোৰ গৰাকী নেটৱৰ্ক১৮ গোষ্ঠী। ইয়াত মূলতঃ অসমীয়া ভাষাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।
-
প্ৰেম জনমে জনমে
প্ৰেম জনমে জনমে (Prem Janame Janame) ১৯৯১ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। যাদৱ চন্দ্ৰ দাস পৰিচালিত এই ছবিখন বি.এচ.বি. ফিল্মছৰ (অসম) বেনাৰত প্ৰযোজনা কৰিছিল বিপুল কলিতাই। মূল ভূমিকাত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও আৰু পৰেশ গোস্বামী ডেইজী ৰাজখোৱাই।সংগীত ৰিদীপ দত্তৰ।
-
বনহংস
বনহংস (Banahansa) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আব্দুল মজিদৰ। প্ৰযোজনা কৰিছে যোৰহাটৰ সেউজ বোলছবি সন্থাই। নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।
-
বিভ্ৰাট (চলচ্চিত্ৰ)
বিভ্ৰাট ( Bibhrat ) ১৯৭২ চনত মুক্তি পোৱা ফণী তালুকদাৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছিল পীতাম্বৰ শৰ্মা, বংসীধৰ শৰ্মা আৰু ফণী তালুকদাৰে।বিভ্ৰাটৰ গীত বাণীবদ্ধ কৰা হৈছিল জ্যোতি চিত্ৰবনত।
-
বিলাৱল ঠাট
বিলাৱল বা বিলাওয়াল হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুঃস্থানী শাস্ত্ৰীয় সংগীতৰ দহটা ঠাটৰ ভিতৰত সৰ্বাধিক মৌলিক। ঠাটৰ সকলো স্বৰ শুদ্ধ বা স্বাভাৱিক স্কেলৰ সকলো স্বৰ। বিলাৱল এটা ৰাগ হিচাপে আজিকালি পৰিৱেশন কৰা নহয়, তথাপি এই ৰাগৰ এটা সৰু পৰিৱৰ্তন যাক আলহাইয়া বিলাৱল বোলা হয়, সেইটো অতি সাধাৰণ।
-
বিশেষ এৰাতি
বিশেষ এৰাতি (Bisesh Erati) ১৯৭৯ চনত মুক্তি পোৱা এখন অসমীয়া ভৌতিক চলচ্চিত্ৰ। ভৌতিক শৈলীৰ এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল বহু কেইখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক তথা বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা উপেন কাকতি। সংগীত পৰিচালনাও উপেন কাকতিৰে। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকনে।
-
বিশ্ব কবিতা দিৱস
বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক'ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে।
-
বৈষ্ণৱ জন তো
বৈষ্ণৱ জন তো ১৫শ শতিকাত কবি নৰসিংহ মেহতায়ে পুৰণি গুজৰাটী ভাষাত ৰচনা কৰা হিন্দু ভজন। গীতটিত গীতিকাৰে বৈষ্ণৱ সকলৰ জীৱন, দৰ্শন, বিচাৰ আৰু মানসিক অৱস্থাক প্ৰতিফলিত কৰিছে। এই ভজন মহাত্মা গান্ধীৰ প্ৰিয় ভজন আছিল।
-
ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ)
ভক্ত প্ৰহ্লাদ (Bhakta Prahlad) পৌৰাণিক কাহিনীৰে নিৰ্মিত দ্বিতীয় অসমীয়া কথাছবি। ১৪ নবেম্বৰ ১৯৫৮ত মুক্তি পোৱা এই ছবিখন নিপ বৰুৱাই পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। অমলেন্দু বাগচীয়ে ছবিখনৰ কাহিনী যুগুত কৰিছিল।
-
ভাৰীগান
