ভাৰতৰ চলচ্চিত্ৰ
৫৬ প্ৰবন্ধ
-
অসমৰ চলচ্চিত্ৰ
অসমৰ চলচ্চিত্ৰ বুলিলে মূলতঃ অসমীয়া ভাষাত নিৰ্মিত কথাছবি বুজালেও অসমৰ ভিতৰত আৰু বাহিৰত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ ভাষাত নিৰ্মিত স্থানীয় চলচ্চিত্ৰসমূহো ইয়াৰ বিস্তৃত পৰিসৰত ধৰা হয়।
-
বলিউড
জনপ্ৰিয়ভাৱে বলিউড (Bollywood) আৰু পূৰ্বতে বম্বে চিনেমা বুলি জনাজাত হিন্দী চিনেমা প্ৰধানকৈ মুম্বাইত নিৰ্মাণ কৰা হয়। জনপ্ৰিয় শব্দ বলিউড হৈছে "বম্বে" (মুম্বাইৰ পূৰ্বৰ নাম) আৰু "হলিউড"ৰ এটা সংযুক্ত শব্দ।
-
ভাৰতীয় চলচ্চিত্ৰ
ভাৰতীয় চলচ্চিত্ৰই (Cinema of India) বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা বিশ্বৰ চলচ্চিত্ৰত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ভাৰতীয় চলচ্চিত্ৰই অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰেলা (ৰাজ্য), মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশা, পঞ্জাব, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গৰ…
-
সমান্তৰাল চলচ্চিত্ৰ
সমান্তৰাল চলচ্চিত্ৰ (Parallel cinema) হৈছে ভাৰতীয় চলচ্চিত্ৰত আৰম্ভ হোৱা একপ্ৰকাৰৰ চলচ্চিত্ৰ বিপ্লৱ। ১৯৫০ চনত পশ্চিমবংগত আৰম্ভ হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰাটোক মূলঃসূঁতিৰ ব্যৱসায়িক ভাৰতীয় চলচ্চিত্ৰৰ এক বিকল্প বুলিও ক'ব পাৰি।
-
য়শ ৰাজ ফিল্মছ
য়শ ৰাজ ফিল্মছ হৈছে য়শ চোপ্ৰাৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতৰ এটা মনোৰঞ্জক কোম্পানী। য়শ চোপ্ৰাৰ পুত্ৰ আদিত্য চোপ্ৰাইও এই বেনাৰৰ অধীনত বোলছবি প্ৰযোজনা কৰে।
-
ভাৰতীয় পেনোৰামা
ভাৰতীয় পেনোৰামা (Indian Panorama) হৈছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ এক মূল উপাদান; যাৰ উদ্যোগত শ্ৰেষ্ঠ হিচাপে বিবেচিত ভাৰতীয় ছবিসমূহক ছবিকলাৰ প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰা হয়।
-
ৰাজা হৰিশ্চন্দ্ৰ (চলচ্চিত্ৰ)
ৰাজা হৰিশ্চন্দ্ৰ (राजा हरिश्चंद्र) হ'ল দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ১৯১৩ চনত মুক্তিপ্ৰাপ্ত এই চলচ্চিত্ৰখনৰ কাহিনী ভাৰতীয় পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।
-
ওড়িশাৰ চলচ্চিত্ৰ
ওলিউড নামেৰে জনাজাত ওড়িয়া চিনেমা ভাৰতৰ ওড়িশা ৰাজ্যৰ ভুৱনেশ্বৰ আৰু কটকত নিৰ্মাণ কৰা ভাৰতীয় চলচ্চিত্ৰ জগতৰ ওড়িয়া ভাষাৰ চিনেমা। ওলিউড নামটো ওড়িয়া আৰু হলিউড শব্দৰ পৰ্টমেণ্ট।
-
ডাংকী (চলচ্চিত্ৰ)
