মণিপুৰ
৩৪ প্ৰবন্ধ
-
মণিপুৰ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।
-
মেইতেই ভাষা
মেইতেই ভাষা বা মীতৈ ভাষা বা মণিপুৰী ভাষা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ প্ৰধানতম তথা চৰকাৰী ভাষা। এই ভাষাটো অসমৰ চৰকাৰী ভাষাও। মণিপুৰৰ বাহিৰেও অসম, ত্ৰিপুৰা, বাংলাদেশ আৰু ম্যানমাৰত এই ভাষাটো প্ৰচলিত। মণিপুৰৰ বিশ্ববিদ্যালয়ৰ স্নাতক স্তৰলৈকে ভাষাটো শিক্ষাৰ মাধ্যম হিচাবে ব্যৱহৃত হয়।
-
ইম্ফাল
ইম্ফাল (ꯏꯝꯐꯥꯜ), ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল। ইম্ফাল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।
-
মণিপুৰী নৃত্য
মণিপুৰী নৃত্য (Manipuri Dance) ভাৰতৰ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া আঠটা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম। ই এক মসৃণ, মহিমামণ্ডিত আৰু কাৰিকৰীভাৱে কিছু সহজ নৃত্য। মণিপুৰী নৃত্য মণিপুৰৰ এক সমৃদ্ধিশালী লোকনৃত্য। লোক পৰম্পৰা আৰু আচাৰ ব্যৱহাৰৰ সৈতে জড়িত ভিন ভিন প্ৰকাৰৰ মণিপুৰী নৃত্য আছে।
-
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়।
-
মেইতেই জনগোষ্ঠী
মেইতেই জনগোষ্ঠী (Meitei People) নতুবা মীতেই জনগোষ্ঠী (Meetei people) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সৰ্ববৃহৎ আৰু প্ৰধান জনগোষ্ঠী। তেওঁলোকে ভাৰতীয় গণৰাজ্যৰ ২২টা চৰকাৰী ভাষাৰ ভিতৰত অন্যতম আৰু মণিপুৰৰ একমাত্ৰ চৰকাৰী ভাষা মেইতেই ভাষা (আনুষ্ঠানিকভাৱে মণিপুৰী বুলি কোৱা হয়) কয়।
-
লাই হাৰাওবা
লাই হাৰাওবা (Lai Haraoba) মণিপুৰৰ মেইতেই জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ। মণিপুৰৰ পাৰম্পৰিক লোক-ধৰ্ম সনমাহীৰ উমং লাই গোটৰ দেৱতা সকলৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। উমং লাই হৈছে স্থানীয় মণিপুৰী ধৰ্মৰ পৱিত্ৰ বন দেৱতা। মেইতেই ভাষাত লাই হাৰাওবাৰ আক্ষৰিক অৰ্থ হৈছে দেৱতা সকলৰ আনন্দৰ উৎসৱ।
-
পেনা
পেনা বা টিংটেলিয়া (Pena) এবিধ ভাৰতীয় তাঁৰযুক্ত তত বাদ্য। ই মণিপুৰৰ পৰম্পৰাগত লোকবাদ্য। ইয়াত মাত্ৰ এডাল তাঁৰ বা গুণা থাকে আৰু আন এক সঁজুলিৰে তাঁৰডাল ঘঁহি সাংগীতিক ধ্বনি উৎপন্ন কৰা হয়। পেনা ঘাইকৈ ভাৰত আৰু বাংলাদেশত প্ৰচলিত। ইয়াক একক বা দলীয়ভাবে বজোৱা হয়।
-
সনামহী ধৰ্ম
