ভাৰতীয় নাৰীবাদী চলচ্চিত্ৰ
৩৮ প্ৰবন্ধ
-
দেৱদাস (১৯৩৬ চলচ্চিত্ৰ)
দেৱদাস ১৯৩৬ চনত মুক্তি পোৱা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা এখন হিন্দী চলচ্চিত্ৰ। এইখন আছিল ১৯৩৫ চনত মুক্তি পোৱা বঙালী ভাষাৰ ছবি দেৱদাসৰ হিন্দী সংস্কৰণ।
-
দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)
দেৱদাস হ'ল ২০০২ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত হয় এই ছবিখন। এয়া দেৱদাসৰ কাহিনীৰ তৃতীয় বলীউড (হিন্দী) সংস্কৰণ আৰু হিন্দীত প্ৰথম ৰঙীন চলচ্চিত্ৰ সংস্কৰণ।
-
ভূল ভুলৈয়া
ভূল ভুলৈয়া হৈছে ২০০৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ছাইক্লজিকেল থ্ৰিলাৰ চলচ্চিত্ৰ, যাৰ পৰিচালক প্ৰিয়দৰ্শন, চিত্ৰনাট্য নীৰজ ৱোৰা আৰু প্ৰযোজক টি ছিৰিজ। এয়া ১৯৯৩ চনত মধু মুত্তমে লিখা আৰু ফাজিলৰ পৰিচালনাত নিৰ্মিত মালয়ালম ভাষাৰ চলচ্চিত্ৰ মণিচিত্ৰথাঝুৰ পুনৰ্নিৰ্মাণ, যিখন ১৯ শতিকাৰ মধ্য ট্ৰেভাংকুৰৰ মাটম…
-
দেৱদাস (১৯৫৫ চলচ্চিত্ৰ)
দেৱদাস (Devdas) বিমল ৰয়ৰ দ্বাৰা পৰিচালিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসখনৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু সুচিত্ৰা সেনে।
-
আনজাম
আনজাম (Anjaam) হৈছে ৰাহুল ৰাৱাইলৰ দ্বাৰা পৰিচালিত ১৯৯৪ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমাণ্টিক মনস্তাত্ত্বিক থ্ৰিলাৰ চলচ্চিত্ৰ। ইয়াত মাধুৰী দীক্ষিত আৰু শ্বাহৰুখ খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে, লগত আছে সুধা চন্দ্ৰন, টিন্নু আনন্দ, বীনা বেনাৰ্জী, কিৰণ কুমাৰ, কল্পনা আয়াৰ আৰু হিমানী শিৱপুৰীকে ধৰি এদল…
-
চৰ্দাৰী বেগম
চৰ্দাৰী বেগম (Sardari Begum) হৈছে শ্যাম বেনেগাল পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰতীয় মিউজিকেল চিনেমা। চিনেমাখনত কিৰণ খেৰ, অমৰিশ পুৰী, ৰজিত কাপুৰ আৰু ৰাজেশ্বৰী সচদেৱে অভিনয় কৰিছে।
-
দেৱদাস (১৯৩৫ চনৰ চলচ্চিত্ৰ)
দেৱদাস ১৯৩৫ চনত প্ৰমথেশ বৰুৱাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বাংলা সাহিত্যিক শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত প্ৰমথেশ বৰুৱাৰ চিত্ৰনাট্য ৰচনা কৰিছিল।
-
ভূল ভুলৈয়া ২
ভূল ভুলৈয়া ২ হৈছে ২০২২ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-ভৌতিক চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে আনীছ বাজমীয়ে, চিত্ৰনাট্য লিখিছে আকাশ কৌশিক আৰু সংলাপ লিখিছে ফাৰহাদ চামজীয়ে। ছবিখন টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত। ই ২০০৭ চনত মুক্তি পোৱা ভূল ভুলৈয়া ছবিখনৰ এটা স্বতন্ত্ৰ ছিকুৱেল।
-
ভূল ভুলৈয়া ৩
ভূল ভুলৈয়া ৩ হৈছে ২০২৪ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-ভৌতিক চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে আনীছ বাজমীয়ে আৰু চিত্ৰনাট্য লিখিছে আকাশ কৌশিকে। ছবিখন টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত। ই ২০০৭ চনৰ ভূল ভুলৈয়া আৰু ২০২২ চনৰ ভূল ভুলৈয়া ২-ৰ পিছত এই ধাৰাবাহিকৰ তৃতীয় খণ্ড।
-
য়ে মেৰা ইণ্ডিয়া