ডাংকী (Dunki, डंकी) হৈছে ২০২৩ চনৰ ভাৰতীয় হিন্দী ভাষাৰ এখন ধেমেলীয়া নাট্য চলচ্চিত্ৰ। গাধৰ বিমান নামৰ এক অবৈধ প্ৰব্ৰজন কৌশলৰ ওপৰত ভিত্তি কৰি ছবিখন নিৰ্মিত হৈছে। ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু জিঅ’ ষ্টুডিঅ’ছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা আৰু সম্পাদনা কৰিছে ৰাজকুমাৰ হিৰাণীয়ে।
-
ভাইমন দা (চলচ্চিত্ৰ)
ভাইমন দা (Bhaimon Da) হৈছে শশাংক সমীৰ পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। ছবিখনত বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, নিৰুপম শইকীয়া, নিলিম দত্ত আৰু অৰ্ঘদীপ বৰুৱাকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে।
-
অল উই ইমাজিন এজ লাইট
অল উই ইমাজিন এজ লাইট (All We Imagine as Light) হৈছে পায়ল কাপাডিয়াৰ দ্বাৰা লিখিত আৰু পৰিচালিত ২০২৪ চনৰ এখন ড্ৰামাধৰ্মী চলচ্চিত্ৰ। ছবিখনত কানি কুশ্ৰুতি, দিব্যা প্ৰভা, ছায়া কদম আৰু হৃদু হাৰুণে কেইটিমান মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ছাইয়াৰা
ছাইয়াৰা (Saiyaara) হʼল মোহিত সূৰীৰ দ্বাৰা পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ সংগীতধৰ্মী ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত নৱাগত অভিনেতা আহান পাণ্ডে আৰু অভিনেত্ৰী অনীত পাড্ডাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
হাই নান্না
হাই নান্না হৈছে শৌৰ্যুভৰ দ্বাৰা পৰিচালিত ২০২৩ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ ৰোমাণ্টিক নাটকীয় চলচ্চিত্ৰ। ভাইৰা এণ্টাৰটেইনমেণ্টছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মৃণাল ঠাকুৰ, নানী আৰু কিয়াৰা খান্নাই।
-
কেলোৰ কীৰ্তি
কেলোৰ কীৰ্তি হৈছে ৰাজা চন্দৰ দ্বাৰা পৰিচালিত ২০১৬ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন হাস্যৰসাত্মক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছ্ আৰু সুৰিন্দৰ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মহতা আৰু নিস্পাল সিঙে ছবিখনৰ প্ৰযোজনা কৰে।
-
গীতা গোবিন্দম
গীতা গোবিন্দম (Geetha Govindam) হʼল পৰিচালক পৰশুৰামৰদ্বাৰা পৰিচালিত, ২০১৮ চনত মুক্তিপ্ৰাপ্ত, ভাৰতীয় তেলুগু ভাষাৰ ৰোমাণ্টিক কমেডীধৰ্মী কথাছবি। জিএ২ পিকচাৰ্ছৰদ্বাৰা প্ৰযোজিত, এই ছবিখনত অভিনেতা বিজয় দেৱৰকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মন্দান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ছালাৰ: পাৰ্ট ওৱান - চিজফায়াৰ
ছালাৰ: পাৰ্ট ওৱান - চিজফায়াৰ (অনু. ছালাৰ: প্ৰথম খণ্ড – যুদ্ধবিৰতি) হৈছে প্ৰশান্ত নীলৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ২০২৩ বৰ্ষৰ ভাৰতীয় তেলেগু ভাষাৰ এখন মহাকাব্যিক একচন চলচ্চিত্ৰ। হোম্বেল ফিল্মছৰ অধীনত ছবিখনৰ প্ৰযোজনা কৰিছে বিজয় কিৰাগান্দুৰে।
