ভাৰতৰ লোকনৃত্য
৫৫ প্ৰবন্ধ
-
বিহু নৃত্য
বিহু নৃত্য(bihu dance) হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।
-
ঝুমুৰ
ঝুমুৰ অসমৰ চাহ জনজাতিসকলৰ নৃত্যবিশেষ। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদ্যাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয়। মূলতঃ স্ত্ৰীপ্ৰধান হ'লেও পুৰুষেও ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰে।
-
গিদ্ধা
গিদ্ধা (Giddha) ভাৰত আৰু পাকিস্তানৰ পঞ্জাব অঞ্চলত প্ৰচলিত মহিলাসকলৰ এক জনপ্ৰিয় লোক নৃত্য। গিদ্ধা নৃত্য প্ৰাচীন ৰিং নৃত্যৰ উত্তৰাধিকাৰী বুলি গণ্য কৰা হয়। ই ভাংৰাৰ দৰেই উত্তেজনাপূৰ্ণ আৰু একে সময়তে ই সৃজনশীলভাৱে নাৰীসূলভ কৰুণা, সৌন্দৰ্য আৰু নমনীয়তা প্ৰদৰ্শন কৰে। এইটো অতি ৰঙীন নৃত্যৰ প্ৰকাৰ।
-
ভাংৰা নৃত্য
ভাংৰা (Bhangra) বা ভাংড়া পঞ্জাৱৰ এক প্ৰকাৰৰ পৰম্পৰাগত লোক নৃত্য। এই নৃত্যৰ উৎপত্তি পঞ্জাৱৰ ছিয়ালকোট অঞ্চলত হৈছিল। ভাংৰা নৃত্য শস্য চপোৱাৰ বতৰত কৰা হয়। ভাংৰা নৃত্য বিশেষকৈ বসন্তকালীন বৈশাখী উৎসৱৰ সৈতে সম্পৰ্কিত।
-
গৰবা
গৰবা (Garba) ভাৰতৰ গুজৰাট ৰাজ্যৰ পাৰম্পৰিক লোকনৃত্য। গৰবা নামটো সংস্কৃত শব্দ 'গৰ্ভ' আৰু 'দীপ'ৰ পৰা আহৰণ কৰা হৈছে। এই নৃত্য বিশেষকৈ নৱৰাত্ৰিত কেন্দ্ৰীয়ভাৱে জ্বলোৱা চাকি বা দেৱী শক্তিৰ ছবি বা মূৰ্তিৰ চাৰিওফালে পৰম্পৰাগতভাৱে ঘূৰি ঘূৰি কৰা হয়।
-
ঘুমৰ নৃত্য
ঘুমৰ নৃত্য (Ghoomar) ভাৰতৰ ৰাজস্থানত প্ৰচলিত একপ্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য। আৰম্ভণিতে ভিল জনজাতিৰ লোকসকলে দেৱী সৰস্বতীক উপাসনা কৰিবলৈ এই নৃত্য কৰিছিল। পিছলৈ আন ৰাজস্থানী সম্প্ৰদায়ৰ লোকসকলেও ইয়াক গ্ৰহণ কৰে। ঘাঘৰা নামৰ প্ৰবাহিত পাৰম্পৰিক পোছাক পিন্ধি ওৰণিলোৱা মহিলাসকলে ঘুমৰ নৃত্য প্ৰদৰ্শন কৰে।
-
দাণ্ডিয়া ৰাস
দাণ্ডিয়া ৰাস (Dandiya Raas) বা ৰাস ভাৰতৰ গুজৰাট ৰাজ্যত উদ্ভৱ হোৱা আৰু নৱৰাত্ৰি উৎসৱত জনপ্ৰিয়ভাৱে প্ৰদৰ্শন কৰা সামাজিক তথা ধৰ্মীয় লোক নৃত্য। ৰাজস্থানৰ মাৰৱাৰ অঞ্চলতো এই নৃত্য প্ৰদৰ্শন কৰা হয়। দাণ্ডিয়া ৰাসত পুৰুষ আৰু মহিলাসকলে হাতত সৰু লাঠি লৈ বৃত্তাকাৰত নৃত্য প্ৰদৰ্শন কৰে।
-
বাগৰুম্বা
বাগৰুম্বা (बागुरुम्बा) হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। 'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা।
-
লাৱনী
