টেলিভিছন চেনেল
৩৫ প্ৰবন্ধ
-
জী টিভি
জী টিভি (ZEE TV) হৈছে এক হিন্দী ভাষাৰ মনোৰঞ্জন-ধৰ্মী মাচুলযুক্ত টিভি চেনেল। ১৯৯২ চনৰ ২ অক্টোবৰত ভাৰতৰ প্ৰথমটো ব্যক্তিগত টিভি চেনেল হিচাপে ইয়াক উদ্বোধন কৰা হয়। এই চেনেলটো জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছৰ মালিকানাধীন। ১৯৯৫ চনত যুক্তৰাজ্যতো জী টিভিৰ সম্প্ৰচাৰ আৰম্ভ কৰা হয়।
-
ষ্টাৰপ্লাছ
ষ্টাৰপ্লাছ (StarPlus) হৈছে এটা ভাৰতীয় মনোৰঞ্জনধৰ্মী মাচুলযুক্ত দূৰদৰ্শন চেনেল। ইয়াৰ গৰাকী হৈছে দ্য ৱল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ গৌণ কোম্পানী ষ্টাৰ ইণ্ডিয়া। এই চেনেলটোত নাটক, কৌতুকধৰ্মী অনুষ্ঠান, ৰিয়েলিটী শ্ব', আৰু চলচিত্ৰ সম্প্ৰচাৰিত হয়।
-
ৰং (দূৰদৰ্শন কেন্দ্ৰ)
ৰং (Rang) (দূৰদৰ্শন কেন্দ্ৰ) এটা অসমীয়া ভাষাৰ বিনোদন দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ, ৰামধেনু, ইন্দ্ৰধনু আৰু নৰ্থ ইষ্ট লাইভ।
-
নিউজ লাইভ
নিউজ লাইভ (News Live) হৈছে ২৪ ঘণ্টীয়া অসমীয়া চেটেলাইট নিউজ চেনেল যিয়ে বাতৰি, সাম্প্ৰতিক পৰিস্থিতি আৰু ইনফ’টেইনমেণ্ট অনুষ্ঠান সম্প্ৰচাৰ কৰে। ইয়াৰ মালিক প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড, গুৱাহাটী ভিত্তিক সংবাদ মাধ্যমৰ গোট যাৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…
-
ডিৱাই ৩৬৫
ডি ৱাই ৩৬৫ (DY 365)হৈছে উত্তৰ-পূব ভাৰতৰ ২৪ ঘণ্টীয়া চেটেলাইট নিউজ চেনেল। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড আৰু পৰিচালন সঞ্চালক হৈছে দিপন্নিতা জয়ছৱাল।
-
প্ৰাগ নিউজ
প্ৰাগ নিউজ (Prag News) এটা ২৪ ঘণ্টীয়া অসমীয়া নিউজ চেনেল। এই চেনেলটোৱে বহু সময়তে ভ্ৰান্ত তথ্য আৰু ভুৱা খবৰ প্ৰচাৰ কৰাৰ বাবে সমালোচিত হৈছে। এই চেনেলটো ২০০১ চনৰ ৪ মাৰ্চ তাৰিখে কেবল-ভিত্তিক টেলিভিছন চেনেল হিচাপে আৰম্ভ হৈছিল।
-
প্ৰতিদিন টাইম
প্ৰতিদিন টাইম (Pratidin Time) অসমৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। এই চেনেলত মূলতঃ অসমীয়া ভাষাৰ বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, কলা-সংস্কৃতি আদি বিভিন্ন বিষয়ক অনুষ্ঠানৰ লগতে অসমীয়া চলচ্চিত্ৰও পৰিৱেশন কৰা হয়।
-
চিবিএচ
