অসমৰ উৎসৱসমূহ
৯৪ প্ৰবন্ধ
-
দুৰ্গা পূজা
দুৰ্গা পূজা (দুৰ্গোৎসৱ) হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি উদযাপিত এক বৃহৎ ধৰ্মীয়-সামাজিক উৎসৱ। ই বিশেষকৈ শৰৎকালৰ শাৰদীয় ৰূপত ভাৰতীয় উপমহাদেশৰ বহু অঞ্চলত ব্যাপক জনসমাগম, শিল্প-সংস্কৃতি আৰু সামূহিক অংশগ্ৰহণৰ উৎসৱৰূপে প্ৰতিষ্ঠিত।
-
বিহু
বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমৰ জনজীৱনৰ কৃষিভিত্তিক বাৰ্ষিক ঋতুচক্ৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে একেলগে উদযাপন কৰিব পৰা এই উৎসৱে অসমৰ সাংস্কৃতিক ঐক্য, লোকাচাৰ আৰু সংগীত-নৃত্য পৰম্পৰাৰ এক প্ৰধান বাহক ৰূপে পৰিচয় দিয়ে।
-
মাঘ বিহু
মাঘ বিহু (ভোগালী বিহু) অসমত পুহ-মাঘ সংক্ৰান্তিৰ সময়ত পালন কৰা শস্য-উৎসৱ, যাৰ কেন্দ্ৰত ভোজ-ভাত আৰু অগ্নি-অনুষ্ঠান আছে। উৰুকাৰ সমূহীয়া ভোজ আৰু পৰদিনাৰ মেজি-পোৰা এই উৎসৱৰ মুখ্য বৈশিষ্ট্য, আৰু ই অসমীয়াৰ ঐক্যবোধ, লোকাচাৰ আৰু কৃষিজীৱন-সংস্কৃতি প্ৰকাশ কৰে।
-
গৰু বিহু
বিহু অসমৰ জাতীয় উৎসৱ। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়।
-
ৰাসোৎসৱ
ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদ্যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়।
-
কাতি বিহু
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদ্যাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।
-
দেউল
ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে। সেই দিনাৰ পৰা পৰম্পৰাগভাৱে ইয়াক পালন কৰি অহা হৈছে।
-
হুঁচৰি
হুঁচৰি অসমৰ ৰঙালী বিহু বা বহাগ বিহুৰ এক অবিচ্ছেদ্য লোক-সাংস্কৃতিক পৰম্পৰা। ই অসমীয়া লোকসংগীত আৰু লোকাচাৰৰ এক গুৰুত্বপূৰ্ণ অংগ। বহাগ বিহুৰ সময়ত একোটা গাঁৱৰ ডেকা, যুৱক আৰু বহু ঠাইত বয়োজ্যেষ্ঠসকলেও একেলগে ঢোল, পেঁপা, গগনা, তাল, টকা, বাঁহী আদি বাদ্যযন্ত্ৰ লৈ দল বান্ধি ঘৰে ঘৰে গৈ হুঁচৰি গায়।
-
আলি আঃয়ে লৃগাং
আলি আঃয়ে লৃগাং (ইংৰাজী: Ali Aye Ligang) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এক কৃষি ভিত্তিক উৎসৱ। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে।
-
বাথৌ পূজা
বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে।
-
মে ডাম মে ফি
মে ডাম মে ফি ( 𑜉𑜦𑜧 𑜓𑜪 𑜉𑜦𑜧 𑜇𑜣 Máe Dām Máe Phi) হ’ল টাই-আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস প্ৰাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে। কনফুচিয়াছৰ শিক্ষা সমুহ আজিও আহোম সমাজে পালন কৰে।
-
অম্বুবাচী
অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়।এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।
-
কৰম পূজা
কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন বৃদ্ধি হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়।
-
খেৰাই
খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্যাপন কৰা হয়। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য।
-
ভেকুলী বিয়া
ভেকুলী বিয়া প্ৰধানতঃ ভাৰত আৰু নেপালত প্ৰচলিত এক লোকাচাৰ। অসমৰ বহু ঠাইত বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে।
-
মহো-হো উৎসৱ
মহো-হো (Mohoho) বা ম'হ খেদা উৎসৱ নামনি অসমৰ কলিতা জনগোষ্ঠীয় এক লোককৃষ্টি বা উৎসৱ। আঘোণ মাহৰ পূৰ্ণিমাৰদিনা ৰাতি কলিতা জনগোষ্ঠীয় লোকসকলে ঘৰে ঘৰে গৈ মহো-হো গীত গাই এই উৎসৱ পালন কৰে। গঞাসকলে চোতালে চোতালে মহোহো প্ৰদৰ্শন কৰি গৃহস্থক ধনে-ধানে সমৃদ্ধিশালী হ'বলৈ আশীৰ্বাদ দিয়ে।
-
ৰিক খ্বন
ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়।
-
খ্ৰীং খ্ৰীং বাইথ' পূজা
