হিন্দী চলচ্চিত্ৰ
২১৮ প্ৰবন্ধ
-
আলম আৰা (১৯৩১ চলচ্চিত্ৰ)
আলম আৰা (অৰ্থ: বিশ্বৰ অলংকাৰ) হ'ল ১৯৩১ চনত নিৰ্মিত হিন্দী ভাষিক তথা ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক আছিল অৰ্দেশিৰ ইৰাণী। অৰ্দেশিৰ ইৰাণীয়ে চলচ্চিত্ৰত শব্দৰ মহত্ব বুজিয়ে আলম আৰাক আৰু বহুতো সমকালীন সবাক চলচ্চিত্ৰৰ আগতে পূৰ্ণ কৰিছিল।
-
দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)
দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ।
-
বৰ্ফি! (২০১২ চলচ্চিত্ৰ)
বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেওঁৰ দুজনী ছোৱালীৰ সৈতে সম্পৰ্কক লৈ চলচ্চিত্ৰ খনৰ কাহিনী ভাগ, ছোৱালী দুজনীৰে এজনী অ’টিজিমত আক্ৰান্ত (অ’টিষ্টিক)। চলচ্চিত্ৰ খনৰ পটভূমি কলকাতা আৰু দাৰ্জিলিং।
-
চাহিব বিবি ঔৰ গুলাম
চাহিব বিবি ঔৰ গুলাম (साहिब बीबी और गुलाम; Sahib Bibi Aur Ghulam) ১৯৬২ চনত মুক্তিপ্ৰাপ্ত, আব্ৰাৰ আলভি পৰিচালিত আৰু গুৰু দত্ত প্ৰযোজিত এখন ক'লা-বগা হিন্দী বোলছবি। বিমল মিত্ৰৰ বঙালী উপন্যাস 'চাহেব বিবি গোলাম'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।
-
দংগল
দংগল (Dangal, অৰ্থ: মল্লযুদ্ধ) হৈছে ২০১৬ চনৰ ২৩ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত ভাৰতীয় পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন জীৱনীবিষয়ক ক্ৰীড়াকেন্দ্ৰিক চলচ্চিত্ৰ।
-
প্যাছা
প্যাছা (Pyaasa, অৰ্থ: পিপাসু) গুৰু দত্তৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৭ চনৰ ১৯ ফেব্ৰুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে স্বয়ং গুৰু দত্ত, মালা সিনহা, ৱাহীদা ৰহমান, ৰেহমান আৰু জনী ৱাকাৰে।
-
লগান
লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে। লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল।
-
দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)
দেৱদাস হ'ল ২০০২ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত হয় এই ছবিখন। এয়া দেৱদাসৰ কাহিনীৰ তৃতীয় বলীউড (হিন্দী) সংস্কৰণ আৰু হিন্দীত প্ৰথম ৰঙীন চলচ্চিত্ৰ সংস্কৰণ।
-
ধুৰন্ধৰ
ধুৰন্ধৰ (Dhurandhar; ) হৈছে ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ স্পাই একশ্যন থ্ৰিলাৰ চলচ্চিত্ৰ। জিঅʼ ষ্টুডিঅʼ আৰু বি৬২ ষ্টুডিঅʼৰ বেনাৰৰ অধীনত জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰে এই ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত ৰণবীৰ সিং, অক্ষয় খান্না, আৰ.
