তেলুগু থিয়েটাৰ ( Telugu theatre ) হৈছে অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানা ৰাজ্যক ভিত্তি কৰি গঢ় লোৱা তেলুগু ভাষাৰ ভাৰতীয় থিয়েটাৰ।১ গুৰাজাদা আপ্পাৰাওৱে ১৮৯২ চনত ৰচনা কৰা কন্যাছুলকম নামৰ নাটখনক প্ৰায়ে তেলুগু ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাটক বুলি গণ্য কৰা হয়।২ চি পুল্লাইয়াক তেলুগু নাট্য আন্দোলনৰ পিতৃ হিচাপে উল্লেখ কৰা হৈছে।৩৪
ভেমুৰি গগাইয়া ১৯১৩–২৮ চনৰ সময়চোৱাত কৃষ্ণা জিলাৰ মাইলাভাৰমৰ মাইলাভাৰম বালা ভাৰতী নাটক সমাজমৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। মাইলাভাৰম থিয়েটাৰত পৌৰাণিক চৰিত্ৰত অভিনয় কৰি গগাইয়া এটা ঘৰুৱা নাম হৈ পৰিছিল।৫ তিৰুপতি ভেংকটা কাভুলুৱে হিন্দু মহাকাব্যসমূহৰ আধাৰত কেইবাখনো নাটক ৰচনা কৰিছে য’ত পৰিমিত মাত্ৰাত গায়নযোগ্য পদ্যৰ অন্তৰ্ভূক্তি হৈছে। তেওঁলোকৰ কেইবাখনো নাট, বিশেষকৈ পাণ্ডোদ্যযোগবিজয়ালু সমগ্ৰ অন্ধ্ৰপ্ৰদেশৰ বহুতো নাট্য সংঘ আৰু দৰ্শকৰ মাজত বহুলভাৱে পৰিচিত।৬ অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰতি বছৰে তেলুগু থিয়েটাৰৰ বিকাশৰ বাবে নান্দী নাটকোৎসৱ বঁটা প্ৰদান কৰে।৭৮
তথ্যসূত্ৰ
- ↑ (23 December 2007). Government announces Nandi Awards committee members. Ragalahari.com
- ↑ (8 October 2010). Nandi Natakotsavam Awards. India Scanner
- ↑ 20th Century Telugu Luminaries, Potti Sriramulu Telugu University, Hyderabad, 2005
- ↑ Narasimham, M. L. (7 November 2010). SATI SAVITHRI (1933). দ্য হিন্দু
- ↑ Garg, Bhagwan Das. (1996). So many cinemas: the motion picture in India. Eminence Designs. পৃ. 86. ISBN 81-900602-1-X
- ↑ Luminaries of 20th Century, Potti Sreeramulu Telugu University, Hyderabad, 2005
- ↑ Various. (1987). Encyclopaedia of Indian literature vol. 1. Sahitya Akademi. ISBN 9788126018031
- ↑ Kavirayani, Suresh. (13 October 2012). 2011 Nandi Awards winners list. দ্য টাইম্ছ অৱ ইণ্ডিয়া. TNN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেলুগু থিয়েটাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৫৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।