লোক-নৃত্য
১১১ প্ৰবন্ধ
-
লোক-নৃত্য
লোক-নৃত্য (folk dance) হৈছে এনে এক প্ৰকাৰৰ নৃত্য যি কোনো এখন নিৰ্দিষ্ট দেশ বা কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ জন-জীৱনক প্ৰতিফলিত কৰে। সকলো নৃগোষ্ঠীয় নৃত্য লোক-নৃত্য নহয়। উদাহৰণ স্বৰূপে, আনুষ্ঠানিক নৃত্যসমূহ অথবা আনুষ্ঠানিক উৎসৰ পৰা সৃষ্ট নৃত্যসমূহক লোক-নৃত্য হিচাপে বিবেচনা কৰা নহয়।
-
যক্ষগণ
যক্ষগণ (Yakshagana) হৈছে দক্ষিণ কানাড়া, উডুপি, উত্তৰ কানাড়া, শিমোগা আৰু চিকমাগালুৰ জিলাৰ পশ্চিম অংশত, কৰ্ণাটক ৰাজ্যৰ আৰু কেৰালাৰ কাছাৰগোড জিলাত বিকশিত হোৱা এক পৰম্পৰাগত থিয়েটাৰ যি নৃত্য, সংগীত, সংলাপ, সাজ-পোছাক, মেক-আপ আৰু এক অনন্য শৈলী আৰু ৰূপৰ মঞ্চ-নিৰ্ভৰ কৌশল।
-
ওপ্পানা
ওপ্পানা (ഒപ്പന) হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ মাপিলা (কেৰালাৰ মুছলমান) সম্প্ৰদায়ৰ মাজত সামাজিক মনোৰঞ্জনৰ এক জনপ্ৰিয় ধৰণ, আৰু এয়া সমগ্ৰ কেৰালাত বিশেষকৈ মালাবাৰত প্ৰচলিত। ওপ্পানা শব্দটোৰ উৎপত্তি আৰবী শব্দ "অফনা"ৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়।
-
কিকলী
কিক্কলি নৃত্য (Kikkli; পাঞ্জাবী ভাষাত ইয়াৰ প্ৰকৃত উচ্চাৰণ কিক-লি) পঞ্জাৱৰ এক ক্ৰীড়াসুলভ লোকনৃত্য৷ এই নৃত্যত সাধাৰণতে দুজনী যুৱতী ছোৱালীয়ে অংশ গ্ৰহণ কৰে৷ কিক্কলি নৃত্যত দুজনী ছোৱালী মুখামুখীকৈ থিয় হৈ দুয়ো দুয়োৰে হাতদুখন নিজৰ এখন হাতৰ ওপৰেৰে আনখন হাত দি খামুচি ধৰে আৰু ভৰিৰে মাটিত খোপনি পুতি…
-
গুমৰাগ
গুমৰাগ ( Gumrag) অসমত বাস কৰা মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য৷ মিছিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাংত এই নাচ নচা হয়৷ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ৷ প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়৷ মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’।
-
ছোলিয়া
ছোলিয়া ( Chholiya) বা হুডকেলী হ’ল ভাৰতীৰ উত্তৰাখণ্ড ৰাজ্য আৰু নেপালৰ সুদুৰপশ্চিম প্ৰদেশৰ কুমাওন প্ৰদেশত সৃষ্টি হোৱা এক পৰম্পৰাগত লোকনৃত্য। আজি ই কুমাওনী আৰু সুদুৰপশ্চিমীৰ(মূলতঃ দোটি, বৈতাদী আৰু দাৰ্চুলা জিলাত) সংস্কৃতিৰ প্ৰতীক হৈ পৰিছে।
-
থিৰায়াট্টম
থিৰায়াট্টম ভাৰতৰ কেৰালা ৰাজ্যৰ দক্ষিণ মালাবাৰ অঞ্চলত প্ৰতি বছৰে পৰিৱেশন কৰা এক লোক পৰম্পৰা। নৃত্য, অভিনয়, গীত, বাদ্য, মুখা অংকন, যুদ্ধ কলা আৰু আচাৰ-অনুষ্ঠানৰ সংমিশ্ৰণেৰে ই এক জনজাতীয় পৰিৱেশ্য কলা।
