আশা হৈছে ১৯৯৫১ চনত এন কে প্ৰডাক্চনৰ বেনাৰত২ মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু প্ৰশান্ত বৰদলৈৰ। সংগীত ব্যৱস্থাপনা উৎপল শৰ্মাৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু সবিতা শৰ্মাই৩। জুবিনে সংগীত পৰিচালনা কৰা এইটো তৃতীয় এলবাম। প্ৰথম দুটি এলবাম অনামিকা (শ্ৰব্য এলবাম) আৰু মায়াৰ দৰে এই এলবামটিয়েও শ্ৰোতাৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰে।১৪ জুবিনৰ পূৰ্বৰ এলবাম মায়া মুক্তি পোৱাৰ ২ মাহৰ পিছত, ১৯৯৫ চনৰ ৩০ জানুৱাৰীত মুক্তি পায়।
গীতৰ তালিকা
এলবামটিত মুঠ ৮ টা গীত আছে। 'মেঘৰ বৰণ' গীতটিৰ সুৰ দিয়ে উৎপল শৰ্মাই, বাকীকেইটা গীতৰ সুৰ জুবিনৰ।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Asha. Future Sound
- ↑ Zubeen Garg. Net Library
- ↑ Asha. Music India Online
- ↑ Zubeen Garg. Online Sivasagar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশা (এলবাম)” প্ৰবন্ধৰ সংশোধন ৫৯২৪৮৫ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।