বৈষ্ণৱ জন তো ১৫শ শতিকাত কবি নৰসিংহ মেহতায়ে পুৰণি গুজৰাটী ভাষাত ৰচনা কৰা হিন্দু ভজন। গীতটিত গীতিকাৰে বৈষ্ণৱ সকলৰ জীৱন, দৰ্শন, বিচাৰ আৰু মানসিক অৱস্থাক প্ৰতিফলিত কৰিছে। এই ভজন মোহনদাস কৰমচান্দ গান্ধীৰ প্ৰিয় ভজন আছিল।
প্ৰভাৱ
এই ভজন গান্ধীজীৰ জীৱনকালত বহুলভাৱে জনপ্ৰিয়তা অৰ্জন কৰে। গান্ধীজী গুজৰাটৰ সাবৰমতী আশ্ৰমত থাকোঁতে বহুতো বিখ্যাত সংগীতজ্ঞ আৰু বাদ্যযন্ত্ৰবিদে এই গীত পৰিবেশন কৰিছিল। ইয়াৰ লগে লগে স্বাধীনতা সংগ্ৰামী সকলৰ মাজতো এই গীত জনপ্ৰিয় হৈ উঠে। তেতিয়া প্ৰায়ে সভা, অনুষ্ঠান আদিৰ শেষত এই ভজন গোৱা হৈছিল।
১৯৯৮ চনত এই ভজন এটা এলবামত বাণীবন্ধন কৰা হয়। ইয়াত গাংগুবাঈ হেংগাল আৰু পণ্ডিত যশৰাজৰ দৰে শাস্ত্ৰীয় সংগীতজ্ঞ, প'প গায়ক ৰেম' ফাৰনাণ্ডডেছৰ লগতে সৰোদ বাদক আমজদ আলি খান, সাৰংগ বাদক পণ্ডিত নাৰায়ণ, বাঁহী বাদক হৰি প্ৰসাদ চৌৰাছিয়া আৰু সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মায়ে অংশগ্ৰহণ কৰিছিল।১২ গান্ধী জয়ন্তীত এই ভজনৰ লগতে "ৰঘুপতি ৰাঘৱ ৰাজা ৰাম" দুয়ো পৰিৱেশন কৰা হয়।৩
গীতৰ কথা
| গুজৰাটী | দেৱনাগৰী | আন্তৰ্জাতিক সংস্কৃত অনুবাদ | অসমীয়া |
|---|---|---|---|
| વૈષ્ણવ જન તો તેને કહિયે જે પીડ પરાઈ જાણે રે પર દુ:ખે ઉપકાર કરે તો યે મન અભિમાન ન આણે રે. ॥ધૃ॥ | वैष्णव जन तो तेने कहिये जे पीड परायी जाणे रे। पर दुःखे उपकार करे तो ये मन अभिमान न आणे रे ॥ | vaiṣṇava jana to tene kahiye je pīḍa parāyī jāṇe re, para duḥkhe upakāra kare to ye mana abhimāna na āṇe re | বৈষ্ণৱ জন তো তেনে কহিয়ে জো পীড় পাৰায়ি জানে ৰে। পৰ দুখে উপকাৰ কৰে তো য়ে মন অভিমান না আনে ৰে ॥ |
| સકળ લોકમાં સહુને વંદે, નિંદા ન કરે કેની રે વાચ કાછ મન નિર્મળ રાખે ધન ધન જનની તેની રે. ॥૧॥ | सकळ लोकमां सहुने वंदे, निंदा न करे केनी रे। वाच काछ मन निश्चळ राखे, धन धन जननी तेनी रे ॥ | sakaḷa loka māṁ sahune vande, nindā na kare kenī re, vāca kācha mana nischala raakhe, dhana dhana jananī tenī re | সকল লোকমা সহুনে বন্দে, নিন্দা না কৰে কেনি ৰে। বাচ কাছ মন নিশ্চল ৰাখে, ধন ধন জননী তেনি ৰে ॥ |
| સમદૃષ્ટિ ને તૃષ્ણા ત્યાગી પરસ્ત્રી જેને માત રે જિહ્વા થકી અસત્ય ન બોલે પરધન નવ ઝાલે હાથ રે. ॥૨॥ | समदृष्टि ने तृष्णा त्यागी, परस्त्री जेने मात रे। जिह्वा थकी असत्य न बोले, परधन नव झाले हाथ रे ॥ | sama-dṛṣṭi ne tṛṣṇā tyāgī, para-strī jene māta re, jihvā thakī asatya na bole, para-dhana nava jhāle hātha re | সমদৃষ্টি নে তৃষ্ণা ত্যাগী, পৰস্ত্ৰী জেনে মাত ৰে। জিহ্বা থকি অসত্য না বোলে, পৰধন নৱ ঝালে হাথ ৰে ॥ |
| મોહ માયા વ્યાપે નહિ જેને, દૃઢ વૈરાગ્ય જેના મનમાં રે રામ નામ શુ તાળી રે લાગી સકળ તીરથ તેના તનમાં રે. ॥૩॥ | मोह माया व्यापे नहि जेने, दृढ़ वैराग्य जेना मनमां रे। रामनाम शुं ताळी रे लागी, सकळ तीरथ तेना तनमां रे ॥ | moha māyā vyāpe nahi jene, dhruda-vairāgya jenā manamāṁ re, rāma-nāma shu tāḷī lāgī, sakaḷa tīratha tenā tanamāṁ re | মোহ মায়া ব্যাপে নাহি জেনে, দৃঢ় বৈৰাগ্য জেনা মনমা ৰে। ৰামনাম শু তালি ৰে লাগি, সকল তীৰথ তেনা তনমা ৰে ॥ |
| વણ લોભી ને કપટ રહિત છે, કામ ક્રોધ નિવાર્યાં રે ભણે નરસૈયો તેનું દર્શન કરતાં કુળ એકોતેર તાર્યાં રે. ॥૪॥ | वणलोभी ने कपटरहित छे, काम क्रोध निवार्या रे। भणे नरसैयॊ तेनुं दरसन करतां, कुळ एकोतेर तार्या रे ॥ | vaṇa-lobhī ne kapaṭa-rahita che, kāma krodha nivāryā re, bhaṇe narasaiyo tenuṁ darasana karatāṁ, kuḷa ekotera tāryā re | বনলোভী নে কপটৰহিত ছে, কাম ক্ৰোধ নিভাৰ্যা ৰে। ভণে নৰসায় তেনো দৰশন কৰতা কুল একোতেৰ তাৰ্যা ৰে ॥ |
তথ্যসূত্ৰ
- ↑ Album on Gandhi’s hymn. Tribune
- ↑ Nalini Natarajan; Emmanuel Sampath Nelson. (1996). Handbook of Twentieth-Century Literatures of India. Greenwood Publishing Group. পৃ. 100–. ISBN 978-0-313-28778-7
- ↑ Baiju .Dharmajan. (2013-08-15). Vaishnav Janato on Guitar: Baiju Dharmajan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈষ্ণৱ জন তো” প্ৰবন্ধৰ সংশোধন ২৪৭৯৩৯ (৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।