য়ে মেৰা ইণ্ডিয়া (YMI) ২০০৮ চনৰ এখন হিন্দী চলচ্চিত্ৰ, যাৰ লিখক আৰু পৰিচালক এন. চন্দ্ৰা। ছবিখনত অভিনয় কৰিছে অনুপম খেৰ, পেৰিজাদ জোৰাবিয়ান, সয়াজী শিন্দে পূৰব কোহলী, ৰাজপাল য়াদৱ, সৰিকা, সীমা বিশ্বাস আদিয়ে৷
-
লজ্জা (চলচ্চিত্ৰ)
লজ্জা হৈছে ২০০১ চনত ৰাজকুমাৰ সন্তোষীৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাটক ছবি। ভাৰতৰ নাৰী আৰু নাৰীবাদৰ দুৰ্দশাৰ আধাৰত নিৰ্মিত ছবিখনে সমাজত নাৰীক যি সন্মানেৰে ৰখা হয় আৰু তেওঁলোকৰ ওপৰত আৰোপ কৰা বাধাৰ ওপৰত ব্যংগ কৰিছে।
-
দীৱানা (১৯৯২ চনৰ চলচ্চিত্ৰ)
দীৱানা হ'ল ৰাজ কানৱাৰৰ পৰিচালিত আৰু সাগৰ সাৰহাদীৰ ৰচিত ১৯৯২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক একচন ড্ৰামা ছবি। ইয়াত অভিনয় কৰিছে ঋষি কাপুৰ, দিব্য ভাৰতী, আৰু শ্বাহৰুখ খানে তেওঁৰ আত্মপ্ৰকাশত।
-
দেৱদাস (১৯২৮ চনৰ চলচ্চিত্ৰ)
দেৱদাস ১৯২৮ চনত মুক্তি পোৱা এখন বাংলা নিৰ্বাক চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মিত আৰু নৰেশ মিত্ৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখন দেৱদাস উপন্যাসৰ প্ৰথমখন চলচ্চিত্ৰ অভিযোজন। পৰিচালক নৰেশ মিত্ৰয়ো এই ছবিখনত অভিনয় কৰিছিল। ইয়াৰ চিত্ৰগ্ৰহণকাৰী আছিল নীতিন বোস।
-
দেৱদাস (১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ)
দেৱদাস ১৯৩৭ চনৰ অসমীয়া চলচ্চিত্ৰ, যিখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। প্ৰমথেশ বৰুৱাৰ পৰিচালনাত মুক্তি লাভ কৰা ছবিখনত দেৱদাসৰ চৰিত্ৰত ফণী শৰ্মা, চন্দ্ৰমুখীৰ চৰিত্ৰত মোহিনী, আৰু পাৰোৰ চৰিত্ৰত জুবেইদাই অভিনয় কৰিছিল। গীত সমূহ আছিল শমশাদ বেগম আৰু ভূপেন হাজৰিকাৰ।
-
দেৱদাস (২০১৩ চনৰ চলচ্চিত্ৰ)
দেৱদাস হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত বাংলাদেশী ৰোমান্টিক পিৰিয়ডৰ নাটক ছবি। ১৯১৭ চনত শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা দেৱদাস নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত হৈছে এইখন চলচ্চিত্ৰ।
-
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায়
মেৰী বেটী ছানী লিয়নি বননা চাহতী হ্যায় ২০১৭ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন চুটি ছবি যিখনৰ পৰিচালনা আৰু প্ৰযোজক আছিল ৰাম গোপাল বাৰ্মা ছবিখনত অভিনয় কৰিছে নয়না গাংগুলী, মকৰান্দ দেশপাণ্ডে আৰু দিব্যা জগদলেই। এই ছবিখনৰ জৰিয়তে চুটি ছবিৰ ক্ষেত্ৰখনত আত্মপ্ৰকাশ কৰিছিল ৰাম গোপাল বাৰ্মাই।
-
অস্তিত্ব
অস্তিত্ব (অস্তিত্ব অনুবাদ/অস্তিত্ব/পৰিচয়) হৈছে ২০০০ চনত মাৰাঠী আৰু হিন্দী ভাষাত একেলগে নিৰ্মিত এখন ভাৰতীয় ছবি। ছবিখনৰ ৰচনা আৰু পৰিচালনা মহেশ মঞ্জৰেকাৰৰ। ছবিখনত অদিতি পণ্ডিত নামৰ এগৰাকী সুখী বিবাহিত মহিলাৰ কাহিনী কোৱা হৈছে। তেওঁৰ স্বামী হৈছে শ্ৰীকান্ত পণ্ডিত।
-
আভাল অৰু থোদৰ কথাই
আভাল অৰু থোদৰ কথাই (Aval Oru Thodar Kathai; অনুবাদː তেওঁ এক অন্তহীন কাহিনী) ১৯৭৪ চনত কে. বালাচন্দৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় তামিল ভাষাৰ নাটকীয় বোলছবি। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সুজাথাই, প্ৰথমখন তামিল ছবিত আছিল তেওঁৰ প্ৰথম অভিনয়। কমল হাছান, বিজয়কুমাৰ, জয় গণেশ, এম. জি.
