চীনা সংস্কৃতি
৩৬ প্ৰবন্ধ
-
কনফুচিয়াছ ধৰ্ম
কনফুচিয়াছ ধৰ্ম (সৰলীকৃত চীনা: 儒学) বা ৰুই ধৰ্ম হৈছে বিখ্যাত চীনা দাৰ্শনিক কনফুচিয়াছৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত চীনা নৈতিক আৰু দাৰ্শনিক বিশ্বাস ব্যৱস্থা। ই প্ৰাচীন চীনত উৎপত্তি হোৱা চিন্তা আৰু আচৰণৰ এক ব্যৱস্থা।
-
চীনা ভাৱচিত্ৰ
চীনা ভাৱচিত্ৰ বা হাঞ্জি (সৰলীকৃত চীনাত: 汉字, পৰম্পৰাগত চীনাত: 漢字, পিন্যিনত: hànzì, "হান আখৰ") চীনা ভাষা আৰু আন কিছুমান ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ভাৱযুক্ত চিত্ৰ বা আখৰ। এই ভাৱচিত্ৰ আন আন পূব এছিয়াৰ ভাষা লিখিবলৈয়ো ব্যৱহাৰ কৰা হয়।
-
লণ্ঠন উৎসৱ
লণ্ঠন উৎসৱ (Lantern Festival, 元宵節) চীনা পৰম্পৰাগত উৎসৱসমূহৰ ভিতৰত অন্যতম উৎসৱ। চীনা চন্দ্ৰ-সৌৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ ১৫তম দিনা পূৰ্ণিমাৰ সময়ত ইয়াক উদ্যাপন কৰা হয়। সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চৰ আৰম্ভণিতে পৰা এই উৎসৱে পৰম্পৰাগত চীনা নৱবৰ্ষ উদ্যাপনৰ শেষ দিনটো সূচায়।
-
বান্দৰ ৰজা উৎসৱ
বান্দৰ ৰজা উৎসৱ ( Monkey King Festival) (চীনা ভাষাত 齊天大聖千秋) হংকঙত চীনা পঞ্জিকাৰ অষ্টম চন্দ্ৰ মাহৰ ১৬ তাৰিখে উদ্যাপন কৰা হয়। এই দিনটো মধ্য-শৰৎ উৎসৱৰ পাছদিনা আৰু গ্ৰেগৰিয়ান পঞ্জিকা অনুসৰি সাধাৰণতে ছেপ্টেম্বৰ মাহত পৰে।
-
ষাঠি বছৰীয়া আৱৰ্তন
ষাঠি বছৰীয়া আৱৰ্তন বা গাঞ্জি (চীনা: 干支) হ'ল ঐতিহাসিকভাৱে সময় লিপিবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা ষাঠিটা পদৰ আৱৰ্তন। ইয়াৰ প্ৰতিটো পদে এবছৰ বুজাই, এটা আৱৰ্তন ত মুঠ ষাঠি বছৰ থাকে। এই প্ৰথা অসমৰ টাই-আহোম সকলৰ মাজত প্ৰচলিত যাক লাক-নি বুলি কোৱা হয়।
-
আঠটা খুটা
আঠটা খুটা বা আকাশৰ আঠটা খুটা চীনৰ পৌৰাণিক কাহিনীৰ এটা ধাৰণা। এই খুটাবোৰ আঠটা কাৰ্ডিনেল দিশত অৱস্থিত আঠটা পৰ্বত বা খুটাৰ এটা গোট যিয়ে আকাশক ওপৰলৈ তুলি ধৰিব পাৰে বুলি জনবিশ্বাসত প্ৰচলিত। পৌৰাণিক কাহিনীত আঠটা খুটাৰ কাম আছিল পৃথিৱী আৰু আকাশ (বা স্বৰ্গ) পৃথক কৰা।