লাৱনী (लावणी, Lavani) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এক জনপ্ৰিয় লোকগীত আৰু নৃত্যৰ ধাৰা। ই হৈছে এক পাৰম্পৰিক গান আৰু নৃত্যৰ সংমিশ্ৰণ, যি বিশেষকৈ ঢোল্কি নামৰ এক বিশেষ বাদ্যৰ লগত পৰিৱেশন কৰা হয়। লাৱনী ইয়াৰ শক্তিশালী ছন্দৰ বাবে উল্লেখযোগ্য। মাৰাঠী লোক-থিয়েটাৰ বিকাশত লাৱনীৰ যথেষ্ট অৱদান আছে।
-
চাম নৃত্য
চাম নৃত্য (Cham dance) তিব্বতীয় বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ উৎসৱৰ লগত জড়িত পৰম্পৰাগত লোকনৃত্য। তিব্বতীয় কিছুমান সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত জীৱন্ত মুখাযুক্ত আৰু পোছাক পৰিহিত চাম নৃত্য চীন, ভাৰত আৰু ভূটানত প্ৰচলিত। নৃত্যৰ সৈতে পৰম্পৰাগত তিব্বতীয় বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি সন্ন্যাসীসকলে লোক সংগীত গায়।
-
ডোমকচ
ডোমকচ (Domkach) বিহাৰ আৰু ঝাৰখণ্ড ৰাজ্যত প্ৰচলিত পৰম্পৰাগত লোক নৃত্য। বিহাৰৰ মিথিলা আৰু ভোজপুৰ অঞ্চলত ডোমকচ নৃত্য কৰা হয়। ঝাৰখণ্ডত ইয়াক নাগপুৰী লোকনৃত্য বুলি কোৱা হয়। উত্তৰ প্ৰদেশৰ লোকসকলে ডোমকচ নৃত্যেৰে তেওঁলোকৰ বিভিন্ন উৎসৱ উদযাপন কৰে।
-
কালবেলিয়া
কালবেলিয়া হৈছে ভাৰতৰ ৰাজস্থানৰ থৰ মৰুভূমিৰ এটা সাপৰ খেল দেখুওৱা জনজাতি আৰু তেওঁলোকে প্ৰদৰ্শন কৰা এক লোক নৃত্য। নৃত্য তেওঁলোকৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ আৰু পুৰুষ আৰু মহিলা উভয়ৰ দ্বাৰা এই নৃত্য পৰিৱেশন কৰা হয়।
-
কিকলী
কিক্কলি নৃত্য (Kikkli; পাঞ্জাবী ভাষাত ইয়াৰ প্ৰকৃত উচ্চাৰণ কিক-লি) পঞ্জাৱৰ এক ক্ৰীড়াসুলভ লোকনৃত্য৷ এই নৃত্যত সাধাৰণতে দুজনী যুৱতী ছোৱালীয়ে অংশ গ্ৰহণ কৰে৷ কিক্কলি নৃত্যত দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ দুয়ো দুয়োৰে হাতদুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি খামুচি ধৰে আৰু ভৰিৰে মাটিত খোপনি পুতি…
-
গোটিপুৱা নৃত্য
গোটিপুৱা নৃত্য ( Gotipua) হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ এটা পৰম্পৰাগত নৃত্যৰ ধৰণ আৰু ওডিচি শাস্ত্ৰীয় নৃত্যৰ পূৰ্বসূৰী। যুগ যুগ ধৰি ওড়িশাত সৰু ল’ৰা-ছোৱালীয়ে পৰিবেশন কৰি আহিছে, যিসকলে মহিলাৰ সাজ-পোছাক পৰিধান কৰি জগন্নাথ আৰু কৃষ্ণৰ প্ৰশংসা কৰে।
-
চেৰাউ নৃত্য
চেৰাউ নৃত্য (Cheraw dance) মিজোৰামৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য। বাঁহৰ সৈতে নচা এই নৃত্যবিধ বাঁহ নৃত্য বুলিও জনপ্ৰিয়। ৰাজ্যখনৰ প্ৰতিটো উৎসৱতে ই এক প্ৰচলিত নৃত্য। মিজো যুৱক যুৱতী একেলগে মিলি এই নৃত্য কৰে। মিজোৰামৰ প্ৰাচীনতম নৃত্যবোৰৰ এটা এই নৃত্যবিধ ৰাজ্যখনৰ প্ৰতিটো উৎসৱৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে।