সনামহী ধৰ্ম (Sanāmahīsm) (ꯁꯅꯥꯃꯍꯤ ꯂꯥꯏꯅꯤꯡ) বা মীতৈ লাইনীঙ বা মণিপুৰী ধৰ্ম (Manipuri religion) বা কঙলৈ ধৰ্ম (Kanglei religion) হৈছে ধৰ্মৰ উপাসনা কৰা এক প্ৰাচীন পূৰ্বপুৰুষ ধৰ্ম। এইটো মণিপুৰী জাতি আৰু মণিপুৰৰ জনজাতীয় লোকসকলৰ থলুৱা ধৰ্ম। ই এক বহু-ঈশ্বৰবাদী ধৰ্ম।
-
থাবল চোংবা
থাবল চোংবা (Thabal chongba) ভাৰতৰ মণিপুৰ ৰাজ্যৰ পাৰম্পৰিক নৃত্য। থাবাল চোংগবাৰ আক্ষৰিক অৰ্থ হৈছে 'জোন পোহৰৰ তলত নৃত্য'। পুৰুষ আৰু মহিলাসকলৰ লগত এক বৃত্তত ৰৈ, হাত ধৰা-ধৰিকৈ এই নৃত্য কৰা হয়। থাবাল চোংগবা বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ লোকউৎসৱ য়াওচাংৰ লগত জড়িত।
-
প্ৰাচীন মণিপুৰী ভাষা
প্ৰাচীন মণিপুৰী ভাষা বৰ্তমানৰ মণিপুৰী ভাষাৰ প্ৰাৰম্ভিক ৰূপ আছিল আৰু প্ৰাচীন মণিপুৰৰ ৰাষ্ট্ৰীয় ভাষা আছিল। ভাষাটো প্ৰাচীন মণিপুৰত সম্ৰাট "তাঙজা লিলা পাখঙবা"ৰ ৰাজত্বকালৰ খ্ৰীষ্টপূৰ্ব ১৪৪৫ চনৰ পৰা মধ্যযুগীয় মণিপুৰৰ আৰম্ভণিলৈকে কোৱা হৈছিল।
-
মণিপুৰ সংঘৰ্ষ ২০২৩
মণিপুৰ সংঘৰ্ষ ২০২৩ (2023 Manipur violence) হৈছে ২০২৩ চনৰ ৩ মে' তাৰিখে ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ।
-
মণিপুৰী সংকীৰ্তন
মণিপুৰী সংকীৰ্তন (Manipuri Sankirtana) হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজহুৱা মন্দিৰসমূহত আৰু ব্যক্তিগত স্থানত কৰা একপ্ৰকাৰৰ পাৰম্পৰিক নাট্য। ইয়াত ধৰ্মীয় ৰীতি-নীতি, গীত, বাদ্য আৰু নৃত্যৰ সমলয়ত প্ৰদৰ্শন কৰা হয়। সংকীৰ্তনৰ জৰিয়তে অতুলনীয় ধৰ্মীয় ভক্তি আৰু শক্তি প্ৰদৰ্শন কৰা হয়।
-
মেইতেই ৱিকিপিডিয়া
মেইতেই ৱিকিপিডিয়া বা মীতৈ ৱিকিপিডিয়া বা মনিপুৰী ৱিকিপিডিয়া হৈছে ৱিকিপিডিয়াৰ মণিপুৰী ভাষা সংস্কৰণ। ই এক বিনামূলীয়া অনলাইন বিশ্বকোষ। ইয়াৰ ইনকুবেটৰ ৰূপ ২০১৮ চনতে আৰম্ত কৰা হৈছিল আৰু ২০২১ চনত ই সম্পূৰ্ণ ৱিকিপিডিয়াত পৰিণত হয়। এতিয়ালৈকে ইয়াত টা প্ৰবন্ধ আছে।
-
ইমা কৈথেল
ইমা কৈথেল (Ima Keithel) বা নুপি কৈথেল হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী ইম্ফলত একমাত্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত এখন বজাৰ। ই মণিপুৰ ৰাজ্যৰ এক বাণিজ্যিক কেন্দ্ৰ আৰু এক জনপ্ৰিয় পৰ্যটন আকৰ্ষণ। এই বজাৰখন ইম্ফল চহৰৰ ভিতৰত ইয়াৰ অৱস্থান স্থানান্তৰ কৰিছে আৰু বৰ্তমান খাৱাইৰাবান্দ বজাৰত অৱস্থিত।
-
নুপি লান