-
ইয়ায়ুয়ে
ইয়ায়ুয়ে (Yayue) প্ৰাচীন চীনত ৰাজদৰবাৰ আৰু মন্দিৰসমূহত পৰিৱেশন কৰা চীনা ধ্ৰুপদী সংগীত আৰু নৃত্যৰ একপ্ৰকাৰ। ইয়ায়ুয়েৰ মৌলিক ৰীতি-নীতি ৱেষ্টাৰ্ন ঝৌ যুগত প্ৰতিষ্ঠিত হৈছিল। আইন আৰু কণফুচিয়াচজিম আচাৰৰ সৈতে মিলি ই অভিজাত শ্ৰেণীৰ ৰাজনৈতিক ক্ষমতাৰ আনুষ্ঠানিক প্ৰকাশৰ ৰূপ গঢ়ি তুলিছিল।
-
চীনা কাগজ ভাঁজ কৰাৰ শিল্প
চীনা কাগজ ভাঁজ শিল্প (Chinese paper folding) , বা ঝে-ঝি, হৈছে মধ্যযুগীয় চীনত উৎপত্তি হোৱা কাগজ ভাঁজ কৰাৰ এক শিল্পকলা। ২০শ শতিকাৰ জাপানী কাগজ শিল্পী আকিৰা য়োশিজাৱাৰ কৰ্মই জাপানী শব্দ অৰিগামিক ব্যাপক জনপ্ৰিয়তা প্ৰদান কৰে।
-
চীনা ছ'চেজ
চীনা ছ'চেজ ( Chinese Sausage) হৈছে চীন, চীনৰ সাংস্কৃতিক পৰিমণ্ডল বা চীনা প্ৰব্ৰজনকাৰী সমাজৰ সৈতে সম্পৰ্ক থকা বিভিন্নপ্ৰকাৰৰ ছ'চেজ।
-
চীনা লোক-কলা
চীনা লোক-কলা (ইংৰাজী: Chinese folk art) বা চীনা হস্তশিল্প হৈছে চীনৰ কোনো আঞ্চলিক বা জনগোষ্ঠীয় সমাজৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা বিভিন্ন শৈল্পিক ৰূপ। সাধাৰণতে চীনৰ বিভিন্ন প্ৰদেশসমূহৰ মাজত এই কলাৰ কিছু তাৰতম্য বা প্ৰভেদ দেখা যায়।
-
চীনা সৃষ্টিৰ পৌৰাণিক আখ্যান
চীনা সৃষ্টিৰ পৌৰাণিক আখ্যান চীনা সকলৰ পৰম্পৰাগত মহাবিশ্ব, পৃথিৱী আৰু জীৱনৰ উৎপত্তিৰ বিষয়ে প্ৰতীকী আখ্যান। এই আখ্যান সংস্কৃতিভেদে বেলেগ বেলেগ। এই পৌৰাণিক আখ্যানৰ বাবে "সৃষ্টিৰ আখ্যান"তকৈ "ব্ৰহ্মাণ্ডিক আখ্যান" বা "উৎপত্তিৰ আখ্যান" শব্দটো অধিক প্ৰযোজ্য, কিয়নো অতি কম সংখ্যক কাহিনীতে সৃষ্টিকৰ্তা দেৱতা…
-
চুন জু
চুন জু(Sun Tzu) (অনুমাণিক ৫৪৪–৪৯৬ খ্ৰীষ্টপূৰ্ব) আছিল প্ৰাচীন চীনৰ এজন কিংবদন্তি সামৰিক জেনেৰেল, ৰণনীতিবিদ আৰু দাৰ্শনিক। তেওঁ চীনৰ বসন্ত আৰু শৰৎকালৰ যুগত বসবাস কৰিছিল। সামৰিক ৰণনীতিৰ ওপৰত ৰচিত পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী গ্ৰন্থ দ্য আৰ্ট অৱ ৱাৰ (যুদ্ধৰ কলা) ৰচনা কৰাৰ শ্ৰেয় তেওঁকেই দিয়া হয়।
