ভক্ত প্ৰহ্লাদ (Bhakta Prahlad) পৌৰাণিক কাহিনীৰে নিৰ্মিত দ্বিতীয় অসমৰ চলচ্চিত্ৰ।১ ১৪ নবেম্বৰ ১৯৫৮ত মুক্তি পোৱা এই ছবিখন নিপ বৰুৱাই পৰিচালনা আৰু প্ৰযোজনা কৰিছিল। অমলেন্দু বাগচীয়ে ছবিখনৰ কাহিনী যুগুত কৰিছিল।২১
কাহিনী
মহাপুৰুষৰ কীৰ্তনত থকা 'প্ৰহ্লাদ চৰিত্ৰ' অসমীয়া ৰাইজৰ অতি প্ৰিয়। কীৰ্তনৰ গীত-পদ খাপ খুৱাই ব্যৱহাৰ কৰিব পৰা হ'লে ছবিখনত সোণত সুৱগা চৰিলহেঁতেন আৰু ই অসমীয়া মানুহৰ মনত আপোন আপোন লাগিলহেঁতেন। তথাপি এই বিষয়বস্তুকে ৰূপায়িত কৰা আন ভাৰতীয় ভাষাৰ ছবিতকৈ ভক্ত প্ৰহ্লাদ উৎকৃষ্ট নহ'লেও নিকৃষ্ট হোৱা নাই নিশ্চয়।
— মঞ্চলেখা, অতুল চন্দ্ৰ হাজৰিকা
ভক্ত প্ৰহ্লাদ ছবিৰ কাহিনীটো শ্ৰীশঙ্কৰদেৱ, ৰামকৃষ্ণ পৰমহংস আৰু ভোলাগিৰি মহাৰাজৰ ৰচনাৰ পৰা সাৰ সংগ্ৰহ কৰি লিখি উলিয়াছিল অমলেন্দু বাগচীয়ে।২
স্বৰ্গৰ দুৱৰী জয় আৰু বিজয়ে ঋষিৰ অভিশাপত মৰ্ত্যত অসুৰৰূপে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰূপে জন্মগ্ৰহণ কৰে। জ্যেষ্ঠভাতৃ হিৰণ্যাক্ষক পাতালত বৰাহৰূপী বিষ্ণুৱে বধ কৰাত হিৰণ্যকশিপুয়ে জীৱনৰ শেষ মুহূৰ্তলৈ বিষ্ণুৰ বিৰোধ কৰি যোৱাৰ সংকল্প ল'লে। দেৱৰ্ষি নাৰদৰ পৰামৰ্শক্ৰমে হিৰণ্যকশিপুৱে অমৰত্বৰ বৰ লাভ কৰাৰ উদ্দেশ্য গৰ্ভৱতী পত্নী মহাৰাণী কয়াধু আৰু ৰাজ্যৰ সকলো দায়িত্ব মহামন্ত্ৰীৰ হাতত অৰ্পণ কৰি তপস্যা কৰিবলৈ কৈলাসলৈ গ'ল। দেৱৰাজ ইন্দ্ৰই কয়াধুক অপহৰণ কৰি লৈ গ'ল। হিৰণ্যকশিপুৰ তপস্যাত বিঘ্ন ঘটাবলৈ ইন্দ্ৰই বহু চেষ্টা চলালে যদিও সফল নহ'ল।২
ইফালে কয়াধুৱে দেৱৰাজৰ বন্দীত্বৰ পৰা পলাই আহি নাৰদৰ আশ্ৰমত আশ্ৰয় ল'লে। তাতেই নাৰদে মহাৰাণীক ভক্তিতত্ত্বৰ কথা শুনায়। তেনেকৈয়ে কয়াধুৰ গৰ্ভস্থ সন্তানটোৱেও হৰিনামৰ সুধা পান কৰিবলৈ সক্ষম হয়। হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা চৰ্তসাপেক্ষে অমৰত্বৰ বৰ লাভ কৰি ৰাজধানীলৈ প্ৰত্যাৱৰ্তন কৰে। স্বৰ্গ,মৰ্ত্য, পাতাল- তিনিওলোক জয় কৰি হিৰণ্যকশিপুৱে আকুলতাৰে কয়াধুৱে জন্ম দিয়া পুত্ৰসন্তান প্ৰহ্লাদৰ মুখ দৰ্শন কৰিবলৈ আহিল। কিন্তু এয়া কি- বিষ্ণুৰ চিৰবৈৰী হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ মুখত হৰিনাম! হৰিনাম পাহৰাই অসুৰৰ শিক্ষা দিবলৈ দায়িত্ব দিলে ষণ্ড আৰু অমৰ্কক। কিন্তু প্ৰহ্লাদৰ মুখৰ পৰা কোনোমতে হৰিনাম নুগুছে। বিভিন্ন শাস্তি দিও প্ৰহ্লাদক সংশোধন কৰিব নোৱাৰিলে।২ অৱশেষত নৰসিংহ ৰূপ ধৰি বিষ্ণুৱে হিৰণ্যকশিপুক বধ কৰিলে।
অভিনয়-শিল্পী
- সৰ্বেশ্বৰ চক্ৰৱৰ্তী (হিৰণ্যকশিপু)
- ফণী শৰ্মা
- ইভা আচাও
- শৰৎ দাস (অমৰ্ক)
- অমলেন্দু দাস (ষণ্ড)
- মাণিক দাস
- ধৰণী দাস
- শুক্লা দাস
- বীণা দাস মান্না
- ৰেবেকা আচাও
- দ্বিবন বৰুৱা
- নীৰা (শিশুশিল্পী, ভক্ত প্ৰহ্লাদৰ ৰূপত)
- ৰাজা (শিশুশিল্পী)১২
সঙ্গীত
ব্ৰজেন বৰুৱাই ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল। গীত লিখিছিল কেশৱ মহন্তই।৩২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভক্ত প্ৰহ্লাদ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৬৩২২৬ (১১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।