নেপালৰ সংস্কৃতি
৫০ প্ৰবন্ধ
-
ইন্দ্ৰ যাত্ৰা
ইন্দ্ৰ যাত্ৰা, যাক নেপালী ভাষাত ইয়েন্না পুঁহি বুলিও কোৱা হয়, নেপালৰ কাঠমাণ্ডুৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় ৰাজপথত উদযাপিত উৎসৱ। "ইয়ে"ৰ অৰ্থ হৈছে "কাঠমাণ্ডু"ৰ পুৰণি নেৱাৰী নাম, "ইয়া"ৰ অৰ্থ হৈছে "উদ্যাপন", আৰু "পুহনি"ৰ অৰ্থ হৈছে পূৰ্ণিমা; গতিকে একেলগে অৰ্থ হৈছে পুৰণি কাঠমাণ্ডু চহৰৰ জন্মদিন।
-
তীজ
তীজ (Teej) হৈছে ভাৰতৰ বহুতো প্ৰান্তত (মুখ্যতঃ উত্তৰ আৰু মধ্য ভাৰতত) আৰু নেপালত বিবাহিতা মহিলাসকলে উদযাপন কৰা হিন্দু উৎসৱ। তীজ শ্ৰাৱণ মাহৰ (জুলাই-আগষ্ট) তৃতীয় আৰু চতুৰ্থ দিন উদযাপন কৰা হয়। তীজ মহিলাসকলৰ বাবে দেৱী পাৰ্বতীৰ উপাসনা কৰাৰ দিন। মহিলাসকলে প্ৰায়ে তীজ উদযাপনত উপবাস কৰে।
-
উধৌলি
উধৌলি (আক্ষৰিক অৰ্থ- তললৈ গৈ থকা) নেপাল, ভাৰত আৰু বিশ্বৰ অন্যান্য বিভিন্ন দেশৰ সুনুৱাৰ, লিম্বু, যক্ষ্খা, খাম্বু ৰায় আদি খিলঞ্জীয়া লোক বসতিপ্ৰধান অঞ্চলত কিৰাট জনগোষ্ঠীয়ে বিশেষভাৱে পালন কৰা এক জনগোষ্ঠীয় উৎসৱ।
-
উভৌলি
উভৌলি ( उभौলি; আক্ষৰিক অৰ্থ: ’উপৰলৈ যোৱা’) ভাৰত আৰু লেপালৰ লগতে সমগ্ৰ বিশ্বৰ কিৰাট সম্প্ৰদায়ৰ সুনুৱাৰ, লিম্বু, যক্ষ্খা আৰু ৰায়ৰ কিৰাটী লোকে প্ৰতি বছৰে গ্ৰীষ্মকাল আহিলে পাহাৰীয়া অঞ্চলৰফালে ওপৰলৈ উঠি যোৱাৰ পৰ্যায় চিহ্নিত কৰি উদ্যাপন কৰা এক উৎসৱ।
-
কিৰাট মুন্ধুম
কিৰাট মুন্ধুম, ( किरात मुन्धुम) যাক কিৰাটিজম বা কিৰাটি মুন্ধুম বুলিও কোৱা হয়, নেপাল, দাৰ্জিলিং আৰু ছিকিমৰ কিৰাটি জনগোষ্ঠীৰ এক পৰম্পৰাগত বিশ্বাস, যিটো উত্তৰ-পূব ভাৰত উপমহাদেশৰ লিম্বু, যাক্ষা, সুনুৱাৰ, ৰায়, ধিমল আৰু হায়ু জনগোষ্ঠীসমূহে প্ৰধানকৈ পালন কৰে।
-
তামাং চেল'
তামাং চেল (Tamang Selo) তামাং জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীত। এই সংগীত ঘাইকৈ নেপালৰ তামাং লোকসকলে গোৱা নেপালী লোকগীতৰ এক ধাৰা। নেপাল, ভাৰত আৰু বিশ্বৰ বিভিন্ন ঠাইত সিঁচৰিত নেপালীভাষী সম্প্ৰদায়ৰ মাজত এই গীত ব্যাপকভাৱে জনপ্ৰিয়। তামাং চেল' লোকসংগীতৰ সৈতে সাধাৰণতে তামাং পাৰম্পৰিক বাদ্যযন্ত্ৰ বজোৱা হয়।