-
আভাল পাৱম
আভাল পাৱম (She is Poor) হৈছে হৈছে এম কে অৰুন্ধৱা ৰাজাৰ দ্বাৰা পৰিচালিত ২০০০ চনৰ এখন তামিল ভাষাৰ ড্ৰামা চলচ্চিত্ৰ। প্ৰভুকান্ত আৰু ঋতিকাই অভিনয় কৰা ছবিখনৰ সহযোগী চৰিত্ৰত অভিনয় কৰিছে ঈশ্বৰী কে গণেশে। কে ৰাজনে প্ৰযোজনা এই ছবিখনে ২০০০ চনৰ ২২ ডিচেম্বৰত মুক্তি লাভ কৰিছিল।
-
আশ্চৰ্য ফাক ইট
আশ্চৰ্য ফাক ইট (Ascharya Fuck It) (চলচ্চিত্ৰখনৰ পোষ্টাৰত Ascharya F#*k It নামেৰে বিশ্লেষণ কৰা হৈছে।; ইয়াক আচাৰ্যচকিত বুলিও কোৱা হয়!) ছবিখনত প্ৰিয়ংকা বসু, বৈভৱ ৰাজ গুপ্তা, অংকিত ৰাজ, অনংশা বিশ্বাস আৰু সন্তোষ জুভেকাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ইংলিছ ভিংলিছ
ইংলিছ ভিংলিছ হৈছে গৌৰী শ্বিণ্ডেৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০১২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী-ড্ৰামা ছবি। ছবিখনত শ্ৰীদেৱীয়ে জলপান আৰু মিঠাই তৈয়াৰ কৰা এগৰাকী ক্ষুদ্ৰ উদ্যোগী শশী গডবোলেৰ চৰিত্ৰত অভিনয় কৰিছে।
-
এংগ্ৰী ইণ্ডিয়ান গডেছ
এংগ্ৰী ইণ্ডিয়ান গডেছ হৈছে পান নলিনৰ দ্বাৰা পৰিচালিত আৰু জংগল বুক এণ্টাৰটেইনমেণ্টৰ বেনাৰত গৌৰৱ ধিংৰা আৰু পান নলিনৰ প্ৰযোজনাৰে ২০১৫ চনত নিৰ্মিত এখন হিন্দী ভাষাৰ ড্ৰামা ছবি।
-
ওৰু নল্লা নাল পাথু সোলৰেন
ওৰু নল্লা নাল পাথু সোলৰেন (এটা শুভ দিনত জনাম) ২০১৮ চনৰ ভাৰতীয় তামিল ভাষাৰ ক'লা কমেডী চলচ্চিত্ৰ। ইয়াৰ লেখক আৰু পৰিচালক পি অৰুমুগা কুমাৰ। ছবিখনত অভিনয় কৰিছে বিজয় সেঠুপতি, গৌতম কাৰ্তিক, গায়ত্ৰী আৰু নিহাৰিকা কনিডেলাই৷ ভিজি চন্দ্ৰশেখৰ, ৰমেশ থিলাক, ডেনিয়েল এনি পোপ আৰু ৰাজকুমাৰে সহযোগী চৰিত্ৰত…
-
গাৰ্লচ উইল বি গাৰ্লচ (২০২৪ বৰ্ষৰ চলচ্চিত্ৰ)
গাৰ্লচ উইল বি গাৰ্লচ (Girls Will Be Girls) হৈছে শুচি তালাতিৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ বৰ্ষৰ এখন কৈশোৰ চলচ্চিত্ৰ। প্ৰীতি পাণিগ্ৰাহী, কেনি কুশ্ৰুতি, আৰু কেশৱ বিনয় কিৰণে ইয়াত অভিনয় কৰিছে।