চিবিএচ ব্ৰড্কাষ্টিং ইনকৰ্পৰেশ্যন (চমুকৈ চিবিএচ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি প্ৰধান টেলিভিজন নেটৱৰ্ক। ইয়াৰ আৰম্ভণি ঘটিছিল এটি ৰেডিঅ' নেটৱৰ্ক ৰূপে। চিবিএচ নামতো আহে ইয়াৰ আগৰ নাম কলম্বিয়া ব্ৰড্কাষ্টিং চিষ্টেমৰ প্ৰাৰম্ভিক বৰ্ণকেইটাৰ পৰা।
-
ৰেঙণি টিভি
ৰেঙণি হৈছে এটা অসমীয়া ভাষাৰ মনোৰঞ্জন-ধৰ্মী টিভি চেনেল। গুৱাহাটীৰ এ.এম. টেলিভিজন প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। এই চেনেল ২০১৩ চনৰ ৩ জুন তাৰিখে আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন প্ৰকাৰৰ মনোৰঞ্জন-ধৰ্মী কাৰ্যক্ৰম সম্প্ৰচাৰ কৰা হয়।
-
আজ তক
আজ তক (Aaj Tak; ) হৈছে নতুন দিল্লীস্থিত সংবাদ-গোষ্ঠী লিভিং মিডিয়া গ্ৰুপ (ইণ্ডিয়া টুডে’ গ্ৰুপ)ৰ অধীনস্থ টিভি টুডে’ নেটৱৰ্কৰ মালিকানাধীন আগশাৰীৰ ভাৰতীয় হিন্দী ভাষাৰ বাতৰি চেনেল।
-
ইন্দ্ৰধনু (দূৰদৰ্শন কেন্দ্ৰ)
ইন্দ্ৰধনু অসমৰ চলচ্চিত্ৰ বিষয়ক টিভি চেনেল। ২০১৭ চনৰ ৮ এপ্ৰিলত আনুষ্ঠানিক ভাৱে এই টিভি চেনেলৰ সম্প্ৰচাৰণ আৰম্ভ হৈছিল। গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এই চেনেলটোৰ গৰাকী।
-
ৰামধেনু (দূৰদৰ্শন কেন্দ্ৰ)
ৰামধেনু (Ramdhenu) (দূৰদৰ্শন কেন্দ্ৰ) অসমীয়া ভাষাৰ এক সংগীত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড। ইয়াৰ ভগ্নী চেনেলসমূহ হৈছে: নিউজ লাইভ আৰু ৰং। এই চেনেলটো ২০১১ চনৰ ১ অক্টোবৰত উদ্বোধন কৰা হৈছিল।
-
অসমৰ ৱেবছাইটসমূহৰ তালিকা
ইংৰাজী ৱেবছাইট: অসম চৰকাৰৰ মূল ৱেবছাইট জিলা ভিত্তিক ৱেবছাইটৰ তালিকা অসম সম্পৰ্কীয় বেচৰকাৰী ৱেবছাইট তেজপুৰ অনলাইন {| ! নাম !! ৱেবছাইট |- | অসমীয়া ৱিকিপিডিয়া || wikipedia |- | বিকাশপেডিয়া || vikaspedia |- | অসমীয়াপিডিয়া || assamesepedia |- | [[ৱিকিউদ্
-
নিউজ ১৮ অসম নৰ্থ ইষ্ট
নিউজ ১৮ অসম নৰ্থ ইষ্ট (News18 Assam North East) অসমৰ এক ২৪ ঘণ্টীয়া ছেটেলাইট বাতৰি চেনেল। ২০১৬ চনৰ ২৪ জুন তাৰিখে এই চেনেলৰ উদ্বোধন হয়। এই চেনেলটোৰ গৰাকী নেটৱৰ্ক১৮ গোষ্ঠী। ইয়াত মূলতঃ অসমীয়া ভাষাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খবৰৰ উপৰিও দেশ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ খবৰো পৰিৱেশন কৰা হয়।
-
ইটিভি বাল্যভাৰত
ইটিভি বাল্যভাৰত (ETV Bal Bharat) হৈছে হায়দৰাবাদস্থিত ইটিভি নেটৱৰ্কৰ মালিকানাধীন মাচুলযুক্ত শিশু-মনোৰঞ্জনধৰ্মী চেনেল যিয়ে এনিমেটেড ধাৰাবাহিক আৰু চলচ্চিত্ৰ সম্প্ৰচাৰ কৰে। বাৰটা সুকীয়া ভাষাৰ চেনেলেৰে ২০২১ চনৰ ২৭ এপ্ৰিলত এই নেটৱৰ্ক আৰম্ভ কৰা হৈছিল।
