ড্ৰেগন নৃত্য (Dragon dance) হৈছে চীনা সংস্কৃতিৰ এবিধ পৰম্পৰাগত নৃত্য। সিংহ নৃত্যৰ দৰেই ইয়াকো বেছিকৈ কোনো উৎসৱ উদযাপনৰ সময়ত দেখা যায়। বিশেষকৈ চীনা নৱবৰ্ষৰ সময়ত প্ৰায়ে ড্ৰেগন নৃত্য পৰিৱেশন কৰা হয়। চীনা ড্ৰেগন চীনৰ সংস্কৃতিৰ প্ৰতীক, আৰু ইহঁতে মানুহৰ জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।১ ড্ৰেগনবোৰৰ মহাশক্তি, মৰ্যাদা, উৰ্বৰতা, প্ৰজ্ঞা আৰু পৱিত্ৰতা আদি গুণ আছে বুলি বিশ্বাস কৰা হয়। ড্ৰেগনৰ ৰূপ ভয়ংকৰ আৰু সাহসী যদিও ইয়াৰ উপকাৰী স্বভাৱো আছে। এই নৃত্য পৰিবেশনত পৰিলক্ষিত হোৱা গতিবিধিসমূহ হৈছে ড্ৰেগনৰ শক্তি আৰু মৰ্যাদাৰ প্ৰতীক।
তথ্যসূত্ৰ
- ↑ Dragon Dance. Cultural China
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড্ৰেগন নৃত্য” প্ৰবন্ধৰ সংশোধন ৩৯৩৭০৩ (২৮ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।