ইংৰাজী চলচ্চিত্ৰ
৫০ প্ৰবন্ধ
-
গান্ধী (চলচ্চিত্ৰ)
গান্ধী (ইংৰাজী: Gandhi) হ'ল ১৯৮২চনত মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মিত এখন চলচ্চিত্ৰ। ভাৰত আৰু লণ্ডনৰ সহযোগত ৰিচাৰ্ড এটেনবৰ' হ'ল চলচ্চিত্ৰখনৰ প্ৰযোজক তথা পৰিচালক আৰু জন ব্ৰেইলি হ'ল লেখক। চলচ্চিত্ৰখনত গান্ধীৰ ভূমিকা পালন কৰিছে বেন কিংছলে নামৰ ইংৰাজ অভিনেতাজনে।
-
দ্য নেমচেক
দ্য নেমচেক ২০০৬ চনৰ ২ ছেপ্তেম্বৰত মুক্তি পোৱা এখন ভাৰতীয় বোলছবি, যিখন ছবি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টৰণ্ট' আৰু নিউয়ৰ্ক চিটি চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ নিবাসী বাঙালী কন্যা ঝুম্পা লাহিড়ীৰ পুলিৎজাৰ বঁটা বিজয়ী উপন্যাস 'নেমচেক'ৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালক মীৰা নায়াৰ।
-
লাইফ অৱ পাই (চলচ্চিত্ৰ)
লাইফ অৱ পাই (Life of Pi) ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ত্ৰিমাত্ৰিক কম্পিউটাৰ এনিমেটেড ৰোমাঞ্চক চলচ্চিত্ৰ। ২০০১ চনত প্ৰকাশিত য়ান মাৰ্টেলৰ লাইফ অৱ পাই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি পৰিচালক আং লীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰে।
-
ৱাটাৰ (২০০৫ চলচ্চিত্ৰ)
ৱাটাৰ (Water) অনুৰাগ কাশ্যপৰ কাহিনী আৰু দীপা মেহতাৰ পৰিচালনাৰে ২০০৫ চনত মুক্তি পোৱা এক কানাডিয়ান চলচ্চিত্ৰ। অনুৰাগ কাশ্যপে সংলাপসমূহৰ অনুবাদ কাৰ্যও সম্পন্ন কৰিছিল। এই ছবিখন ১৯৩৮ চনৰ বাৰাণসীৰ পটভূমিত বিধৱাসকলৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছিল।
-
অপেনহাইমাৰ (চলচ্চিত্ৰ)
অপেনহাইমাৰ (Oppenheimer) হৈছে ২০২৩ চনৰ এখন জীৱনীমূলক থ্ৰিলাৰ চলচ্চিত্ৰ। যি ক্ৰিষ্টোফাৰ ন'লানে ৰচনা আৰু পৰিচালনা কৰিছে। এই চলচ্চিত্ৰখন ২০০৫ চনৰ কাই বাৰ্ড আৰু মাৰ্টিন জে শ্বাৰউইনৰ দ্বাৰা ৰচিত জীৱনীমূলক গ্ৰন্থ “আমেৰিকান প্ৰমিথিউছ”ৰ আধাৰত নিৰ্মিত।
-
দ্য মেন হু নিউ ইনফিনিটি (চলচ্চিত্ৰ)
দ্য মেন হু নিউ ইনফিনিটি (The Man Who Knew Infinity) ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনক লৈ নিৰ্মিত তথা ২০১৫ বৰ্ষত মুক্তি লাভ কৰা এখন ইংৰাজী চলচ্চিত্ৰ। ১৯৯১ চনত প্ৰকাশিত ৰবাৰ্ট কানিগেলৰ দ্য মেন হু নিউ ইনফিনিটি কিতাপখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
-
এক্সট্ৰেক্চন (চলচ্চিত্ৰ)
এক্সট্ৰেক্চন (Extraction; ) হ'ল ২০২০ চনৰ এখন আমেৰিকান একশ্যন-থ্ৰিলাৰ চলচ্চিত্ৰ। ছবিখন শ্ব্যাম হাৰগ্ৰাভৰ দ্বাৰা পৰিচালিত আৰু এণ্ড পাৰ্কছ, জো ৰুছো, এণ্টনি ৰুছো, ফাৰ্নান্দো লেওন গনজালেজ আৰু ৰিক স্কিলমেনৰ গ্ৰাফিক উপন্যাসৰ আধাৰত জো ৰুছোৰ দ্বাৰা ৰচিত।
-
