উৎসৱ
৫৮ প্ৰবন্ধ
-
অসমৰ গামোচা
অসমৰ গামোচা অসমীয়াসকলৰ দৈনন্দিন ব্যৱহাৰ, ধৰ্মীয় আচাৰ আৰু সামাজিক সন্মান—এই তিনিও ক্ষেত্ৰতে বহুলভাৱে জড়িত এক পৰম্পৰাগত বস্ত্ৰ। বগা কাপোৰত ৰঙা (কেতিয়াবা সেউজীয়া) পাৰি আৰু বোৱা নক্সাৰ সংমিশ্ৰণে ইয়াক অসমীয়াৰ পৰিচয়-চিহ্ন হিচাপে স্বীকৃতি দিছে; ১৩ ডিচেম্বৰ ২০২২ তাৰিখে ই ভৌগোলিক স্বীকৃতি (GI)…
-
ফাকুৱা
ফাঁকুৱা (Holi, होली) ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়।
-
উৎসৱ
উৎসৱ বুলিলে সাধাৰণতে সামাজিক, ধৰ্মীয় আৰু ঐতিহ্যগত প্ৰেক্ষাপটত পালিত আনন্দ অনুষ্ঠানক বুজায়। উৎসৱ-অনুষ্ঠান হৈছে জাতি এটাৰ মাজত পৰম্পৰাগতভাৱে চলি অহা আচাৰ-অনুষ্ঠান। ইয়াক ধৰ্মীয় আৰু সামাজিক দুটা ভাগত ভগাব পাৰি।
-
বৰদিন
বৰদিন বা খ্ৰীষ্টমাছ (Christmas বা Christmas Day) খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়।
-
ঈদ-উল-ফিটৰ
ঈদ-উল-ফিটৰ বা ঈদুল ফিতৰ (আৰৱী: عيد الفطر অৰ্থাৎ "ৰোজা ভঙাৰ দিৱস") ইছলাম ধৰ্মাৱলম্বীসকলৰ দুটা আটাইতকৈ ডাঙৰ ধৰ্মীয় উৎসৱৰ এটা। দ্বিতীয়টো হ'ল ঈদ-উল-জুহা। ধৰ্মীয় পৰিভাষাত ইয়াক ইয়াউমুল জাএজ (অৰ্থঃ পুৰস্কাৰৰ দিৱস) হিচাপেও বৰ্ণনা কৰা হৈছে।
-
ৰমজান
ৰমজান (رمضان ৰমাদ্বান, ) হ'ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিম সকলে ইছলামিক উপবাস ছিয়াম পালন কৰি থাকে। ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্ত তৃতীয়তম। ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয়, যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।
-
গৰু বিহু
বিহু অসমৰ জাতীয় উৎসৱ। ব'হাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জান-জুৰিৰ ঘাটলৈ লৈ গৈ নোৱায়-ধুৱায়।
-
বুদ্ধ পূৰ্ণিমা
বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বা বেশক (Vesākha, Vaiśākha), পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, চিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ, মালয়েছিয়া,…
-
ঈদ-উল-জুহা
ঈদ-উল-জুহা বা ঈদ-উল আজহা (আৰৱী:عيد الأضحى) ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা।
-
গৌৰৱ যাত্ৰা
গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (Pride parade) হৈছে সমকামী নাৰী, গে', উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান।
-
চীনা নৱবৰ্ষ
চীনা নৱবৰ্ষ, হৈছে আধুনিক চীনত বসন্ত উৎসৱ, বা চমুকৈ চান্দ্ৰ নৱবৰ্ষ বুলি জনাজাত আৰু বহুলভাবে উদযাপিত পৰম্পৰাগত চান্দ্ৰ-সৌৰ চীনা বৰ্ষপঞ্জীৰ এটি অতি গুৰুত্বপূৰ্ণ উৎসৱ। পৰম্পৰাগত ভাৱে প্ৰথমদিনাৰ সন্ধিয়াৰ লেম্প জ্বলোৱা উৎসৱৰ পৰা আৰম্ভ কৰি প্ৰথম মাহৰ ১৫ তাৰিখলৈকে এই উৎসৱ পালন কৰা হয়।
-
ভেলেণ্টাইন দিৱস
ছেইণ্ট ভেলেণ্টাইন দিৱস, সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস হ'ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়।
-