খ্ৰীং খ্ৰীং বাইথ' পূজা হৈছে সোনোৱাল কছাৰীৰ লোক-সমাজত প্ৰচলিত এক কৃষিভিত্তিক ধৰ্মীয় উৎসৱ তথা সোনোৱাল কছাৰী জনগোষ্ঠীৰ নৱবৰ্ষৰ আৰম্ভনি উৎসৱ। এই উৎসৱ বাইথ' থান নামৰ পৰম্পৰাগত দেউশালত অনুষ্ঠিত কৰা হয় আৰু এই উৎসৱত লগত হাইদাং নামৰ এবিধ গীত গোৱা হয়।
-
ভঠেলি
ভঠেলি (Bhatheli) বা পাউৰা তোলা হ’ল হিন্দু ধৰ্মত প্ৰচলিত বাঁহ গছক দেৱতা জ্ঞান কৰি কৰা এক ধৰণৰ পূজা। প্ৰধানকৈ নামনি অসমত এই পূজাৰ প্ৰচলন দেখা যায়।
-
টুচু পূজা
টুচু পূজা হৈছে চাহ জনজাতিসকলৰ এক প্ৰধান মাংগলিক উৎসৱ। টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰবক পৌৰ পৰৱ বুলিও কোৱা হয়। চাহ জনজাতিসকলে টুচুক এগৰাকী দেৱীৰূপে পূজা কৰে।
-
ন-খোৱা উৎসৱ
ন-খোৱা হৈছে অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ। আঘোণমাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যকে ন-খোৱা বুলি কোৱা হয়। এই উৎসৱক কৃষিজীৱি লোকসকলৰ কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়।
-
নন্দোৎসৱ
শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ প্ৰচলিত: জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। জন্মাষ্টমীৰ পিছদিনা ৰাতিপুৱাৰেপৰা সত্ৰ আৰু নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। ল'ৰা-ছোৱালীসকলে সেইদিনা বোকা ভাওনা বা পেক যাত্ৰা কৰে। অৱশ্যে বোকাৰ লগত গোবৰ অথবা আনদ্ৰব্য মিশ্ৰণ কৰাৰ নিয়ম নাই।
-
বাৰেচহৰীয়া ভাওনা মহোৎসৱ
বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। 'বাৰে' মানে অনেক আৰু 'চহৰীয়া' মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰিহাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।
-
বৈচাগু
বৈচাগু (बैसागु; Bwisagu) অসমৰ বড়ো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ। বৈচাগু মানে হ’ল নৱবৰ্ষৰ আৰম্ভণি। ইয়াৰে ‘বৈচা’ শব্দই নতুন বছৰ আৰু ‘আগে’ বা ‘আগু’ শব্দই আৰম্ভণি বুজায়। এই উৎসৱ চ’ত মাহৰ শেষৰ দিনাৰ পৰা বহাগ মাহৰ ষষ্ঠদিনালৈ (এপ্ৰিল মাহৰ মাজভাগত) সাতদিন জুৰি চলে।
-
সবাহ
সবাহ হৈছে অসমৰ লোক সকলে জনবিশ্বাস অনুসৰি পালন কৰা এক অনুষ্ঠান। সাধাৰণতে সবাহৰ সৈতে কিছুমান ধৰ্মীয় লোক বিশ্বাস জড়িত হৈ আছে।
-
অপেশ্বৰী সবাহ
অপেশ্বৰী সবাহ বা অপেচৰা সবাহ হৈছে অসমীয়া সমাজত লোকবিশ্বাস অনুসৰি পতা এক অনুষ্ঠান। অসমীয়া লোকসকলৰ মাজত ল'ৰা-ছোৱালী শুকাই-খীণাই গ'লে বা কোনো বেমাৰ আজাৰ হ'লে বা বয়স অনুসাৰে মাত নুফুটিলে বা ছোৱালী সন্তান পুষ্পিতা হোৱাৰ সময় উকলি গ'লে সৰগৰ অপেশ্বৰীৰ কুদৃষ্টি পৰা বুলি জনবিশ্বাস প্ৰচলিত।
-
দিহিং পাটকাই উৎসৱ
দিহিং পাটকাই উৎসৱ (Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে। ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্যাপন কৰি অহা হৈছে।
-
পহেলা বৈশাখ
পহেলা বৈশাখ (Pohela Boishakh) বা পয়লা বৈশাখ হৈছে বিশ্বজুৰি বাঙালী জনসাধাৰণে পালন কৰা বাংলা নৱবৰ্ষ। এই উৎসৱ বাংলাদেশত ১৪ এপ্ৰিল আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু অসম (গোৱালপাৰা আৰু বৰাক উপত্যকা) ৰাজ্যত ১৫ এপ্ৰিলত বন্ধৰ দিন হিচাপে পালন কৰা হয়।
-
ৰংকেৰ
ৰংকেৰ হৈছে অসমৰ কাৰ্বি লোকসকলৰ দ্বাৰা উদযাপিত এক শীতকালীন আনন্দোৎসৱ। এই উৎসৱক ৰংকেৰ কাছিৰদম আৰু দেহাল পূজা বা দেহাল হিচাপেও জনা যায়। বিশেষকৈ ডামৰা লঙৰি হিচাপে পৰিচিত কামৰূপ মহানগৰ জিলা আৰু মেঘালয়ৰ ৰি-ভই জিলাৰ অধিবাসী কাৰ্বিসকলে এই উৎসৱক দেহাল হিচাপে পালন কৰে।
-
গৰখীয়া সবাহ
গৰখীয়া সবাহ প্ৰধানকৈ উজনি অসমত প্ৰচলিত এটা অনুষ্ঠান। এই অনুষ্ঠান ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ কৰা হয়। অসমৰ বিভিন্ন ঠাইত এই উৎসৱ ৰাজহুৱাভাৱে পালন কৰা হয়।