-
ছাং ইয়াং
ছাং ইয়াং(Shang Yang, ৩৯০ খ্ৰীষ্টপূৰ্ব – ৩৩৮ খ্ৰীষ্টপূৰ্ব), যাৰ প্ৰকৃত নাম আছিল ৱেই ইয়াং (Wei Yang), আছিল প্ৰাচীন চীনৰ চিন ৰাজ্য (State of Qin)-ৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনীতিবিদ, সংস্কাৰক আৰু দাৰ্শনিক। তেওঁক চীনা দৰ্শনৰ আইনবাদ (Legalism) শাখাৰ এজন প্ৰধান প্ৰৱৰ্তক হিচাপে গণ্য কৰা হয়।
-
জংজি
জংজি (; চীনা: 粽子) হৈছে আঠাযুক্ত বৰা চাউলৰ পৰা তৈয়াৰ কৰা এবিধ পৰম্পৰাগত খাদ্য। এই খাদ্যৰ ভিতৰত বিভিন্ন মছলাৰ দৰে খাদ্য বস্তু ভৰাই বাঁহৰ পাত বা নল গছৰ পাত নাইবা অন্যান্য বহল পাতেৰে মেৰিয়াই দিয়া হয়। এই খাদ্য ভাপত বা উতলাই ৰান্ধি প্ৰস্তুত কৰা হয়।
-
জি কাং
জি কাং (Ji Kang 嵇康, অনুমাণিক ২২৪–অনুমাণিক ২৬৩), যাক কেতিয়াবা ক্সি কাং বুলিও কোৱা হয়, আৰু যাৰ সৌজন্যমূলক নাম আছিল শুয়ে (叔夜), তেওঁ আছিল চীনৰ তিনিখন ৰাজ্যৰ যুগ (Three Kingdoms period)-ৰ এজন সুৰকাৰ, প্ৰবন্ধকাৰ, দাৰ্শনিক আৰু কবি।
-
টকাৰ গছ (লোকবিশ্বাস)
চীনৰ লোককথা অনুসৰি, মানি ট্ৰী বা টকাৰ গছ / ধনৰ গছ (ইংৰাজী: Money tree; চীনা: 搖錢樹) হ’ল একপ্ৰকাৰৰ পৱিত্ৰ গছ যিয়ে মানুহৰ বাবে ধন আৰু ভাগ্য কঢ়িয়াই আনিব পাৰে। ইয়াক সমৃদ্ধি, আভিজাত্য আৰু মাংগলিকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়।
-
ডোংয়াং কাঠ খোদাই শিল্প
ডোংয়াং কাঠ খোদাই (Dongyang Wood Carving) (东阳木雕) হৈছে চীনৰ ঝেজিয়াং প্ৰদেশৰ ডোংয়াং চহৰৰপৰা উৎপত্তি হোৱা চীনা শিল্পৰ এক পৰম্পৰাগত ধাৰা। এই শিল্পধাৰা জটিল নক্সা, সূক্ষ্ম কাৰুকাৰ্য আৰু সবিশেষৰ প্ৰতি বিশেষ মনোযোগৰ বাবে পৰিচিত।
-
পিব’
পিব’, যাক পিজি বুলিও কোৱা হয়, হৈছে হানফু (পৰম্পৰাগত চীনা পোছাক)ৰ সৈতে পৰিধান কৰা এবিধ আলংকাৰিক ৰেচমী চাদৰ বা স্কাৰ্ফ সদৃশ অনুষংগ। এই বস্ত্ৰবিধ ৰেচম পথ বা চিল্ক ৰোডৰ জৰিয়তে চীনলৈ আমদানি হৈছিল আৰু টাং ৰাজবংশৰ সময়ত ই বিশেষ জনপ্ৰিয়তা লাভ কৰে, য’ত ই হান চীনা পোছাকৰ এক অপৰিহাৰ্য অংশ হৈ পৰে।
-