-
মাঘে সংক্ৰান্তি
মাঘে সংক্ৰান্তি'বিক্ৰম সম্বত(B.S) বা য়েলে পঞ্জিকামতে মাঘৰ প্ৰথম দিনটোত পুহ মাহৰ হাড়-কঁপোৱা শীতৰ অন্ত পেলোৱা নেপালী লোক-উৎসৱ। থাৰুসকলে এই বিশেষ দিনটোক নতুন বছৰ হিচাপে পালন কৰে৷ ইয়াক মগৰ সম্প্ৰদায়ৰ মুখ্য চৰকাৰে ঘোষণা কৰা বাৰ্ষিক উৎসৱ হিচাপেও পালন কৰা হয়।
-
গাই যাত্ৰা
গাই যাত্ৰা (নেপালী: গই জাত্ৰ), যাক ইয়াৰ সমাৰ্থক নাম সা পাৰু বুলিও জনা যায়, নেপালৰ এটা উৎসৱ যিটো প্ৰধানকৈ কাঠমাণ্ডু উপত্যকাৰ নেৱাৰ সম্প্ৰদায়ৰ লোকে পালন কৰে। পাৰ হৈ যোৱা বছৰৰ ভিতৰত মৃত্যু হোৱা তেওঁলোকৰ নিকট আত্মীয়ৰ শ্ৰদ্ধাঞ্জলি হিচাপে এই উৎসৱ পালন কৰা হয়।
-
ছোলিয়া
ছোলিয়া ( Chholiya) বা হুডকেলী হ’ল ভাৰতীৰ উত্তৰাখণ্ড ৰাজ্য আৰু নেপালৰ সুদুৰপশ্চিম প্ৰদেশৰ কুমাওন প্ৰদেশত সৃষ্টি হোৱা এক পৰম্পৰাগত লোকনৃত্য। আজি ই কুমাওনী আৰু সুদুৰপশ্চিমীৰ(মূলতঃ দোটি, বৈতাদী আৰু দাৰ্চুলা জিলাত) সংস্কৃতিৰ প্ৰতীক হৈ পৰিছে।
-
খুৱালুং
খুৱালুং ( खुवालुङ) নেপালৰ সপ্তকোশী নদীত থকা আৰু কিৰাটি জনসাধাৰণৰ বাবে এটা পৱিত্ৰ শিল। উদয়পুৰ জিলাৰ বেলাকা পৌৰসভাৰ সমীপত দুধ কোশী, অৰুণ, তামোৰ নদীৰ সংগমস্থলত এই শিলটো আছে। ইয়াক কিৰাটি জনগোষ্ঠীৰ অন্যতম পৱিত্ৰ স্থান হিচাপে গণ্য কৰা হয়।
-
চিকি ঘাঁহৰ শিল্প
চিকি ঘাঁহৰ শিল্প ভাৰত আৰু নেপালৰ মিথিলাঞ্চলত পোৱা চিকি নামেৰে পৰিচিত এবিধ বিশেষ ধৰণৰ ঘাঁহৰপৰা তৈয়াৰ কৰা বিভিন্ন হস্তশিল্প। চিকি ঘাঁহৰপৰা বস্তু তৈয়াৰ কৰাৰ কলা এটা প্ৰাচীন কলা।
-
ছাকেলা নৃত্য
ছাকেলা, যাক ছাকেৱা বা ছাকেনৱা বুলিও জনা যায়, পূব নেপাল আৰু ভাৰতৰ ছিকিম, কালিম্পং, আৰু দাৰ্জিলিং অঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠী খাম্বু (ৰাই জনগোষ্ঠী)ৰ অন্যতম প্ৰধান উৎসৱ আৰু এই উৎসৱত নচা নৃত্য। বছৰত দুবাৰকৈ উদ্যাপন কৰা ছাকেলাক উভৌলি আৰু উধৌলি দুটা নামেৰে পৃথক কৰা হয়।