ভাৰীগান হৈছে অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী ৰাভাসকলৰ এবিধ লোকনাট্য। ৰাভা জনগোষ্ঠীৰ বিশেষকৈ কামৰূপ আৰু গোৱালপাৰা অঞ্চলৰ পাতিৰাভাসকলৰ মাজত এই ভাৰীগান অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। এই নাট্যবিধৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ কোনো লিখিত তথ্য নাই। ভাৰীগান বোৰ কাহিনীৰ ৰূপত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে।
-
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৩-১৪)
ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১১-১২) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১২-১৩)
-
সত্যপ্ৰেম কি কথা (চলচ্চিত্ৰ)
সত্যপ্ৰেম কী কথা (সঁচা প্ৰেমৰ কথা) হৈছে সমীৰ বিদৱান পৰিচালিত এখন আগন্তুক ভাৰতীয় হিন্দী ভাষাৰ সংগীতৰ ৰোমান্টিক নাটক ছবি। নাডিয়াডৱালা গ্ৰেণ্ডছন এণ্টাৰটেইনমেণ্ট আৰু নমহ পিকচাৰ্ছৰ যৌথ প্ৰযোজনা এই ছবিখনত অভিনয় কৰিছে কাৰ্তিক আৰ্য্যান আৰু কিয়াৰা আদৱানীয়ে।
-
ৰিহা
ৰিহা অসমীয়া গোপিনী-বোৱাৰীয়ে পিন্ধা এবিধ পৰম্পৰাগত সাজ। ই এবিধ উত্তৰীয় বস্ত্ৰ। ইয়াক কাঁচলি বুলিও জনা যায়। পুৰণি অসমীয়া সমাজত মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তনাভৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল।
-
অনুৰ
অনুৰ ২০২৩ চনৰ জানুৱাৰীত মুক্তিলাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বৃদ্ধকালৰ মনস্তত্ত্বক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। অনুৰ ছবিখনৰ পৰিচালক মঞ্জুল বৰুৱা। সংগীত তৰালী শৰ্মাৰ। অনুৰাধা শৰ্মা পূজাৰীৰ গল্প 'ভালপোৱাৰ সময়'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
অসম ষ্টাৰ থিয়েটাৰ
অসম ষ্টাৰ থিয়েটাৰ ১৯৭০ চনৰ ১১ ছেপ্তেম্বৰত প্ৰতিষ্ঠা হোৱা এটা ভ্ৰাম্যমাণ থিয়েটাৰ দল। নটৰাজ থিয়েটাৰ আৰু মঞ্চৰূপা থিয়েটাৰৰ পিছত পাঠশালাত আৰম্ভ হোৱা নাট্যদল হ'ল অসম ষ্টাৰ থিয়েটাৰ। পাঠশালাৰ কুমুদ শৰ্মাৰ প্ৰযোজনাত এই থিয়েটাৰ প্ৰতিষ্ঠা হয়।
-
আদিপুৰুষ (চলচ্চিত্ৰ)
আদিপুৰুষ (Adipurush) মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত এখন ভাৰতীয় হিন্দু পৌৰাণিক চলচ্চিত্ৰ। চলচ্চিত্ৰখন ওম ৰাউটে পৰিচালনা কৰিছে আৰু টি-চিৰিজ ফিল্মছ আৰু ৰেট্ৰোফিলছৰ দ্বাৰা প্ৰযোজিত।
-
আনন্দৰাম বৰুৱা বঁটা
ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷ আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা (ABILAC )ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ৷ বৰ্তমানলৈকে ১৬ গৰাকী…
-
আন্তৰ্জাতিক গান্ধী শান্তি পুৰস্কাৰ