নুপি লান (Nupi Lan) মণিপুৰৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মহিলাৰ আন্দোলন। মেইতেই ভাষাত 'নুপি' মানে মহিলা আৰু 'লান' মানে যুদ্ধ। অৰ্থাৎ আক্ষৰিকভাবে ইয়াৰ অৰ্থ হৈছে মহিলাৰ যুদ্ধ।
-
বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া
বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
-
য়াওশং
য়াওশং (Yaosang) বসন্ত ঋতুত পাঁচদিন জুৰি উদযাপন কৰা মণিপুৰৰ এটা উৎসৱ। মেইটেই কেলেণ্ডাৰৰ ‘লমটা’ মাহৰ (ফেব্ৰুৱাৰী-মাৰ্চ) পূৰ্ণিমাৰ দিনাৰ পৰা আৰম্ভ হোৱা যাওচাং মেইটেই জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ইয়াক মণিপুৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি বিবেচনা কৰা হয়।
-
হুৱেন লেংলন
হুৱেন লেংলন হৈছে মণিপুৰৰ ভাৰতীয় যুদ্ধ কলা। মৈতৈ ভাষাত হুয়েনৰ অৰ্থ যুদ্ধ, আনহাতে লেংলন বা লেংলংৰ অৰ্থ জাল, জ্ঞান বা শিল্প হ’ব পাৰে। হুয়েন লেংলন দুটা মূল উপাদানৰে গঠিত: থাং-টা (সশস্ত্ৰ যুদ্ধ) আৰু শ্বাৰিট ছাৰ্ক (নিৰস্ত্ৰ যুদ্ধ)। হুইন লেংলনৰ প্ৰধান অস্ত্ৰ হ’ল থাং (তৰোৱাল) আৰু টা (চালী)।
-
অগ্ৰি
অগ্ৰি হাংগেন বা অগ্ৰি হাংকেন হৈছে মেইতেই বা মণিপুৰী সাংস্কৃতিক সংগীত অনুষ্ঠান, য'ত সূৰ্য্যৰ বিভিন্ন উপাধি আৰু পৃথিৱী সৃষ্টিৰ পৌৰাণিক কাহিনী বৰ্ণনা কৰা হয়। এয়া সাধাৰণতে লাই হাৰাওবা উৎসৱৰ শেষত গোৱা হয় আৰু ইয়াৰ বিষয়বস্তু পৃথিৱী সৃষ্টিৰ মিথৰ সৈতে গভীৰভাৱে জড়িত।
-
ইমোইনু ইৰাটপা
ইমোইনু ইৰাটপা বা ৱাকচিং টাৰানিথোইনি পানবা হৈছে মেইটেই জনগোষ্ঠীয়ে পালন কৰা এটা ধৰ্মীয় উৎসৱ। ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী ইমোইনু আহোংবিক উৎসৰ্গিত পোহৰৰ উৎসৱ। মেইটেই পঞ্জিকাৰ ৱাকচিং মাহৰ দ্বাদশ চন্দ্ৰ দিনত এই উৎসৱ পালন কৰা হয়।
-
কেনে (মল্লযুঁজ)
কেনে বা নাগা মল্লযুঁজ নাগাসকলৰ এক প্ৰকাৰৰ লোক মল্লযুঁজৰ শৈলী আৰু পৰম্পৰাগত খেল। ই কোৰিয়াৰ পৰম্পৰাগত ৰাষ্ট্ৰীয় ক্ৰীড়া চিৰিয়ামৰ সৈতে ওতপ্ৰোতভাৱে সম্পৰ্কিত। খেলৰ উদ্দেশ্য হ'ল প্ৰতিপক্ষৰ শৰীৰৰ আঁঠুৰ ওপৰৰ যিকোনো অংশ ভূমিত স্পৰ্শ কৰোৱা।
-
খাম্বা থোইবি জাগোই
খাম্বা থোইবি জাগোই হ'ল এটা পৰম্পৰাগত মণিপুৰী অনুষ্ঠান আৰু নাট্য নৃত্যৰ ধৰণ। সাধাৰণতে লয় হাৰাওবা উৎসৱৰ অংশ হিচাপে পালন কৰা হয় আৰু ই প্ৰাচীন মৈৰাং ৰাজ্যৰ প্ৰধান দেৱতা ভগৱান থাংচিং (পুৰণি মণিপুৰীত ‘থাংজিং’)ৰ সন্মানত পালন কৰা হয়।