-
মাদাৰ ইণ্ডিয়া
মাদাৰ ইণ্ডিয়া (Mother India) হৈছে মেহবুব খানৰ দ্বাৰা পৰিচালিত তথা ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নাৰ্গিছ, সুনীল দত্ত, ৰাজেন্দ্ৰ কুমাৰ আৰু ৰাজ কুমাৰে। মাদাৰ ইণ্ডিয়া মেহবুব খানৰ পূৰ্ববৰ্তী চলচ্চিত্ৰ ঔৰত (১৯৪০) ৰ পুনৰ্নিমাণ।
-
অমৰ প্ৰেম
অমৰ প্ৰেম (Amar Prem) শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ১৯৭২ চনৰ ২৮ জানুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখন ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অৰবিন্দ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত নিশি পদ্ম শীৰ্ষক বঙালী চিনেমাখনৰ পুনৰ্নিমাণ।
-
চুলতান (চলচ্চিত্ৰ)
চুলতান হ'ল ২০১৬ চনত মুক্তি লাভ কৰা এখন ভাৰতীয় চলচ্চিত্ৰ। আলী আব্বাছ জাফৰৰ দ্বাৰা পৰিচালিত তথা আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত চলচ্চিত্ৰখনত চলন্ত খান আৰু অনুষ্কা শৰ্মা হ'ল মুখ্য অভিনেতা-অভিনেত্ৰী। ইয়াত মুখ্য চৰিত্ৰত চলমান খান উপস্থিত আছে, লগতে অনুষ্কা শৰ্মা, অমিত সাধ আৰু ৰণদীপ হুডাও দেখা গৈছে।
-
থ্ৰী ইডিয়টচ্
থ্ৰী ইডিয়টচ্ হৈছে ৰাজকুমাৰ হিৰাণি পৰিচালিত ২০০৯ চনত মুক্তি পোৱা এখন হাস্যধৰ্মী ভাৰতীয় হিন্দী চলচ্চিত্ৰ। থ্ৰী ইডিয়টচ মূলত জনপ্ৰিয় ভাৰতীয় লিখক চেতন ভগতৰ ঊপন্যাস Five Point Someone-What not to do at IIT!ৰ আধাৰত নিৰ্মিত, ছবিখনৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰা মুখ্য ভূমিকাত থকা অভিনেতা অভিনেত্ৰী সকল…
-
বজৰংগী ভাইজান
বজৰংগী ভাইজান (Brother Bajrangi) কবীৰ খানৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। কে ভি ৱিজয়েন্দ্ৰ প্ৰসাদৰ দ্বাৰা লিখিত এই ছবি ছলমান খান আৰু ৰকলাইন ভেংকতেশৰ দ্বাৰা নিৰ্মিত। ছলমান খান, হৰ্ষালী মলহোত্ৰা, কৰীণা কাপোৰ, নাৱাজুদ্দিন ছিদ্দিকী এই ছবিৰ মুখ্য চৰিত্ৰ।
-
ভূল ভুলৈয়া
ভূল ভুলৈয়া হৈছে ২০০৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ছাইক্লজিকেল থ্ৰিলাৰ চলচ্চিত্ৰ, যাৰ পৰিচালক প্ৰিয়দৰ্শন, চিত্ৰনাট্য নীৰজ ৱোৰা আৰু প্ৰযোজক টি ছিৰিজ। এয়া ১৯৯৩ চনত মধু মুত্তমে লিখা আৰু ফাজিলৰ পৰিচালনাত নিৰ্মিত মালয়ালম ভাষাৰ চলচ্চিত্ৰ মণিচিত্ৰথাঝুৰ পুনৰ্নিৰ্মাণ, যিখন ১৯ শতিকাৰ মধ্য ট্ৰেভাংকুৰৰ মাটম…
-
অছুৎ কন্যা
অছুৎ কন্যা ( Achhut Kannya; اچھوت کنیا; अछूत कन्या; অসমীয়া অনুবাদ: অস্পৃশ্য কন্যা) ১৯৩৬ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰ। মুম্বাইৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰাৰম্ভিক কালৰ চুপাৰ-হিট এই ছবিখনত এজনী দলিত ছোৱালীৰ ব্যৰ্থ প্ৰেম আৰু আত্মত্যাগৰ কাহিনী চিত্ৰিত কৰা হৈছে।
-