-
এন কে টিভি
এন কে টিভি (NKTV 24×7) অসমৰ এক ব্যক্তিগত খণ্ডৰ দূৰদৰ্শন কেন্দ্ৰ। ইয়াত অসমীয়া ভাষাত বাতৰিৰ উপৰিও সংগীত, ক্ৰীড়া, বিনোদন, চলচ্চিত্ৰ, কলা-সংস্কৃতি আদি বিষয়ক বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰা হয়। ২০২১চনৰ ৩ মাৰ্চ তাৰিখৰ পৰা এন কে টিভিৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল।
-
জোনাক (দূৰদৰ্শন কেন্দ্ৰ)
জোনাক অসমীয়া ভাষাৰ মনোৰঞ্জনমূলক দূৰদৰ্শন কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড ইয়াৰ গৰাকী। ২০১৬ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে ইয়াৰ প্ৰচাৰণ আৰম্ভ কৰা হৈছিল। ইয়াত বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান প্ৰচাৰিত হয়। ইয়াৰ ভগ্নী চেনেল হ'ল ডিৱাই ৩৬৫।
-
প’গ’ টিভি
প’গ’ (Pogo) এটা শিশু-মনোৰঞ্জনধৰ্মী কেবুল আৰু ছেটেলাইট দূৰদৰ্শন কেন্দ্ৰ, যাক ১ জানুৱাৰী, ২০০৪ তাৰিখে আৰম্ভ কৰা হৈছিল, মহাৰাষ্ট্ৰৰ মুম্বাইস্থিত টাইম ৱাৰ্নাৰৰ অংশ টাৰ্নাৰ ব্ৰড্কাষ্টিঙৰ দ্বাৰা। যদিও আৰম্ভণিতে কেৱল ভাৰততে উপলব্ধ হৈছিল, বৰ্তমান এই চেনেল নেপাল, ভূটান আৰু শ্ৰীলংকাতো উপলব্ধ।
-
ফ'কাছ এন.ই.
ফ'কাছ এন.ই. (Focus NE) (পূৰ্বৰ এন.ই. টি.ভি.) উত্তৰ-পূব ভাৰতৰ প্ৰথমটো চেটেলাইট বাতৰি চেনেল আছিল। এই চেনেলত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, মণিপুৰী, নাগামিজ, বড়ো, মিজো, গাৰো, কাৰ্বি, ডিমাছা, নেপালী, ৰংমেই নাগা, ক'ক বৰক আৰু চাদ্ৰী ভাষাত বাতৰি পৰিৱেশন কৰা হৈছিল।। বৰ্তমান এই চেনেলটো বন্ধ হৈছে।
-
অসমৰ দূৰদৰ্শন কেন্দ্ৰসমূহৰ তালিকা
এই প্ৰবন্ধটোত অসমৰ পৰা প্ৰচাৰিত দূৰদৰ্শন কেন্দ্ৰসমূহক তালিকাভুক্ত কৰা হৈছে।
-
আছাম টক্ছ
আছাম টক্ছ এটা অসমীয়া ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড।
-
জিঅ' টিভি
জিঅʼ টিভি (JioTV) হৈছে জিঅʼ প্লেটফৰ্মছৰ অধীনস্থ ৰিলায়েন্স ইণ্ডষ্ট্ৰিজৰ এটা ভাৰতীয় ষ্ট্ৰিমিং টেলিভিছন সেৱা। জিঅʼ টিভিয়ে হাজাৰৰো অধিক লাইভ টেলিভিছন চেনেল আৰু ৭ দিনৰ ‘কেচ আপ’ বিষয়-বস্তু উপলব্ধ কৰায়।
-
বাংলা ভাষাৰ ভাৰতীয় টেলিভিছন চেনেলৰ তালিকা
তলত ভাৰতৰ বাংলা ভাষাৰ ভাৰতীয় টেলিভিছন চেনেলৰ তালিকা দিয়া হ'ল।
-
বাংলাদেশৰ টেলিভিছন চেনেলৰ তালিকা