-
ডেঞ্জাৰাছ (২০২২ চনৰ চলচ্চিত্ৰ)
ডেঞ্জাৰাছ ২০২২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, যি ৰাম গোপাল বৰ্মাই পৰিচালনা কৰিছে আৰু নট্টি কুমাৰে প্ৰযোজনা কৰিছে। চলচ্চিত্ৰখনত নয়না গাংগুলী, অপ্সৰা ৰাণী, আৰু ৰাজপাল য়াদৱ মুখ্য ভূমিকাত আছে।
-
দমন (২০০১ চলচ্চিত্ৰ)
দমন: বৈবাহিক হিংসাৰ বলি'(Daman: A Victim of Marital Violence) ২০০১ চনত কল্পনা লাজমীৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ নাট্য ছবিখনে ২০০১চনৰ ৪ মে'ত মুক্তি লাভ কৰে। ছবিখনত এগৰাকী প্ৰহাৰ কৰা পত্নীৰ কাহিনী অনুসৰণ কৰা হৈছে।
-
দাসী (১৯৮৮ চনৰ চলচ্চিত্ৰ)
দাসী হৈছে বি নাৰ্চিং ৰাৱে লিখা আৰু পৰিচালনা কৰা ১৯৮৮ চনৰ ভাৰতীয় তেলেগু ভাষাৰ নাট্য চলচ্চিত্ৰ আৰু এইখন চলচ্চিত্ৰত অৰ্চনাই দাসী কমলাক্ষীৰ চৰিত্ৰত অভিনয় কৰিছে।
-
দেৱী (২০২০ চনৰ চলচ্চিত্ৰ)
দেৱী ভাৰতীয় হিন্দী ভাষাৰ উদ্বেগজনক নাটকীয় চুটি চলচ্চিত্ৰ, যাক প্ৰথমবাৰ পৰিচালনা কৰে প্ৰিয়ংকা বেনাৰ্জীয়ে। এই চলচ্চিত্ৰখন নীৰঞ্জন আইয়েংগাৰ আৰু ৰায়ান আইভান ষ্টিফেনে প্ৰযোজনা কৰিছিল, যাৰ প্ৰযোজনা গৃহটো ইলেকট্ৰিক এপল্ছ এণ্টাৰটেইনমেণ্ট নামেৰে পৰিচিত।
-
দ্য আননোন ৱাৰ্ল্ড
দ্য আননোন ৱাৰ্ল্ড ২০১১ চনত ভাৰতৰ পৰা নাৰী শিশুহত্যা বা মহিলা ভ্ৰুণহত্যাৰ বিষয়ে নিৰ্মিত এনিমেটেড চলচ্চিত্ৰ। ইয়াৰ পৰিচালক আৰু প্ৰযোজক বৰুণ মেহতা। এইখন চলচ্চিত্ৰ ২০১১ চনত ভাৰতৰ চেন্নাইত অনুষ্ঠিত হোৱা জনসেৱা ঘোষণা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়।
-
পিংক (২০১৬ চলচ্চিত্ৰ)
পিংক (Pink) ২০১৬ চনৰ হিন্দী ভাষাৰ, অনিৰুদ্ধ ৰায় চৌধুৰী পৰিচালিত আৰু সুজিত সৰকাৰ প্ৰযোজিত এখন ভাৰতীয় আইনী থ্ৰিলাৰ ছবি। ৰাইজিং ছান ফিল্মছে মুঠ ৩০ কোটি টকা বাজেটত নিৰ্মাণ কৰা এই ছবিখনৰ চিত্ৰনাট্য শ্বাহ আৰু সংগীত ৰচনা শান্তনু মৈত্ৰ আৰু অনুপম ৰায়ৰ।