চক দে ইণ্ডিয়া (চলচ্চিত্ৰ)
চক দে! ইণ্ডিয়া (Chak De! India ) হৈছে ২০০৭ চনত শিমিত আমিনৰ দ্বাৰা পৰিচালিত আৰু আদিত্য চোপ্ৰাই যশ ৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত এখন ভাৰতীয় ক্ৰীড়া ছবি। ছবিখনত শ্বাহৰুখ খানে ভাৰতৰ পুৰুষৰ ৰাষ্ট্ৰীয় ফিল্ড হকী দলৰ প্ৰাক্তন অধিনায়ক কবীৰ খানৰ চৰিত্ৰত অভিনয় কৰিছে।
-
ডাংকী (চলচ্চিত্ৰ)
ডাংকী (Dunki, डंकी) হৈছে ২০২৩ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন ধেমেলীয়া নাট্য চলচ্চিত্ৰ। গাধৰ বিমান নামৰ এক অবৈধ প্ৰব্ৰজন কৌশলৰ ওপৰত ভিত্তি কৰি ছবিখন নিৰ্মিত হৈছে। ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু জিঅ’ ষ্টুডিঅ’ছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা আৰু সম্পাদনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে।
-
দিলৱালে দুলহনিয়া লে জায়েংগে
দিলৱালে দুলহনিয়া লে জায়েংগে (DDLJ) হৈছে আদিত্য চোপ্ৰাৰ পৰিচালনাত ১৯৯৫ চনৰ ২০ অক্টোবৰত মুক্তি পোৱা এখন হিন্দী ছবি। প্ৰযোজক যশ চোপ্ৰা৷ এই ছবিখনত শ্বাহৰুখ খান আৰু কাজল মূল চৰিত্ৰত অভিনয় কৰিছে৷ দিলৱালে দুলহনিয়া লে জায়েংগে ভাৰতৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ছবি।
-
পদ্মাৱত (২০১৮ চনৰ চলচ্চিত্ৰ)
পদ্মাৱত (হিন্দী: पद्मावत) সঞ্জয় লীলা ভণশালীৰ দ্বাৰা পৰিচালিত ২০১৮ চনত মুত্তি লাভ কৰা হিন্দী ভাষাৰ এখন ভাৰতীয় ঐতিহাসিক নাট্য ছবি। মালিক মহম্মদ জায়চীৰ একে নামৰ মহাকাব্যৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুখ্য চৰিত্ৰ, সৌন্দৰ্য্যৰ বাবে পৰিচিত সিংহলীত জন্মগ্ৰহণ কৰা ৰাজপুত ৰাণী তথা মহাৰাৱল ৰতন সিংহৰ পত্নী…
-
ফেশ্বন (চলচ্চিত্ৰ)
ফেশ্বন (Fashion) হ'ল মধুৰ ভাণ্ডাৰকাৰৰ দ্বাৰা নিৰ্দেশিত, সহ-প্ৰযোজিত, সহ-ৰচিত ২০০৮ চনত মুক্তিপ্ৰাপ্ত এখন ভাৰতীয় চলচ্চিত্ৰ। ইয়াত প্ৰিয়ংকা চোপ্ৰা, কংগণা ৰাণাৱট, নৱাগতা মুগ্ধা গডছে, অৰ্জন বজৱা আদিয়ে অভিনয় কৰিছে। ছবিখনে মূল নায়িকা প্ৰিয়ংকা চোপ্ৰাৰ চকুৰে ফেশ্বন বিশ্বৰ এক অন্ধকাৰ দিশৰ ছবি দাঙি ধৰে।
-
ভুৱন সোম
ভুৱন সোম ( Bhuvan Shome ) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ এখন ড্ৰামা চলচ্চিত্ৰ। পৰিচালক মৃণাল সেন। মূল ভূমিকাত অভিনয় কৰিছে উৎপল দত্ত আৰু সুহাসিনী মুলেই। বনফুল ছদ্মনামেৰে জনাজাত বলাই চান্দ মুখোপাধ্যায় ৰচিত বঙালী চুটিগল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। এইখন সুহাসিনী মুলেৰ প্ৰথম ছবি।
-
মহাৰাজ (২০২৪ চলচ্চিত্ৰ)
মহাৰাজ ২০২৪ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন ঐতিহাসিক কথাছবি, যাৰ পৰিচালক সিদ্ধাৰ্থ পি মালহোত্ৰা আৰু প্ৰযিজনা ৱাই আৰ এফ এণ্টাৰটেইনমেণ্টৰ। ইয়াত জয়দীপ আহলাৱত, শালিনী পাণ্ডে আৰু শৰ্ৱৰীৰ সৈতে অভিনয়ৰ প্ৰথম চৰিত্ৰত অভিনয় কৰিছে জুনেইদ খানে।