বাংলাদেশত প্ৰথম টেলিভিছন সম্প্ৰচাৰ আৰম্ভ হয় ১৯৬৪ চনত। বাংলাদেশৰ প্ৰথম সম্প্ৰচাৰিত চৰকাৰী মালিকানাধীন টেলিভিছন চেনেল হ'ল বাংলাদেশ টেলিভিছন, যি প্ৰথমতে পাকিস্তান টেলিভিছন (পিটিভি) নামেৰে জনাজাত আছিল। ১৯৬৪ চনৰ পৰা ১৯৯৭ চনলৈ বিটিভিয়ে দেশৰ একমাত্ৰ টেলিভিছন চেনেল হিচাপে একান্তভাৱে সম্প্ৰচাৰ কৰিছিল।
-
হাংগামা টিভি
হাংগামা টিভি হৈছে শিশুসকলক লক্ষ্য কৰি লোৱা ভাৰতীয় টেলিভিছন চেনেল, য'ত মূলতঃ জাপানী আৰু ভাৰতীয় এনিমেটেড ধাৰাবাহিক প্ৰদৰ্শন কৰা হয়। ২০০৪ চনৰ ২৬ ছেপ্টেম্বৰত ইয়াক মুকলি কৰা হয়।
-
হিন্দী ভাষাৰ টেলিভিছন চেনেলৰ তালিকা
এণ্ড টিভি বিগ মেজিক কালাৰ্ছ ৰিস্তে কালাৰ্ছ দঙ্গল ছনি টিভি ছনি ছব ছনি পল ষ্টাৰ ভাৰত ষ্টাৰ প্লাছ ষ্টাৰ উৎসৱ জী আনমোল জী টিভি ছনি মেক্স ছনি মেক্স ২ ছনি ৱাহ জী চিনেমা জী একশ্যন জী ক্লাচিক জী অনমল চিনেমা ষ্টাৰ গোল্ড ষ্টাৰ গোল্ড ২ ইউটিভি মুভিজ ইউটিভি একশ্যন ফিল্মী এণ্টাৰ টেন মনোৰঞ্জন টিভি এমটিভি বিটচ জিং…
-
কৰ্মা নিউজ
দ্য কৰ্মা নিউজ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডিজিটেল সংবাদ প'ৰ্টেল। এই প'ৰ্টেলটো ২০১৪ চনত ভিন্স মেথিউৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। কেৰালাৰ উপৰি তামিলনাডু আৰু কৰ্ণাটকতো ইয়াৰ ব্যুৰ' আছে। এই প'ৰ্টেলটো ভাৰতীয় কোম্পানী আইন ২০১৩-ৰ অধীনত পঞ্জীয়ন হোৱা দ্য কৰ্মা মিডিয়া প্ৰাইভেট লিমিটেডৰ অধীনত চলি আছে।
-
জি জেষ্ট
জি জেষ্ট হৈছে ২৪ ঘণ্টীয়া খাদ্য আৰু জীৱনশৈলীৰ টেলিভিছন চেনেল, যিটো ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত। এইটো চেনেল জিৰ ব্ৰেণ্ডৰ চেনেলৰ এটা অংশ, যিটো জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজৰ মালিকানাধীন।
-
টাইম ৮
টাইম ৮ হৈছে উত্তৰ-পূব ভাৰতৰ এটা ডিজিটেল নিউজ প্লেটফৰ্ম, যি অসম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাতৰিৰ প্ৰদানৰ বাবে পৰিচিত। উত্তৰ-পূব অঞ্চলৰ পৰা অহা ৯টা ডিজিটেল মিডিয়া সংস্থাই একেলগে নতুনকৈ গঠন কৰা একক মঞ্চ NADCOMত টাইম ৮ ও এক সক্ৰিয় সদস্য।
-
ডিস্ক'ভাৰী চেনেল
১৯৮৫ চনৰ পৰা ১৯৯৫ চনলৈকে ডিস্ক'ভাৰী চেনেল (Discovery Channel) নামে জনাজাত আৰু প্ৰায়ে সৰলভাৱে ডিস্ক'ভাৰী বুলি কোৱা ডিস্ক'ভাৰী চেনেল হৈছে আমেৰিকাৰ কেবল চেনেল যি ৰিয়েলিটি টেলিভিছন শ্ব' আৰু অপবিজ্ঞান প্ৰতিহত কৰিবলৈ কৰা প্ৰচাৰমূলক কাৰ্যসূচীৰ বাবে অধিক পৰিচিত।