-
চাক-হাও (ক'লা চাউল)
চাক-হাও (Chak-Hao (Black rice)) হ'ল এক থলুৱা, সুগন্ধি, আঠাযুক্ত আৰু বৃহৎ দানাৰ ক'লা চাউলৰ প্ৰকাৰ যিটো মূলতঃ ভাৰতৰ মণিপুৰ আৰু নাগালেণ্ড ৰাজ্যত উৎপাদিত হয়। ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, মণিপুৰৰ থৌবাল আৰু নাগালেণ্ডৰ পেৰেন জিলাত ই এক সাধাৰণ আৰু বহুলভাৱে কৰা খেতি।
-
টিং টিং চাওৰো
টিং টিং চাওৰো (ꯇꯤꯡ ꯇꯤꯡ ꯆꯥꯎꯔꯣ) হৈছে এটি পৰম্পৰাগত মেইতেই ভাষাৰ গান। সাধাৰণতে, এইটো মাকসকলে নিজৰ সন্তানক স্নান কৰোৱাৰ সময়ত গায়। লগতে, মেইতেই পৰম্পৰাগত মাইবীসকলে এইটো লাই হৰাওবা উৎসৱত গায়।
-
তাপ্তা
তাপ্তা প্ৰাচীন মণিপুৰৰ মেইটেই লোককথাৰ এটা চৰিত্ৰ। সন্তানক শান্ত কৰিবলৈ মাতৃসকলে সৃষ্টি কৰা এটা কাল্পনিক চৰিত্ৰ। ব্যুৎপত্তিগতভাৱে "তাপ্তা" দুটা শব্দৰ সংমিশ্ৰণ: মেইটেই (মণিপুৰী) ভাষাত "তাপ" (মাটিত পানীৰ টোপাল পৰি যোৱাৰ শব্দ) আৰু "তা" (আক্ষৰিক অৰ্থত "পৰি যোৱা")।
-
নংশ্বাবা
নংশ্বাবা (Nongshaba) বা কংলাশ্বা পাৰম্পৰিক মণিপুৰী লোকধৰ্ম সনামহীৰ লগতে মণিপুৰী পৌৰাণিক কাহিনীত সিংহসদৃশ ড্ৰেগন ঈশ্বৰ। তেওঁক নিংথৌজা ৰাজবংশৰ লগতে মইলাং ৰাজবংশ মানুহে উপাসনা কৰে।
-
নিংঙোল চাকৌবা
নিংঙোল চাকৌবা (ꯅꯤꯉꯣꯜ ꯆꯥꯀꯧꯕ; Ningol Chakouba) বা নিংঙোল চাক্কৌবা (ꯅꯤꯉꯣꯜ ꯆꯥꯛꯀꯧꯕ; Ningol Chakkouba) ভাৰতৰ মণিপুৰ ৰাজ্যৰ মীতেই জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা পাৰম্পৰিক লোকউৎসৱ। ইয়াক 'চাকৌবা' বা 'হিয়াংগৈ নিনি পান্বা' বুলিও কোৱা হয়।
-
মণিপুৰী বতা চৰাই
মণিপুৰী বতা চৰাই সেমেকা তৃণভূমি (damp grassland) ত দেখা পোৱা এবিধ অতিকৈ বিৰল কুৰুৱাজাতীয় চৰাই৷ এই চৰাই অতিকৈ স্পৰ্শকাতৰ আৰু প্ৰাকৃতিক অঞ্চলত দেখা পোৱা কঠিন৷ চৰাইবিধৰ বিষয়ে বৈজ্ঞানিক তথ্য তেনেই সীমিত৷ এই চৰাইবিধ পোনপ্ৰথমে প্ৰখ্যাত পক্ষীবিদ এলেন অক্টাভিয়ান হিউম ( Allan Octavian Hume)-এ ১৮৮১ চনত…
-
মেইতেই শিৰস্ত্ৰাণ
মেইতেই শিৰস্ত্ৰাণ হৈছে ভাৰতৰ মণিপুৰৰ মেইতেই সম্প্ৰদায়ৰ মাজত উৎপত্তি হোৱা বিভিন্ন ধৰণৰ পৰম্পৰাগত টুপি আৰু শিৰোধান। এইসমূহ বিভিন্ন সাংস্কৃতিক, ধৰ্মীয় আৰু আনুষ্ঠানিক পৰিৱেশত ব্যৱহাৰ কৰা হয়, যাৰ ভিতৰত আছে মেইতেই উৎসৱ, নৃত্য প্ৰদৰ্শন, মেইতেই বিবাহ আৰু চৰকাৰী অনুষ্ঠান।