-
জন বাহা দ্যাঃ যাত্ৰা
জন বাহা দ্যাঃ যাত্ৰা হৈছে নেপালৰ কাঠমাণ্ডুত প্ৰতি বছৰে অনুষ্ঠিত হোৱা কৰুণা বোধিসত্ত্ব জনবাহা দ্যাহৰ ৰথ শোভাযাত্ৰা। চন্দ্ৰ নেপাল যুগৰ চান্দ্ৰ পঞ্জিকাৰ ষষ্ঠ মাহ চাউলা (चौলা)ৰ শুক্লপক্ষৰ দশম দিনত ই আৰম্ভ হয়।
-
নেপাল সম্বৎ
নেপাল সম্বৎ (Nepala Samvat, অৰ্থাৎ "নেপাল যুগ") হৈছে নেপালৰ নেৱাৰ লোকসকলে ব্যৱহাৰ কৰা লুনিসৌৰ কেলেণ্ডাৰ। ৮৭৯ চনৰ ২০ অক্টোবৰৰপৰা আৰম্ভ হোৱাৰপৰা ১৭৬৯ চনত মল্ল বংশৰ শেষলৈকে ই নেপালৰ চৰকাৰী কেলেণ্ডাৰ আছিল।
-
পাহান চাৰ্হে
পাহান চাৰ্হে (দেৱনাগৰী: पाहां चह्रे) বা পাছা চাৰ্হে নেপাল মণ্ডলৰ বছৰৰ অন্যতম শ্ৰেষ্ঠ ধৰ্মীয় উৎসৱ। কাঠমাণ্ডুত ইয়াক বিশেষ উৎসাহেৰে উদ্যাপন কৰা হয় আৰু ইয়াত পেৰেড, মুখা নৃত্য, ঘোঁৰা দৌৰ আৰু বিভিন্ন ঠাইত তিনিদিন ধৰি অনুষ্ঠিত হোৱা ধৰ্মীয় উপাসনাকে ধৰি বিভিন্ন কাৰ্যসূচীৰে উদ্যাপন কৰা হয়।
-
বিস্কা যাত্ৰা
বিস্কা যাত্ৰা বা বিস্কেট যাত্ৰা এপ্ৰিল মাহত ভক্তপুৰ, থিমি আৰু আদি ঠাইত এপ্ৰিল মাহত পালন কৰা বাৰ্ষিক উৎসৱ। ভক্তপুৰ, থিমিকে ধৰি বহু ঠাইত ইয়াক বছৰৰ মূল উৎসৱ হিচাপে উদযাপন কৰা হয়৷ আন নেপালৰ উৎসৱৰ দৰে বিস্কা চন্দ্ৰ কেলেণ্ডাৰৰ পৰিৱৰ্তে সৌৰ কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি কৰা হয়।
-
ম্হ পূজা
ম্হা পূজা(দেৱনাগৰী: म्हপুজা) নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে আত্মাক শুদ্ধ আৰু সবলীকৰণৰ বাবে নেপালৰ নেৱাৰসকলে কৰা বাৰ্ষিক অনুষ্ঠান। স্বন্তি (উৎসৱ)ৰ সময়ত হোৱা নেপালৰ ৰাষ্ট্ৰীয় চান্দ্ৰ কেলেণ্ডাৰ নেপাল সংবতৰ নৱবৰ্ষৰ দিনা ইয়াক অনুষ্ঠিত কৰা হয়।
-
লাখেই নৃত্য
লাখেই বা লা-খে অথবা লাখেয় ঈশ্বৰৰ শোভাযাত্ৰাত কৰা অসুৰৰ এক নৃত্য। ই নেপালৰ পৰিচিত লোকনৃত্য৷ কোনো প্ৰাচীন ৰাজপ্ৰসাদৰ সম্মুখত থকা আৰু হিন্দু মন্দিৰেৰে সুসজ্জিত নেপালৰ কাঠমাণ্ডুৰ ঐতিহাসিক প্লাজা দৰবাৰ চৌহদত হিন্দু স্বৰ্গৰ ৰজা ইন্দ্ৰক পূজা কৰা ইন্দ্ৰ যাত্ৰাৰ অন্তিম দিনটোত এই ঠাই সদায় শ্ৰদ্ধালু লোকেৰে…