পেনজিং
পেনজিং, যাক পেনজাই বুলিও কোৱা হয়। এই শিল্প হৈছে চীনৰ প্ৰাচীন শিল্প, য'ত কলাত্মকভাৱে আকৃতি দিয়া গছ, অন্যান্য উদ্ভিদ আৰু প্ৰাকৃতিক দৃশ্য ক্ষুদ্ৰাকৃতিত উপস্থাপন কৰা হয়। পেনজিং সাধাৰণতে তিনিটা প্ৰধান ভাগত বিভক্ত কৰা হয়:
-
পৰম্পৰাগত চীনা বিবাহ
পৰম্পৰাগত চীনা বিবাহ (Traditional Chinese marriage, ) চীনা সমাজসমূহত অনুষ্ঠিত এক আনুষ্ঠানিক বিবাহ-অনুষ্ঠান। এই বিবাহ-অনুষ্ঠানত কেৱল স্বামী-স্ত্ৰীৰ মিলনেই নহয়, এজন পুৰুষ আৰু এগৰাকী নাৰীৰ দুয়োটা পৰিয়ালৰ মাজতো সম্পৰ্ক স্থাপন হয়।
-
ফল খোদাই কৰাৰ কলা
ফল খোদাই (Fruit carving) হৈছে ফলত বিভিন্ন আকৃতি আৰু নক্সা খোদাই কৰাৰ কলা। এছিয়া আৰু ইউৰোপৰ দেশসমূহত এই কলা যথেষ্ট প্ৰচলিত আৰু বিশেষকৈ থাইলেণ্ড, চীন আৰু জাপানত জনপ্ৰিয়। এই কামত বিভিন্ন ফল ব্যৱহাৰ কৰিব পাৰি; শিল্পীসকলে সাধাৰণতে তৰমুজ, আপেল, ষ্ট্ৰবেৰী, আনাৰস আৰু কেণ্টালুপ ব্যৱহাৰ কৰে।
-
ফু ছি
ফু-ছি বা ফু-চি (伏羲 ~ 伏犧 ~ 伏戲) চীনা কিংবদন্তি আৰু পৌৰাণিক কাহিনীৰ এজন সংস্কৃতিৰ নায়ক। তেওঁক তেওঁৰ ভগ্নী আৰু পত্নী নোৱাৰ সৈতে মানৱী আৰু সংগীতৰ সৃষ্টিৰ কৃতিত্ব দিয়া হয়, লগতে চিকাৰ, মাছ ধৰা, ঘৰুৱাকৰণ আৰু ৰন্ধন প্ৰণালীৰ লগতে খ্ৰীষ্টপূৰ্ব ২০০০ ৰ সমসাময়িক চীনা চৰিত্ৰ লিখাৰ কেংজি প্ৰণালী আৱিষ্কাৰক বুলি…
-
ফুড ষ্টীমাৰ
ফুড ষ্টীমাৰ বা ষ্টীম কুকাৰ পাকঘৰত ব্যৱহৃত এটা সৰু সঁজুলি, যিটো ভাপৰ তাপেৰে বিভিন্ন খাদ্য ৰন্ধা বা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই ধৰণৰ ৰন্ধা ব্যৱস্থাক “ভাপত দিয়া’’ বুলি কোৱা হয়।
-
বাঁহৰ হাবিত থকা সাতজন ঋষি
বাঁহৰ হাবিত থকা সাতজন ঋষি(Seven Sages of the Bamboo Grove, খ্ৰীষ্টীয় তৃতীয় শতিকা) আছিল প্ৰাচীন চীনৰ তিনিখন ৰাজ্যৰ যুগ (Three Kingdoms period)-ৰ শেষৰ ফালে আৰু জিন বংশৰ আৰম্ভণিত (খ্ৰীষ্টীয় তৃতীয় শতিকা) সমবেত হৈছিল।
-
বাগুৱা
