এক ডাক্তৰ কি মৌত (Ek Doctor Ki Maut; অনু. এজন ডাক্তৰৰ মৃত্যু) ১৯৯০ চনত মুক্তি পোৱা তপন সিনহাৰ এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত এজন চিকিৎসকে তেওঁৰ গৱেষণাই স্বীকৃতি পোৱাৰ পৰিৱৰ্তে বহিস্কাৰ আমোলাতান্ত্ৰিক গুৰুত্বহীনতা, ভাবুকি আৰু অপমান পোৱাৰ ঘটনাৱলী চিত্ৰায়িত কৰা হৈছে।১ ১৯৮২ চনৰ ৰামপদ চৌধুৰী গল্প অভিমন্যুৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।২ ছবিখন ইন ভিট্ৰ’ ফাৰ্টিলাইজেছন চিকিৎসাৰ পথ প্ৰদৰ্শক ভাৰতীয় চিকিৎসক ডাঃ সুভাষ মুখোপাধ্যায়ৰ জীৱনৰ ওপৰত শিথিলভাৱে আধাৰিত। উল্লেখনীয় যে প্ৰায় সেই একে সময়তে আন এজন আগশাৰীৰ বিজ্ঞানী ডাঃ ৰবাৰ্ট এডৱাৰ্ডে ইংলেণ্ডত এই বিষয়টোৰ ওপৰত পৃথক পৰীক্ষা চলাই আছিল।৩৪
অভিনয় শিল্পী
- পংকজ কাপুৰ (ডাঃ দীপাংকৰ ৰায়)
- শাবানা আজমী (সীমা)
- অনিল চেটাৰ্জী (ডাঃ কুণ্ডু)
- ইৰাফান খান )অমূল্য)
- দীপা শ্বাহী
- বিজয়েন্দ্ৰ ঘাটগে (ডাঃ সেন)
- সুশান্ত সান্যাল
- কৌশিক কুমাৰ সিং
বঁটা
৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৯০)
- দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (ৰজত কমল)
- শ্ৰেষ্ঠ পৰিচালক- তপন সিনহা (ৰজত কমল)
- বিশেষ জুৰী বঁটা- পংকজ কাপুৰ
তথ্যসূত্ৰ
- ↑ Gupta, Uttaran Das. (2019-01-11). 'Ek Doctor Ki Maut' and the dangers of bureaucracy superseding science. Business Standard India
- ↑ (29 July 2018). 'Ek doctor ki maut' writer Ramapada Chowdhury passes away at 95. The Indian Express
- ↑ Times News Network. (14 October 2003). Honour fails to cheer doctor's wife. The Times of India
- ↑ (4 October 2010). Subhash Mukhopadhyay - the unlucky doctor behind India's first Test-tube baby. Sify
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এক ডাক্তৰ কি মৌত” প্ৰবন্ধৰ সংশোধন ৫০৮২৬৭ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।