-
স্বন্তি (উৎসৱ)
স্বন্তি নেপালৰ নেৱাৰ সম্প্ৰদায়ৰ মাজত প্ৰচলিত পাঁচ দিনীয়া এক উৎসৱ, যিটো নেৱাৰ জনগোষ্ঠীৰ বাবে বছৰৰ অন্যতম শ্ৰেষ্ঠ উদযাপন। ই নেৱাৰসকলে কৰা তিহাৰ বা দীপাৱলীৰ নৱ সংস্কৰণ।
-
স্বয়ম্ভুনাথ
স্বয়ম্ভুনাথ (দেৱনাগৰী: स्वयम्भू स्तूप; নেপাল ভাষা: स्वयंभू) কাঠমাণ্ডু চহৰৰ পশ্চিমৰ কাঠমাণ্ডু উপত্যকাৰ এটা পাহাৰৰ ওপৰত থকা এটা প্ৰাচীন ধৰ্মীয় স্থাপত্য। এই স্থানৰ তিব্বতী আৰু সংস্কৃত নামৰ অৰ্থ হৈছে 'নিজে নিজে উৎপত্তি হোৱা'।
-
ৰত্যৌলী
ৰত্যৌলী (रत्यौली) হৈছে এটা পৰম্পৰাগত নেপালী অনুষ্ঠান, যিটো বিবাহৰ সন্ধিয়াত কইনা নাইবা দৰাৰ ঘৰত মহিলাসকলে অনুষ্ঠিত কৰে। এই অনুষ্ঠানত কেৱল মহিলা আত্মীয়-স্বজন আৰু অতিথিসকল অংশ লয় আৰু পুৰুষসকলৰ প্ৰৱেশ সম্পূৰ্ণভাৱে নিষিদ্ধ।
-
অয়লা (পানীয়)
অয়লা (अयला) নেপালৰ এবিধ পৰম্পৰাগত পানীয়; ভাত, আন শস্য আৰু বজৰা আদিৰ পৰা কিন্বন পদ্ধতিৰে উপাদানসমূহ ডিষ্টিলেচন কৰি প্ৰস্তুত কৰা ই এক নেৱাৰী পানীয়। সাধাৰণ মদ্যপানৰ উপৰি অয়লা নেপালৰ উৎসৱৰ এক গুৰুত্বপূৰ্ণ অংশ। এই সুৰা সাধাৰণতে ঘৰতে তৈয়াৰ কৰা হয় আৰু পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা হয়।
-
অষ্টিম্কি (উৎসৱ)
অষ্টিম্কি নেপালৰ পশ্চিম অঞ্চলত প্ৰচলিত কৃষ্ণ জন্মাষ্টমীৰদিনা পালন কৰা থাৰু জনগোষ্ঠীৰ সাংস্কৃতিক উৎসৱ। এই উৎসৱৰ সময়ত থাৰু সম্প্ৰদায়ৰ ৰাইজে অষ্টিম্কি চিত্ৰ নামেৰে পৰিচিত এক বিশেষ শিল্পকৰ্ম আঁকে। গাঁৱৰ জ্যেষ্ঠজনৰ ঘৰৰ বহা কোঠাৰ বেৰত এই শিল্পকৰ্ম তৈয়াৰ কৰা হয়।
-
ইমান্দাৰ দাউৰে
ইমান্দাৰ দাউৰে (অসমীয়া: সৎ খৰিকটীয়া) এটা নেপালী সাধুকথা। কাহিনীটোৰ মূল নীতি শিক্ষা হৈছে "মিছা কথা নকবা আৰু লোভ নকৰিবা"। কাহিনীটো সামাজিক সজাগতা অভিযানৰ অংশ হিচাপে সজীৱ কৰি তোলা হৈছে।
-