-
নদিয়া কে পাৰ (১৯৮২ চলচ্চিত্ৰ)
নদিয়া কে পাৰ (Nadiya Ke Paar, नदिया के पार) হৈছে গোবিন্দ মুনিশৰ দ্বাৰা পৰিচালিত ১৯৮২ চনৰ এখন ভাৰতীয় অবধী ভাষাত নিৰ্মিত ড্ৰামা ফিল্ম৷ চলচ্চিত্ৰখন কেশৱ প্ৰসাদ মিশ্ৰৰ হিন্দী উপন্যাস “কোহৱৰ কী শৰ্ত”ৰ প্ৰথমাৰ্ধৰ ওপৰত আধাৰিত, চলচ্চিত্ৰখন উত্তৰ প্ৰদেশৰ জৌনপুৰত নিৰ্মাণ কৰা হৈছে৷ চলচ্চিত্ৰখনত অভিনয়…
-
পাৰব না আমি ছাড়তে তোকে
পাৰব না আমি ছাড়তে তোকে (অনু. মই তোক এৰিব নোৱাৰো) হৈছে ৰাজ চক্ৰৱৰ্তীৰ দ্বাৰা পৰিচালিত, ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ছবিখন প্ৰযোজনা কৰিছে শ্ৰী ভেংকটেশ ফিল্মছ আৰু সুৰিন্দৰ ফিল্মছে। এই ছবিখন ২০১৩ চনৰ তেলেগু ছবি উয়্যালা জাম্পালাৰ পুনৰ্নিৰ্মাণ।
-
পুষ্পা ২: দ্য ৰুল
পুষ্পা ২: দ্য ৰুল (Pushpa 2: The Rule) হৈছে ২০২৪ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় তেলেগু ভাষাৰ এখন একশ্যনধৰ্মী নাট্য চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে পৰিচালক সুকুমাৰে আৰু সুকুমাৰ ৰাইটিংছৰ উদ্যোগত ছবিখনৰ প্ৰযোজনা কৰিছে মৈত্ৰী মুভি মেকাৰ্ছে। ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে অল্লু অৰ্জুনে।
-
প্ৰেমালু
প্ৰেমালু হৈছে গিৰীশ এ.ডি.-ৰ দ্বাৰা পৰিচালিত ২০২৪ বৰ্ষৰ ভাৰতীয় মালয়ালম ভাষাৰ এখন ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। ভাৱনা ষ্টুডিঅ’ছ, ফাহাধ ফাছিল এণ্ড ফ্ৰেণ্ড্ছ আৰু ৱৰ্কিং ক্লাছ হিৰ’ নামৰ প্ৰযোজনা কোম্পানী কেইখনে ছবিখনৰ প্ৰযোজনা কৰিছে।
-
পৰাণ যায় জ্বলিয়া ৰে
পৰাণ যায় জ্বলিয়া ৰে হৈছে ৰবি কিনাগীৰ দ্বাৰা পৰিচালিত ২০০৮ চনৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমাণ্টিক চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেৱ আৰু শুভশ্ৰী গাংগুলীয়ে। এই ছবিখন ২০০৭ চনৰ হিন্দী ছবি নমস্তে লণ্ডনৰ পুনৰ্নিৰ্মাণ।
-
শুধু তোমাৰই জন্য
শুধু তোমাৰই জন্য (Shudhu Tomari Jonyo; ) হৈছে বীৰছা দাসগুপ্তৰ দ্বাৰা পৰিচালিত ২০১৫ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এখন ৰোমান্টিক নাট্য চলচ্চিত্ৰ৷ শ্ৰী ভেংকটেশ ফিল্মছে ছবিখনৰ প্ৰযোজনা কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেব, শ্ৰাবন্তী চট্টোপাধ্যায়, সোহম আৰু মিমি চক্ৰৱৰ্তীয়ে।
-
সৈনিক (চলচ্চিত্ৰ)
সৈনিক (Sainik) হʼল ছিকন্দৰ ভাৰতীৰ পৰিচালনাত নিৰ্মিত, ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত, এখন ভাৰতীয় একশ্যনধৰ্মী চলচ্চিত্ৰ। ছবিখনত অভিনয়-শিল্পী অক্ষয় কুমাৰ, অশ্বিনী ভাৱে, ৰোনিত ৰয়, আৰু ফাৰহীনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
