বঙালী চলচ্চিত্ৰ
৯৬ প্ৰবন্ধ
-
পথেৰ পাঁচালী
পথেৰ পাঁচালী (Pather Panchali)) ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। বিভূতিভূষণ বন্দ্যোপাধ্যায়ৰ দ্বাৰা ৰচিত পথেৰ পাঁচালী নামৰ উপন্যাসখনৰ অৱলম্বনত নিৰ্মিত এই বোলছবিখন সত্যজিৎ ৰায় পৰিচালিত প্ৰথম চলচ্চিত্ৰ।
-
অপুৰ সংসাৰ
অপুৰ সংসাৰ (Apura Sansar or The World of Apu ) ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত আৰু বঙালী ভাষাত নিৰ্মিত এখন ধ্ৰুপদী চলচ্চিত্ৰ। পৰিচালনা আৰু ৰচনা সত্যজিত ৰায়ৰ। অপু নামৰ চৰিত্ৰ এটাক কেন্দ্ৰ কৰি ৰায়ে নিৰ্মাণ কৰা অপু ত্ৰিল’জীৰ এইখন তৃতীয় ছবি। ইয়াত অপুৰ যুবাৱস্থাৰ চিত্ৰায়ণ কৰা হৈছে।
-
মহানগৰ
মহানগৰ Mahanagar) ১৯৬৩ চনত সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি; মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধৱী মুখাৰ্জীয়ে।
-
জলসাঘৰ
জলসাঘৰ (The Music Room) বঙালী লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত সত্যজিৎ ৰায়ৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মিত এখন ভাৰতীয় বঙালী নাট্যধৰ্মী ছবি; য’ত ছবি বিশ্বাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। এইখন সত্যজিৎ ৰায়ৰ চতুৰ্থ পূৰ্ণদৈৰ্ঘ্য ছবি।
-
বিচাৰক
বিচাৰক ( Bicharak ) প্ৰভাত মুখাৰ্জী পৰিচালিত বঙালী ভাষাৰ চাইক’লজীকেল থ্ৰিলাৰ ছবি। তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক আছিল অৰুন্ধতী দেৱী।
-
সীমাবদ্ধ
সীমাবদ্ধ ( Seemabaddha; ইংৰাজী শীৰ্ষক: Seemabaddha ) মণি শংকৰ মুখাৰ্জীৰ উপন্যাস সীমাবদ্ধৰ আধাৰত নিৰ্মিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখন ১৯৭১ চনত মুক্তি পাইছিল। ইয়াত বৰুণ চন্দ, হৰিন্দ্ৰনাথ চট্টোপাধ্যায়, আৰু শৰ্মিলা ঠাকুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
আগন্তুক
আগন্তুক ( Agantuk) ১৯৯১ চনত মুক্তি পোৱা সত্যজিত ৰায় ৰচিত আৰু পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অতিথি নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন এই কাৰণেই বৈশিষ্ট্যপূৰ্ণ যে, আগন্তুক আছিল ৰায়ৰ শেষ ছবি।
-
আপনজন
আপনজন বা সৰল ৰূপত আপোনজন (Apanjan) ১৯৬৮ চনৰ তপন সিনহা পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ এখন আৰ্থ-ৰাজনৈতিক নাট্যধৰ্মী ছবি। কে.এল কাপুৰ প্ৰডাকচনৰ বেনাৰত আৰ.কে কাপুৰে প্ৰযোজনা কৰা ছবিখন ইন্দ্ৰ মিত্ৰ ৰচিত পশ্চিম বংগত সংঘটিত ৰাজনৈতিক হিংসাৰ দ্বাৰা অনুপ্ৰাণিত এটা চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
কালপুৰুষ (চলচ্চিত্ৰ)
কালপুৰুষ (Kaalpurush; ইংৰাজী নাম:Memories in the Mist) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত আৰু ৰচিত আৰু ২০০৫ চনত নিৰ্মিত বঙালী ভাষাৰ চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন চক্ৰৱৰ্তী আৰু ৰাহুল বসুৱে। টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ ১২০ মিনিটৰ সংস্কৰণটো প্ৰদৰ্শিত হৈছিল।
-
কেলোৰ কীৰ্তি
কেলোৰ কীৰ্তি হৈছে ৰাজা চন্দৰ দ্বাৰা পৰিচালিত ২০১৬ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন হাস্যৰসাত্মক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মহতা আৰু নিস্পাল সিঙে ছবিখনৰ প্ৰযোজনা কৰে।
