অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কিকলী

কিক্কলি নৃত্য (Kikkli; পাঞ্জাবী ভাষাত ইয়াৰ প্ৰকৃত উচ্চাৰণ কিক-লি) পঞ্জাৱৰ এক ক্ৰীড়াসুলভ লোকনৃত্য৷ এই নৃত্যত সাধাৰণতে দুজনী যুৱতী ছোৱালীয়ে অংশ গ্ৰহণ কৰে৷ কিক্কলি নৃত্যত দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ দুয়ো দুয়োৰে হাতদুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি খামুচি ধৰে আৰু ভৰিৰে মাটিত খোপনি পুতি…

হালনাগাদ: ১১ নৱেম্বৰ ২০২৪ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৪০
সংশোধনৰ পৰামৰ্শ

কিক্কলি নৃত্য (Kikkli; পাঞ্জাবী ভাষাত ইয়াৰ প্ৰকৃত উচ্চাৰণ কিক-লি) পঞ্জাৱৰ এক ক্ৰীড়াসুলভ লোকনৃত্য৷ এই নৃত্যত সাধাৰণতে দুজনী যুৱতী ছোৱালীয়ে অংশ গ্ৰহণ কৰে৷১ কিক্কলি নৃত্যত দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ দুয়ো দুয়োৰে হাতদুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি খামুচি ধৰে আৰু ভৰিৰে মাটিত খোপনি পুতি ঘূৰণীয়াকৈ ঘূৰে৷২৩ সাধাৰণতে, মনেমিলা আৰু তালমিল একে থকা দুজনী ছোৱালী যুটী বান্ধে৪৫ অংশগ্ৰহণ কৰা ছোৱালী দুজনীৰ মাজত তালমিল নাথাকিলে এই নৃত্য সম্ভৱ নহয়৷ নৃত্যৰ সময়ত উপস্থিত দৰ্শকে নানা ধৰণৰ গীত গাই হাতচাপৰি মাৰি উৎসাহ যোগায়৷৷

নৃত্যৰ ধৰণ

মহিলাসকলৰ মাজত প্ৰচলিত পাঞ্জাৱৰ কিক্কলি নৃত্যত সাধাৰণতে নৃত্যতকৈ খেলুৱৈসুলভ মনোভাৱ বেছি দেখা যায়৷৫ কিক্কলি নৃত্যত দুজনী দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ ইজনীয়ে সিজনীৰ হাত দুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি জোৰেৰে ধৰি মাটিত খোপনি পুতি নিজৰ নিজৰ শৰীৰ দুটা পিছলৈ টানে৷ এনে অৱস্থাত তেওঁলোকৰ হাতদুখন যথেষ্ট টান হৈ পৰে আৰু খামুচি ধৰে২৩৬৬ আৰু বল প্ৰয়োগ কৰিব লগা হয়৷ তাৰপিছত দুয়ো চক্ৰাকাৰে ঘূৰিবলৈ ধৰে, বতাহত তেওঁলোকৰ দোপাট্টা উৰি থাকে আৰু তেওঁলোকৰ ঘূৰ্ণনত এটা ছন্দোময় শব্দ বাহিৰ হয়৷।৫৬ দৰ্শকৰূপে থকা বাকী মহিলাসকলে হাতচাপৰি বজাই তেওঁলোকক “আৰু জোৰে’’, “আৰু জোৰে’’ বুলি কৈ উৎসাহ যোগায়৷৩ কেতিয়াবা এই কিক্কলি নৃত্য দুজনীৰ ঠাইত চাৰিজনীয়ে একেলগে খেলে৷ কিক্কলিৰ লগত বেলেগ বেলেগ লোক সংগীত গোৱা হয়৷ ইয়ে খেলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰে৷

কিক্কলিৰ অনুকৰণত খেল

পাঞ্জাৱৰ এই লোক নৃত্যৰ আধাৰত দেশৰ বিভিন্ন ঠাইত, বিশেষকৈ অসমত “ঘূৰাঘূৰি খেল’’ নামে এবিধ খেল প্ৰচলিত৷ কিক্কলি নৃত্যত ভাগ লোৱাসকলৰ নৃত্যতকৈ খেলুৱৈসুলভ মনোভাৱ বেছি৷ এই নৃত্যত বাদ্যও বজোৱা নহয়, কিন্তু হাতচাপৰি বজাই গীত গোৱা হয়; কিন্তু ঘূৰাঘূৰি খেলত দৰ্শক থাকিলে কেৱল উৎসাহ প্ৰদৰ্শন কৰা হয় আৰু বিনা দৰ্শকেৰেও মনৰ আনন্দত এই খেল খেলা হয়৷ কেতিয়াবা দুজনৰ ঠাইত চাৰি বা পাঁচজনীয়ে লগ হৈ খেলে আৰু পৰস্পৰে পৰস্পৰৰ হাতে হাত ধৰি ভৰিৰ পতাৰে মাটিত খোপনি পুতি বৰিতকৈ গাটো পিছলৈ হাওলাই দি ইজনীয়ে সিজনীক নিজৰ গাৰ ফালে টানি চক্ৰাকাৰে ঘূৰে৷৭অসমত খেলা এই খেলত কিক্কলি নৃত্যৰ দৰে বিশেষ সাজ-পোছাক পিন্ধা নহয় আৰু ইয়াৰ বাবে কোনো বিশেষ সময়ৰো ধৰাবন্ধা নাথাকে৷

তথ্যসূত্ৰ

  1. ↑ kikkli dance-one of the Folk Dances of Panjabi Females
  2. ↑ Kikli. www.folkpunjab.com
  3. ↑ Singh, Durlabh. (2011). In the Days of Love. পৃ. 155
  4. ↑ Kohli, Yash. (1983). The Women Of Punjab. পৃ. 120
  5. ↑ Kikli dance. www.dance.anantagroup.com
  6. ↑ Kikli. www.punjabijanta.com
  7. ↑ গগৈ, চাও লোকেশ্বৰ. (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল. পৃ. ৫৯৪

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ লোকনৃত্যলোক-নৃত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিকলী” প্ৰবন্ধৰ সংশোধন ৪৪৩৯৫৩ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।