বিষু
বিষু (মালয়ালম: വിഷു) হৈছে ভাৰতৰ কেৰালা, তুলুনাডু আৰু মাহেত মালয়ালী নৱবৰ্ষ উদযাপন কৰা হিন্দু উৎসৱ।বিষু মালয়ালম পঞ্জিকাত মেডাম মাহৰ প্ৰথম দিনত পৰে (গ্ৰেগ'ৰিয়ান পঞ্জিকাত ১৪ বা ১৫ এপ্ৰিল)। ই পৰম্পৰাগত নতুন বছৰ, আনহাতে কোলাম যুগৰ কেলেণ্ডাৰ নতুন বছৰ ১ম চিংহামত পৰে।
-
গুড ফ্ৰাইডে
গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যিশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ।
-
মহৰম
মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব যিটো মুহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়। ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিতভাব আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব।
-
লোচাৰ
লোচাৰ (Losar) তিব্বতীয় বৌদ্ধ ধৰ্মৰ এক উৎসৱ। এই উৎসৱ তিব্বত, ভাৰত, ভূটান আৰু নেপালত পালন কৰা হয়। অঞ্চলভেদে ইয়াক বিভিন্ন দিনত পালন কৰা হয়। লোচাৰ তিব্বতীয় বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ বাবে নৱবৰ্ষৰ দিন। তিব্বতীয় চন্দ্ৰসৌৰ দিনপঞ্জীৰ প্ৰথম দিনা এই উৎসৱ পালন কৰা হয়।
-
আৰাট্টু
আৰাট্টু (Ārāttu) হ’ল ভাৰতৰ কেৰালাৰ হিন্দু মন্দিৰৰ উৎসৱৰ সময়ত পালন কৰা এক বাৰ্ষিক ৰীতি, য’ত এজন পুৰোহিতে নদী বা মন্দিৰৰ পুখুৰীত ডুবাই দেৱতাৰ বিগ্ৰহ স্নান কৰায়। ই মূলতঃ মন্দিৰৰ উৎসৱৰ শেষত সম্পন্ন কৰা হয়। আৰাট্টু বছৰত দুবাৰকৈ উদযাপন কৰা হয়— বসন্ত উৎসৱ (মাৰ্চ-এপ্ৰিল) আৰু শৰৎ উৎসৱ (অক্টোবৰ-নৱেম্বৰ)।
-
জন্মদিন
জন্মদিন (Birthday) হৈছে পঞ্জিকা অনুযায়ী মানুহৰ জন্মগ্ৰহণৰ দিৱস। সাধাৰণতে জন্মবাৰ্ষিকীত জন্মদিন উৎসৱৰ মাধ্যমেৰে পালন কৰা হয়। সাধাৰণতে বছৰৰ এটি নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট তাৰিখত শিশুৰ বাবে সিহঁতৰ পিতৃ-মাতৃ, আত্মীয়-স্বজন বা ব্যক্তিসকলৰ দ্বাৰা উদযাপিত হয় এই দিৱসটোত।
-
কোট্টাংকুলাঙ্গাৰা উৎসৱ
কোট্টাংকুলাঙ্গাৰা উৎসৱ হৈছে ভাৰতৰ কেৰালাৰ কোল্লাম অঞ্চলৰ কোট্টাঙ্কুলাঙ্গাৰা দেৱী মন্দিৰত অনুষ্ঠিত হোৱা এক বাৰ্ষিক হিন্দু উৎসৱ। এই উৎসৱ উপলক্ষে হাজাৰ হাজাৰ পুৰুষে মহিলাৰ দৰে পোছাক পৰিধান কৰে। ভগৱতী দেৱী এই উৎসৱৰ আৰাধ্য দেৱতা।
-
চ'জুন
চ'জুন, আৰনাম কেথে বা সৰগ পূজা হৈছে কাৰ্বিসকলৰ এক কৃষি কেন্দ্ৰিক ব্যক্তিগত পূজা। এই পূজা সাধাৰণতে মাঘ বা ফাগুন মাহত উদযাপন কৰা হয়। কাৰ্বি সকলৰ সৰহ সংখ্যকেই হিন্দু ধৰ্মাৱলম্বী। সেয়ে তেওঁলোকে দেৱ-দেৱতাৰ পূজাত বিশ্বাস কৰে।
-
দবুৰ পূজা
দবুৰ পূজাৰ দবুৰ শব্দটোৱে মিচিং সমাজত প্ৰচলিত পূজা বিশেষক বুজায়। দবুৰ শব্দটো কেনেকৈ উৎপত্তি হৈছে এই বিষয়ে বিতং আলোচনা হোৱা নাই। কোনো কোনো লোকৰ মতে মিচিং ভাষাত দ মানে খা আৰু বুৰ মানে উৰ্বৰ হোৱা অৰ্থাৎ পূজা-পাতলৰ যোগেদি পৃথিবীৰ উৰ্বৰা কৰা কাৰ্যক বুজায়।
-
মহাবীৰ জয়ন্তী
মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যানক জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ। ভগৱান মহাবীৰৰ জন্ম জয়ন্তী হিচাপে এই দিন পালন কৰা হয়। ভগৱান বৰ্ধমান মহাবীৰ জৈন ধৰ্মৰ ২৪তম তথা তীৰ্থাংকৰ। চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত উদযাপিত হোৱা এই উৎসৱ ইংৰাজী মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হয়।
-
মেলা পট
মেলা পট এক উৎসৱ। ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু সংমণ্ডলৰ ডোডা জিলাৰ ভাদেৰৱাহ তহচিলৰ খাখল গাঁৱত নাগ সংস্কৃতিৰ প্ৰতীক হিচাপে প্ৰতি বছৰে নগা পঞ্চমীৰ দিনা অনুষ্ঠিত হোৱা ই তিনিদিনীয়া উৎসৱ।
-
সভা
সভা (Sabha) নামনি অসমৰ ঠায়ে ঠায়ে অনুষ্ঠিত একপ্ৰকাৰ ঋতুকালীন উৎসৱ৷ ‘সভা’ শব্দৰ আভিধানিক অৰ্থ হ’ল― একেলগে বা মিলিত হৈ শোভা বৃদ্ধি কৰা। হেমকোষ অভিধান মতে সভাৰ অৰ্থ সমাজ। কোনো কাৰ্য কৰাৰ বাবে লগ লগা লোকৰ মেল।
-
হালখাতা
হালখাতা হৈছে বঙালী ব্যৱসায়ী, দোকানদাৰ আৰু ব্যৱসায়ীকসকলে পইলা বৈশাখ, অৰ্থাৎ প্ৰথম ব'হাগত উদ্যাপন কৰা এক পৰম্পৰাগত উৎসৱ। এই দিনা নতুন হিচাপ বহী আৰম্ভ কৰা হয়।
-
আদি পেৰুক্কু
আদি পেৰুক্কু হৈছে এক হিন্দু উৎসৱ, যিটো তামিল মাহ ‘আদি’ৰ ১৮তম দিনা তামিল লোকসকলে উদযাপন কৰে। এই উৎসৱত সাধাৰণতে মৌচুমী ঋতুত নদীৰ জলস্তৰ বৃদ্ধিক চিহ্নিত কৰিবলৈ আৰু পানীৰ জীৱনদায়ী গুণৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ নদীৰ পাৰত প্ৰাৰ্থনা কৰা হয়। এই দিনটোত হিন্দু দেৱী আম্মানৰ বিভিন্ন ৰীতি-নীতিৰে পূজা কৰা হয়।
-
আশুৰা
আশুৰা (আশুব়া) হ'ল ইছলাম ধৰ্মৰ এটি স্মৰণীয় দিৱস। প্ৰতি বছৰে ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহ মুহৰমৰ দহ তাৰিখে ই অনুষ্ঠিত হয়। ছিয়া মুছলমানসকলৰ মাজত আশুৰা ব্যাপক শোকৰে উদ্যাপন কৰা হয় কাৰণ ৬৮০ খ্ৰীষ্টাব্দত কাৰবালাৰ যুদ্ধৰ সময়ত হুছেইন ইবনে আলী (মহম্মদৰ নাতি)ৰ শিৰশ্ছেদ কৰা হৈছিল।
-
ইমোইনু ইৰাটপা
ইমোইনু ইৰাটপা বা ৱাকচিং টাৰানিথোইনি পানবা হৈছে মেইটেই জনগোষ্ঠীয়ে পালন কৰা এটা ধৰ্মীয় উৎসৱ। ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী ইমোইনু আহোংবিক উৎসৰ্গিত পোহৰৰ উৎসৱ। মেইটেই পঞ্জিকাৰ ৱাকচিং মাহৰ দ্বাদশ চন্দ্ৰ দিনত এই উৎসৱ পালন কৰা হয়।
-
কাৰ্বি যুৱ মহোৎসৱ
{{Infobox recurring event |name = কাৰ্বি যুৱ মহোৎসৱ |native_name = কাৰ্বি ৰিছ’-নিমছ’ ৰং আজে |native_name_lang = কাৰ্বি ভাষা |logo = |logo_alt = |logo_caption = |logo_size = |image = Karbi Youth Festival Entry Gate.jpg |image_size = |alt = কাৰ্বি যুৱ মহোৎসৱৰ প্ৰৱেশ পথ |caption = কাৰ্বি যুৱ মহোৎসৱৰ…
-
কেলগাৰী ষ্টেম্পেড
কেলগাৰী ষ্টেম্পেড হৈছে প্ৰতি জুলাই মাহত কানাডাৰ আলবাৰ্টাৰ কেলগাৰীত অনুষ্ঠিত হোৱা বাৰ্ষিক ৰ'ডিঅ', প্ৰদৰ্শনী আৰু উৎসৱ। দহদিনীয়া এই অনুষ্ঠানটোৱে নিজকে "পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আউটড'ৰ শ্ব'" বুলি মান্য়তা দিয়ে।