-
কোৰাচ (চলচ্চিত্ৰ)
কোৰাচ ( Chorus ) ১৯৭৪-ত মুক্তি পোৱা মৃণাল সেন পৰিচালিত এখন সমান্তৰাল ধাৰাৰ বঙালী চলচ্চিত্ৰ। মৃণাল সেন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও ই ৯ম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল আৰু ৰূপৰ পদক পাইছিল।
-
ঘৰে বাইৰে
ঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে।
-
তিন কন্যা
তিন কন্যা ( Teen Kanya) ১৯৬১ চনত মুক্তি পোৱা সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় বাংলা চলচ্চিত্ৰ। ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত। শিৰোনামটোৰ অৰ্থ হৈছে "তিনিজনী ছোৱালী" আৰু ছবিখনৰ মূল ভাৰতত মুক্তি পোৱা সংস্কৰণত তিনিটা কাহিনী আছিল।
-
দেৱদাস (১৯৩৫ চনৰ চলচ্চিত্ৰ)
দেৱদাস ১৯৩৫ চনত প্ৰমথেশ বৰুৱাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বাংলা সাহিত্যিক শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত প্ৰমথেশ বৰুৱাৰ চিত্ৰনাট্য ৰচনা কৰিছিল।
-
দেৱী (১৯৬০ চলচ্চিত্ৰ)
দেৱী ( Devi ) ১৯৬০ চনত মুক্তি পোৱা পৰিচালক সত্যজিৎ ৰায়ে পৰিচালনা কৰা এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ, সৌমিত্ৰ চেটাৰ্জী আৰু ছবি বিশ্বাস। প্ৰভাত কুমাৰ মুখোপাধ্যায়ৰ এটি চুটিগল্পৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে।
-
পাৰব না আমি ছাড়তে তোকে
পাৰব না আমি ছাড়তে তোকে (অনু. মই তোক এৰিব নোৱাৰো) হৈছে ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত, ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছে শ্ৰী ভেংকটেশ ফিল্মছ আৰু সুৰিন্দৰ ফিল্মছে। এই ছবিখন ২০১৩ চনৰ তেলেগু ছবি উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ।
-
পৰাণ যায় জ্বলিয়া ৰে
পৰাণ যায় জ্বলিয়া ৰে হৈছে ৰবি কিনাগীৰ দ্বাৰা পৰিচালিত ২০০৮ চনৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেৱ আৰু শুভশ্ৰী গাংগুলীয়ে। এই ছবিখন ২০০৭ চনৰ হিন্দী ছবি নমস্তে লণ্ডনৰ পুনৰ্নিৰ্মাণ।
-
শুধু তোমাৰই জন্য
শুধু তোমাৰই জন্য (Shudhu Tomari Jonyo; ) হৈছে বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেব, শ্ৰাবন্তী চট্টোপাধ্যায়, সোহম আৰু মিমি চক্ৰৱৰ্তীয়ে।
-
অন্তহীন
অন্তহীন (Antaheen) অনিৰুদ্ধ ৰায়চৌধুৰী পৰিচালিত ২০০৯ চনৰ এখন বঙালী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ৰাধিকা আপ্টে, ৰাহুল বসু, মিতা বশিষ্ঠ, অপৰ্ণা সেন, কল্যাণ ৰায় আৰু শৰ্মিলা ঠাকুৰে।
-
আকালেৰ সন্ধানে
আকালেৰ সন্ধানে ( Akaler Shandhaney; অসমীয়া ) ১৯৮২ চনত মুক্তি পোৱা মৃণাল সেন পৰিচালিত বঙালী ভাষাৰ সমান্তৰাল ধাৰাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ২৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালনা, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনা শিতানত চাৰিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
-
আমাজন অভিযান
আমাজন অভিযান হৈছে ২০১৭ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এটি একচন-এডভেঞ্চাৰ চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৰিছে কমলেশ্বৰ মুখাৰ্জীয়ে। শ্ৰী ভেংকটেশ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ ছোনীয়ে ছবিখনৰ প্ৰযোজনা কৰিছে। অভিনেতা দেবে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
