বিভ্ৰাট ( Bibhrat ) ১৯৭২ চনত মুক্তি পোৱা ফণী তালুকদাৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছিল পীতাম্বৰ শৰ্মা, বংসীধৰ শৰ্মা আৰু ফণী তালুকদাৰে।বিভ্ৰাটৰ গীত বাণীবদ্ধ কৰা হৈছিল জ্যোতি চিত্ৰবনত। ১৯৬৮ চনত চৰকাৰী খণ্ডত প্ৰতিষ্ঠা কৰা জ্যোতি চিত্ৰবনত এখন ছবিৰ আটাইবোৰ গীত বাণীবদ্ধ কৰা এইখনে প্ৰথম চিনেমা। বিভ্ৰাট এখন হাস্য-ব্যংগ্ ছবি।১
কাহিনীৰ সাৰাংশ
পিয়ন, চকিদাৰ- কিবা এটা সাধাৰণ চাকৰি বিচাৰি যদুৱে গাঁৱৰ পৰা চহৰ পায়হি। চহৰত লগ পালে মধুক। মধুৱে চহৰত কিছুদিন চহৰত থাকি অলপ টেঙৰ হৈছে। দুয়োজনে বেকাৰ। ৰাতি নামঘৰৰ বাৰান্দাত শোৱে। দিনত চাকৰি বিচাৰে। মধুৱে আগতে কাম কৰা মানুহ এঘৰত যদুৱে ৰান্ধনীৰ কামত সোমাল। কিন্তু সেই কামত বেছিদিন টিকিব নোৱাৰিলে। ইফালে মধুৱে ভাৰাঘৰৰ দালালী, মুটীয়াগিৰি আদি বিভিন্ন কামত জড়িত হ’ল যদিও কতো থিতাপি নাপায়। আকৌ দুয়োৰো দেখাদেখি হয়।১
এদিন কাছাৰীৰ বাকৰিত এজন ঠগৰ পৰা পুৰণি বাতৰিকাকত এখন কিনি তাত নিৰুদ্দেশৰ খবৰ এটা পঢ়ি পলৰীয়া ল’ৰা বিচাৰি ধন ঘটা ব্যৱসায়ে ভাল হ’ব বুলি ঠিৰাং কৰিলে। মধুৱেও সেই কামত জড়িত হৈ পৰে। পলৰীয়া বুলি বিভিন্ন ল’ৰা-ছোৱালীৰ পিছ লৈ দুয়োৰো বহুত লটিঘটি হয়। ঘটনাক্ৰমে লাহৰীক লগ পাই যদুৱে এদিন ঘৰ পতাৰো সপোন দেখিলে। এদিন পলৰীয়া বিচাৰি গৈ যদু জুৱাচোৰ গুণ্ডাৰ কবলত পৰে। অৱশেষত মধুৱে গুণ্ডাৰ কবলৰ পৰা যদুক বচাই আনে।১
অভিনয়-শিল্পী
- পূণ্য দাস
- বিৰিঞ্চি ভট্টাচাৰ্য
- মোৱাজ্জিন আলী
- কমল চৌধুৰী
- বীণা দাস মান্না
- চন্দ্ৰা
- অনুজা দেৱী
- ৰুণু বৰুৱা
- প্ৰবীন ফুকন
- লক্ষ্যধৰ চৌধুৰী
- ক্ষীৰদা কান্ত বিষয়া
- পোৱাল দুৱৰা
- গদাধৰ বৰাককতি
- হৰেন দাস
- হেমী বৰা
- ৰাজেন শৰ্মা
- প্ৰমোদ শইকীয়া
- নীলু চক্ৰৱৰ্তী আদি।১
সংগীত
ৰমেন বৰুৱাৰ তত্বাৱধানত মেল’ডিকাই ছবিৰ সঙ্গীত পৰিচালনা কৰিছিল। গীতকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা, নিৰ্মলপ্ৰভা বৰদলৈ আৰু নৱকান্ত বৰুৱা।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভ্ৰাট (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৪৮১৫ (২৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।