অনুৰ ২০২৩ চনৰ জানুৱাৰীত মুক্তিলাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বৃদ্ধকালৰ মনস্তত্ত্বক কেন্দ্ৰীয় বিষয়বস্তু হিচাপে লৈ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে। অনুৰ ছবিখনৰ পৰিচালক মঞ্জুল বৰুৱা। সংগীত তৰালি শৰ্মাৰ। অনুৰাধা শৰ্মা পূজাৰীৰ গল্প 'ভালপোৱাৰ সময়'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। অনুৰৰ পূৰ্বে তেওঁৰ পৰিচালনাত 'অন্তৰীণ' আৰু 'কানীন' নামৰ দুখন চলচ্চিত্ৰই মুক্তি পাইছিল। ছবিখনলৈ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয়।১
অভিনয় শিল্পী
অনুৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ডাঃ জাহানাৰা বেগম আৰু বলিউডৰ প্ৰসিদ্ধ অভিনেতা ৰজত কাপুৰে। অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে বলোৰাম দাস, উদয়ন দুৱৰা, ৰাজশ্ৰী শৰ্মা, বিদ্যা ভাৰতী, বিভূতি ভূষণ হাজৰিকা আদিয়ে।
বঁটা আৰু সন্মান
- কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ নিমন্ত্ৰণ।
- অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০২১)১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰ” প্ৰবন্ধৰ সংশোধন ৩৭৫৫২০ (২৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।