-
পড়য়নি
পড়য়নি হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ মধ্য অংশত প্ৰচলিত এক পৰম্পৰাগত লোক-নৃত্য আৰু লোকাচাৰ। এই নৃত্যক ‘পড়েনি’ বুলিও কোৱা হয়। মালয়ালম শব্দ পড়েনিৰ অৰ্থ হৈছে সামৰিক গঠন। ই হৈছে ভাগৱতী মন্দিৰত মুখা পিন্ধি অনুষ্ঠিত কৰা এক প্ৰাচীন আনুষ্ঠানিক নৃত্য। ভদ্ৰকালীৰ আৰাধনাৰ অৰ্থে এই নৃত্য পৰিবেশন কৰা হয়।
-
আট্টান
আট্টান আফগানিস্তানৰ জাতীয় নৃত্য, জনজাতীয় পাষ্টুন অঞ্চলৰ পৰা উৎপত্তি হোৱা এক পৰম্পৰাগত নৃত্য। বিয়া বা অন্যান্য উদযাপনৰ সময়ত (এংগেজমেণ্ট, বিয়া আৰু অনানুষ্ঠানিক সমাৱেশ) এই নৃত্য পৰিবেশন কৰা হয়।
-
ওট্টান থুল্লাল
ওট্টান থুলাল বা অট্টামথুল্লাল ( Ottan Thullal) ভাৰতৰ কেৰালাৰ এটা আবৃত্তি-নৃত্য(নৃত্য-নাটিকা)ৰ এক কলা-ৰূপ। অষ্টাদশ শতিকাৰ প্ৰাচীন কবিত্ৰয়ম(তিনিজন বিখ্যাত মালয়ালম ভাষাৰ কবি)ৰ মাজৰ এজন, কুঞ্চন নাম্বিয়াৰে এই কলাৰ প্ৰৱৰ্তন কৰিছিল।
-
ঘুমুৰা নৃত্য
ঘুমুৰা নৃত্য হৈছে ভাৰতৰ ওড়িশা ৰাজ্যৰ কালাহাণ্ডি জিলাৰ এক লোকনৃত্য। ঘূমুৰাৰ সাজ-পোছাক জনজাতীয় নৃত্যৰ সৈতে অধিক মিল থকাৰ বাবে ইয়াক লোকনৃত্য হিচাপে শ্ৰেণীভুক্ত কৰা হয়, কিন্তু ভাৰতৰ অন্যান্য ধ্ৰুপদী নৃত্যৰ সৈতে ঘুমুৰাৰ মুদ্ৰা আৰু নৃত্য শৈলীৰ মিল থকা বাবে ই এটা বিতৰ্কৰ বিষয়।
-
চালি নাচ
চালিনাচ হ'ল সত্ৰৰ এটি উল্লেখযোগ্য নাচ। কমলাবাৰী, জৰাবাৰী, ভোগপুৰ, বেলগুৰি প্ৰভৃতি সত্ৰৰ চালিনাচ প্ৰখ্যাত।
-
ঝুমৰ
ঝুমৰ (ইংৰাজী: Jhumar বা Jhoomar) হৈছে পাকিস্তানৰ পৰম্পৰাগত ঝাং সংস্কৃতিৰ অন্তৰ্গত এক প্ৰকাৰৰ লোক-নৃত্য। পঞ্জাবৰ চন্দলবাৰ অঞ্চলৰো ই এটা জনপ্ৰিয় নৃত্য, এই অঞ্চলত ইয়াক ঘুমবৰ বুলিও কোৱা হয়। ই এটা ধীৰ গতিৰ আৰু অধিক ছন্দময় ৰূপৰ নৃত্য। "ঝুমৰ" শব্দটো ‘ਝੂਮ’ (ঝুম) শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দোলায়িত।
-
পঞ্জাবৰ লোক-নৃত্য
পঞ্জাবী নৃত্য (ইংৰাজী: Punjabi dances) হৈছে ভাৰত আৰু পাকিস্তানৰ সীমান্তৰ বিস্তৃত পঞ্জাব অঞ্চলৰ খিলঞ্জীয়া পঞ্জাবী জনগোষ্ঠীৰ লোক আৰু ধৰ্মীয় নৃত্যৰ এক শৃংখল। পঞ্জাবী নৃত্যৰ শৈলী অতি উচ্চ গতিৰ পৰা আৰম্ভ কৰি লেহেমীয়া গতিৰ হোৱা দেখা যায়। পঞ্জাবী নৃত্যত পুৰুষ আৰু মহিলাৰ বাবে নিৰ্দিষ্ট শৈলী থাকে।
-
ফ্লামেঙ্কো