ক্লেশ্ব অফ দ্য টাইটানছ (২০১০ চলচ্চিত্ৰ)
ক্লেশ্ব অফ দ্য টাইটানছ ২০১০ চনৰ এখন ফেণ্টাছী এডভেঞ্চাৰ চলচ্চিত্ৰ যি ১৯৮১ চনৰ একে নামৰ চলচ্চিত্ৰৰ এক পুনৰ্নিৰ্মাণ (যাৰ স্বত্ব ১৯৯৬ চনত ৱাৰ্ণাৰ ব্ৰাদাৰ্ছে ক্ৰয় কৰে)। ইয়াৰ কাহিনীভাগ উপৰুৱাকৈ গ্ৰীক কিংবন্তিৰ পাৰ্চিয়াছৰ ওপৰত আধাৰিত।
-
গ্ৰে'ভিটী (২০১৩ বৰ্ষৰ চলচ্চিত্ৰ)
গ্ৰেভিটী (Gravity) ২০১৩ চনত মুক্তিপ্ৰাপ্ত কল্প-বিজ্ঞান কাহিনীৰ ওপৰত আধাৰিত আৰু মহাকাশত সংঘটিত কাহিনীৰে নিৰ্মিত এখন ত্ৰিমাত্ৰিক (3D) শিহৰণকাৰী চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, সহ-প্ৰযোজনা আৰু সহ-সম্পাদনা Alfonso Cuarón-ৰ।
-
চিষ্টাৰ মিডনাইট
চিষ্টাৰ মিডনাইট (Sister Midnight) হʼল কৰণ কান্ধাৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, এখন ব্লেক কমেডী চলচ্চিত্ৰ। ছবিখনত অভিনেত্ৰী ৰাধিকা আপ্টেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অশোক পাঠক, ছায়া কদম আৰু স্মিতা তাম্বেই ছবিখনৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে।
-
দ্য গডফাদাৰ (চলচ্চিত্ৰ)
১৯৬৯ চনত পুজ’ৰ একে নামৰ বহুপঠিত উপন্যাসখনৰ আধাৰত মাৰিঅ’ পুজ’ৰ সৈতে সহযোগীভাৱে চিত্ৰনাট্য লিখা ফ্ৰান্সিছ ফৰ্ড কপ’লাই পৰিচালনা কৰা ১৯৭২ চনত নিৰ্মিত এখন আমেৰিকান অপৰাধমূলক কাহিনীৰ ছবি— দ্য গডফাদাৰ।
-
দ্য নাইট অৱ দ্য হাণ্টাৰ (চলচ্চিত্ৰ)
দ্য নাইট অৱ দ্য হাণ্টাৰ (The Night of the Hunter) হৈছে ১৯৫৫ চনত আমেৰিকান ফিল্ম নোৱাৰ থ্ৰিলাৰ, চাৰ্লছ লাফটনৰ পৰিচালনাত নিৰ্মিত আৰু ৰবাৰ্ট মিচাম, শ্বেলী উইণ্টাৰছ আৰু লিলিয়ান গিছ অভিনীত চিনেমা। জেমছ ৰুফাছ এজিৰ চিত্ৰনাট্য ১৯৫৩ চনত ডেভিছ গ্ৰাবৰ একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল।
-
দ্য মেকিং অৱ দ্য মহাত্মা
দ্য মেকিং অৱ দ্য মহাত্মা (The Making of the Mahatma) হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত।
-
ফায়াৰ (১৯৯৬ চলচ্চিত্ৰ)
ফায়াৰ ( Fire) দীপা মেহতা ৰচিত আৰু পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰত-কানাডিয়ান ইৰ’টিক ৰোমান্টিক নাট্যধৰ্মী ছবি। ইয়াক শাবানা আজমী আৰু নন্দিতা দাসে অভিনয় কৰিছে। মেহতাৰ এলিমেণ্টছ ত্ৰিল’জীৰ এইখন প্ৰথম ছবি; পৰৱৰ্তী ছবি দুখন হ’ল আৰ্থ (১৯৯৮) আৰু ৱাটাৰ (২০০৫)।
-
মোৱানা (২০১৬ চনৰ চলচ্চিত্ৰ)
মোৱানা (ইংৰাজী: Moana) হ'ল ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড মিউজিকেল এডভেঞ্চাৰ চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু জন মাস্কাৰ আৰু ৰন ক্লেমেণ্টছৰদ্বাৰা পৰিচালিত এই ছবিখনত ডুৱেইন জনচন আৰু আউলি ক্ৰাভালিঅ'ই কণ্ঠদান কৰিছে।
-
ৰেথ অফ দ্য টাইটানছ