কিচ্কণ্ডি
কিচ্কন্যা (নেপালী: किच्कन्या) বা কিচ্কণ্ডি (নেপালী: किच्कन्डी) নেপালী লোককথা বা পৌৰাণিক কাহিনীত বৰ্ণনা কৰা এগৰাকী নাৰীৰ আত্মা। মৃতদেহৰ দহন নোহোৱা কোনো অংশ বিশেষকৈ হাড়ত এই আত্মা সংযুক্ত হৈ থাকে। সাধাৰণতে কিচ্কন্যাক কোনো বিশেষ স্থানত বাস কৰা একক আত্মা বুলি জনা যায়।
-
কুকুৰ তিহাৰ (উৎসৱ)
কুকুৰ তিহাৰ বা নেপালী ভাষাত নৰক চতুৰ্দশী এক বাৰ্ষিক হিন্দু উৎসৱ, যাৰ উৎপত্তি নেপালত আৰু তিহাৰ উৎসৱৰ দ্বিতীয় দিনা (অক্টোবৰ বা নৱেম্বৰৰ আশে-পাশে) পালন কৰা হয়। তিহাৰৰ দ্বিতীয় দিনটো কুকুৰ উৎসৱ নামেৰে জনাজাত আৰু কুকুৰ পূজাৰ বাবে উছৰ্গা কৰা হয়।
-
চোৰাঠী নৃত্য
চোৰাঠী নৃত্য (ইংৰাজী: Sorathi Nritya) হ’ল নেপাল আৰু ছিকিমৰ মগৰ সম্প্ৰদায়ৰ এক পৰম্পৰাগত নৃত্য। ই চোৰাঠী লোকসংস্কৃতিৰ এক অংশ হিচাপে পৰিৱেশন কৰা হয়, য’ত গীত, সংগীত আৰু কাহিনী কথনৰ সংমিশ্ৰণ ঘটে। এই নৃত্য প্ৰাক-ঐতিহাসিক বুলি বিশ্বাস কৰা হয় আৰু ই মগৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত।
-
চ্যাব্ৰুং
চ্যাব্ৰুং, নেপালৰ লিম্বু ভাষাত যাক কায় বা কে বুলিও জনা যায়, ই নেপাল, ছিকিম, দাৰ্জিলিং পাহাৰ আৰু উত্তৰ-পূব ভাৰতৰ লিম্বু সম্প্ৰদায়ৰ মাজত প্ৰচলিত এটা পৰম্পৰাগত ঢোল। চ্যাব্ৰুং হৈছে প্ৰায় দুই মিটাৰ ব্যাসৰ আৰু দুফুট দৈৰ্ঘ্যৰ এটা দীঘলীয়া কাঠৰ ঢোল।
-
জাট-জটিন নৃত্য
জাট-জটিন নৃত্য (ইংৰাজী: Jatjatin Dance) হ’ল মিথিলা (বৰ্তমানৰ দক্ষিণ নেপাল আৰু উত্তৰ বিহাৰ) অঞ্চলৰ এক পৰম্পৰাগত নৃত্য। জাট-জটিন এহাল পুৰুষ আৰু মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক যুটীয়া নৃত্য, যিটো সাধাৰণতে বৰ্ষা ঋতুত পৰিৱেশন কৰা হয়।
-
ঝিঝিয়া
ঝিঝিয়া ( Jhijhiya) যাক ঝিঝাৰি বুলিও কোৱা হয়, ভাৰত আৰু নেপালৰ মিথিলা আৰু ভোজপুৰী অঞ্চলৰ এক সাংস্কৃতিক লোকনৃত্য। দশেৰা উৎসৱৰ সময়ত, অসমীয়া কেলেণ্ডাৰমতে আহিন মাহ(ছেপ্টেম্বৰ/অক্টোবৰ)ত ইয়াক পৰিৱেশন কৰা হয়।