ফ্লামেঙ্কো দক্ষিণ স্পেইনৰ বিভিন্ন লোককথাৰ সংগীত পৰম্পৰাৰ ওপৰত আধাৰিত এক কলা। ফ্লামেঙ্কো হৈছে এক জটিল কলা য'ত গায়ক, নৃত্যশিল্পী, গিটাৰবাদক আৰু অতি শেহতীয়াকৈ পাৰকাচনিষ্ট অন্তৰ্ভুক্ত। লগতে ইয়াত এক নিৰ্দিষ্ট প্ৰকাৰৰ সংগীত, নৃত্য, গীন আৰু হাততালি, কবিতা, আৰু টিলিকি বজোৱা আদি শৈলী অন্তৰ্ভুক্ত হয়।
-
বাই মাই জাই
বাই মাই জাই হৈছে উত্তৰ-পূব ভাৰতৰ ডিমাছা জনগোষ্ঠীৰ এক পৰম্পৰাগত লোকনৃত্য। এই নৃত্য যুৱতী বা মহিলাসকলে দুয়োখন হাতত থাল লৈ পৰিৱেশন কৰে। বাই মাইজাই হৈছে ডিমাপুৰৰ ৰাজত্বকালত শিলৰ ছেকনি বা শিল হাতত লৈ কৰা এক সাংস্কৃতিক প্ৰদৰ্শন। তেওঁলোকৰ হাতত শিলবোৰে যোদ্ধাসকলৰ উভতি অহা অজেয়তা চিত্ৰিত কৰি।
-
বীৰগছে
বীৰগছে/গুগ্লা (ইংৰাজী: Veeragase/Guggla) হৈছে ভাৰতৰ কৰ্ণাটক ৰাজ্যত প্ৰচলিত এক লোক নৃত্য। হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত জংগম সকলে পৰিবেশন কৰা এক প্ৰকাৰৰ অতি তীব্ৰ গতিৰ নৃত্য আৰু এই নৃত্য কৰোতে দেহৰ বহুত শক্তি ক্ষয় হয়। মহীশূৰত অনুষ্ঠিত হোৱা দশেৰা শোভাযাত্ৰাত প্ৰদৰ্শিত নৃত্যসমূহৰ ভিতৰত বীৰগছে অন্যতম।
-
ময়ূৰ নৃত্য
ময়ূৰ নৃত্য (Peacock dance or Peafowl dance) বা ময়ূৰ চৰাই নৃত্য এছিয়াৰ এক পৰম্পৰাগত লোকনৃত্য। এই নৃত্যই ময়ূৰৰ সৌন্দৰ্য্য আৰু গতিবিধিক চিত্ৰায়িত কৰে।
-
মাৰ্গামকালি নৃত্য
মাৰ্গামকালি (মালয়ালম:മാർഗ്ഗംകളി ) হৈছে কেৰালা ৰাজ্যকে ধৰি চেণ্ট থমাছ খ্ৰীষ্টান সম্প্ৰদায়ৰ এটা প্ৰাচীন ভাৰতীয় ঘূৰণীয়া নৃত্য, মূলতঃ ক্নানায়া বা দক্ষিণবাদী খ্ৰীষ্টান নামেৰে জনাজাত এণ্ডোগেমছ উপ-পন্থাই অনুশীলন কৰে।
-
লাৰাকাৰাকা
লাৰাকাৰাকা হৈছে উগাণ্ডাৰ আচোলি জনগোষ্ঠীৰ মাজত উৎপত্তি হোৱা এটা পৰম্পৰাগত প্ৰেম-পণ নৃত্য। আচোলিসকলৰ পঞ্চাশটাতকৈ অধিক পৰম্পৰাগত নৃত্যৰ ভিতৰত লাৰাকাৰাকাই এক বিশেষ গুৰুত্ব বহন কৰে। এই নৃত্য সাধাৰণতে বিশেষ অনুষ্ঠানত, বিশেষকৈ বিবাহ আৰু সামূহিক উৎসৱত প্ৰদৰ্শন কৰা হয়।
-
সাংগ
সাংগ (হিন্দী: सांग, ইংৰাজী: Saang, Swang (অৰ্থাৎ "অনুকৰণ") বা Svang) হৈছে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ মালৱা অঞ্চলৰ এক জনপ্ৰিয় লোক–নাট্য অনুষ্ঠান। শ্বোৱাঙত গীত আৰু সংলাপৰ সৈতে উপযুক্ত নাট্য আৰু অনুকৰণমূলক অভিনয় (বা নকল) সন্নিবিষ্ট কৰা হয়।
-
হালিং নৃত্য
হালিং (ইংৰাজী: Halling; হালিংডানচেন) হ’ল এক প্ৰকাৰৰ লোক-নৃত্য (bygdedans) যি পৰম্পৰাগতভাৱে নৰৱেৰ গ্ৰামাঞ্চলত পৰিৱেশন কৰা হয়। অৱশ্যে ছুইডেনৰ কিছুমান অংশতো হালিং নৃত্যৰ বিভিন্ন ৰূপ পোৱা যায়। এই নৃত্য পৰম্পৰাগতভাৱে বিয়া আৰু পাৰ্টিত ডেকা ল’ৰাসকলে প্ৰদৰ্শন কৰে।