ৰেথ অফ দ্য টাইটানছ ২০১২ চনৰ এখন আমেৰিকান-স্পেনিছ ফেণ্টাছী চলচ্চিত্ৰ আৰু ই ২০১০ চনৰ চলচ্চিত্ৰ ক্লেশ্ব অফ দ্য টাইটানছৰ ছিকুৱেল। ছবিখনত ছেম ৱৰ্ডিংটন, ৰজেমাণ্ড পাইক, বিল নায়ি, এডগাৰ ৰেমিৰেজ, টবি কেবেল, ডেনৈ হাষ্টন, ৰালফ ফিয়েনছ আৰু লায়াম নিছনে তাৰকা হিচাপে অভিনয় কৰিছে।
-
আন্না
আন্না (ইংৰাজী: ANИA হিচাপে শৈলীগতভাৱে লিখা) হৈছে ২০১৯ চনৰ এখন একচন থ্ৰিলাৰ চলচ্চিত্ৰ। লুক বেচনে এই ছবিখনৰ কাহিনী লিখাৰ লগতে ইয়াৰ প্ৰযোজনা আৰু পৰিচালনাও কৰিছে।
-
এ ডিফাৰেণ্ট ষ্ট'ৰী
এ ডিফাৰেণ্ট ষ্ট'ৰী ১৯৭৮ চনত পল এৰনৰ দ্বাৰা পৰিচালিত আৰু মেগ ফষ্টাৰ আৰু পেৰী কিঙে অভিনয় কৰা এখন আমেৰিকান চলচ্চিত্ৰ। লছ এঞ্জেলছত পৰিৱেশিত এই ছবিখনত এজন সমকামী পুৰুষ (কিং) আৰু এগৰাকী লেচবিয়ান (ফষ্টাৰ)ৰ কাহিনী কোৱা হৈছে যিসকল অস্থায়ী ঘৰুৱা সতীৰ্থ হৈ পৰে কিন্তু শেষত ইজনে সিজনৰ প্ৰেমত পৰে।
-
এক্স-মেন চলচ্চিত্ৰ শৃংখলা
এক্স-মেন চলচ্চিত্ৰ শৃংখলা হৈছে মাৰ্ভেল কমিক্চৰ আধাৰত নিৰ্মাণ কৰা কেইখনমান ছুপাৰহিৰো চলচ্চিত্ৰৰ সমষ্টি। এই চলচ্চিত্ৰকেইখনে ৱলভেৰিন (হিউগ জেকমেন), অধ্যাপক জেভিয়াৰ (পেট্ৰিক ষ্টুৱাৰ্ট আৰু জেমছ মেকাভয়) আৰু মেগনিটকে (ইয়ান মেককেলেন আৰু মাইকেল ফাছবেণ্ডাৰ) প্ৰমুখ্য কৰি এটা সমূহীয়া গোটক চিত্ৰিত কৰা হৈছে।
-
এক্সএক্স/এক্সৱাই
এক্সএক্স/এক্সৱাই (ইংৰাজী: XX/XY) হৈছে ২০০২ চনৰ এখন আমেৰিকান ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। অষ্টিন চিকৰ ৰচনা আৰু পৰিচালনাত নিৰ্মিত এই ছবিখনত মাৰ্ক ৰাফেলো, কেথলিন ৰবাৰ্টছন আৰু মায়া ষ্টেঞ্জে অভিনয় কৰিছে। ছবিখনৰ শীৰ্ষকটোৱে পুৰুষ আৰু মহিলাৰ দেহত থকা পৃথক যৌন ক্ৰম’জমৰ যুটিক বুজাইছে।
-
চিণ্ডেৰেলা (১৯৫০ চনৰ চলচ্চিত্ৰ)
চিণ্ডেৰেলা (ইংৰাজী: Cinderella; জন্ম: ১৯৫০) — ১৯৫০ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু আৰ.কে.অ' ৰেডিঅ' পিকচাৰ্ছৰদ্বাৰা মুক্তিপ্ৰাপ্ত এই ছবিখন ১৬৯৭ চনৰ চাৰ্লছ পেৰল্টৰ সাধুকথাৰ ওপৰত আধাৰিত।
-
চিণ্ডেৰেলা (২০২১ চনৰ আমেৰিকান চলচ্চিত্ৰ)
চিণ্ডেৰেলা (ইংৰাজী: Cinderella; জন্ম: ২০২১) — হ’ল চাৰ্লছ পেৰল্টৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত এখন ২০২১ চনৰ জুকবক্স মিউজিকেল ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। কে কেননৰদ্বাৰা লিখিত আৰু পৰিচালিত এই ছবিখনত গায়িকা কেমিলা কেবেলোৱে নাম ভূমিকাত অভিনয় কৰিছে, যিটো আছিল তেওঁৰ অভিনয় জীৱনৰ অভিষেক।
-
জুৰাছিক পাৰ্ক (চলচ্চিত্ৰ)
জুৰাছিক পাৰ্ক (Jurassic Park) হৈছে ১৯৯৩ চনত ক্ৰাইটনৰ ১৯৯০ চনৰ উপন্যাসৰ আধাৰত নিৰ্মিত ষ্টিভেন স্পিলবাৰ্গৰ দ্বাৰা পৰিচালিত আৰু মাইকেল ক্ৰাইটন আৰু ডেভিদ ক’পে লিখা এখন আমেৰিকান কল্পবিজ্ঞানধৰ্মী থ্ৰিলাৰ ছবি।