-
থাবল চোংবা
থাবল চোংবা (Thabal chongba) ভাৰতৰ মণিপুৰ ৰাজ্যৰ পাৰম্পৰিক নৃত্য। থাবাল চোংগবাৰ আক্ষৰিক অৰ্থ হৈছে 'জোন পোহৰৰ তলত নৃত্য'। পুৰুষ আৰু মহিলাসকলৰ লগত এক বৃত্তত ৰৈ, হাত ধৰা-ধৰিকৈ এই নৃত্য কৰা হয়। থাবাল চোংগবা বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ লোকউৎসৱ য়াওচাংৰ লগত জড়িত।
-
থিৰায়াট্টম
থিৰায়াট্টম ভাৰতৰ কেৰালা ৰাজ্যৰ দক্ষিণ মালাবাৰ অঞ্চলত প্ৰতি বছৰে পৰিৱেশন কৰা এক লোক পৰম্পৰা। নৃত্য, অভিনয়, গীত, বাদ্য, মুখা অংকন, যুদ্ধ কলা আৰু আচাৰ-অনুষ্ঠানৰ সংমিশ্ৰণেৰে ই এক জনজাতীয় পৰিৱেশ্য কলা।
-
পুলি কালি
পুলি কালি বা পুলিক্কালি (Puli Kali) ভাৰতৰ কেৰালা ৰাজ্যৰ এক মনোৰঞ্জনমূলক লোককলা। প্ৰশিক্ষিত শিল্পীসকলে মুখ্যতঃ ভাৰতীয় ৰাজ্য কেৰালাত উদযাপন কৰা বাৰ্ষিক কৃষিভিত্তিক উৎসৱ ওনাম উপলক্ষে মানুহক মনোৰঞ্জন কৰিবলৈ প্ৰদৰ্শন কৰে।
-
মহাৰী নৃত্য
মহাৰী ( Mahari) হৈছে পূব ভাৰতৰ ওড়িশা ৰাজ্যত গঠন কৰা এক আচাৰ-ব্যৱহাৰৰ নৃত্য। যিটো আগতে পুৰীৰ ভগৱান জগন্নাথৰ মন্দিৰত মহৰি নামৰ দেৱদাসী নৃত্যশিল্পীসকলে পৰিৱেশন কৰিছিল। দেৱদাসী ব্যৱস্থা বিলুপ্ত হোৱাৰ পিছত জগন্নাথ মন্দিৰত এই নৃত্য বন্ধ কৰি দিয়া হৈছে যদিও বৰ্তমান বহু স্থানত মঞ্চত পৰিবেশন কৰা হয়।
-
কোলাট্টম
কোলাট্টম ( Kolattam) হৈছে প্ৰধানকৈ তামিলনাডু আৰু কেৰালাত প্ৰচলিত এক প্ৰাচীন লোকনৃত্য। সাধাৰণতে মহিলাসকলে প্ৰতিখন হাতত এটাকৈ দুটা সৰু কাঠৰ লাঠি ব্যৱহাৰ কৰি সম্পন্ন কৰে। সাধাৰণতে নৃত্যশিল্পীসকলে বৃত্তৰ দৰে থিয় হৈ লোকগীত গোৱাৰ সময়ত লাঠিবোৰ ইটোৱে সিটোৰ ওপৰত ক্ৰিছক্ৰছ কৰি এটা নিৰ্দিষ্ট ছন্দ সৃষ্টি কৰে।
-
গোপলীলা
গোপলুলা (ওড়িয়া: ଗୋପଲୀଳା) যাক কৃষ্ণলীলা বুলিও কোৱা হয়, হৈছে ওড়িশা ৰাজ্যৰ এটা পৰম্পৰাগত ভ্ৰমণশীল হাতমোজা পৰিহিত পুতলা নাট্যকলাৰূপ। গোপলীলা মূলতঃ উপকূলীয় জিলাসমূহ যেনে কটক, পুৰী, কেন্দ্ৰাপাড়া, গঞ্জাম আৰু ঢেঙ্কানাল জিলাত অধিক প্ৰচলিত।
-
ধালো নৃত্য
ধালো নৃত্য (Dhalo) হৈছে ভাৰতৰ গোৱাৰ হিন্দুসকলৰ এক জনপ্ৰিয় লোক নৃত্য। নৃত্যটো মহিলাসকলে তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰি পৰিৱেশন কৰে। নৃত্য কৰা গানবোৰ সাধাৰণতে কোংকণী বা মাৰাঠী ভাষাত গোৱা হয়। এই গানৰ বিষয়বস্তুবোৰ সাধাৰণতে ধৰ্মীয় বা সামাজিক প্ৰকৃতিৰ হয়।
-
ফুগড়ি