উত্তৰ ফাল্গুনী
উত্তৰ ফাল্গুনী ( Uttar Falguni ) ১৯৬৩ চনৰ অসিত সেনৰ পৰিচালনা আৰু উত্তম কুমাৰৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি, য'ত সুচিত্ৰ সেনে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে। অন্য মুখ্য চৰিত্ৰত আছে বিকাশ ৰায় আৰু দিলীপ মুখাৰ্জী।
-
ঊনিশে এপ্ৰিল
ঊনিশে এপ্ৰিল ( Unishe April ), অনু. ঊনৈশ এপ্ৰিল) ১৯৯৪ চনত মুক্তি পোৱা ঋতুপৰ্ণ ঘোষ পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। স্পন্দন ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ৰেণু ৰায়ে।
-
কাঞ্চনজঙ্ঘা (চলচ্চিত্ৰ)
কাঞ্চনজঙ্ঘা (Kanchenjungha (1962 film)) সত্যজিৎ ৰায় পৰিচালিত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন কাঞ্চনজঙ্ঘা পৰ্বতৰ সমীপত অৱস্থিত জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ দাৰ্জিলিঙলৈ সপৰিয়ালে ছুটী উপভোগ কৰিবলৈ যোৱা এক উচ্চবৰ্গৰ বাঙালী পৰিয়ালক লৈ নিৰ্মিত।
-
কাদম্বৰী (চলচ্চিত্ৰ)
কাদম্বৰী (Kadambari ) হ'ল ২০১৫ চনত মুক্তিপ্ৰাপ্ত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ পৰিচালক হ'ল সুমন ঘোষ আৰু প্ৰযোজক ৰাকেশ সিং। এই ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজী কাদম্বৰী দেৱীৰ বায়’পিক। কঙ্কনা সেন শৰ্মা আৰু পৰমব্ৰত চট্টোপাধ্যায়ে এই চলচ্চিত্ৰখনত মুখ্য ভূমিকাত অভিনয় কৰিছে।
-
কাবুলিৱালা (১৯৫৭ চলচ্চিত্ৰ)
কাবুলিৱালা ( Kabuliwala ১৯৫৭ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা, তপন সিনহাই পৰিচালনা কৰা এখন বঙালী চলচ্চিত্ৰ।
-
ক্ষুধিত পাষাণ
ক্ষুধিত পাষাণ (Kshudhita Pashan) ১৮৯৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত তপন সিনহাই পৰিচালনা কৰা এখন বঙালী নাট্যধৰ্মী ছবি। প্ৰযোজনা কৰিছে হেমেন গাংগুলীয়ে। ১৯৬০ চনত মুক্তি পোৱা এই ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
খাদান
খাদান (Khadaan) হৈছে ২০২৪ চনত মুক্তি পোৱা এখন ভাৰতীয় বাংলা ভাষাৰ একচন থ্ৰিলাৰ ছবি, যিখনৰ লেখক আৰু পৰিচালক হৈছে সুজিত ৰিনো দত্ত। ক্ৰমে সুৰিন্দৰ ফিল্মছ আৰু দেৱ এণ্টাৰটেইনমেণ্ট ভেনচাৰৰ বেনাৰত নিসপাল সিং আৰু দেবৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত দেৱে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে, লগতে মুখ্য চৰিত্ৰৰ সৈতে…
-
গুপী গাইন বাঘা বাইন
গুপী গাইন বাঘা বাইন ( Goopy Gyne Bagha Byne, অসমীয়া অৰ্থ: গুপী গায়ন বাঘা বায়ন) ১৯৬৯ত মুক্তিপ্ৰাপ্ত সত্যজিত ৰায় পৰিচালিত এখন বঙালী ভাষাৰ ফেণ্টাচী, এডভেঞ্চাৰ, হাস্যৰসাত্মক, শিশু উপযোগী চলচ্চিত্ৰ। উপেন্দ্ৰ ৰায় চৌধুৰীৰ এটা গল্পৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল সত্যজিত ৰায়ে।
-
চোখেৰ বালি (১৯৩৮ চনৰ চলচ্চিত্ৰ)
চোখেৰ বালি হৈছে এখন বাংলা নাট্য চলচ্চিত্ৰ, যিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ একেই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি সতু সেনে পৰিচালনা কৰিছিল। এই চলচ্চিত্ৰটো ৩০ জুলাই ১৯৩৮ তাৰিখে এছ’চিয়েটেড প্ৰডিউচাৰ্ছৰ অধীনত মুক্তি লাভ কৰিছিল। এই ছবিখন চোখেৰ বালি উপন্যাসৰ প্ৰথমটো চলচ্চিত্ৰ ৰূপান্তৰ আছিল।