আন্তৰ্জাতিক গান্ধী শান্তি বঁটা, মহামানৱ মহাত্মা গান্ধীৰ নামত ভাৰত চৰকাৰে প্ৰদান কৰে। ১৯৯৫ চনত গান্ধীজীৰ ১২৫তম জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে এই বঁটাৰ সূচনা কৰে। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনত সফলভাৱে অহিংস আৰু গান্ধী নীতি অনুসৰণ কৰা ব্যক্তি বা অনুষ্ঠানক এই বঁটা প্ৰদান কৰা হয়।
-
আশা (এলবাম)
আশা হৈছে ১৯৯৫ চনত এন কে প্ৰডাক্চনৰ বেনাৰত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু প্ৰশান্ত বৰদলৈৰ। সংগীত ব্যৱস্থাপনা উৎপল শৰ্মাৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু সবিতা শৰ্মাই।
-
ইটিভি বাল্যভাৰত
ইটিভি বাল্যভাৰত (ETV Bal Bharat) হৈছে হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কৰ মালিকানাধীন মাচুলযুক্ত শিশু-মনোৰঞ্জনধৰ্মী চেনেল যিয়ে এনিমেটেড ধাৰাবাহিক আৰু চলচ্চিত্ৰ সম্প্ৰচাৰ কৰে। বাৰটা সুকীয়া ভাষাৰ চেনেলেৰে ২০২১ চনৰ ২৭ এপ্ৰিলত এই নেটৱৰ্ক আৰম্ভ কৰা হৈছিল।
-
এই মাটিতে (চলচ্চিত্ৰ)
এই মাটিতে (Aei Maatite) ডাইনী হত্যাৰ আধাৰত নিৰ্মিত, ২০১৭ চনৰ ৬ অক্টোবৰ তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা, কাহিনী, সংলাপ, গীত ৰচনা ড° সীতানাথ লহকৰৰ। তেখেতৰে এখন মঞ্চনাট ‘তমসা’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে।
-
এক ডাক্তৰ কি মৌত
এক ডাক্তৰ কি মৌত (Ek Doctor Ki Maut; অনু. এজন ডাক্তৰৰ মৃত্যু) ১৯৯০ চনত মুক্তি পোৱা তপন সিনহাৰ এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত এজন চিকিৎসকে তেওঁৰ গৱেষণাই স্বীকৃতি পোৱাৰ পৰিৱৰ্তে বহিস্কাৰ আমোলাতান্ত্ৰিক গুৰুত্বহীনতা, ভাবুকি আৰু অপমান পোৱাৰ ঘটনাৱলী চিত্ৰায়িত কৰা হৈছে।
-
এমুঠি পুঠি
এমুঠি পুঠি - এ ভেৰী ফিচি ট্ৰিপ (Emuthi Puthi - A Very Fishy Trip) বা এমুঠি পুঠি ২০২২ চনৰ ১৭ জুনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালনা কুলনন্দিনী মহন্তৰ। ইয়াৰ কাহিনীভাগ যুটীয়াভাৱে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই লিখিছে।
-
কিকলী
কিক্কলি নৃত্য (Kikkli; পাঞ্জাবী ভাষাত ইয়াৰ প্ৰকৃত উচ্চাৰণ কিক-লি) পঞ্জাৱৰ এক ক্ৰীড়াসুলভ লোকনৃত্য৷ এই নৃত্যত সাধাৰণতে দুজনী যুৱতী ছোৱালীয়ে অংশ গ্ৰহণ কৰে৷ কিক্কলি নৃত্যত দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ দুয়ো দুয়োৰে হাতদুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি খামুচি ধৰে আৰু ভৰিৰে মাটিত খোপনি পুতি…
-
কৃষ্ণ (ধাৰাবাহিক)
কৃষ্ণ (Krishna, कृष्णा) ১৯৯৩ চনৰ ১৯ জুলাইৰ পৰা ভাৰতীয় টেলিভিচন চেনেল দূৰদৰ্শনে প্ৰচাৰ কৰা এখন পৌৰাণিক ধাৰাবাহিক; যাক শ্ৰীকৃষ্ণ নামেৰেও জনা যায়। ৰামানন্দ সাগৰ আছিল এই ধাৰাবাহিকখনৰ পৰিচালক আৰু প্ৰযোজক।