-
আকোগো নৃত্য
আকোগো নৃত্য (ইংৰাজী: Akogo dance) হ’ল পূব উগাণ্ডাৰ তেছো বা ইটেছো লোকসকলৰ এক পৰম্পৰাগত নৃত্য। এই সাংস্কৃতিক প্ৰকাশটো পুৰুষ আৰু মহিলা উভয়ে পৰিৱেশন কৰে, যিসকলে বিভিন্ন দৈৰ্ঘ্যৰ বাঁহৰ নলীৰে নিৰ্মিত 'আকোগো' নামৰ এক অৱনদ্ধ বাদ্যৰ ছন্দময় তালে তালে নিজৰ শৰীৰটো সুন্দৰকৈ সঞ্চালিত কৰে।
-
আগৱাৰা
আগৱাৰা উত্তৰ উগাণ্ডাৰ আলুৰ জনগোষ্ঠীৰ ৰাজকীয় নৃত্য। এই নৃত্য ৰজা(Rwot)ৰ উপস্থিতিত পৰিৱেশন কৰা হয়। সামাজিক অনুষ্ঠানৰ সময়ত মহিলা আৰু পুৰুষ উভয়েই ইয়াক পৰিবেশন কৰিব পাৰে।
-
আডুমু
আডুমু, যি মাছাই জাম্পিং ডান্স বুলিও জনাজাত, কেনিয়া আৰু তাঞ্জানিয়াৰ মাছাই সম্প্ৰদায়ৰ লোকসকলে কৰা এক প্ৰকাৰৰ নৃত্য। মাছাই ডেকা যোদ্ধাসকলে সাধাৰণতে বিয়া, ধৰ্মীয় অনুষ্ঠান আৰু অন্যান্য উল্লেখযোগ্য সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠানত উদ্দীপনাময় আৰু শিল্পপূৰ্ণ এই নৃত্য প্ৰদৰ্শন কৰে।
-
আমাগুঞ্জু
আমাগুঞ্জু (Amaggunju) হ’ল উগাণ্ডাৰ বৃহত্তম জনগোষ্ঠী বাগাণ্ডাসকলৰ এক পৰম্পৰাগত লোকনৃত্য। এই ৰাজকীয় নৃত্যটো ৰাজ্যাভিষেক, বিবাহ আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষণত পৰিৱেশন কৰা হয়।
-
আমেৰিকান লোকনৃত্য
আমেৰিকান লোকনৃত্যই বেলেগ বেলেগ বিদেশী সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হোৱা কেইবাটাও আঞ্চলিক লোকনৃত্যক সামৰি লৈছে। মহৎ জাগৰণৰ সময়ত নৃত্যক পাপ হিচাপে গণ্য কৰাৰ বাবেই নাট্য দলৰ নৃত্য শৈলীৰ আমেৰিকাত বিকাশ ঘটিছিল।
-
আলকাপ
আলকাপ হৈছে বাংলাদেশৰ পশ্চিম চাপাই নবাবগান, ৰণ্ডাজহীৰ মুৰ্ছিদাবাদ, মালদাবহুম জিলাত জনপ্ৰিয় এক বাংলা লোকনৃত্য। ইয়াৰোপৰি ই ঝাৰখণ্ড আৰু বিহাৰৰ কাষৰীয়া অঞ্চল যেনে ডুমকা আৰু পূৰ্ণিয়ালৈয়ো বিয়পি পৰিছে।
-
আলবেনিয়াৰ যুদ্ধ নৃত্য
আলবেনিয়াৰ যুদ্ধ নৃত্য আলবেনিয়ান জনসাধাৰণে পৰিবেশন কৰা এক যুদ্ধ নৃত্য। আলবেনিয়াৰ লোকসকলে যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আগতে ঐতিহাসিক যুগত এইবোৰ পৰিবেশন কৰিছিল যদিও শেহতীয়াকৈ পৰম্পৰাগতভাৱে বিশেষ অনুষ্ঠান আৰু ভোজৰ সময়তহে এইবোৰ পৰিবেশন কৰা হয়।
-
আৰবৰ লোকনৃত্য
আৰবৰ লোকনৃত্য, যাক প্ৰাচ্য নৃত্য, মধ্যপ্ৰাচ্যৰ নৃত্য আৰু পূবৰ নৃত্য বুলিও কোৱা হয়, সমগ্ৰ পৃথিৱীৰ আৰবসকলৰ পৰম্পৰাগত লোকনৃত্য। লোককথাভিত্তিক, ধ্ৰুপদী আৰু সমসাময়িক, এই তিনিটা মূল শৈলীৰ উপৰি আৰব নৃত্যৰ আৰু বহুতো ভিন্ন শৈলী আছে।