ৰামাইয়া ৱাস্তাৱৈয়া
ৰামাইয়া ৱাস্তাৱৈয়া (Ramaiya Vastavaiya; ) হৈছে প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত, ২০১৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। টিপছ ইণ্ডাষ্ট্ৰিজৰ অধীনত, কুমাৰ এছ. তৌৰাণীয়ে চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰে।
-
আমাজন অভিযান
আমাজন অভিযান হৈছে ২০১৭ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এটি একচন-এডভেঞ্চাৰ চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৰিছে কমলেশ্বৰ মুখাৰ্জীয়ে। শ্ৰী ভেংকটেশ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ ছোনীয়ে ছবিখনৰ প্ৰযোজনা কৰিছে। অভিনেতা দেবে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
খাদান
খাদান (Khadaan) হৈছে ২০২৪ চনত মুক্তি পোৱা এখন ভাৰতীয় বাংলা ভাষাৰ একচন থ্ৰিলাৰ ছবি, যিখনৰ লেখক আৰু পৰিচালক হৈছে সুজিত ৰিনো দত্ত। ক্ৰমে সুৰিন্দৰ ফিল্মছ আৰু দেৱ এণ্টাৰটেইনমেণ্ট ভেনচাৰৰ বেনাৰত নিসপাল সিং আৰু দেবৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত দেৱে দ্বৈত চৰিত্ৰত অভিনয় কৰিছে, লগতে মুখ্য চৰিত্ৰৰ সৈতে…
-
চিষ্টাৰ মিডনাইট
চিষ্টাৰ মিডনাইট (Sister Midnight) হʼল কৰণ কান্ধাৰীৰ দ্বাৰা ৰচিত তথা পৰিচালিত, ২০২৪ চনত মুক্তিপ্ৰাপ্ত, এখন ব্লেক কমেডী চলচ্চিত্ৰ। ছবিখনত অভিনেত্ৰী ৰাধিকা আপ্টেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অশোক পাঠক, ছায়া কদম আৰু স্মিতা তাম্বেই ছবিখনৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে।
-
জাদুগৰ (২০২২ চলচ্চিত্ৰ)
জাদুগৰ (Jaadugar) হৈছে সমীৰ চাক্সেনাৰ দ্বাৰা পৰিচালিত, ২০২২ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন চলচ্চিত্ৰ। ছবিখন বিশ্বপতি চৰকাৰৰ দ্বাৰা ৰচিত আৰু নৱ প্ৰতিষ্ঠিত প্ৰযোজনা সংস্থা পোষম পা পিকচাৰ্ছৰ বেনাৰৰ অধীনত নিৰ্মিত।
-
টুৱেলভ্থ ফেইল
টুৱেলভ্থ ফেইল (12th Fail) হৈছে ২০২৩ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। পৰিচালক বিধু বিনোদ চোপ্ৰাই ছবিখনৰ ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। ছবিখন মনোজ কুমাৰ শৰ্মাৰ বাস্তৱ জীৱনৰ ওপৰত অনুৰাগ পাঠক ৰচিত ২০১৯ চনৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
প্ৰেমম
প্ৰেমম (মালয়ালম: പ്രേമം, অৰ্থ: প্ৰেম) হৈছে ২০১৫ চনৰ এখন ভাৰতীয় মালায়ালম ভাষাৰ ৰোমাণ্টিক কমেডী-ড্ৰামা চলচ্চিত্ৰ। আলফন্স পুথ্ৰেনৰদ্বাৰা ৰচিত, পৰিচালিত আৰু সম্পাদিত এই ছবিখন প্ৰযোজনা কৰিছে আনৱাৰ ৰাছিদে।