-
স্ত্ৰী (চলচ্চিত্ৰ)
স্ত্ৰী (Stree) (অনুবাদ. মহিলা) হৈছে ২০১৮ চনৰ ভাৰতীয় হিন্দী ভাষাৰ কমেডী হৰৰ ছবি, যাৰ পৰিচালক অভিষেক অমৰ কৌশিক আৰু প্ৰযোজক দীনেশ বিজন আৰু ৰাজ এণ্ড ডি কে। ইয়াত ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ লগতে পংকজ ত্ৰিপাঠী, অপৰশক্তি খুৰানা আৰু অভিষেক বেনাৰ্জীয়ে অভিনয় কৰিছে।
-
অল উই ইমাজিন এজ লাইট
অল উই ইমাজিন এজ লাইট (All We Imagine as Light) হৈছে পায়ল কাপাডিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ চনৰ এখন ড্ৰামাধৰ্মী চলচ্চিত্ৰ। ছবিখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৃদু হাৰুণে কেইটিমান মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
আখুনি (চলচ্চিত্ৰ)
আখুনি ( Axone) নিক’লাছ খাৰকংগ’ৰ পৰিচালিত মূলতঃ হিন্দী ভাষাৰ এখন হাস্যমধুৰ তথা নাটকীয় উপাদানযুক্ত চলচ্চিত্ৰ। সাৰেগামা ইণ্ডিয়া আৰু য়ুডলি ফিল্মছৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ ২০১৯ চনত লণ্ডন চলচ্চিত্ৰ মহোৎসৱত সম্পন্ন হয়। ২০২০ চনৰ ১২ জুনত আখুনিয়ে নেটফ্লিক্সৰ মাধ্যমেৰে ভাৰতত মুক্তিলাভ কৰে।
-
এক দীৱানা থা
এক দীৱানা থা (হিন্দী: एक दीवाना था) হৈছে ২০১২ চনৰ জানুৱাৰী মাহত মুক্তি পাব লগা এখন হিন্দী ভাষাৰ ৰোমাণ্টীক চলচ্চিত্ৰ। গৌতম মেনন পৰিচালিত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰতিক বাব্বৰ আৰু এমি জেকছনকে। এই ছবিখন গৌতম মেননৰ দ্বাৰাই পৰিচালিত তামিল ভাষাৰ ছবি ভিন্নইথাণ্ডি ভৰুভায়াৰ পুনৰনিৰ্মাণ।
-
চল' দিল্লী
চলো দিল্লী ২০১১ চনত ৰিলিজ হোৱা শশান্ত শ্বাহ পৰিচালিত আৰু ২০১০ চনৰ আমেৰিকান ছবি "দিউ দেট"ৰ (Due Date) আধাৰত নিৰ্মিত কম বাজেটৰ এখন অলপ অগতানুগতিক হিন্দী ছবি। ইয়াত বিনয় পাঠক আৰু লাৰা দত্তই অভিনয় কৰিছে। অভিনেতা অক্ষয় কুমাৰে ইয়াত অতিথি শিল্পী ৰূপে ভূমুকি মাৰিছে।
-
চাৰুলতা
চাৰুলতা (Charulata) ১৯৬৪ চনত মুক্তি পোৱা সত্যজিৎ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নস্তনীড় শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, মাধৱী মুখাৰ্জী আৰু শৈলেন মুখাৰ্জীয়ে। এই ছবিখনক সত্যজিৎ ৰায়ৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়।
-
ছাইয়াৰা
ছাইয়াৰা (Saiyaara) হʼল মোহিত সূৰীৰ দ্বাৰা পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ সংগীতধৰ্মী ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত নৱাগত অভিনেতা আহান পাণ্ডে আৰু অভিনেত্ৰী অনীত পাড্ডাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।