বাগুৱা (চীনা ভাষা: 八卦) হ'ল কিছুমান বিপৰীতমুখী চীনা প্ৰতীকৰ সমষ্টি যি বাস্তৱিকতাৰ প্ৰকৃতি দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। বাগুৱা তিনিডাল আচ মিলি গঠিত হয়। তাৰে কিছমান আচ ভগা আৰু কিছুমান নভগা থাকে যি য়িন আৰু য়াংক বুজাই।প্ৰতিডাল আচে দুটা অৱস্থাৰ সম্ভাৱনা দেখুৱাই যি মুঠ ২×২×২=৮ টা ট্ৰাইগ্ৰাম বুজাই যাৰ…
-
বাঘ-মূৰ জোতা
বাঘ-মূৰ জোতা (Tiger head shoes) হৈছে শিশুৰ বাবে ব্যৱহৃত পৰম্পৰাগত চীনা লোকহস্তশিল্পৰ এক নিদৰ্শন। ইয়াৰ নাম জোতাযোৰৰ আগফালৰ অংশটো বাঘৰ মূৰৰ দৰে দেখাৰ বাবে হৈছে। উত্তৰ চীনত ইয়াক মেকুৰী-মূৰ জোতা বুলিও কোৱা হয়। চীনা সংস্কৃতিত বাঘক শুভ আৰু মংগলদায়ক প্ৰাণী হিচাপে গণ্য কৰা হয়।
-
বিয়ান লিয়ান
বিয়ান লিয়ান (Bian Lian) হৈছে চিছুয়ান অপেৰাৰ অন্তৰ্গত একপ্ৰকাৰৰ প্ৰাচীন চীনা নাটকীয় শিল্প। এই শিল্প পৰিবেশকসকলে উজ্জ্বল ৰঙৰ সাজ-পোছাক পিন্ধি দ্ৰুত নাটকীয় সংগীতত নৃত্য পৰিৱেশন কৰে। তেওঁলোকে বিভিন্ন ৰঙৰ মুখা পিন্ধি সাধাৰণতে অপেৰাৰ সুপৰিচিত চৰিত্ৰসমূহক চিত্ৰিত কৰে।
-
বেইজিং ডান্স একাডেমী
বেইজিং ডান্স একাডেমী হৈছে চীনৰ বেইজিংৰ হাইডিয়ান জিলাত অৱস্থিত এখন পৌৰসভা-নিয়ন্ত্ৰিত ৰাজহুৱা পেছাদাৰী নৃত্য শিক্ষানুষ্ঠান। এই একাডেমী চীনত নৃত্য শিক্ষা আৰু মূল্যায়নৰ অন্যতম প্ৰধান প্ৰতিষ্ঠান। ইয়াত চীনা নৃত্যৰ শিক্ষক যোগ্যতাৰ স্তৰ নিৰ্ধাৰণৰ বাবে দেশজুৰি পৰীক্ষা অনুষ্ঠিত কৰা হয়।
-
লাবা উৎসৱ
লাবা উৎসৱ (Laba Festival, চীনা: 臘八節) হৈছে চীনা দিনপঞ্জীৰ দ্বাদশ মাহ অৰ্থাৎ লা মাহৰ (বা লায়ুৱে 臘月) অষ্টম দিনা উদ্যাপন কৰা এটা পৰম্পৰাগত চীনা উৎসৱ। ইয়াৰ জৰিয়তে চীনা নৱবৰ্ষৰ সময়ছোৱাৰ সূচনা হয়। এই দিনটোত লাবা কঞ্জী (একপ্ৰকাৰৰ চাউলৰ জাউ বা পায়স) খোৱাটো এক পৰম্পৰাগত ৰীতি।
-
লামো
লামো (Lhamo; তিব্বতীয় ভাষাত:ལྷ་མོ, ৰোমানীকৰণঃ লা মো) হৈছে সংগীত আৰু নৃত্যৰ যুগলবন্দীৰে পৰিৱেশিত তিব্বতৰ একপ্ৰকাৰ ধ্ৰুপদী ধৰ্মনিৰপেক্ষ থিয়েটাৰ, যাক বহু শতিকা জুৰি পৰিৱেশন কৰি অহা হৈছে। পশ্চিমীয়া অপেৰা থিয়েটাৰৰ সৈতে এই নৃত্যাভিনয়ৰ সাদৃশ্য আছে।