-
টিংকাৰ বেল (চলচ্চিত্ৰ)
টিংকাৰ বেল (Tinker Bell) হ'ল ২০০৮ চনত ডিজনী টুন ষ্টুডিঅ'ৰ দ্বাৰা ডিজনী পৰীৰ ওপৰত নিৰ্মাণ কৰা এক এনিমেটেড চলচ্চিত্ৰ। জে.এম.বেৰীৰ পিটাৰ পেন নাটত আবিৰ্ভাৱ হোৱা আৰু ডিজনী চলচ্চিত্ৰ পিটাৰ পেন (১৯৫৩) আৰু ৰিটাৰ্ণ টু নেভাৰলেণ্ড (২০০২)ত ভূমুকি মৰা টিংকাৰ বেল নামৰ পৰীজনী ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ।
-
টেংগলড
টেংগলড (ইংৰাজী: Tangled; জন্ম: ২০১০) — ২০১০ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী মাহিমান্বিত দুঃসাহসিক কাল্পনিক হাস্যৰসাত্মক চলচ্চিত্ৰ। জাৰ্মান সাধুকথা "ৰাপুঞ্জেল"ৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই ছবিখন ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা প্ৰযোজিত।
-
ডাচ ট্ৰিট
ডাচ ট্ৰিট (ইংৰাজী: Dutch Treat) হ’ল ১৯৮৭ চনৰ এখন একচন কমেডী চলচ্চিত্ৰ। ইয়াৰ কাহিনী ৰচনা কৰাৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ডেভিদ লেণ্ডচবাৰ্গ আৰু লৰিন ড্ৰাইফুচে। ছবিখন দ্য কেনন গ্ৰুপৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখন দুজন আমেৰিকান কটাৰী নিক্ষেপকাৰী (knife throwers)ৰ ওপৰত কেন্দ্ৰিত।
-
দ্য কৰ্টেজানছ অৱ বম্বে
দ্য কৰ্টেজানছ অৱ বম্বে ( The Courtesans of Bombay ) ইছমাইল মাৰ্চেণ্টৰ পৰিচালনাত আৰু মাৰ্চেণ্ট, জেমছ আইভৰী, আৰু ৰুথ প্ৰাৱেৰ ঝাবভালাৰ সহযোগিতাত ১৯৮৩ চনত নিৰ্মিত এখন ব্ৰিটিছ ডকুড্ৰামা দ্য।
-
দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট
দ্য নিউ এডভেঞ্চাৰছ অৱ স্নো হোৱাইট (জাৰ্মান: Grimms Märchen von lüsternen Pärchen) হৈছে ১৯৬৯ চনৰ এখন পশ্চিম জাৰ্মান যৌন হাস্যৰসাত্মক চলচ্চিত্ৰ। ৰল্ফ থিলেৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত মেৰী লিজডাল, ইভা ৰুয়েবাৰ-ষ্টায়েৰ আৰু ইনগ্ৰিড ভান বাৰ্গেনে অভিনয় কৰিছে।
-
দ্য পাৰছুট অৱ হেপিনেছ
{{Infobox film | name = দ্য পাৰছুট অৱ হেপিনেছ | image = দ্য পাৰছুট অৱ হেপিনেছ ছবিৰ প'ষ্টাৰ.jpg | caption = চিত্ৰগৃহত প্ৰদৰ্শিত ছবিৰ প'ষ্টাৰ | director = গেব্ৰিয়েল মুচ্চিন' | producer = {{ubl|উইল স্মিথ|টড্ ব্লেক|জে'ছন ব্লুমেন্থেল|জেমছ লেচচিস্তাৰ|ষ্টিভ টিশ}} | screenplay = ষ্টিভেন কনৰাড | based_on…
-
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ
দ্য প্ৰিন্সেছ এণ্ড দ্য ফ্ৰগ (ইংৰাজী: The Princess and the Frog; জন্ম: ২০০৯) — ২০০৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী কমেডী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত এই ছবিখন ২০০২ চনত ই. ডি.