ফুগডি (Fugdi) ভাৰতৰ মহাৰাষ্ট্ৰ আৰু গোৱাত প্ৰচলিত পাৰম্পৰিক লোকনৃত্য। গণেশ চতুৰ্থী আৰু ব্ৰতৰ দৰে হিন্দু ধৰ্মীয় উৎসৱৰ সময়ত বা ধালো নৃত্যৰ দৰে অন্যান্য নৃত্যৰ শেষত কোংকণ অঞ্চলৰ মহিলাসকলে এই নৃত্য প্ৰদৰ্শন কৰে।
-
বিঝু নৃত্য
বিঝু নৃত্য (Bizhu dance) ভাৰত আৰু বাংলাদেশৰ চাকমা জনগোষ্ঠীৰ লোকসকলৰ পাৰম্পৰিক লোকনৃত্য। এই নৃত্য চাকমা লোকসকলে তেওঁলোকৰ নতুন বছৰত পালন কৰা বিঝু উৎসৱৰ সময়ত পৰিৱেশন কৰে। বিঝু ত্ৰিপুৰাৰ অন্যতম পৰম্পৰাগত নৃত্য।
-
ভৱাই নৃত্য
ভৱাই নৃত্য উত্তৰ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ ধাৰা। এই নৃত্যশৈলী অত্যন্ত কঠিন আৰু ইয়াৰ পৰিবেশন পদ্ধতি ৰোমাঞ্চকৰ। নৃত্যৰ সময়ত, নৃত্যশিল্পীসকলে মাটিৰ পাত্ৰ বা ধাতুৰ কলহ মূৰত সজাই চাৰিওফালে ঘূৰি ঘূৰি নাচে।
-
মটকি নৃত্য
মাটকি নৃত্য ( Matki Dance) মধ্যপ্ৰদেশৰ মালৱা জনগোষ্ঠীৰ মহিলাসকলৰ মাজত প্ৰচলিত এক নৃত্য৷ সাধাৰণতে বিবাহ অনুষ্ঠানত এই নৃত্য প্ৰদৰ্শন কৰা হয়৷ নৃত্যত ভাগ লোৱা মহিলাসকলে মুখত দীঘল ওৰণী লৈ মূৰত মাটিৰে নিৰ্মিত পানী অনা কলহ লৈ নৃত্য কৰে৷ এই নৃত্যৰ “আড়া’’ আৰু “খাড়া নাচ’’ নামৰ দুটা প্ৰকাৰ আছে৷ মাটকি শব্দৰ…
-
অসমৰ লোকনৃত্য
অসমৰ লোকনৃত্য (Folk dances of Assam)ৰ ভিতৰত বিহু আৰু বাগৰুম্বা (বসন্ত কালত অনুষ্ঠিত হোৱা উৎসৱৰ সময়ত দুয়োটা নৃত্য কৰা), ভোৰতাল, ওজাপালি নৃত্য। অসমত হিন্দু-মুছলমান, ভাৰত-আৰ্য্য, ৰাভা, বডো, ডিমাছা, কাৰ্বি, মিছিং, সোণোৱাল কছাৰী, মিশ্মী আৰু তিৱা (লালুং) ইত্যাদি বহুতো লোকৰ বাসস্থান।
-
অৱা নৃত্য
অৱা নৃত্য ( Owa Dance) ত্ৰিপুৰাৰ স্থানীয় জনগোষ্ঠী মগসকলৰ পৰম্পৰাগত “অৱা উৎসৱ’’ৰ লগত পৰিৱেশিত নৃত্য৷ অৱশ্যে এই নৃত্য বৰ্তমান সময়ত লুপ্তপ্ৰায়৷ “অৱা চো লাব্ৰে’’ নামৰ বুদ্ধদেৱৰ পূজাৰ সময়ত সম্ভৱতঃ এই নৃত্য পৰিৱেশন কৰা হৈছিল৷ এই অৱা উৎসৱ সমগ্ৰ মগ জনগোষ্ঠীৰ বাৰ্ষিক উৎসৱ৷ এই উৎসৱত লোকগীত আৰু লোকনৃত্যৰ…
-
এৰুথুকালি
এৰুথুকালি (ইংৰাজী: Erutukali, কেতিয়াবা এৰুথু কালি বুলিও লিখা হয়) হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এটা লোকশিল্প। এই লোকনৃত্য আৰু লোকানুষ্ঠানটো মূলতঃ মাভিলাৰ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়।
-
কাই চিলাম্বত্তম
কাই চিলাম্বত্তম ( Kai silambattam ) হৈছে প্ৰধানকৈ তামিলনাডুত পৰিবেশিত এক প্ৰাচীন লোকনৃত্য। সাধাৰণতে মহিলাসকলে হাতত ছিলাম্বু (এবিধ ভৰিৰ গোৰোহা) লৈ ইয়াক সম্পন্ন কৰে। নৃত্যশিল্পীসকলে সাধাৰণতে নিৰ্দিষ্ট ছন্দ সৃষ্টি কৰিবলৈ ভৰিৰ গোৰোহা ব্যৱহাৰ কৰে।